গীতাশ্ৰী গগৈ হাতীবৰুৱা
ঘামচি গ্ৰীষ্মৰ এটা আটাইতকৈ মুখ্য বা প্ৰধান সমস্যা । এই ঘামচি সকলো বয়সৰ লোকৰে ছালত দেখা দিব পাৰে। এই সমস্যা হ’লে ছাল খন চিটচিটাই লগতে খজুৱটিও হয় । ছাল খন খহতা হোৱাৰ লগতে উজ্জ্বলতাও হ্ৰাস পায় । কেনেকুবা ধৰণৰ যত্ন ললে বা কি কি কৰিলে এই সমস্যাৰ পৰা কিছু পৰিমানে হ’লেও সকাহ পাব পাৰি জানো আহক….
নিম পাত ঘামচিৰ কাৰণে মহৌষধ । নিম পাত প্ৰয়োজন অনুসৰি লৈ এটা চচপেনত পানী দি ভালকৈ উতলাই ল’ব । ঠাণ্ডা হোৱা পিছত গা ধোৱা পানীত মিহলাই ল’ব। নিম পাত অলপ মান লৈ ভালকে ধুই এটা পেষ্ট বনাই ঘামচিৰ ওপৰত লগাই কিছু সময় ৰাখি পানীৰে ধুই পেলাব । ইয়ে ঘামচিৰ পৰা বহু খিনি সকাহ দিব।
প্ৰত্যেক দিনায়ে গা ধোৱা পানী খিনিত যদি নেমুৰ ৰস মিহলাই লয় তেন্তে ঘামচি পৰা বহু খিনি পৰিত্ৰাণ পোৱা লগতে ঘামচিৰ পৰা সৃষ্টি হোৱা চিটচিটনিৰ পৰা দূৰত থাকিব পাৰিব ।
গা ধোৱা পানী খিনিত তুলসী পাতৰ ৰস ,পদিনা পাত ৰস নাইবা গোলাপ জলো মিহলাই ল’ব পাৰে ।
এই দিন কেইটাত গা ধুওতে পৰাপক্ষত নিম চাবোন ব্যৱহাৰ কৰিব।
গোলাপ জলৰ লগত মুলতানী মাটি নাইবা চন্দন পাউদাৰ লৈ এটা পেষ্ট বনাই ঘামচি ওলোৱা জেগাত পেক হিচাপে লগালেও এই আমনি দায়ক সমস্যাৰ পৰা বহু খিনি উপশম পাব পাৰি।
মলম
গৰমৰ লক্ষণসমূহৰ চিকিৎসাৰ বাবে চিকিৎসকে কেলামাইন লোচনৰ দৰে মলম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব পাৰে। এই লোচনৰ ছালৰ বাবে কেইবাটাও উপকাৰ আছে, আংশিকভাৱে কাৰণ ইয়াত জিংক অক্সাইড থাকে।
ই খজুৱতি শান্ত কৰি গৰমৰ ফোহা চিকিৎসাত সহায় কৰিব পাৰে। কপাহী পেড ব্যৱহাৰ কৰি আপোনাৰ ৰেচত কিছু কেলামাইন লোচন ডাব কৰক। প্ৰয়োজন অনুসৰি পুনৰ প্ৰয়োগ কৰক।
ছালৰ বহু সমস্যাৰ চিকিৎসাত অটমিল ফলপ্ৰসূ। অটচত এভেনান্থ্ৰামাইড থাকে, যাৰ এন্টিঅক্সিডেন্ট গুণ থাকে।
এই যৌগবোৰে অটমিলক ইয়াৰ প্ৰদাহ নিবাৰণ আৰু খজুৱতি নিবাৰণকাৰী গুণ প্ৰদান কৰে।
চন্দন প্ৰলেপ
চন্দনৰ গুড়ি পানীৰ লগত মিহলাই পেষ্ট বনাই কৰিব পাৰে আৰু এইখিনি গৰমৰ ফোহা হোৱা ঠাইত প্ৰয়োগ কৰিব পাৰে। প্ৰথমে পেষ্টটো ছালৰ আন এটা অংশত পৰীক্ষা কৰিব লাগে, যাতে তেওঁলোকৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া নহয়।
আমাৰ সকলোৰে পৰিচিত এল’ভেৰা জেন লগালেও ঘামচিৰ পৰা হাত সাৰিব পৰা যায়।
এই বোৰৰ উপৰিও আৰু কিছুমান বিশেষ কথালৈ লক্ষ্য ৰখাটো খুবেই দৰ্কাৰী।
ৰ’দত ওলোৱাৰ সময়ত চাটি ল’বলৈ নাপাহৰিব ।
ছাল খন সদায় পৰিষ্কাৰ কৰি ৰাখিব । চাব যাতে ঘাম লাগি লেতেৰা হৈ নাথাকে।
সদায় কপাহী কাপোৰ পিন্ধিব।
প্ৰচুৰ পৰিমাণে পানী খাব। এই দিন কেইটাত মছলা দিয়া খাদ্যৰ পৰা আতৰত থাকিব।
এই বাৰ গৰমত এনেকৈ ছালখনৰ যত্ন লওক আৰু আমনিদায়ক সমস্যা ঘামচিৰ পৰা আতৰত থাকক ।
Comments are closed, but trackbacks and pingbacks are open.