গীতাশ্রী বৰা
হৃদয়ৰ লগত পৰিচয় নহলে কোনোবা আপোন জানো হব পাৰে দুটি শব্দৰ এই প্রেম শব্দটোত বিচাৰি পোৱা যায় হৃদয়ে হৃদয়ৰ ঠিকনা ৷ প্রেমিকৰ বুকুতে শুই থাকে সুমথিৰা হেঁপাহ প্রেম নিবেদন কৰিবলৈ এপাহ ৰঙা গোলাপেই জানো যথেষ্ট ? নামী–দামী উপঢৌকন নিবিচাৰে সঁচা মৰমে ৷ নিকা তথা অকৃত্রিম মৰমহে বিচাৰে হৃদয়ে ৷ প্রেমতকৈ উচ্চতম মহৎ গুণ একো নাই ৷ পৰম সত্য, পৰম ঐশ্বর্য আনি দিয়ে প্রেমে ৷ প্রেমে জীৱনক দিব পাৰে সৰগী অনুভৱ ৷ হাজাৰ প্রতিশ্রুতিৰ যাদুকৰী পৰশে হৃদয়ক দিব খোজে ভৱিষ্যতৰ সুখৰ স্বাক্ষৰ ৷ সোঁৱৰাই দিব খোজে ভালপোৱাই জীৱনৰ মহানুভৱতা উপলব্ধিৰ এক সুন্দৰ সময়ৰ ৷ প্রেম বা ভালপোৱাই জগাই তোলে হৃদয়ৰ প্রতি মৰম–শ্রদ্ধা ৷ প্রেমে সহ্য নকৰে প্রতাৰণাক ৷
অকল যৌৱনতে প্রেম আহে জানো যৌৱন ৰৈ থাকে আকুলতাৰে প্রেমক আদৰিবলৈ ৷ প্রেমৰ তেজীঘোঁৰাত উঠি জীৱনৰ সোৱাদ লবলৈ ৷ প্রেমত পৰা বয়সত মনত এক গভীৰ চেলেঞ্চ, আমি মাত্র ভাল পাবলৈ শিকিছোঁ, কোনো দোষণীয় কাম কৰা নাই ৷ প্রেমত পৰিব লাগে ৷ প্রেমে বহু শিকায় ৷ প্রিয়জন কাষত থকা সময়বোৰত বিচাৰি পোৱা যায় হৃদয়ৰঙী ভালপোৱাবোৰ ৷ প্রিয়জন কাষত থকা সময়বোৰ ধৰি ৰাখিবৰ মন যায় ৷ সুখৰ সপোন এটিয়ে অনবৰতে খেদি ফুৰে এই ৰঙীন সময়ছোৱাত ৷ গীতিকাৰৰ গীতত প্রকাশ পায় এনেদৰে আহিবনে বাৰু এনে এটি পুৱা তোমাৰ কোলাতে আলফুলে টোপনি যোৱা ৷
ফেব্রুৱাৰী মাহৰ ১৪ তাৰিখে উদযাপন কৰা হয় প্রেমৰ দিৱস ৷ অন্য দিৱসৰ তাৰিখ মনত নাথাকিলেও যুৱক–যুৱতীৰ এই হেঁপাহৰ দিনটো সকলোৰে জ্ঞাত ৷ প্রেমৰ দেৱতা ছেইণ্ট ভেলেণ্টাইনক সুঁৱৰি এই দিৱস ৷ ৰেষ্টুৰেণ্ট, পার্কত এই দিনটোত যুৱক–যুৱতীৰ ভিৰ পৰিলক্ষিত হয় ৷ অৱশ্যে প্রেমৰ দিন বুলি এই বিশেষ দিনটোত প্রেম নহয় ৷ প্রেমে কাৰোলৈকে বাট নাচায়, কেতিয়া আহে, কি দি যায়, কি লৈ যায় কোনোৱে নাজানে ৷ মাথোঁ কলিজাতে উমলি ফুৰে এই প্রেম ৷ কলিজাতে উমলি থকা এই প্রেমত পৰা সময়ছোৱাত চৌপাশ ৰঙীন দেখাৰ এক সুন্দৰ বাতাৱৰণ সৃষ্টি কৰিব পাৰে ৷
অতীজৰ প্রেমৰ কাহিনী শুনিলে এনে লাগে যেন সেই সময়ৰ প্রেম নিভাঁজ আছিল ৷ সেই সময়ত প্রেমৰ প্রস্তাৱ আহিছিল কোনো নৈৰ ঘাটত, আঘোণৰ পথাৰত, মুকলি বিহুতলীত ৷ কাণ বাগৰি সমনীয়াৰ সহায়ত প্রেমৰ প্রস্তাৱ আহিছিল কোনো মাংগলিক অনুষ্ঠানত ৷ প্রেমপত্রৰ আৱেগতা আছিল সুকীয়া ৷ প্রেমৰ প্রস্তাৱ শুনি কোন গাভৰুৰ গুলপীয়া দুগালত লাজে জিৰাইছিল ৷ প্রেমৰ প্রস্তাৱ শুনাৰ লগে লগেই হৃদয়ত থৌকি–বাথৌ ৷ প্রেম পাখিলগা কাঁড়ত অহা দি গোপনে আহে, বুকুত দি যায় অনাবিল আনন্দ ৷
নিষ্ঠুৰতাৰ আঁচোৰত প্রেমৰ ৰূপ সলনি হৈছে৷ গা–গছত যেনেকৈ কপৌ ফুল গ্রহণীয়, ৰঘুমলা বর্জনীয়, ঠিক তেনেকৈ আমি বিশ্বাসযোগ্য প্রেমকহে আদৰ কৰা উচিত ৷ প্রেমিক নির্বাচনত সঠিক সিদ্ধান্ত নললে হয়তো জীৱনত হাহাকাৰ হব ৷
সফল প্রেমিক সেইসকলক কোৱা হয় যি আমাৰ বাবে প্রেৰণা, যাৰ প্রেমৰ অনুভূতি সৰগীয় ৷ শ্বাহজাহান–মমতাজ প্রেম, দীপালী বৰঠাকুৰ–নীলপৱন বৰুৱা দম্পতীৰ মাজত থকা প্রেমৰ গাথা সকলোৰে বাবে আদৰণীয় ৷ হৃদয়ৰ অন্তিম স্পন্দন থকালৈকে ভালপোৱাৰ প্রতিশ্রুতি দিব পাৰে এজন সঁচা প্রেমিকে ৷ প্রেমত পৰিবলৈ ভয় কৰিব নালাগে ৷ বিখ্যাত দার্শনিক বার্ড্রাণ্ড ৰাছেলৰ মতে প্রেমক ভয় কৰাসকলে জীৱনকো ভয় কৰে ৷
জীয়াই থাকিবলৈ ধনৰ প্রয়োজন ৷ ধনতকৈও প্রয়োজনীয় বস্তু হৈছে পাৰস্পৰিক প্রেম, সদ্ভাৱ তথা সহযোগ ৷ ৰজাই ভাল দেখে যাক ভেঁটীও নালাগে তাক ৷ প্রেম কেৱল ঐশ্বর্যৰ বাহু বন্ধনতে নাথাকে, ই ভিকহুৰ পদূলিও চিনে ৷ সেয়ে হীৰুদাই কৈছে প্রেম এনেকুৱাই আৱৰণ ফালি হৃদয় জুৰাই ৷ পাৰস্পৰিক স্নেহ, শ্রদ্ধা আৰু বিশ্বাসেই মধুৰ সম্পর্কৰ বুনিয়াদ ৷
পাশ্চাত্য়ৰ বহু উৎসৱ, সাজপাৰ, খাদ্য–প্রণালী, সংগীত, লাইফ–ষ্টাইল আদিয়ে যুৱপ্রজন্মৰ মাজত বাৰুকৈয়ে প্রভাৱ পেলায় ৷ তেনেদৰে এই প্রজন্মই ভেলেণ্টাইন ডেকো আদৰে ৷ এৰা পশ্চিমীয়া বতাহ এছাটিয়ে লৈ আহিল প্রেমৰ দিৱস ৷
‘প্রেমৰ কথাতো
আৰু আনক ক’ব নোৱাৰি,
নিশ্বাসৰ দৰে নিঃশব্দে,
ই যেন বিচাৰি ফুৰে
শব্দ, বর্ণ আৰু পোহৰৰ উৎস’ (হীৰুদা)
প্রেমত হাবু–ডুবু খাই নিজকে শেষ কৰি দিলে জীৱনৰ অমূল্য সময় অবাবতে নষ্ট হয় ৷ শালীনতা বজাই ৰাখি ইজনে–সিজনৰ প্রতি বিশ্বাসৰ সৌধ গঢ়ি প্রেমত আগবঢ়াই ৷ ভৱিষ্যৎ সর্বাংগসুন্দৰ হওক ! আমিও বিচাৰোঁ প্রেমময় পৃথিৱী ৷
ফোন : ৯৩৬৫৪-৫২৫৬৬