মালা মহন্ত
মুখত ফাউণ্ডেচন লগোৱা হয় ছালৰ ৰঙৰ উজ্জ্বলতাৰ বাবে৷ মুখৰ যিকোনো খুঁত ঢাকিবলৈ, ছালৰ ৰং একে ৰাখি উজ্জ্বল দেখাবলৈ ফাউণ্ডেচন ব্যৱহাৰ কৰা হয়৷ মুখৰ লাৱণ্য বঢ়াই তোলাত ফাউণ্ডেচনৰ এক যাদুকৰী গুণ আছে৷ বিভিন্ন ছালৰ বাবে বিভিন্ন ফাউণ্ডেচন পোৱা যায়৷ অইল বেচ্ড, ৱাটাৰ বেচ্ড, অহল ফ্রী আৰু ৱাটাৰ ফ্রী এই চাৰিবিধ ফাউণ্ডেচনেই সকলোৰে সমস্যা নাইকিয়া কৰে৷
অইল বেচ্ড ফাউণ্ডেচনত ৰঞ্জক পদার্থ, মিনাৰেল অহল বা লানোলিন এলকহলত দ্রবীভূত কৰা থাকে৷ এহবিধ ফাউণ্ডেচন লগোৱাৰ পিছত হয়াৰ পানী বাষ্পীভূত হৈ যায়৷ ছালত লাগি ৰয় কেৱল অহল দ্রবীভূত ৰঞ্জকবিধ৷ ইয়াৰ ফলত ছালৰ আর্দ্রতা বৃদ্ধি পায় আৰু ছাল উজ্জ্বল দেখায়৷ শুকান ছালৰ গৰাকীসকলে এইবিধ ফাউণ্ডেচন ব্যৱহাৰ কৰিব লাগে৷ ফাউণ্ডেচন লগোৱাৰ পৰা তুলি পেলোৱাপর্যন্ত হয়াৰ ৰঙৰ কোনো সালসলনি নহয়৷ এইবিধ ফাউণ্ডেচন ছালত লগাই ভালদৰে ব্লেণ্ড কৰিবলৈ সময় লাগে প্রায় পাঁচ মিনিট৷
ৱাটাৰ বেচ্ড ফাউণ্ডেচনৰ ৰঞ্জক পদার্থবিধ পানীত দ্রবীভূত হৈ থাকে৷ এইবিধ ফাউণ্ডেচনৰ জনপ্রিয়তা অধিক৷ কাৰণ শুকান ছালৰ পৰা আদি কৰি স্বাভাৱিক ছালৰ গৰাকীৰ বাবেও ই উপযোগী৷ ইহয়াত তেলৰ পৰিমাণ কম থাকে বাবে ব্লেণ্ড কৰিবলৈ সময় কম লাগে৷
অইল ফ্রী ফাউণ্ডেচনৰ আৱিষ্কাৰ প্রসাধনৰ জগতখনত বৰ বেছি পুৰণি নহয়৷ এইবিধ ফাউণ্ডেচনত কোনো প্রাণীজ তেল, ভেজিটেবল অহল বা মিনাৰেল অইল নাথাকে৷ প্রসাধনবিধ অইল ফ্রী হোৱা বাবে যিসকলৰ ছাল তেলেতীয়া আৰু ব্রন বা শালমন হোৱাৰ প্রৱণতা অতি বেছি, তেওঁলোকে এইবিধ ফাউণ্ডেচন ব্যৱহাৰ কৰিব পাৰে৷ ইয়াত ৰঞ্জক পদার্থবিধ পানী আৰু অন্যান্য দ্রব্যত দ্রবীভূত কৰা থাকে৷ তেল নাথাকে বাবেই ফাউণ্ডেচন লগোৱাৰ পিছত ছাল শুকান দেখায়৷ পানী আৰু অন্যান্য দ্রব্য অতি দ্রুতভাৱে বাষ্পীভূত হয় বাবে এইবিধ ফাউণ্ডেচনৰ ব্রেণ্ড কৰা সময় অতি সংক্ষিপ্ত৷
ৱাটাৰ ফ্রী ফাউণ্ডেচনৰ নামতেহ বুজা যায় যে প্রসাধনবিধ ৱাটাৰপ্রুফ, কাৰণ ইয়াত পানী নাথাকে৷ এইবিধ ফাউণ্ডেচনৰ এটা বৈশিষ্ট্য হল এইবিধ ফাউণ্ডেচন লগোৱাৰ পিছত ভালদৰে ব্লেণ্ড কৰিলে ছালৰ কোনো অংশই দেখা নাযায়৷ অর্থাৎ মুখৰ সকলো ধৰণৰ দাগ বা ক্ষতিচিহ্ণ ঢাকিবলৈ এইবিধ ফাউণ্ডেচনৰ ব্যৱহাৰ অতি নির্ভৰযোগ্য৷ ইয়াৰ আন এটা বৈশিষ্ট্য হল ই দীর্ঘসময় ছালৰ ৰং একে কৰি ৰাখে৷ সেয়ে বিবাহ–উৎসৱ নাইবা পার্টী আদিত এইবিধ ফাউণ্ডেচন ব্যৱহাৰ কৰিলে ছালৰ সৌন্দর্য বহু সময়লৈ আকর্ষণীয় কৰি ৰাখে৷ বিশেষকৈ কইনাৰ প্রসাধনত ইয়াৰ ব্যৱহাৰ অতি জনপ্রিয়৷়
ফেচিয়েল ফাউণ্ডেচনত থকা ৰঞ্জক পদার্থবিধ হল টাহটানিয়াম ডাই–অক্সাইড আৰু বিভিন্ন ছেড্ৰ আয়ৰন অক্সাইড৷ টাইটানিয়াম ডাই–অক্সাইডে মুখৰ ছালৰ ক্ষতিচিহ্ণ আৰু বিভিন্ন দাগ ঢকাত সহায় কৰে৷ সেয়ে ইয়াক কাভাৰিং এজেণ্ট বা কাভাৰেজ বুলিও কোৱা হয়৷ কোনবিধ ফাউণ্ডেচনৰ কাভাৰেজ কিমান অর্থাৎ মুখৰ দাগ বা ক্ষতচিহ্ণ কিমানদূৰ ঢাকিব পাৰে সেয়া নির্ভৰ কৰে টাইটানিয়াম ডাই–অক্সাইডৰ পৰিমাণৰ ওপৰত৷
ফেচিয়েল ফাউণ্ডেচনত উক্ত দুবিধ ৰসায়নৰ উপৰি টেলক আৰু কেলিন থাকে যি ফিলাৰ আৰু ব্লটাৰ ৰূপে কাম কৰে৷ ফিলাৰ মানে সকলোৱে জানে৷ ব্লটাৰ শব্দটো আহিছে ব্লটিং পেপাৰৰ পৰা৷ অর্থাৎ ফাউণ্ডেচনৰ ব্লটাৰৰ কাম হল মুখৰ ছালৰ পৰা ওলোৱা চেৰাম শুহি লোৱা৷
ফেচিয়েল ফাউণ্ডেচন তৰল আৰু ক্রীমৰূপে পোৱা যায়৷ তদুপৰি ষ্টিক, কেক্, লোচন আদিতো ফাউণ্ডেচন পোৱা যায়৷ ইয়াৰ ভিতৰত তলৰ ফাউণ্ডেচনবিধ অধিক জনপ্রিয়, কাৰণ এইবিধ লগাবলৈ সুবিধা আৰু ই ছালৰ কাভাৰেজ বেলেন্স কৰে৷ অর্থাৎ তলৰ ফাউণ্ডেচন ব্যৱহাৰ কৰি ভালদৰে ব্লেণ্ড কৰিলে ছালৰ স্বাভাৱিক ৰং উজ্জ্বলৰূপে দৃশ্যমান হয়৷ বর্তমানে যিহেতু সৌন্দর্যৰ জগতখনত ন মেকআপ লুকৰ যুগ, সেয়ে স্বাভাৱিক লাৱণ্যৰ বাবে তলৰ ফাউণ্ডেচন ব্যৱহাৰ কৰিব পাৰে৷ আপুনি ফাউণ্ডেচনৰ ফিনিছিং টাচ কেনে হোৱাটো বিচাৰে চিকচিকীয়া মেট ছেমিমেট নে আর্দ্রতাপূর্ণ ছেমিমেট যিকোনো প্রসাধনৰ ফিনিছিং টাচৰ ওপৰত ৰূপ–লাৱণ্যৰ তাৰতম্য নির্ভৰ কৰে৷ যেনে– মেট্ ফিনিচ ফাউণ্ডেচন লগালে ছালখন চিকচিকীয়া হৈ নাথাকে, কিন্তু তেলেতীয়া ছালৰ গৰাকীৰ বাবে হ অতি উপযোগী৷ অৱশ্যে ছালৰ চিকচিকীয়া ভাব আনিবলৈ ফাউণ্ডেচনৰ ওপৰত আন গ্লচি মেকআপ ব্যৱহাৰ কৰিব পাৰে৷ শুকান ছালৰ গৰাকীসকলৰ বাবে চিক্চিকীয়া ফিনিছিং হোৱা ফাউণ্ডেচন উপযোগী৷ কিন্তু সর্বাধিক জনপ্রিয় ফাউণ্ডেচনবিধ হল আর্দ্র ছেমিমেট ফাউণ্ডেচন৷ কাৰণ এইবিধ স্বাভাৱিক ছালৰ পৰা আদি কৰি শুকান ছালৰ গৰাকীয়েও ব্যৱহাৰ কৰিব পাৰিব৷
এটা কথা সদায় মনত ৰাখিব লাগে যে কৃত্রিমতা কেতিয়াও বাঞ্ছনীয় নহয়৷ সেয়ে সদায় আপোনাৰ ছালৰ স্বাভাৱিক ৰঙৰ লগত খাপ খোৱা ফাউণ্ডেচনৰ ৰং বাছি লব৷ ফাউণ্ডেচন ক্রয় কৰাৰ সময়ত সদায় উন্নতমানৰ ফাউণ্ডেচন বাছি লব৷ কাৰণ দামী ফাউণ্ডেচনৰ ৰং ক্লীনজিং কৰি নেপেলোৱা পর্যন্ত একে থাকে, মুখৰ খুঁত ঢাক খুওৱাত ই নিখুঁত, সঠিক নিয়মেৰে ব্যৱহাৰ কৰিলে ই ছালৰ স্বাভাৱিক ৰং অধিক উজ্জ্বল কৰি তোলে৷
ফাউণ্ডেচন লগোৱাৰ পূর্বে স্বাভাৱিক আৰু শুষ্ক্ ছালৰ গৰাকীয়ে ক্লীনজিং মিল্কেৰে মুখ পৰিষ্কাৰ কৰি টোনাৰ লগাব৷ পিছত বিন্দু বিন্দুকৈ ফাউণ্ডেচন কপালৰ পৰা আৰম্ভ কৰি মুখ আৰু ডিঙিৰ তলৰ কলাৰ ঘন অংশলৈ লগাব৷ আঙুলিৰে ভালদৰে ব্লেণ্ড কৰিব৷ স্বাভাৱিক ছালৰ গৰাকীয়ে আর্দ্র ছেমিমেট আৰু শুষ্ক্ ছালৰ গৰাকীয়ে অইল বেচ্ড ফাউণ্ডেচন বাছি লব, যত মইশ্বৰাইজিং বেচ্ড থাকে৷
মিশ্রিত ছালৰ গৰাকীয়ে টি জন অর্থাৎ তেলেতীয়া অংশত ক্লীনজিং কৰাৰ পিছত এছড্রিনজেণ্ট লোচন লগাব৷ গালৰ দুই অংশত অর্থাৎ শুকান ছালত মইশ্বৰাইজাৰ লগাব৷ ইয়াৰ পিছত ফাউণ্ডেচন লগাব৷ ফাউণ্ডেচনৰ ওপৰত ফাইন ফিনিচিং লুজ পাউডাৰ ডাঙৰ গোল ব্রাছেৰে পাতলকৈ লগাব৷
মিশ্রিত ছালৰ এটা বৈশিষ্ট্য হল শীতকালত এনে ছাল শুকান হয় আৰু গৰমত তেলেতীয়া হয়৷ সেয়ে ফাউণ্ডেচন লগোৱাৰ যি নিয়ম উল্লেখ কৰা হৈছে, ঋতু অনুযায়ী আপুনি হয়াৰ কিছু পৰিমাণে সালসলনি কৰি লব লাগিব৷
দাগ থকা ছালৰ গৰাকীয়ে অহল বেচ্ড ফাউণ্ডেচন লগাব৷ কাৰণ ই অধিক পৰিমাণে কাভাৰেজ প্রদান কৰে৷ এনে ফাউণ্ডেচনত বেছি পৰিমাণে টাইটানিয়াম ডাই–অক্সাইড থকা হব লাগে৷
মেকআপ কৰাৰ পিছত কোনো বিশেষ অনুষ্ঠানৰ পৰা ঘৰলৈ ঘূৰি আহি নিশা যিমানেই নহওক ছাল পৰিষ্কাৰ কৰিবলৈ এলাহ নকৰিব৷ ক্লীনজিং নকৰিলে ছালৰ বিভিন্ন ধৰণে ক্ষতি হোৱাৰ উপৰি, ব্রন–শালমন আদিৰ সমস্যাও হয়৷ সেয়ে এটুকুৰা কপাহত উন্নতমানৰ মেকআপ ৰিমভাৰ লগাই মেকআপ তুলি পেলাব৷ পানীৰে মুখ ধুই স্কিন টোনাৰ লগাব৷
Comments are closed, but trackbacks and pingbacks are open.