গ্ৰীষ্মকালীন মেকআপ

15

অজন্তা উপমন্যু 

গ্ৰীষ্মকাল মানেই ঘামেৰে লুটুৰি পুটুৰি ছাল তাৰোপৰি আকৌ অতিৰিক্ত তেলেতীয়া ছাল। তাতে আকৌ মাজে মাজে বিয়া, জন্ম দিন, পাৰ্টি আদিলৈও যাব লগীয়া হয়। গৰম বুলিতো আৰু মেকআপ অকনমান নকৰাকৈ কেনেকৈ যাব পাৰি । কিন্তু সমস্যা হ’ল কি ধৰণৰ মেক আপ কৰিলে ঘামিলেও ছাল সতেজ আৰু উজ্বল দেখা যাব ।

প্ৰথমতে আমাৰ প্ৰয়োজনীয় উপাদান 

লাইট ৱেট বেচ : ডিপ মইশ্বৰাইজাৰৰ সলনি টিন্টেড মইশ্বৰাইজাৰ আৰু শ্বিয়ৰ কভাৰেজ ফাউণ্ডেশ্যন নিৰ্বাচন কৰি ল’ব লাগে ।

তেল আৰু ঘাম ৰোধক প্ৰাইমাৰ :  মেকআপ বেছি সময়লৈ সতেজ হৈ থাকিবলৈ আৰু বিয়পি যোৱা ৰোধ কৰিব পৰাকৈ এটা ভাল প্ৰাইমাৰ বাচি ল’ব লাগে ।‌

ক্ৰীম ভিত্তিক সামগ্ৰী : ক্ৰীম ব্লাছ, ব্ৰঞ্জাৰ আৰু আইশ্বেড’ এনেদৰে নিৰ্বাচন কৰক যাতে এটা প্ৰাকৃতিক লুক দিয়ে । ৰং নিৰ্বাচন কৰোঁতে বেছি ধ্যান দিয়া উচিত । অতি গৰমত বিশেষকৈ দিনৰ ভাগত অতি উগ্ৰ ৰঙে অকল দৃষ্টিকটু ৱে নকৰে সৌন্দৰ্য ও হ্ৰাস কৰি পেলায় ।‌

ৱাটাৰ প্ৰূফ আইলাইনাৰ আৰু মাস্কাৰা : চকুৰ মেক আপ উজ্বল নহলে মেক আপৰ আচল সৌন্দৰ্য ফুটি নুঠে । চকুৰ মেক আপ যাতে বিয়পি নাযায় তাৰবাবে সামগ্ৰী সমুহ ৱাটাৰ প্ৰূফ হ’ব লাগে ।‌ লগতে আইশ্বেড’ নিৰ্বাচন কৰোঁতেও চাব লাগে যাতে ই ব্যৱহাৰ কৰাৰ পাছত বিয়পি নাযায় ।‌

লিপ টিন্ট নাইবা নূড ৰঙৰ লিপস্টিক নিৰ্বাচন : ওঁঠত অতি পাতল নাইবা টিন্ট ৰঙে প্ৰাকৃতিক লুক দিয়ে আৰু এটা কোমল সৌন্দৰ্য প্ৰদান কৰে ।‌

ব্লাছ : ব্লাছে ছালত সতেজ, সুস্থ গ্লো দিয়ে । ৰঙচুৱা বা গুলপীয়া শ্বেড’ৰ সলনি ব্ৰাউন, ব্ৰঞ্জ আদি ৰং নিৰ্বাচন কৰি ল’ব লাগে । অৱশ্যে ছালৰ ৰং অনুযায়ী ইয়াক কাড়া বা পাতল হিচাপে লগাব লাগে ।

গালৰ হাড় আৰু ভ্ৰু যুগলৰ সৌন্দৰ্য প্ৰস্ফুটিত কৰি তুলিবলৈ পাউদাৰ হাইলাইটাৰ ব্যৱহাৰ কৰিব লাগে ।‌

SPF সুৰক্ষা : প্ৰথমতে ছালত এটা ছান স্ক্ৰীন প্ৰলেপ লগাই ল’ব লাগে। ই ছালখনক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে ছেটিং পাউদাৰ আৰু ফ্ৰিক্সাৰ, অতিৰিক্ত ঘাম নি‌যন্ত্ৰন কৰি মেক আপ দীৰ্ঘস্থায়ী হ’বলৈ লুজ পাউদাৰ ব্যৱহাৰ কৰিবই লাগে। শেষত মেক আপ ফ্ৰিক্সাৰ বা চেটিং স্প্ৰে ছটিয়াই লুক টো সতেজ কৰিব লাগে ।

কিছু অতিৰিক্ত

*মইশ্বৰাইজাৰ আৰু প্ৰাইমাৰৰ সঠিক নিৰ্বাচন

*অতিৰিক্ত তেল আঁতৰাবলৈ সকলো সময়তে ব্লটিং পেপাৰ হাতত ৰাখিব লাগে আৰু মাজে মাজে ইয়াৰ সহায়ত মুখৰ তেল শুহি থাকিব লাগে ।

টাচ আপ

* গোটেই দিনটো টাচ আপৰ বাবে কমপেক্ট পাউদাৰ বা ছেটিং স্প্ৰে লগত ৰাখিব লাগে ।

আটাইতকৈ মনত ৰাখিব লগীয়া কথাটো হ’ল মেক আপ দ্ৰব্য সমূহ যাতে উচ্চ মান বিশিষ্ট হয় আৰু নিজৰ ছালৰ লগত খাপ খোৱা হয় তেতিয়া হে এটা প্ৰাকৃতিক লুক পাব পাৰি ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.