অজন্তা উপমন্যু
অসমীয়াৰ অতি চেনেহৰ বিহু আহি ৰৈ আছেহি পদূলি মূৰত। আমাৰ মহিলা সকলৰ বিহুটিক আদৰিবলৈ ক’তযে আয়োজন। অন্যান্যবোৰ বাদ দিওঁ নিজক অকনমান বেলেগকৈ সজোৱাৰ ইচ্ছা প্ৰতি গৰাকী নাৰীৰেই থাকে । বিহু বুলিলেই এযোৰ অসমীয়া সাজ -পাৰ অসমীয়া আ-অলংকাৰ সকলোৰে পচন্দৰ। এইবাৰ এই ট্ৰেডিচনেল লুকটোক অকনমান ট্ৰেণ্ডি লুক দি নিজকে অকনমান বেলেগ ৰূপত সজাই চাওঁ আহকচোন ।
সকলোৰে নিজৰ চুলি খিনিৰ এটা নিজস্ব স্টাইল আছে। কোনোৱে যদি চুলি খিনি চুটিকে ৰাখি ভাল পায় কোনোৱে আকৌ দীঘল কৈ। কাৰোবাৰ কাৰ্লী, কাৰোবাৰ চিধা। দীঘল চুলি খিনিত লেয়াৰ কাট, ৰেজৰ কাট, স্টেপ কাট , ৰিভাৰ্চ গ্ৰেজুৱেচন কাট আদি ট্ৰেণ্ডি কাট দি লয় ঠিক তেনূদৰে চুটি চুলিত মাচৰুম, ৱেজ, ব্লান্ট আদি কাট দি নিজৰ সৌন্দৰ্যক বেলেগ মাত্ৰা দিয়ে । চুলিৰ ট্ৰেণ্ডি কাটৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে চুলিৰ ফেশ্বন ৰঙৰ । আজিকালি খুব কম সংখ্যক নাৰীয়েহে নিজৰ চুলিখিনি প্ৰাকৃতিক ভাৱে ৰাখে । কৃত্ৰিম ফেশ্বন ৰঙেৰে চুলি খিনি সজাই লোৱাটো এটা বিশেষ ষ্টাইল , নিজৰ পচন্দ অনুযায়ী চুলি ৰং কৰি লয় ।
প্ৰথমতে যদি চুলি খিনি ট্ৰেণ্ডি লুক দিব বিচাৰিছে তেনেহলে আপোনাৰ প্ৰথম কাম হ’ব কোনো অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা। নিজৰ শৰীৰৰ ৰং, বয়স,গঠন, চুলিৰ কোৱলিটি আদি অনুযায়ী কোনটো ৰঙে ভাল লাগিব, গ্লোবেল ৰঙ কৰিব নে হাইলাইট কৰিব সেইবিষয়ে সবিশেষ জানি লোৱা উচিত ।
বৰ্তমান সময়ৰ সকলোৰে বাবে ট্ৰেণ্ডি ৰঙ সমূহৰ ভিতৰত উষ্ণ বালেজ, ষ্ট্ৰবেৰী ব্লণ্ড আৰু কেৰামেল হাইলাইট আদি খুব জনপ্ৰিয় ৰঙ ।
ইয়াৰোপৰি পীচ্ছ ফাজ , এটা পেষ্টেল শ্বেড যি এটা কোমল গ্লো দিয়ে ।
বাটাৰ ক্ৰীম ব্লণ্ড এটা ক্ৰীম যুক্ত, মাল্টি টনাল, এপ্ৰিকোট কপাৰ যি এটা সোণালী আৰু সামান্য ৰঙা ৰঙৰ ৰং ।
কোমল গোলাপ বাদামী , এটা সুক্ষ্ম গোলাপী টোন যুক্ত ব্ৰুনেট
মিল্ক চকলেট, ক্ৰীম যুক্ত বাদামী টোন
এই বছৰৰ বাবে মিল্ক চকলেট চুলিৰ ট্ৰেণ্ড সমূহৰ ভিতৰত অন্যতম। যিয়ে এটা অতি আভিজাত্য বাদামী ৰঙ প্ৰদান কৰে।
ইয়াৰোপৰি কিছুমান লোকে প্ৰাকৃতিক ৰঙ পচন্দ কৰে । যেনে হেনা , বীটৰ ৰঙ , আমলখি, জবাফুল আদিৰেও চুলি ৰঙীন কৰি লব পাৰি । হেনা পাউদাৰৰ লগত কফি মিহলাই চুলিত লগালে এটা গাড় ৰঙ পোৱা যায় । হেনাৰ লগত বীট পিহি মিহলাই লগালে এটা ৰঙীন উজ্বল ৰঙ পাব পাৰি । আমলখিত থকা চেকা ৰঙেৰেও চুলিত ক’লা ৰঙ পাব পাৰি । প্ৰাকৃতিক ভাৱে যিকোনো ৰঞ্জক উপাচাৰেৰে চুলি ৰঙীন কৰিলে এইবোৰৰ পাৰ্শ্বক্ৰিয়া নাথাকে বৰঞ্চ চুলিত কণ্ডিচনাৰ প্ৰদান কৰে ।
চুলিত ৰং কৰাৰ পাছত ল’ব লগা যত্ন
*চুলিত কৃত্ৰিম ৰঙ কৰাৰ পাছত পৰথমতে কালাৰ প্ৰটেক্ট শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে ।
*সঘনাই চুলি শ্বেম্পু কৰা বা হিট স্টাইলিং এৰাই চলা উচিত ।
*শ্বেম্পু নিৰ্বাচন কৰোতে চাব লাগে যাতে শ্বেম্পুবিধ ছালফেট যুক্ত হয়। ছালফেট যুক্ত শ্বেম্পুৱে চুলিৰ ৰঙ দীৰ্ঘস্থায়ী কৰাৰ লগতে চুলিৰ স্বাভাৱিক আদ্ৰতা ধৰি ৰাখে
*ড্ৰাইয়াৰ, কাৰ্লিং আইৰণ, আইৰণ আদি স্টাইলিং সঁজুলি পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল । অত্যধিক তাপ ব্যৱহাৰ কৰিলে চুলিৰ ৰঙ সোনকালে ম্লান হৈ পৰাৰ লগতে চুলি শুকান হোৱা, আগ ফটা , উফি আদি সমস্যা হ’ব পাৰে ।
*ইভেন টোনযুক্ত ৰঙ থাকিবলৈ চুলি খিনি নিয়মিতভাৱে ট্ৰিম কৰাব লাগে ।
*ক্ল’ৰিন যুক্ত পানীয়ে চুলিৰ ৰঙ সোনকালে ম্লান কৰি পেলায় ।
*যদি সাঁতোৰাৰ অভ্যাস আছে পানীত নমাৰ আগতে চুলিকোচা তিয়াই লিভ-ইন কণ্ডিচনাৰ লগাই ল’ব লাগে ।
*ৰং কৰা চুলিত উচ্চ মানদণ্ডৰ কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ লগতে হট অইল মাছাচ থেৰাপী আৰু মাজে মাজে স্পা থেৰাপী ললে ভাল ।
Comments are closed, but trackbacks and pingbacks are open.