পেৰাফিন পেডিকিউৰ  বা ভৰিৰ যত্ন

60

অজন্তা উপমন্যু

পেডিকিউৰ বুলিলে আমি সাধাৰণভাৱে সকলোৱে জানো যে পদ্ধতিগত ভাৱে লোৱা ভৰিৰ যত্ন। ঠিক তেনেদৰে পেৰাফিন পেডিকিউৰ একপ্ৰকাৰৰ বৈজ্ঞানিক পদ্ধতিৰে কৰা ভৰিৰ যত্ন যিটো পদ্ধতিত গৰম পেৰাফিন ৱাক্স বা মমৰ ব্যৱহাৰ কৰা হয়।‌ এইধৰণৰ পেডিকিউৰে ভৰিৰ নানান সমস্যা যেনে শুকান ছাল কোমল কৰা, ঘা হোৱা, ভৰি ফটা, পেশী আৰু গাঁঠিবোৰ শান্ত কৰা, ভৰিৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰা ইত্যাদি।

পেৰাফিন মম হৈছে পেট্ৰোলিয়ামৰ এটা প্ৰাকৃতিক উপাদান যিটো কোঠাৰ উঞ্চতাত কঠিন অৱস্থাত থাকে আৰু সামান্য উঞ্চতাত গলি যায়। এই বিধ মম্ স্পা আৰু চেল’নসমূহত বহুলভাৱে ব্যৱহৃত হয়।

নিয়মিত পেডিকিউৰৰ বাহিৰেও ই কেইবাটাও স্বাস্থ্য আৰু সৌন্দৰ্যৰ সুবিধা প্ৰদান কৰে।‌ গৰম কৰা মমে ভৰিৰ সামগ্ৰীক স্বাস্থ্য উন্নত কৰাৰ বাবে এক প্ৰকাৰৰ হিট থেৰাপী হিচাপে কাম কৰে।‌

পেৰাফিন পেডিকিউৰত ভৰি দুখন গলাই লোৱা মমত কেইবাবাৰো ডুবাই ভৰি দুখনৰ ওপৰত মম্ ৰ এটা প্ৰলেপ দিয়া হয় তাৰপাছত মম্ ৰ তৰপটো গোট মাৰিবলৈ এৰি দিয়া হয়। এই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগত ভৰিৰ নখ ট্ৰিমিং আৰু ভৰিৰ ছাল স্ক্ৰাবিং কৰি লোৱা হয়। ইয়াৰ পাছত মম্ স্পা মেচিনত মম্ খিনি গলাই ভৰি দুখন গলি যোৱা মম্ ত ডুবুৱাই দিয়া হয়। মম্ ৰ আৱৰণ টো ডাঠ হ’বলৈ কেইবাবাৰো ডুবোৱা হয়।‌ ইয়াৰ পাছত ভৰি দুখন স্পা চেল’ন ব্যৱহাৰ হোৱা প্লাষ্টিকৰ বেগ নাইবা বুট ত ভৰাই মম্ খিনি টান হ’বলৈ দিয়া হয়। ইয়াৰ ফলত আদ্ৰতা আৰু তাপত বন্ধ হৈ ছালৰ গভীৰতালৈ সোমায় যায়। সামান্য গৰম হোৱা পেৰাফিনে ছালত জমা হোৱা ময়লাসমূহ ওলাই আহিবলৈ ছালত থকা নোমছিদ্ৰবোৰ মুকলি কৰি দিয়ে আৰু গৰম ভাপে মইশ্বৰাইজিং কৰি নিস্তেজ, শুকান ভৰিৰ ছাল সতেজ আৰু কোমল কৰি তোলে।‌

নিয়মীয়া পেডিকিউৰে নখ আৰু ছাল পৰিস্কাৰ কৰি তোলে যদিও পেৰাফিন পেডিকিউৰে অতিৰিক্ত সুবিধা প্ৰদান কৰে।‌ গৰম কৰা মমে হিট থেৰাপীৰ জৰিয়তে ভৰিৰ ছাল আৰু পেশীৰ সমস্যা সমূহ সমাধান কৰাৰ লগতে ফটা গোৰোহাৰ পৰাও উপশম দিয়ে।‌ এই থেৰাপীৰ  ফলত ভৰি দুখন সৱল, কোমল, মসৃন আৰু পুনৰোজ্জীৱিত কৰি তোলে। গৰম ভাপে এন্টিবেক্টেৰিয়েল অনুজীৱৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।‌ কোমল উঞ্চতাই মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰি মানসিক শান্তি দিয়ে । বিষ কোপৰ  উপশম কৰে । কোনো কোনো ব্যক্তিৰ ভৰিৰ গাঠিত ডাঠ ক’লা প্ৰলেপ পৰা দেখা যায় । তেনে অংশৰ ছাল অতি কটকটিয়া ডাঠ হৈ পৰে।‌ এই থেৰাপীৰ জৰিয়তে ডাঠ ছাল কোমলাই দাগহীন কৰি তোলে। অৱশ্যে এবাৰতে ইয়াৰ  বিশেষ প্ৰভাৱ পৰা দেখা নাযায়।  নিয়মিত এই থেৰাপী প্ৰয়োগ কৰিলে প্ৰয়োজনীয়  অক্সিজেন আৰু পুষ্টিৰ যোগান ধৰি ছাল মিহি কৰি তোলে ।‌ গৰম ভাপে ৰক্ত সঞ্চালন বৃদ্ধি কৰি ভৰিলৈ অধিক তেজ চলাচল বৃদ্ধি কৰে। দীঘলীয়া দিনৰ অন্তত এই থেৰাপী ললে টানি ধৰা ভৰিৰ বিষৰ উপশম কৰি আৰাম দিয়ে।‌ নিয়মীয়াকৈ এই থেৰাপী ললে দৈনিক মানসিক, শাৰিৰীক আৰু কামৰ চাপ হ্ৰাস কৰে।‌

অৱশ্যে ইয়াৰ পাৰ্শ্বক্ৰিয়াও নথকা নহয়।‌ অতি শুকান ছালত কেতিয়াবা ছাল চিঙি যোৱাৰ সম্ভাৱনা নথকা নহয় যাৰ ফলত সামান্য বিষ অনুভৱ কৰা হয় কিন্তু ই ক্ষতিকাৰক নহয়।

গৰ্ভৱতী মহিলাই এই থেৰাপী লওঁতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা উচিত।

পেৰাফিন পেডিকিউৰ কৰাওতে সদায় উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ হতুৱাই উন্নতমানৰ স্পা চেল’ন নিৰ্বাচন কৰি লোৱা উচিত।

ফোনঃ ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.