গ্ৰীষ্মকালৰ অন্যতম সোৱাদ লগা জুতি

48

পল্লৱী শৰ্মা গোস্বামী

অতিমাত্ৰা গৰমত আমাৰ শৰীৰটো ঠাণ্ডা পৰিবৰ বাবে লগতে স্বাস্থ্যৰ  বাবে খুবেই উপযোগী কেইটামান সুন্দৰ ৰেচিপি আপোনালোকৰ বাবে  আগবঢ়ালো। আপোনালোকে নিশ্চয় বনাই খাব বুলি আশা কৰিলো।

নাৰিকলৰ ষ্টাফিঙেৰে পকা আমৰ লাড়ু

উপকৰণ

পকা আম- ২টা

নাৰিকল- ১ফাল

চাগু- ৪চামুচ (ডাঙৰ চাগু)

চেনি- ৩চামুচ

পাউদাৰ গাখীৰ-৩ চামুচ

শুকান নাৰিকলৰ গুৰি- ২ চামুচ

ঘিউ- ২ চামুচ

মিল্ক মেইড- ৩ চামুচ

প্ৰণালী

প্ৰথমতে আম দুটা ভালকৈ ধুই সৰু সৰুকৈ  কাটি লব। তাৰ পাছত Mixer Grinderৰ সহায়ত মিহি কৰি লব। ডাঙৰ চাগুখিনি শুকান কেৰাহীত কম জুইত অলপ ভাজি পাউদাৰ বনাই লব। নাৰিকলখিনিৰ কলা বাকলি গুচাই মিহিকৈ ৰুকি লব। চেনিখিনিও মিহি কৰি লব। এতিয়া এখন পেনত ঘিউখিনি দি প্ৰথমে আমখিনি  দি কম জুইত  লৰাই লৰাই ভাজি থাকিব। আমৰ পানী যেতিয়া শুকাব তেতিয়া তাতে চাগুৰ পাউদাৰখিনি দি পুনৰ  লৰাই থাকিব। পাউদাৰ গাখীৰখিনিও লাহে লাহে তাতে দি লৰাই ভালকৈ মিলাই দিব। তাৰ পাছত একেবাৰে শেষত মিল্কমেইড দি ভালকৈ লৰাই নমায় থব। ৰুকি লোৱা  নাৰিকল খিনিত চেনি দি  কম জুইত লৰাই ভাজি  থাকিব।   প্ৰায় ২০ মিনিটমান নাৰিকলখিনি ভজাৰ পিছত লাহে লাহে পানী শুকাই জৰজৰীয়া হোৱাত  হাতেৰে আটি আটি সৰু সৰুকৈ নাৰিকলৰ লাৰু কেইটা বনাই লব। আমৰ বেটাৰখিনিও ঠাণ্ডা হোৱাত হাতেতে টিপি টিপি বহল কৰি তাৰ ভিতৰত নাৰিকলৰ লাৰুটো ভৰাই আকৌ পুনৰ হাতে আটি গোল  গোলকৈ হাতৰ তলুৱাৰে মিহি কৰি শুকান নাৰিকলৰ গুৰিখিনিত লেটিয়াই সুন্দৰকৈ লাৰুকেইটা এখন ব্লেক প্লেটত শুকান নাৰিকলৰ গুৰি অকনমান ছটিয়াই ধুনীয়াকৈ পৰিবেশন কৰিব।

তৰমুজ, আনাৰস আৰু CHIA SEEDSৰ SMOOTHY 

উপকৰণ 

তৰমুজ- এফাল

আনাৰস- এডোখৰ

CHIA SEEDS- ৩ চামুচ

কলা নিমখ- ১ চামুচ

মৌ- ২ চামুচ

পুদিনাৰ পাত- ২ টা

ICE CUBE- ২ডোখৰ

গোলাপৰ পাহি- ৩/৪ টা

প্ৰণালী 

প্ৰথমেই তৰমুজ এফাল ভালদৰে ধুই ৰঙা অংশখিনি সৰু সৰুকৈ কাটি লব।আনাৰসখিনিও বাকলি গুচাই  সৰুকৈ  কাটি লব। দুয়োখিনি বেলেগে বেলেগে MIXER GRINDER ত দি পেষ্ট বনাই লব। CHIA SEEDS খিনি আধা ঘণ্টামান তিয়াই থব। বেলেগে বেলেগে তৰমুজ আৰু আনাৰস অলপ মিহিকৈ কাটি লব। এতিয়া পেষ্ট কৰি লোৱা তৰমুজখিনিত দুচামুচ CHIA SEEDS মিলাই গুলি লব। এতিয়া দুটা আইনা গিলাচত প্ৰথমে তৰমুজখিনি ঢালিব।  আনাৰসৰ পেষ্টখিনি তাৰ ওপৰত চামুচ এখনেৰে ধুনীয়াকৈ অলপ অলপকৈ দি দিব। এতিয়া আকৌ ওপৰত CHIA SEEDS ১ চামুচকৈ দি যাব। তাৰ ওপৰত মিহিকৈ কাটি থোৱা তৰমুজ আৰু আনাৰসখিনি দি দিব। একেবাৰে শেষত পুদিনা পাত, গোলাপৰ পাহি আৰু ICE CUBEৰে পৰিবেশন কৰিব।

চাগু আৰু ছেৱৈৰে CUSTURDৰ  SUMMER DRINK

উপকৰণ

ডাঙৰ চাগু- আধা কাপ

পাউদাৰ গাখীৰ- ৩ চামুচ (সোৱাদৰ বাবে)

মোটা ছেৱৈ- আধা কাপ

গৰু গাখীৰ- ২কাপ (ডাঙৰ কাপ)

CUSTARD পাউদাৰ- ৫ চামুচ

MILKMAID- ৪ চামুচ

আঙুৰ- ৫টা

কাজু- ৫টা

আম- ১টা

কল- ১টা (মালভোগ কল)

চেৰী- ৫টা

গৰু ঘিউ-১ চামুচ

প্ৰণালী 

প্ৰথমতে চাগুখিনি ধুই ৫ মিনিট সময় তিয়াই থব। তাৰ পাছত চেকনীৰে চেকি পানীত বইল কৰি লব। ছেৱৈখিনিও এখন পেনত ঘিউ ১ চামুচ দি ৰঙচুৱা কৰি ভাজি লব। চাগুখিনি এখন চেকনীৰেচেকি পানীখিনি যাবলৈ দিব। গৰু গাখীৰখিনি ভালকৈ উতল অহাৰ পিছত অলপ গাখীৰ এটা কাপত লৈ অকনমান ঠাণ্ডা হোৱাত CUSTARD POWDER খিনি মিহিকৈ গুলি লব আৰু উতলি থকা গাখীৰখিনিত দি দিব।  পাউদাৰ গাখীৰখিনিও একেধৰণে কাপত গুলি মিলাই দিব। এতিয়া উতলি থকা গাখীৰত ভজা ছেৱৈখিনি মিলাই কম জুইত অলপ  সিজিবলৈ দিব। চেকি থৈ দিয়া চাগুখিনিও গাখীৰত দি ভালদৰে লৰাই  উতলিবলৈ দিব। প্ৰায় ৫ মিনিট সময় উতল অহাৰ পিছত নমাই প্ৰায় এঘণ্টা সময় ঠাণ্ডা হবলৈ দিব। তাৰ পিছত তাতে মিহিকৈ কাটি থোৱা আঙুৰ, কল, কাজু, আম আৰু চেৰীখিনি তাতে অলপ মিলাই লৰাই ফ্ৰিজত দুঘণ্টামান সময় থৈ দিব। এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আইনাৰ বাটিত দি ওপৰত FRUITS খিনি সজাই পৰিবেশন কৰিব।

বীট ৰুটেৰে CULOURFUL ভাপ্পা দৈ

উপকৰণ

ডাঠ দৈ- ৩ কাপ

MILKMAID- আধা টিন

কাজু- ৫টামান

এলমন্দ- ৫টা

ইলাচী- ৩টা

বীটৰুট- ১টা

ঘিউ- ১ চামুচ

প্ৰণালী

প্ৰথমতে দৈখিনি এখন চাফা পাতল বগা কাপোৰত ঢালি লাহেকৈ কাপোৰখন টাইটকৈ গাঠি মাৰি এঠাইত ওলোমাই ৰাখিব দৈৰ EXTRA পানীখিনি যাবৰ  বাবে। এঘণ্টমান সময় এনেদৰে বান্ধি ৰাখিব পানীখিনি  খুব ভালকৈ  যাবৰ বাবে। বীটৰুটটো বাকলি গুচাই  অলপ সময়  লৰাই লৰাই গৰম কৰি ডাঠ কৰি লব  বিটৰ কেচা গোন্ধটো যাবৰ বাবে। চেকি  লোৱা দৈখিনি এটা আইনাৰ বাতিত দি তাতে  মিল্কমেইড ,ইলাচী গুৰি, কাজু এলমন্দ গুৰি দি ভালকৈ  মিলাই লব। খাচ থকা বাটিটোত  ঘিউ সানি দৈৰ বেটাৰটো তাতে লাহে লাহে ঢালি দিব আৰু ওপৰত ফইল পেপাৰেৰে মেৰিয়াই প্ৰায় এক দেৰ ঘণ্টা ভাপত দিব। তাৰ পাছত চেকি লোৱা বীটখিনি অকনমান চেনি দি লৰাই চচ বনাই লব। এতিয়া এখন বগা ডিচত বীটৰ চচেৰে সজাই সুন্দৰকৈ পৰিবেশন কৰিব।

ফোন- 6001521730

You might also like

Comments are closed, but trackbacks and pingbacks are open.