মালা মহন্ত
আজিৰ পৰা প্রায় কেইবাহেজাৰ বছৰ পূর্বে বিখ্যাত আয়ুর্বেদ মহর্ষি বাণভট্ট আৰু নাগার্জুনে শাৰীৰিক পুষ্টিবর্ধনৰ বাবে ধাতুৰ প্রয়োগ আৰম্ভ কৰিছিল৷ বৈদ্যশাস্ত্রত উল্লেখ আছে যে বিভিন্ন প্রাকৃতিক গছ–লতা, গছৰ শিপা, ফুল, ফল আদি বাহকৰূপে লৈ শৰীৰত বিভিন্ন ধাতুৰ প্রয়োগ কৰা হৈছিল৷ প্রাকৃতিক উপাদান মিহলোৱা বাবে ধাতুসমূহ ছালত প্রৱেশ কৰিবলৈ সক্ষম হয়৷ প্রত্যেক ধাতুৰেই ছালৰ ভিন ভিন সমস্যা সমাধানৰ ক্ষমতা থাকে৷ বর্তমানলৈ সৌন্দর্য–বিজ্ঞানত সোণ, ৰূপ, মুকুতা, প্লেটিনাম আদি ধাতুৰ থেৰাপীসমূহে অধিক জনপ্রিয়তা লাভ কৰিছে৷
অতীজৰ চীনদেশীয় ৰাজকীয় পৰিয়ালৰ মহাৰাণীসকলে মুকুতাৰ গুড়িৰে সৌন্দর্য চর্চা কৰিছিল৷ মুকুতাত ছালৰ প্রাকৃতিক সৌন্দর্য বৃদ্ধি, ছাল বগা কৰা আৰু পুষ্টি প্রদান ক্ষমতা আছে৷ সেয়ে সৌন্দর্য বিজ্ঞানীসকলে আয়ুর্বেদিক পদ্ধতিক মূল হিচাপে লৈ বর্তমান ছালৰ বিভিন্ন সমস্যা দূৰ কৰি ছাল উজ্জ্বল কৰিবলৈ মুকুতাৰ ফেচিয়েল থেৰাপী প্রচলন কৰে৷ ছালক সর্বাধিক পুষ্টি প্রদান তথা যৌৱনোদ্দীপ্ত ছালৰ বাবে মুকুতাৰ ফেচিয়েল কৰা হয়৷ ছালৰ কলা দাগ, বলিৰেখা নাইকিয়া কৰিবলৈ এই ফেচিয়েল পদ্ধতি প্রয়োগ কৰা হয়৷ মুকুতাৰ ফেচিয়েলে ছালখন বীজাণুমুক্ত কৰি ছাল উজ্জ্বল আৰু বগা কৰে৷ মুকুতাৰ ফেচিয়েলত ব্যৱহাৰ হোৱা দ্রব্যসমূহ যেনে– পার্ল ক্লিনজাৰ, পার্ল গ্রেইনছ, পার্ল মাছাজ জেল, পার্ল স্কিন চিৰাম, পার্ল মাছাজ ক্রীম, পার্ল ফেচপেক আদিত ১৪ৰ পৰা ১৮বিধ এমিন এচিড, ১২বিধ খনিজ আৰু আন ঔষধীয় উপাদান থাকে৷ এহ দ্রব্যসমূহৰ ব্যৱহাৰে ছালৰ মৃতকোষ আঁতৰাই সজীৱ কোষ গঠনত সহায় কৰে৷ খহতা ছাল মিহি কৰাত মুকুতাৰে কৰা ফেচিয়েল অধিক ফলপ্রসূ বুলি প্রমাণিত হৈছে৷ ভাৰতীয় জলবায়ুত বসবাস কৰা লোকৰ ছালৰ পুষ্টিবর্ধনত এই থেৰাপী অতি সুফলদায়ক৷
পার্ল ফেচিয়েল থেৰাপীৰে ছটা পর্যায়ত ছালৰ পৰিচর্যা কৰা হয়৷ প্রথম পর্যায়ত ছালখন গোলাপ জলেৰে মচি লোৱা হয়৷ ইয়াৰ পিছত পার্ল ক্লীনজিং জেল ছালত লগাই আলট্ৰাছনিক মেচিনেৰে নিগেটিভ বৈদ্যুতিক তৰংগ ২-৩ মিনিট ছালত দিয়া হয়৷
দ্বিতীয় পর্যায়ত পার্ল গ্রেইনছ ছালত লগাই ৫-৭ মিনিট সময় স্ক্রাব কৰা হয়৷ ই ছালৰ মৃতকোষ আঁতৰাই ছালখন উজ্জ্বল কৰে৷ হয়াৰ পিছত ছালখনৰ প্রয়োজন অনুসৰি ভেজ পিলিং পেক ছালত লগাব লাগে৷ ছালখন তিতা কপাহেৰে পৰিষ্কাৰ কৰি লোৱা হয়৷
তৃতীয় পর্যায়ত পার্ল মাছাজ জেল ছালত লগাই আলট্ৰাছনিক মেচিনেৰে পজিটিভ বৈদ্যুতিক তৰংগ পাঁচ মিনিটৰ বাবে ছালত দিয়া হয়৷
চতুর্থ পর্যায়ত পার্ল জেলৰ ওপৰতে পার্ল মাছাজ ক্রীম ছালত লগোৱা হয়৷ ৫-১০ মিনিট সময় আঙুলিৰে লাহে লাহে ফেচিয়েল মালিচ দিয়া হয়৷
পঞ্চম পর্যায়ত মুকুতাৰ গুড়ি থকা পার্ল ফেচপেক ছালত লগাহ গেলভেনিক মেচিনেৰে পাঁচ মিনিট সময় পজিটিভ বৈদ্যুতিক তৰংগ প্রৱাহিত কৰি মুকুতাৰ গুড়ি ছালত প্রৱেশ কৰোৱা হয়৷ ফেচপেক শুকোৱাৰ পিছত তিতা কপাহেৰে লাহে লাহে পেকটো তুলি পেলোৱা হয়৷
শেষত পার্ল স্কিন চিৰামৰ লগত সামান্য মইশ্বৰাইজাৰ নাইবা দিনৰ ভাগত ছানস্ক্রীন ক্রীম ছালত লগোৱা হয়৷
সাধাৰণ ফেচিয়েল পদ্ধতিতকৈ পার্ল ফেচিয়েল থেৰাপীৰ প্রয়োগবিধি কিছু পৰিমাণে পৃথক৷ এহ থেৰাপীত ছালখনৰ প্রয়োজনসাপেক্ষে পার্লৰ গুড়ি ছালত প্রৱেশ কৰোৱা হয়৷ ইয়াৰ পৰিমাণ আৰু বৈদ্যুতিক তৰংগ প্রবাহৰ সময় বেছি বা কম হলে ছালত পার্শ্বপ্রতিক্রিয়া হোৱাৰ ভয় থাকে৷ সেয়ে এহ বিষয়ত দক্ষ সৌন্দর্য বিশেষজ্ঞৰ হতুৱাই পার্ল ফেচিয়েল থেৰাপী কৰালেহে ইয়াৰ সুফলসমূহ আয়ত্ত কৰিব পাৰিব৷
Comments are closed, but trackbacks and pingbacks are open.