পংকজ কুমাৰ নেওগ
বলিউড নৃত্যই ভাৰতীয় ঐতিহ্যৰ সমৃদ্ধ ‘টেপেষ্ট্ৰী’ প্ৰদৰ্শনেৰে আৰু এখন সাংস্কৃতিক সেতু হিচাপে বিশ্বজুৰি দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। পৰম্পৰাগত ভাৰতীয় নৃত্যৰ ৰূপত শিপাৰ পৰা আৰম্ভ কৰি বিশ্বব্যাপী পৰিঘটনাৰ বিৱৰ্তনলৈকে বলীউড নৃত্যই ভাৰতৰ চলচ্চিত্ৰ জগতৰ গতিশীল মনোভাৱক প্ৰতিফলিত কৰে। হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগ বলীউডৰ জন্ম ভাৰতৰ সাংস্কৃতিক ইতিহাসৰ চহকী টেপেষ্ট্ৰীৰ সৈতে জড়িত। এই সকলোবোৰ আৰম্ভ হৈছিল ১৯১৩ চনত দাদাচাহেব ফাল্কেৰ দ্বাৰা পৰিচালিত ‘ৰাজা হৰিশ্চন্দ্ৰ’ ছবিখনৰ মুক্তিৰ পৰা। এই নিৰ্বাক ছবিখনে ভাৰতীয় মনোৰঞ্জনৰ এক নতুন যুগৰ সূচনা কৰে যি আজি বলীউড নামেৰে এক পৰিচিত প্ৰাঞ্জল, বহুমুখী পৰিঘটনালৈ বিকশিত হৈছে। প্ৰাৰম্ভিক সময়ছোৱাত বলীউড ভাৰতীয় ধ্রুপদী শিল্পকলাৰ দ্বাৰা ব্যাপকভাবে প্ৰভাৱিত হৈছিল। ভাৰতনাট্যম, কথক আৰু ওডিছিৰ দৰে ঐতিহ্যবাহী বলীউড নৃত্যশৈলীয়ে প্রাথমিক ভাৰতীয় চলচ্চিত্রৰ নৃত্যপৰিকল্পনা গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। জটিল পদসঞ্চালন,অভিব্যক্তিপূর্ণ অঙ্গী-ভঙ্গী আৰু বৈশিষ্ট্যপূৰ্ণ কাহিনী বৰ্ণনা কৰা এই ধ্রুপদী নৃত্যসমূহে চলচ্চিত্র নির্মাতাসকলক অনুপ্রেৰণাৰ এটা সমৃদ্ধ উৎস প্রদান কৰিছিল। এই চলচ্চিত্রবোৰৰ নৃত্যৰ ক্ৰম বা ধাৰাবাহিকতাক এটি কাহিনীমূলক সঁজুলি হিচাপে লোৱা হৈছিল। কেৱল সংলাপে প্ৰকাশ কৰিব নোৱাৰা আবেগ বা বিষয়বস্তু নৃত্যসমূহে প্রকাশ কৰি কাহিনীৰ প্ৰাঞ্জলতা বৃদ্ধি কৰিছিল।
১৯২০ দশকৰ শেষৰ পৰা ১৯৩০ দশকৰ আৰম্ভণিৰ সময়ছোৱাত চলচ্চিত্ৰ উদ্যোগ নিৰ্বাকৰ পৰা সবাকলৈ পৰিৱৰ্তিত হয় আৰু বলীউডৰ নৃত্য ইতিহাসলৈকো এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে। এই পৰিৱৰ্তনে চলচ্চিত্ৰ নিৰ্মাতাসকলক গীত আৰু নৃত্যৰ ক্ৰমকে ধৰি তেওঁলোকৰ কাহিনীবোৰত চাউণ্ডট্ৰেক যোগ কৰিবলৈ সুযোগ দিয়ে। শব্দৰ সৈতে সঙ্গীত আৰু নৃত্যৰ সমন্বয়ৰ সুযোগ আহিল আৰু চিনেমাৰ এটা অনন্য ভাষাৰ সৃষ্টি হ’ল। ইয়েই বলীউড চলচ্চিত্রৰ এটি বৈশিষ্ট্য হৈ উঠে। ১৯৩০ চনত প্লে’-বেক গানৰ প্ৰৱৰ্তনে বলীউডত বৈপ্লৱিক পৰিৱৰ্তন আনে। ইয়াৰ ফলতে অভিনেতাসকলে প্ৰি-ৰেকৰ্ডিং কৰা গীতৰ লিপ-চিংক কৰিবলৈ সক্ষম হয়। এই উদ্ভাৱনে চলচ্চিত্ৰ নিৰ্মাতাসকলক সংগীতৰ সৈতে সুসংগত নৃত্যৰ ক্ৰম তৈয়াৰ কৰাত উৎসাহিত কৰাৰ লগতে চলচ্চিত্ৰৰ আৱেগিক প্ৰভাৱ বৃদ্ধিত সহায় কৰে। ফলস্বৰূপে, নৃত্য বলীউডৰ কাহিনীৰ এটি অবিচ্ছেদ্য উপাদান হৈ উঠিল আৰু সঙ্গীতে এটি প্রভাৱশালী ধাৰা হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত বলীউডৰ বিকাশ অব্যাহত থাকে আৰু নৃত্যৰ ধাৰা ক্ৰমান্বয়ে অত্যাধুনিক আৰু চিনেমাৰ অভিজ্ঞতাৰ অবিচ্ছেদ্য অংগ হৈ পৰে। ভাৰতীয় চিনেমাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে নৃত্যক জনপ্ৰিয় কৰি তোলাত গুৰু দত্ত আৰু ৰাজ কাপুৰৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাই যথেষ্ট চেষ্টা কৰিছিল। তেওঁলোকৰ ছবিসমূহত বিস্তৃত নৃত্য-সঙ্গীত প্ৰদৰ্শন কৰা হৈছিল যিসমূহে পৰম্পৰাগত ভাৰতীয় শৈলীক সমসাময়িক বিষয়বস্তুৰ সৈতে মিশ্ৰণ ঘটাই দৰ্শকৰ মন জয় কৰিছিল আৰু উদ্যোগটোৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় আৰু লোকনৃত্যৰ প্ৰভাৱ বলীউড নৃত্য কোৰিঅ’গ্ৰাফীত চালিকা শক্তি হিচাপে অব্যাহত থাকিল। গাৰবা, ভাঙৰা আৰু লাৱণীৰ দৰে লোকনৃত্যক বোলছবিত সন্নিৱিষ্ট কৰি আঞ্চলিক সোৱাদ সংযোজন কৰা হৈছিল আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য উদযাপন কৰা হৈছিল। এই নৃত্যধাৰাসমূহে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ এটি মাধ্যম হিচাপে কাম কৰে।
বলীউডৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগে লগে ইয়াৰ প্ৰভাৱ ৰূপালী পৰ্দাৰ বাহিৰলৈ বিস্তৃত হৈ ভাৰতীয় সংস্কৃতি আৰু সমাজত প্ৰভাৱ পেলায়। চিনেমাৰ নৃত্যৰ ক্ৰমবোৰ সমাজৰ নীতি-নিয়ম, আকাংক্ষা, মূল্যবোধৰ প্ৰতিফলন হৈ উঠে। পৰম্পৰাগত পাৰিবাৰিক গাঁথনিৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰেম আৰু স্বাধীনতাৰ আদৰ্শলৈকে ভাৰতীয় সমাজৰ পৰিৱৰ্তিত গতিশীলতাৰ আভাস এইসমূহে আগবঢ়াইছিল। ভাৰতৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াতো বলীউড নৃত্যই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূমিকা পালন কৰিছে। ই দেশৰ কলাত্মক পৰম্পৰাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি জাতীয় গৌৰৱ আৰু সাংস্কৃতিক ঐক্যৰ ক্ৰমবৰ্ধমান অনুভূতিত অৰিহণা যোগাইছে। বলীউড নৃত্যৰ ইতিহাস অনুসৰি ১৯৫০ আৰু ১৯৬০ৰ দশকক সাধাৰণতে বলীউডৰ সোণালী যুগ বুলি কোৱা হয়। এই সময়ছোৱাত যুগান্তকাৰী চলচ্চিত্র, আইকনিক তাৰকা আৰু ভাৰতীয় চিনেমাৰ কেন্দ্রীয় উপাদান হিচাপে নৃত্যৰ উত্থান ঘটে। বলীউড নৃত্য এটি স্বতন্ত্র শিল্পৰূপে বিকশিত হয় আৰু জটিল নৃত্যপৰিকল্পনা আৰু প্রাণৱন্ত শক্তিৰে বিশ্বব্যাপী দর্শক আৰু নৃত্যশিল্পীসকলক আকৰ্ষণ কৰে। এই স্বর্ণযুগত বলীউডে বলীউড নৃত্যপৰিকল্পনাত এটি ৰূপান্তৰ প্রত্যক্ষ কৰে আৰু ই পৰম্পৰাগত ৰূপৰ সীমা ঠেলি পঠিওৱা নৃত্যপৰিচালকসকলৰ সৃষ্টিশীল প্রতিভাৰ দ্বাৰা পৰিচালিত হয়। বি.ছোহানলাল, এইচ.জি, আৰু এল.কোল্হাপুৰৰ দৰে কিংবদন্তিসকলে শাস্ত্রীয় কৌশলসমূহক সমসাময়িক নান্দনিকতাৰ সৈতে মিশ্রণ ঘটায় আৰু উদ্ভাৱনীমূলক নৃত্যৰ ক্রম তৈয়াৰ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
বৈজয়ন্তীমালা, হেলেন আৰু ৱাহিদা ৰহমানৰ দৰে অভিনেতা আৰু নৃত্যশিল্পীসকল বলীউড নৃত্য ইতিহাসৰ আইকন হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোক অতি সোনকালে নিজৰ নৃত্য আৰু ৰূপালীপৰ্দাত ‘কেৰিছমেটিক’ উপস্থিতিৰ বাবে প্ৰখ্যাত হৈ পৰে। প্রশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী বৈজয়ন্তীমালা আৰু ৱাহিদা ৰহমানে বলীউড নৃত্যপৰিকল্পনাত এটা নতুন ধাৰা আনে আৰু তেওঁলোকৰ অভিনয়ে ধ্রুপদী নৃত্যৰ ৰূপসমূহক একত্ৰিত কৰে। ‘জুয়েল থিফ’ বোলছবিখনত বৈজয়ন্তীমালাই আৰু ‘গাইড’ বোলছবিখনত ৱাহিদাই পৰম্পৰাৰ সৈতে আধুনিকতাৰ সমন্বয় ঘটাই বলীউড নৃত্যৰ এটি নতুন মানদণ্ড স্থাপন কৰে। ‘কেবাৰে ৰাণী’ নামেৰে পৰিচিত হেলেনে বলীউড নৃত্যত পশ্চিমীয়া ধাৰাবাহিকতা সূচনা কৰে। তেওঁৰ পৰিৱেশনত জেজ, কেবাৰে আৰু ৰক ‘এন’ ৰ’লৰ প্রভাৱ অন্তর্ভুক্ত হৈছিল। ‘কেৰাভান’-বোলছবিৰ ‘পিয়া তু অব তো আ যা’ৰ দৰে তেওঁৰ আইকনিক নৃত্যসংগীতবোৰ কিংবদন্তি হৈ পৰিছিল আৰু উদ্ভাৱনী নৃত্যপৰিকল্পনাৰ মাধ্যমেৰে দর্শকসকলৰ চিত্তাকৰ্ষণ কৰাত সফল হৈছিল। বলীউড নৃত্য ইতিহাসৰ স্বর্ণযুগত নৃত্য কেৱল প্রদর্শনতে আৱদ্ধ নাথাকি চলচ্চিত্ৰৰ কাহিনীৰ এক সবল সঁজুলিলৈ পৰিণত হয়। ৰাজ কাপুৰ আৰু গুৰু দত্তৰ দৰে চলচ্চিত্র নির্মাতাসকলে কাহিনীৰ ক্ষমতা বৃদ্ধি কৰিবলৈ, জটিল আবেগ প্রকাশ কৰিবলৈ আৰু কাহিনীক আগুৱাই নিবলৈ নৃত্যসংগীতসমূহৰ ব্যৱহাৰ কৰিছিল। এই নৃত্যসংগীতবোৰে প্রেম, দ্বন্দ্ব আৰু সামাজিক পৰিৱৰ্তনৰ দৰে বিষয়বোৰ অন্বেষণ কৰাৰ লগতে বোলছবিৰ অভিজ্ঞতাত গভীৰতা তথা অনুৰণন যোগ কৰিছিল। ‘মোগল-ই-আজম’ আৰু ‘মাদাৰ ইণ্ডিয়া’ৰ দৰে চলচ্চিত্রসমূহত কাহিনীৰ যন্ত্র হিচাপে নৃত্য ব্যৱহাৰ কৰা হয় আৰু এই বিস্তৃত নৃত্যসংগীতসমূহে চলচ্চিত্রৰ বিষয়বস্তু আৰু আবেগময় চাপ প্রকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এনেধৰণৰ পৰিবেশনে কাহিনীৰ প্রক্রিয়াক সমৃদ্ধ কৰিছিল আৰু চিনেমাৰ স্মৰণীয় মুহূর্তৰ সৃষ্টি কৰিছিল।
বলীউড নৃত্যৰ ইতিহাসৰ স্বৰ্ণযুগ আছিল যথেষ্ট আড়ম্বৰপূৰ্ণ। জাকজমকতাপূর্ণ চেট, বিস্তৃত পোছাক আৰু জটিল বলীউড নৃত্যৰ পৰিচালনা এই সকলোবোৰ মিলি এটা মন্ত্ৰমুগ্ধকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু দর্শকসকলক মুগ্ধ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰযুক্তিগত উন্নতি, যেনে উন্নত কেমেৰা কৌশল আৰু ৰঙীন চিনেমেট’গ্ৰাফীয়ে নৃত্যৰ ক্ৰমৰ দৃশ্যগত আকৰ্ষণ অধিক বৃদ্ধি কৰে। পৰিচালক আৰু নৃত্য পৰিচালকসকলে উদ্ভাৱনীমূলক কেমেৰা এঙ্গল আৰু সম্পাদনা কৌশলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি গতিশীল আৰু দৃশ্যগতভাৱে অগতানুগতিক নৃত্য প্ৰদৰ্শনৰ সৃষ্টি কৰিছিল। এই প্ৰযুক্তিগত উদ্ভাৱনসমূহে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বলীউডৰ ছবিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত প্ৰচুৰ অৰিহণা যোগায়। ১৯৭০ আৰু ১৯৮০ৰ দশক বলীউড নৃত্যৰ ইতিহাসত এটি গুৰুত্বপূর্ণ সময় হিচাপে চিহ্নিত আৰু এই সময়ছোৱাত পাশ্চাত্য প্রভাৱৰ উল্লেখযোগ্য অনুপ্রৱেশ লক্ষ্য কৰা যায়। ১৯৭০ৰ দশকত ডিস্কো সঙ্গীত আৰু সংস্কৃতিৰ উত্থান ঘটে আৰু এই বিশ্বব্যাপী ঘটনাই বলীউড নৃত্য ইতিহাসতো গভীৰভাৱে প্ৰভাৱ পেলায়। চলচ্চিত্র নির্মাতা আৰু নৃত্য পৰিচালকসকলে তেওঁলোকৰ নৃত্যৰ ক্রমত ডিস্ক’ বীট আৰু ছন্দ অন্তর্ভুক্ত কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত ভাৰতীয় আৰু পাশ্চাত্য উপাদানসমূহৰ সংমিশ্ৰণেৰে বলীউড নৃত্যৰ এটি নতুন ধাৰাৰ উদ্ভৱ হয়। ‘ডিস্কো ডেন্সাৰ’ (১৯৮২) ছবিখনে এই ধাৰাটো প্ৰদৰ্শন কৰে য’ত আকৰ্ষণীয় ডিস্ক’ সুৰত স্থাপন কৰা নৃত্যৰ সৈতে গীতো পৰিৱেশন কৰা হৈছিল। ছবিখনৰ মুখ্য অভিনেতা মিথুন চক্ৰৱৰ্তী সেই যুগৰ আইকন হৈ পৰিছিল আৰু নিজৰ আকৰ্ষণীয় নৃত্যৰ দ্বাৰা দৰ্শকৰ মন মুহিছিল। ডিস্কো-ইনফিউজড বলীউড নৃত্যৰ জনপ্ৰিয়তাক প্ৰতিফলিত কৰি “আই এম এ ডিস্কো ডেন্সাৰ” আৰু “য়াদ আ ৰহা হায়”ৰ দৰে গীতবোৰ বহুতদিন ধৰি চাৰ্টৰ শীৰ্ষত আছিল।
বলীউডৰ নৃত্যৰ ইতিহাসত পাশ্চাত্যৰ প্ৰভাৱে সংগীতৰ বাহিৰেও নৃত্য পৰিচালনা আৰু শৈলীক সাঙুৰি লৈছিল। সৰোজ খান আৰু কমল আৰ খানৰ দৰে নৃত্য পৰিচালকসকলে পশ্চিমীয়া নৃত্য যেনে জেজ, হিপ-হপ, ব্ৰেকডান্সিঙৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে আৰু এই শৈলীসমূহ বলীউডৰ ছবিত অন্তৰ্ভুক্ত কৰে। এনে শৈলীৰ সংযোজনে বলীউড নৃত্যত এক নতুন মাত্ৰা যোগ কৰে যাৰ ফলত ই অধিক গতিশীল আৰু বহুমুখী হৈ পৰিল। সৰোজ খানে বিশেষকৈ পৰম্পৰাগত ভাৰতীয় আৰু পশ্চিমীয়া নৃত্য শৈলীৰ মাজৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ‘তেজাব’ (১৯৮৮) আৰু ‘মিষ্টাৰ ইণ্ডিয়া’ (১৯৮৭)ৰ দৰে ছবিত তেওঁৰ কামে ধ্ৰুপদী ভাৰতীয় কৌশলক সমসাময়িক পশ্চিমীয়া প্ৰভাৱৰ সৈতে মিহলি কৰাৰ দক্ষতা প্ৰদৰ্শন কৰে যাৰ ফলত বলীউড নৃত্যৰ পৰিচালনা উদ্ভাৱনীমূলক হৈ পৰিছিল। বলীউড নৃত্যৰ ফেশ্বন আৰু নান্দনিকতাতো পশ্চিমীয়া পপ সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল। বিশ্বব্যাপী ফেশ্বনৰ ধাৰাক প্ৰতিফলিত কৰা আৰু নৃত্যৰ ক্ৰমৰ দৃশ্যগত আবেদন বৃদ্ধি কৰা সাজ-পোছাকবোৰ অধিক গ্লেমাৰাছ আৰু সমসাময়িক হৈ পৰিল। আধুনিক চেট ডিজাইন আৰু পোহৰৰ কৌশলৰ সংমিশ্ৰণে বলীউড নৃত্যৰ পশ্চিমীয়াকৰণত অধিক অৰিহণা যোগায় আৰু দৃশ্যগতভাৱে কৌশলী আৰু সাংস্কৃতিকভাৱে অনুৰণনশীল অভিনয়ৰ সৃষ্টি কৰে।
এই যুগত বলীউড নৃত্য গঢ় দিয়াত পশ্চিমীয়া মিউজিক ভিডিঅ’ আৰু টেলিভিছনৰ প্ৰভাৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। পশ্চিমীয়া মিউজিক ভিডিঅ’ৰ দৃশ্যগত কাহিনী বৰ্ণনা কৰাৰ কৌশল আৰু দ্ৰুত সম্পাদনাই বলীউডৰ ছবি নিৰ্মাতাসকলক পৰ্দাত নৃত্য উপস্থাপনৰ নতুন পদ্ধতিৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে অনুপ্ৰাণিত কৰে। এমটিভিৰ দৰে সংগীত টেলিভিছন চেনেলসমূহে ভাৰতীয় দৰ্শকক বিশ্ব সংগীতৰ ধাৰাসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে তেওঁলোকৰ ৰুচি আৰু পছন্দকো প্ৰভাৱিত কৰে। ইয়াৰ ফলত বলীউডে পশ্চিমীয়া মিউজিক ভিডিঅ’ৰ শৈলী আৰু শক্তিক প্ৰতিফলিত কৰা নৃত্যৰ ক্ৰম সৃষ্টি কৰে আৰু গতিশীল, আকৰ্ষণীয় আৰু সমসাময়িক সংবেদনশীলতাৰ সৈতে মিল থকা অভিনয়ৰ সৃষ্টি হয়। নব্বৈৰ দশকৰ সময়ছোৱাত বলীউডৰ নৃত্যসংগীতসমূহ বলীউড নৃত্য ইতিহাসৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। এই সমূহে দৰ্শকৰ কল্পনাশক্তিক আকৰ্ষণ কৰাৰ লগতে বক্স অফিচৰ সফলতাক আগুৱাই লৈ গৈছিল। এই যুগত ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ (১৯৯৫), ‘কুচ কুচ হোতা হায়’ (১৯৯৮), আৰু ‘কভি খুছি কভি ঘম’ (২০০১)ৰ দৰে আইকনিক ছবিসমূহে মুক্তি লাভ কৰে। প্ৰতিখনতে স্মৰণীয় নৃত্যৰ ক্ৰমৰ বৈশিষ্ট্য আছিল আৰু এইসমূহ সাংস্কৃতিক ‘টাচষ্ট’ন’লৈ পৰিণত হৈছিল। ‘দিল ছে’ (১৯৯৮)বোলছবিৰ ‘চাইয়া চাইয়া’ আৰু ‘কভি খুছি কভি ঘম’ৰ ‘বোলে চুড়িয়া’ৰ দৰে নৃত্য সংগীতবোৰ বলীউডৰ সমাৰ্থক হৈ পৰে। এই সকলোবোৰ আকৰ্ষণীয় সুৰ, স্পন্দনশীল নৃত্য পৰিচালনা, আৰু আৱেগিক অনুৰণনৰ বাবে পৰিচিত। দৰ্শকক গভীৰভাৱে মোহিত কৰাৰ লগতে এই পৰিৱেশনসমূহ বিয়া, উৎসৱ আৰু সামাজিক সমাৱেশত উদযাপন কৰা ভাৰতীয় সাংস্কৃতিক পৰিচয়ৰ অবিচ্ছেদ্য অংগ হৈ পৰে।
২০০০ চনৰ আৰম্ভণিতে সংগীত আৰু নৃত্যৰ ৰিয়েলিটি শ্ব’ৰ উত্থানে বলীউডৰ নৃত্যসংগীতক যথেষ্ট জনপ্ৰিয় কৰি তোলে। “বুগী ৱুগী”, “ডান্স ইণ্ডিয়া ডান্স”, “ঝলক দিখলা যা”ৰ দৰে অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান নৃত্যশিল্পীক প্ৰদৰ্শন কৰি বলীউড নৃত্যক বিস্তৃত দৰ্শকৰ মাজলৈ লৈ যোৱাৰ লগতে নতুন প্ৰজন্মৰ কলা-কুশলীক অনুপ্ৰাণিত কৰা হয়। এই ৰিয়েলিটি শ্ব’সমূহত বিভিন্ন ধৰণৰ শৈলী আৰু অভিনয় প্ৰদৰ্শনৰ দ্বাৰা বলীউড নৃত্যৰ বৈচিত্ৰ্য আৰু সৃষ্টিশীলতাক উদযাপন কৰা হৈছিল। শ্ব’সমূহে উচ্চাকাংক্ষী নৃত্যশিল্পীসকলক নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ, শিল্প বিশেষজ্ঞসকলৰ পৰা শিকিবলৈ আৰু স্বীকৃতি লাভ কৰিবলৈ এক মঞ্চ প্ৰদান কৰে। অনুষ্ঠানসমূহৰ জনপ্ৰিয়তাই বলীউড নৃত্যক অধিক সুলভ আৰু সৰ্বাংগীন কৰি তোলাত অৰিহণা যোগাইছে। ২০০০ চনৰ আৰম্ভণিৰ ডিজিটেল বিপ্লৱে বলীউডৰ নৃত্যসংগীতৰ সৈতে দৰ্শক জড়িত হোৱাৰ ধৰণ ৰূপান্তৰিত কৰে। ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ আগমনৰ ফলত নৃত্যৰ বিষয়বস্তু সহজে প্ৰচাৰ আৰু ভাগ-বতৰা কৰিব পৰা গ’ল আৰু বলীউড নৃত্য বিশ্বব্যাপী দৰ্শকৰ বাবে অধিক সুলভ হৈ পৰিল। সঙ্গীত ভিডিঅ’ আৰু নৃত্যৰ ক্ৰম ‘ভাইৰেল ছেনছেছন’ত পৰিণত হৈ বিশ্বজুৰি লাখ লাখ দৰ্শকৰ কাষ চাপে।
ইউটিউব আৰু ছ’চিয়েল মিডিয়াৰ দৰে প্লেটফৰ্মসমূহে অনুৰাগীসকলক বলীউড নৃত্যৰ সৈতে নতুন আৰু ‘ইন্টাৰেক্টিভ’ ধৰণে সংযোগ স্থাপন কৰিবলৈ সহায় কৰে আৰু তেওঁলোকৰ নৃত্যৰ কভাৰ, টিউটৰিয়েল, আৰু অভিনয় পৰিৱেশন কৰে। এই ডিজিটেল বিপ্লৱে বলীউড নৃত্যৰ বিশ্বব্যাপী প্ৰসাৰত সহায় কৰাৰ লগতে ই সমগ্ৰ বিশ্বতে এক প্ৰিয় আৰু স্বীকৃতিপ্ৰাপ্ত শিল্পৰূপলৈ পৰিণত হয়। বলীউড নৃত্যত উদ্ভাৱন, সাংস্কৃতিক সংযোজন আৰু জীৱনৰ সজীৱতা উদযাপনৰ মনোভাৱ সন্নিৱিষ্ট কৰা হৈছে। এই নৃত্য দশকৰ পিছত দশক ধৰি চিনেমা, সমাজ, আৰু বিশ্বজনীন প্ৰভাৱৰ পৰিৱৰ্তনৰ প্ৰতিফলন ঘটাই বিকশিত হৈ আহিছে যদিও ই ভাৰতৰ চহকী কলাত্মক ঐতিহ্যৰ এক শক্তিশালী প্ৰতীক হৈয়েই আছে। বলীউডৰ নৃত্যসঙ্গীতৰ বিৱৰ্তনে ভৱিষ্যতে আৰু অধিক সৃষ্টিশীলতা আৰু আন্তঃ-সাংস্কৃতিক বিনিময়ৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি।
ফোন: +৯৬৮-৯৯৬৭-২৭৮১
Comments are closed, but trackbacks and pingbacks are open.