মালা মহন্ত
চকুযুৰি মনৰ দাপোণ হয়তো ইয়াৰ বাবেই চকুৰ ৰূপ–সৌন্দর্যৰ বর্ণনা মহাকাব্যৰ যুগৰ পৰা আজিৰ গ্লবেল ভিলেজৰ যুগলৈ কতজনে কত ধৰণে যে কৰি অহা নাই৷ এযুৰি ধুনীয়া চকুৰে প্রথম দৃষ্টিতে আমাৰ মন আকর্ষণ কৰে৷ আগবঢ়াইছো এযুৰি সুন্দৰ চকুৰ বাবে লব লগা যতন আৰু প্রসাধন প্রসংগ৷ এযুৰি আকর্ষণীয় চকুক নেদেখাজনৰ দান বুলি স্বীকাৰ কৰিও কব লাগিব যে যথোচিত যতন আৰু প্রয়োজনীয় প্রসাধনেও এযুৰি চকুক অধিক আকর্ষণীয় হৈ উঠাত সহায় কৰে৷ হয়াৰ বাবে দিনটোৰ অলপমান সময় চকুযুৰিৰ যতনৰ বাবে আছুতীয়াকৈ ৰখা দৰকাৰ৷ এযুৰি সুন্দৰ আৰু নিৰোগী চকুৰ বাবে এহকণ সময় দিবলৈ আপুনি নিষ্চয় অপাৰগ নহয়৷ দিনটোত হাজাৰটা ব্যস্ততাৰ মাজতো অন্ততঃ পাঁচ মিনিট সময়ৰ বাবে সোঁহাতৰ তলুৱাৰে ঢাকি ৰাখিলে চকুযুৰিয়ে বিশ্রাম পায়৷ দৈনিক পুৱা চকুৰ ব্যায়ামৰ ফলত সংকোচন–প্রসাৰণৰ ক্ষমতা বাঢ়ে আৰু দৃষ্টিশক্তিও বৃদ্ধি পায়৷ প্রতিদিনে পুৱা চকুৰ ব্যায়াম কৰা দৰকাৰ৷ পোন হৈ বহি লৈ লাহে লাহে কেইবাৰমান চকুৰ পতা মেলক আৰু জপাওক৷ দুচকুৰ মণি ঘূৰণীয়া আকাৰেৰে সোঁফালে আৰু বাঁওফালে দহবাৰকৈ ঘূৰাব৷ তাৰ পিছত চেলাউৰিৰ ফালে চাই তৎক্ষণাৎ তললৈ চাই পঠিয়াওক৷ এহবাৰ চকুহাল মুদি যিমান পাৰি বিস্তাৰিত কৰি মেলিব৷
দৈনিক পুৱা–গধূলি চকু বন্ধ কৰি পৰিষ্কাৰ শীতল পানী চকুহালত মাৰিব৷ ৰদলৈ ওলাওঁতে সদায়ে মানবিশিষ্ট ছানগ্লাছ পিন্ধিব৷ বহু সময়ত চকুযুৰিৰ তলত কলা দাগ পৰা দেখা যায়৷ পোহৰত কাম কৰা বা পঢ়া–শুনা কৰা, টোপনি ক্ষতি, কিডনীৰ ৰোগ, মানসিক অশান্তি আৰু মহিলাৰ মেনোপজৰ সময়ত এনে হব পাৰে৷ এনেক্ষেত্রত তিয়ঁহৰ ভিতৰৰ অংশ পিহি লৈ গাখীৰৰ সৰ মিহলাই চিৎ হৈ শুহ চকুহালত দহ মিনিটৰ বাবে কেহদিনমান লগালে সুফল পাব৷ চকুযুৰিৰ গুৰিত বলিৰেখা পৰিলে কেইটোপালমান ভিটামিন–ইযুক্ত তেল কিম্বা কাঠবাদামৰ তেলেৰে দুয়ো হাতৰ মধ্যমা আৰু অনামিকা আঙুলি ব্যৱহাৰ কৰি লাহে লাহে ঘড়ীৰ কাঁটাৰ দিশে আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে পাঁচ মিনিট সময় মালিচ কৰি গোলাপ পানীত এটুকুৰা কপাহ তিয়াহ চকুহাল মচিব৷ পিছত কণীৰ আধা চামুচ বগা অংশৰ লগত এটা ভিটামিন–ইযুক্ত কেপছুলৰ ভিতৰৰ অংশ মিহলাই পাতলকৈ বলিৰেখা পৰা অংশত লগাই পোন্ধৰ মিনিটৰ মূৰত এটুকুৰা তিতা কপাহেৰে টুকি পেলাব৷ তদুপৰি এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ নিশা শোৱাৰ পূর্বে উন্নতমানৰ আণ্ডাৰ আই ক্রীম ব্যৱহাৰ কৰিব৷ চকুযুৰি ৰোগমুক্ত কৰি ৰাখিবৰ বাবে আপোনাৰ খাদ্য তালিকাত ভিটামিন–ই, চি, ডি, এ, বি আৰু প্রটিনযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব৷ সেউজীয়া শাক, গাখীৰ, নৰসিংহ, অমিতা, ধনিয়া, গাজৰ, বন্ধাকবি, খুতুৰা, নহৰু, কাচকল, আমলখি, গোলনেমু, সৰু মাছৰ জোল আদি খাব৷
এতিয়া আহোঁ প্রসাধন প্রসংগলৈ৷ যিকোনো এযুৰি চকুকেই সঠিক প্রসাধনে আকর্ষণীয় কৰি তুলিব পাৰে৷ ইয়াৰ বাবে প্রথমে মুখখনৰ সৈতে ৰজিতা খুৱাই চেলাউৰিযোৰ থ্রেডিং কৰাব৷ পিছত ব্রাছেৰে ওপৰমুৱাকৈ চেলাউৰিযোৰ আঁচুৰি কলা বা ব্রাউন ৰঙৰ আইব্র পেন্সিলেৰে সৰু সৰু ষ্ট্রক দি পাতলকৈ আঁকি লব৷ চেলাউৰিৰ ঠিক মধ্যবিন্দু পোৱাৰ লগে লগে ষ্ট্রক তলমুৱা কৰিব৷ আকৌ এবাৰ চেলাউৰিযোৰ আঁচুৰি লওক৷
চকুৰ পতাত পাতল বাদামী ৰঙৰ আইশ্বেড লগালে যিকোনো সাজৰ লগতে শুৱাব৷ তদুপৰি চকুযুৰিৰ আকাৰ সলনি কৰিবলৈ বিভিন্ন ৰঙৰ আইশ্বেডৰে হাইলাহট কৰিব পাৰি৷ চকুযুৰিৰ এটা কোণৰ পৰা আনটো কোণলৈ নিখুঁতভাৱে আইলাইনাৰ বা কাজল লগালেও উজ্জ্বল হৈ পৰিব৷ প্রয়োজনত মাস্কাৰাও ব্যৱহাৰ কৰিব পাৰে৷ দৈনিক চকুৰ প্রসাধন আঁতৰাবলৈ তিতা কপাহত সামান্য আইৰিমভিং ক্লীনজাৰ লৈ আলফুলে চকুযুৰি মচিব৷ কেতিয়াবা বিশেষ কাৰণত ঘৰলৈ ওভতোতে যদি পলমো হয়, তথাপি শোৱাৰ আগতে চকুৰ প্রসাধন মচিবলৈ এলাহ নকৰিব৷
Comments are closed, but trackbacks and pingbacks are open.