জেতুকাৰ ৰঙেৰে…  জেতুকাৰ কথাৰে…

37

ড° শান্তনা বৰদলৈ

সুধাকণ্ঠ  ড° ভূপেন হাজৰিকাই ব’হাগৰ অনুভৱত গাইছিল-

” হাততো জেতুকা , ভৰিতো জেতুকা,

কোনে দিলে জেতুকাৰ পাত,

ব’হাগৰ বিহুতে অসমৰ ৰাইজক

সাদৰে লগাইছো মাত—“

সঁচাকৈয়ে অসমীয়া সমাজত ব’হাগৰ বিহুত “জেতুকা ” এক অভিন্ন অংগৰাগ আৰু এই জেতুকাৰ বোলেৰেই ব’হাগক যেন আদৰণি  জনাওঁ।  সেয়েহে তাহানিৰে পৰাই বিহু গীতত সম্পৃক্ত হৈ আছে জেতুকাৰ ৰং–

জেতুকাৰ বোলেৰে দুহাতত বুলালি,

কপৌ ফুলে পাহী খোপাতে গুজিলি,

বিহুটি আহিছে বুলি —–

এইয়া  যে বসন্তৰ বতৰ। ফাগুন – চ’তৰ ধুলিয়াৰি আস্বাদন, বিবসনা গছ- বননিক  বসন্তৰ ৰিমঝিম বৰষাই  নোৱাই – ধুৱাই ব’হাগৰ পদুলিত ন সাজেৰে সজাই – পৰাই শ্যামলীমা কৰি তোলে।  বসন্তৰ পৰশত বন- বননিত  নাহৰ , তগৰ , কেতেকী, কপৌ , গুটিমালি ,  যুতিমালি , কামিনী কুসুমে লাজৰ ওৰণি গুচাই মিচিকি হাঁহে।  প্ৰকৃতিয়ে সুন্দৰতাৰ সৌৰভ বিলোৱাৰ সময়তে সাজি – কাচি আহে হেঁপাহৰ বহাগ বিহুটি; ৰঙৰ বা বলাই  এই ব’হাগ বিহুৱে মানুহৰ মাজলৈ কঢ়িয়াই আনে প্ৰেম-পীৰিতী তথা সম্প্ৰীতি-ভাতৃত্ববোধৰ অমোঘা বানী। এই ব’হাগৰ বিহুৰ সৈতে সাঙোৰ খাই আছে প্ৰকৃতিপ্ৰদত্ত উপাদানেৰে অসমীয়াৰ সাতামপুৰুষীয়া পৰম্পৰা, ৰীতি-নীতি তথা আচাৰ-লোকাচাৰ। এই সমুহৰ ভিতৰত প্ৰাকৃতিক ৰঙৰ উদ্ভিদ  ” জেতুকা ” ৰে ৰং বুলোৱা অন্যতম। জেতুকাৰ অবিহনে  যেন বিহু  বিবৰ্ণা-ৰঙহীন। সেয়েহে অসমীয়া সমাজত জীয়াৰী-বোৱাৰী সকলোৱে বিহুটিক আদৰিবলৈ  গৰুবিহুৰ দিনা হাতত ৰং বুলাবলৈ “জেতুকা” ব্যৱহাৰ কৰাৰ পৰম্পৰা বিহুৰ আৰম্ভনীৰে পৰাই , ইয়ো প্ৰকাশ কৰে অসমীয়াৰ বিহুৰ গৰিমা। এই জেতুকা অসমীয়া জনজীৱনৰ লোকসংস্কৃতিৰ অন্যতম অংগ। সৰুতে গৰু বিহুৰ আগদিনা শিলপতাত মিহিকৈ পিহি লোৱা জেতুকা পাতৰ  দুয়োহাতত লেপন দি গোটেই ৰাতি  থৈ দিয়াৰ জিলমিল সোৱঁৰণীয়ে আজিও আমনি কৰে।  জেতুকা পাত পাণ , মধুৰি আমৰ কোঁহ, কেহৰাজ পাত, ডালিমৰ কোঁহ  আদিৰ সৈতে মিহলাই শিলপতাত মিহিকৈ পিহি লোৱা হৈছিল।  সমনীয়াৰ সৈতে   হাতত লোৱা জেতুকাৰ ৰঙৰ মাত্ৰাৰ  তাৰতম্যৰ হিচাব ৰখাটোও শৈশৱৰ এক ভাললগা স্মৃতি। বৰ্তমান সতেজ জেতুকা পাতৰ লগতে বজাৰত উপলদ্ধ জেতুকা পাতৰ গুড়ি অৰ্থাৎ ” মেহেন্দী ” ৰ দ্বাৰাও দুহাত ৰঙীন কৰি বিহুবলীয়া হয় বিহুৱতী নাচনী, অসমীয়া জীয়াৰী- বোৱাৰী, মা- আইতা সকলো।

বিহুৰ বতৰত সৰ্ৱব্যৱহৃত “জেতুকা ” নামৰ এই উদ্ভিদবিধ উদ্ভিদজগতৰ লাইথৰেচি ( Lythraceae ) পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু ইয়াক প্ৰথম ১৭৫৩ চনত  চিনাক্তকৰণ কৰে  ড° আইজাক লাউচন নামৰ এগৰাকী প্ৰকৃতিবিদে । সেয়ে  উদ্ভিদ বিজ্ঞানত ই লাউচ’নিয়া ইনাৰমিছ ( _Lawsonia inermis_ L )  নামেৰে পৰিচিত। ইয়াক ” হেনা ( Henna )”  নামেৰেও জনা যায়।   এই “হেনা” নামটো আৰৱী “হিনা” শব্দৰ পৰা আহিছে।  আনহাতে উত্তৰ ভাৰতত ইয়াক “মেহেন্দী” নামেৰেও জনা যায় আৰু “মেহেন্দী ” শব্দটো আহিছে সংস্কৃত শব্দ “মেন্ধিকা” পৰা।  আমাৰ সমাজত “জেতুকা ” নামেৰে পৰিচিত এই বিধ উদ্ভিদ বৰ্তমান সমগ্ৰ বিশ্বত  হেনা বা মেহেন্দী নামেৰে জনপ্ৰিয় হৈ পৰিল।

প্ৰায়ভাগ অসমীয়া মানুহৰ বাৰীতে উপলদ্ধ এই জেতুকা গছৰ জন্মস্থান মধ্য প্ৰাচ্য আৰু আফ্ৰিকা বুলিহে জানিব পৰা গৈছে । সকলো ধৰণৰ প্ৰাকৃতিক পৰিবেশতে কৰিব পৰা  “জেতুকা”  পিছত আৰবীয়, দক্ষিন এচিয়া তথা উত্তৰ আমেৰিকাৰ বিভিন্ন দেশলৈ বিয়পি পৰে। বহু প্ৰাচীন গ্ৰন্থত জেতুকাৰ উল্লেখ আছে। পৱিত্ৰ বাইবেলত ইয়াক ” কেম্পাৰ”  বুলি কোৱা হৈছে। সপুস্পক গুল্মজাতীয় এইবিধ উদ্ভিদ ২ ৰ পৰা ৮ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাতবোৰ অৰ্ধবৃত্তাকাৰ আৰু ফুলবোৰ বগা বৰণৰ। বৈজ্ঞানিক গৱেষণাৰ পৰা এইটো প্ৰতিষ্ঠিত হৈছে যে ইয়াৰ পাত , কাণ্ড আৰু ফুলত নিহিত হৈ থকা ৰাসায়নিক উপাদান ” লাউচ’ন ( Lawsone ) [ যাক ” হেনাটনিক এচিদ “( Hennatannic acid ) নামেৰেও জনা যায় ] ৰ বাবেই ৰং নিসৰণ কৰে আৰু ই ছাল আৰু চুলিত থকা কেৰাটিন ( keratin) ৰ সৈতে ক্ৰিয়া কৰি চুলি আৰু ছাল ৰঙীন কৰে লগতে চুলি আৰু ছালৰ সুৰক্ষাতো সহায় কৰে। লাউচ’নে সুৰ্যৰ অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি ছালক সতেজ কৰি ৰাখে। জেতুকাৰ এই ঔষধি গুণৰ কাৰণেই ইয়াক হাতৰ তলুৱা তথা ভৰিৰ আঙুলিৰ  আৰু নখৰ গুৰিত লগোৱা হয়।

অসমৰ জাতীয় উৎসৱ ব’হাগ বিহুৰ অন্যতম ব্যৱহৃত উদ্ভিদ ” জেতুকা ”  বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু এবিধ সফল বানিজ্যিক উদ্ভিদত পৰিণত হৈছে আৰু বিশ্বৰ প্ৰায়সংখ্যক দেশতে যেনে আলজেৰিয়া , য়েমেন, লিবিয়া , চৌদি আৰৱ, ইজিপ্ত , ভাৰত, ইৰাক , ইৰাণ , পাকিস্থান, বাংলাদেশ, আফগানিস্থান, তুৰ্কী, ছ’মালিয়া , ছুডান আদিত  ইয়াৰ খেতি কৰা হয়।  ভাৰতবৰ্ষৰ ৰাজস্থানত হেনা বা জেতুকাৰ বানিজ্যিক ভিত্তিত খেতি কৰা হয়।

তথ্যৰ পৰা জানিব পৰা গৈছে যে  হেনা অৰ্থাৎ জেতুকা সৰ্বপ্ৰথমে প্ৰাচীন ইজিপ্তৰ বেবিলনিয়ান সভ্যতাত  অনুমানিক ১৮৯৪ –৫৩৯ বি চি ই ত ” মামী”  ( Mummy) ৰ সংৰক্ষনত ৰং কৰোতে ব্যৱহাৰ কৰিছিল । গৱেষণাত্মক তথ্যৰ পৰা আৰু জানিব পৰা গৈছে যে ভাৰতবৰ্ষত ইজিপ্তমুলীয় মুছলীম তথা মোগল সকলেই  প্ৰথমে ” হেনা ” বা জেতুকাৰ অন্তৰ্ভুক্তি কৰে। মোগলৰ দিনত ( ১৫২৬ —১৮৫৭ চন ) জেতুকাৰ ব্যৱহাৰ তথা জনপ্ৰিয়তা বৃদ্ধি পায় আৰু ইয়াক মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত ভাৰতীয় সমাজত  নতুনকৈ ” মেহেন্দী পৰ্ব ” ৰ সুচনা হয় আৰু ই পৰম্পৰাগত ভাৰতীয় কলা বিদ্যা হিচাবে পৰিগণিত হ’ল।

বিশ্ব বিখ্যাত মেহেন্দী কলাকাৰ ৰূপে আছ কুমাৰ , পৱন আহিৱালিয়া  , অমৃতা কালে , নিতু শৰ্মা , আলিয়া খান আদি বিশেষভাৱে পৰিচিত ।

আনহাতে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত জেতুকা বা হেনাক  প্ৰায় ৬০০০ বছৰৰ আগৰে পৰাই ব্যৱহাৰৰ তথ্য পোৱা গৈছে। ভাৰতবৰ্ষৰ দাক্ষিনাত্যৰ বহু গুহা – মন্দিৰৰ চিত্ৰসজ্জাত চতুৰ্থ শতিকাতে এই জেতুকাৰ ৰংৰ ব্যৱহাৰৰ কথাও  গৱেষণাত্মক অধ্যয়নত জানিব পৰা গৈছে ।  অসমতো জেতুকাৰ ব্যৱহাৰ আহোম ৰজাৰ দিনৰ পৰাই বৃদ্ধি হয়। ৰংঘৰৰ বাকৰিত বিহু উদযাপন হোৱা দিনৰে পৰাই জেতুকাৰ ব্যৱহাৰ অধিক বৃদ্ধি হয়। অসমীয়া সমাজত সামাজিক অনুষ্ঠান যেনে বিবাহ , পূজা ইত্যাদিত হাতত জেতুকা লোৱা পৰম্পৰা আছে।

সৌন্দৰ্য সাধনাৰ  অন্যতম উপাদান  এই ” জেতুকা ” বা “হেনা ” বৰ্তমান সময়ত নেচাৰেল হেনা ( Natural henna) , নিউট্ৰেল হেনা ( Neutral henna), ব্লেক হেনা ( Black henna ) আদি বিভিন্ন প্ৰকাৰত  উপলদ্ধ ।

ভাৰতবৰ্ষৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আয়ুৰ্বেদিক আৰু উন্নানী চিকিৎসা ব্যৱস্থাত অতি পুৰণি কালৰে পৰাই  ইয়াৰ পাত , শিপা , ছাল , ফুল আৰু গুটি বিভিন্ন ৰোগ যেনে চকুৰ দৃষ্টিশক্তি বৃদ্ধি , ছালৰ ৰোগ – খৰ , খজুৱতি , ফোঁহা ইত্যাদি, মুৰ কামোৰণী , বসন্তৰোগ, মৃত্ৰকৃচ্ছ ৰোগ, ব্ৰংকাইটিছ , গ্ৰহনী আদিৰ পথ্য ৰূপে ব্যৱহাৰ কৰি আহিছে।  সেয়েহে প্ৰাকৃতিক ঔষধ ৰূপে জনপ্ৰিয় জেতুকাৰ বোলেৰে দুহাত ৰাঙলী কৰি ব’হাগৰ বতৰতে ছাল, চুলি , নখ  , কাণ তথা চকুৰ বিভিন্ন উপসৰ্গৰ পৰা নিৰাময়ৰ নিমিত্তেও জেতুকা লগোৱা হয় বুলি লোক বিশ্বাস আছে। অসমৰ জাতীয় উৎসৱ বহাগ বিহুত দুহাত ৰাঙলী কৰা জেতুকা বা হেনাক হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ , শিখ আদি সকলো সম্প্ৰদায়ে পৱিত্ৰ আধ্যাত্মিক উপাদান হিচাবে সুস্বাস্থ্য, উন্নতি, বংশবৃদ্ধি, জ্ঞানবৃদ্ধি, ৰূপ-  সৌন্দৰ্য , সৌভাগ্য, ৰক্ষাকৰ্তাৰ প্ৰতীক ৰূপে ভিন ভিন মাংগলিক তথা আধ্যাত্মিক অনুষ্ঠানত ব্যৱহাৰ কৰি  আহিছে। অসমীয়া লোক সংস্কৃতিত  মূখ্যত জেতুকাক প্ৰেম , সৌন্দৰ্য আৰু সৌভাগ্যৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।কবি সাহিত্যিকৰ অনুভৱতো  জেতুকাক লৈ বহু স্বৃষ্টি হৈছে।

বৰ্তমান সময়ৰ সৌন্দৰ্য প্ৰয়াসী পৃথিৱীত ছাল আৰু চুলিৰ সৌন্দৰ্যবৰ্ধক ৰূপে প্ৰাকৃতিক ৰঙৰ উৎস হেনা বা জেতুকা অতি জনপ্ৰিয় আৰু ইয়াৰ বিশ্বব্যাপ্ত প্ৰসাৰতালৈ লক্ষ্য কৰি  প্ৰচুৰ সম্ভাৱনাময় এইবিধ  ঔষধি উদ্ভিদৰ বানিজ্যিক ভিত্তিত কৃষি সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ অৰ্থনীতিতো গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহন কৰাৰ কথাও নুই কৰিব নোৱাৰি।

অসমীয়াৰো অতিকে আদৰৰ ” জেতুকা” ই  বিহুৰ বতৰত সেউজীয়া পাতৰ আৰত লুকাই থকা ৰঙীন আবিৰ সানি নাৰীৰ ৰূপ – লাৱন্যৰ জেউতি বঢ়াই  নাৰীক কৰি তোলে অনন্য আৰু এনে লাগে কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে কেবাদশকৰ আগতে গীতত কোৱাৰ দৰে আজিও অসমী আইৰ ধুনীয়া ছোৱালীবোৰে দুহাতত জেতুকা বুলাই বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি গৈ আছে সময়ৰ সৈতে।  অসমীয়া সমাজতো যুগযুগান্তৰলৈ  বৈ থাকিব থাকিব ” জেতুকা” ৰ  স্বকীয়তা ও  সমাদৰ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.