আয়ুৰ্বেদিক মালিচৰ প্ৰয়োজনীয়তা

11

বৰ্ণালী ভট্টাচাৰ্য 

আমাৰ শৰীৰৰটোক মালিচ কৰি ইয়াৰ আমেজ নোপোৱা ব্যক্তি খুব  কমেই আছে।আমি সকলোৱে মালিচৰ উপকাৰিতাৰ বিষয়েও জানো। আমি দেখি আহিছো যে লৰা ছোৱালী জন্ম হলে মালিচ দিয়ে যাতে  হাড়বোৰ মজবুত হয়।

তাৰোপৰি কেতিয়াবা আমাৰ মুৰত বিষ,ককালৰ বিষ,এনে ধৰণৰ বিষ হলে অলপ মালিচ কৰি দিলে বহুত আৰাম পোৱা দৰে লাগে।

কেতিয়াবা আকৌ বহুতে মাচাজ কৰিবলৈ ভয় কৰে ,কাৰণ ভূল মাচাজ কৰিলে কেতিয়াবা  ভাল হোৱাৰ বিপৰীতে বেয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে সদায়ে মালিচৰ বিষয়ে  অভিজ্ঞতা থকা লোকৰ হতোৱাহে মালিচ কৰাব লাগে।

আমাৰ ভাৰতত আয়ুৰ্বেদিক মালিচ অতীজৰে পৰা প্ৰচলিত হৈ আছে। ভাৰতীয় আয়ুবেদিক মালিচ পশ্চিমীয়া দেশসমূহত বেছিকৈ গুৰুত্ব দিয়ে। তেওঁলোকে ইয়াক বৰ আগ্ৰহে গ্ৰহণ কৰে।

ভাৰতীয় আয়ুৰ্বেদিক মালিচ মুখ্যতঃ দুই প্ৰকাৰৰ । এক প্ৰকাৰৰ হৈছে – দেহ – মনৰ অলসতা  ,অশান্তি, ভাগৰ,টেনচন, দূৰ কৰি মন-প্ৰান দেহলৈ এক নতুন সজীৱতা আনা। পুনৰ সজীৱতাৰে কাম কৰিবলৈ শক্তি পাবলৈ এই ধৰণৰ মালিচ কৰে। এই ধৰণৰ মালিচত বিশেষ ধৰণৰ অৰ্হতাৰ প্ৰয়োজনীয়তা নাই। এই মালিচ কৰিব অতি সহজ,কিন্তু ইয়াক বিজ্ঞানসন্মত  পদ্ধতিৰে কৰা হয়।

ইয়াক কৰিবলৈ মাত্ৰ এসপ্তাহৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা। আনটো মালিচ হৈছে বেছ  জটিল। ইয়াৰ বাবে  গভীৰ অধ্যায়ন,প্ৰশিক্ষণ আৰু অনুশীলনৰ আৱশ্য।

আয়ুৰ্বেদিক মালিচৰ সহায়েৰে বহু তো ৰোগ যেনে হকড় মজবুত কৰা,হাড় জোৰা লগোৱা,সফলতাৰ বাবে ,মোচোকা খোৱা,প্ৰসৱৰ সময়ত মা আৰু  সন্তানৰ কষ্ট  হ্ৰাস কৰা, ইত্যাদি নানা ৰোগৰ ক্ষেত্ৰত মুখ্যতঃ  ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদিক মালিচৰ সহায়েৰে মানসিক ৰোগ,ককট‌ৰোগীক থেৰাপী হিচাপে দিয়া হয়। ছাইনাছাইটিছ,মুৰত বিষ, মুৰৰ ঘূৰণী, ইত্যাদিত সুফল পোৱা য়ায়। অৱশ্যে এই মালিচ  দক্ষ আয়ুবেদাচাযৰ দ্বাৰা কৰোৱা উচিত ।অন্যথা  বিষম পৰিণতি ঘটিব পাৰে।

আয়ুৰ্বেদিক মালিচ সাধাৰণত খাটি গৰু , বা মহৰ ঘী গৰম কৰি কৰা হয়। কিছুমান ৰোগ বিশেষে আয়ুবেদিক  বিভিন্ন সামগ্ৰীৰ লগত মিলাই কৰা হয়।

ৰোগৰ ধৰণ অনুসৰি ঘী গৰম কৰা পৰিমাণ বেলেগ বেলেগ হয়। কেতিয়াবা মিনিটৰ পৰা ১২ ঘন্টা সময়লৈকে গৰম কৰা হয়।

ইয়াক বিভিন্ন ধৰণেৰে মালিচ ,লেপন,সেক,এনিমা,ইত্যাদি  প্ৰয়োগ কৰি কৰা হয়।

আয়ুৰ্বেদিক মালিচ মুৰৰ পৰা ভৰিলৈকে কৰা হয়।ইয়াক কৰোতে বিশেষ ভাৱে যত্ন  লব লাগে যাতে ভুলকৈ কৰা নহয়।

 আয়ুৰ্বেদৰ মতে মানুহৰ দেহটো তিনিটা দোষ আছে।

বায়ু,কফ, গেচ।এনে ৰোগ নিৰাময় কৰিবলৈ হলে আগতে দোষবোৰৰ বিষয়ে ভালদৰে জ্ঞানী আহৰণৰ কৰি লোৱা উচিত ।আয়ুবেদিক মাচাজ নিয়মিত ভাৱে লৈ থাকিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.