সৌন্দৰ্য জগতত নতুন ট্ৰেণ্ড মাইক্ৰব্লেডিং নাইবা কৃত্ৰিম ভ্ৰু

অজন্তা উপমন্যু

মাইক্ৰব্লেডিং (Microblading ) অৰ্থাৎ আমাৰ চেলাউৰিযোৰ নিজ ইচ্ছা আৰু মুখৰ আকাৰ আৰু ছালৰ ৰঙৰ লগত মিলা এটা সুন্দৰ আৰু উজ্বল আকাৰ দিয়া।‌ অৱশ্যে এই বিধিটোক microstroking, eyebrow embroidery, eyebrow feathering আৰু 3D eyebrows বুলিও কোৱা হয়। নাম যিয়েই নহওক ই সৌন্দৰ্য জগতত এক নতুন সংযোজন আৰু সৌন্দৰ্য সচেতন সকলৰ বাবে অতি জনপ্ৰিয় প্ৰসাধন। অৱশ্যে ই অলপ ব্যয়বহুল। ভাৰতত এই ট্ৰেণ্ড বহু পুৰণি নহলেও এছিয়া, ইউৰোপ আৰু ইউনাইটেড ষ্টেট সমূহত বহু বছৰ প্ৰায় ত্ৰিশ বছৰমানৰপৰাই বিশেষ ভাৱে সমাদৃত।‌

মাইক্ৰব্লেডিং নো প্ৰকৃততে কি
যেনেদৰে আগৰেপৰাই সৌন্দৰ্য সচেতন মহিলা সকলে নিজৰ চেলাউৰি যোৰ প্ৰথম অৱস্থাত টুইজাৰ বা ব্লেডেৰে নিজৰ পচন্দৰ আকাৰ দিছিল আৰু পাছলৈ Threading পদ্ধতিৰ অৰ্থাৎ সূতাৰ সহায়ত আকাৰ দিয়া বিধি আৰম্ভ হৈছিল যিটো আজিও সাধাৰণ ভাৱে জনপ্ৰিয় ঠিক তেনেদৰে মাইক্ৰব্লেডিং হৈছে এটা বিশেষ মেচিন বা বেজিৰ সহায়ত চেলাউৰি যোৰ কৃত্ৰিম ভাবে উজ্বল কৰি পচন্দৰ আকাৰ দিয়া পদ্ধতি । যি সকল মহিলাৰ চেলাউৰি অতি পাতল আৰু একেবাৰে কম নোম যুক্ত তেওঁ লোকে এই পদ্ধতিৰ দ্বাৰা মন পচন্দৰ এযোৰ চেলাউৰি গঢ় দি ল’ব পাৰে।‌ এই পদ্ধতিত এটি মেচিন ব্যৱহাৰ কৰা হয় যিটো ঠিক আমাৰ exacto knife ৰ দৰে মাত্ৰ পাৰ্থক্য টো হ’ল মাইক্ৰব্লেডিং মেচিনটোত কিছুমান সৰু সৰু নানান আকাৰৰ বেজি থাকে যাৰ সহায়ত মহিলা গৰাকীৰ মুখৰ আকাৰ, ছালৰ ৰঙৰ লগত মিলা ৰং দি চেলাউৰিযোৰ গভীৰ কৰি গঢ়ি তোলা হয়। গাঢ় বা পাতল ক’লা, পাতল মটিয়া আদি ৰঙেৰে microstroking সহায়ত ৰং বুলাই সুন্দৰ আকাৰ দিয়া হয়।‌ ছালত কৰা এই কৃত্ৰিম ৰঙৰ প্ৰলেপটোক micropigmentation ও বোলা হয়। যদিও ই এক কৃত্ৰিম পদ্ধতি কিন্তু দেখিবলৈ সম্পূৰ্ণ প্ৰাকৃতিক যেন লাগে।

মাইক্ৰব্লেডিং বিধিটো একপ্ৰকাৰ eyebrow tattoo বুলি ক’লেও ভুল নহয়। এইটো এটা স্হায়ি বিধি অৱশ্যে কেতিয়াবা কোনো কোনো লোকৰ ক্ষেত্ৰত বাৰৰ পৰা ওঠৰ মাহ মানৰ পাছত সামান্য স্পৰ্শ (touch-up) দিব লগা হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে আমাৰ ছাললৈও এটা পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তন অনুসৰি চেলাউৰি যোৰো সাল সলনি কৰি ল’ব পাৰি। মাইক্ৰব্লেডিং কৰি উঠাৰ পাছত সৌন্দৰ্য বিশেষজ্ঞগৰাকীৰ পৰামৰ্শ মানিব লাগে।

মাইক্ৰব্লেডিং শব্দটো যিহেতু নতুন আৰু ইয়াত ব্লেড( blade) শব্দটো জড়িত হৈ আছে বহুতে ভাবিব পাৰে ইয়াক প্ৰয়োগ কৰিলে ছালত আঘাট পোৱাৰ লগতে যন্ত্ৰনা হ’ব পাৰে কিন্তু তেনে নহয় ।‌ বিশেষ আঘাত অনুভৱ নকৰা এক প্ৰকাৰৰ ছালৰ tattoo পদ্ধতি। অৱশ্যে কেতিয়াবা সামান্য অসহজ অনুভৱ হ’ব পাৰে। এটা কথা মনত ৰাখিব লাগে যে যিকোনো সৌন্দৰ্য বিষয়ক কাম-কাজ অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞ আৰু পৰিচিত চেল’ন ত হে কৰাব লাগে। সম্ভৱ হ’লে একেখন চেল’নতেই যাব লাগে।‌ মাইক্ৰব্লেডিং কৰা সৌন্দৰ্য বিশেষজ্ঞ গৰাকী এই ক্ষেত্ৰত বিশেষভাবে প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ হোৱা নিত্যান্তই জৰুৰী।

মাইক্ৰব্লেডিং পদ্ধতিত যদিও তেনে কোনো পাৰ্শ্বক্ৰিয়া নাই থতাপিও কিছু সাৱধানতা অৱলম্বন কৰা উচিত যাতে ইয়াৰ ফলত কোনো ইনফেকশ্বন নহয়।‌ মাইক্ৰব্লেডিং কৰাৰ আগত আৰু পাছত সৌন্দৰ্য বিশেষজ্ঞ গৰাকীৰ পৰামৰ্শ মানি চলা উচিত। অৱশ্যে কেতিয়াবা কোনো কোনো প্ৰকাৰৰ ছাল আৰু ছালৰ নানান অসুবিধা থাকিলে এই পদ্ধতি কৰা নহয়। সেইটো নিৰ্ভৰ কৰে সম্পূৰ্ণ সৌন্দৰ্য বিশেষজ্ঞ গৰাকীৰ ওপৰত।

ফোনঃ ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.