বয়সক ভেটিব কেনেকৈ

75

মালা মহন্ত

৩০ বছৰীয়া মহিলাৰ বাবে

আপুনি যদি ত্রিশত ভৰি দিছে, তেন্তে এতিয়াৰ পৰাই আপুনি যৌৱনোদ্দীপ্ত চেহেৰা ধৰি ৰখাৰ বাবে বিশেষ যতন লব লাগিব৷ এই বয়সত ছালখন নিমজ হৈ থাকে যদিও সূর্যৰ ৰশ্মিৰ প্রভাৱত নাইবা গর্ভাৱস্থাৰ বাবে ছালৰ কলা দাগ নাহবা পিগমেণ্টেচন আৰম্ভ হব পাৰে৷ ছালৰ ৰেখাসদৃশ বয়সৰ আঁচোৰ পৰিব পাৰে৷ বিশেষকৈ চকুৰ চাৰিওফালে, কপালত আৰু ওঁঠযুৰিৰ চাৰিওকাষৰ ছালত৷ এই বয়সত ছালখনত শুকান শুকান লাগিব পাৰে৷ ছালৰ কলাজেনভাগ শুকাহ আহিব৷ তদুপৰি শাৰীৰিক–মানসিক চাপ, টোপনি ক্ষতি, প্রয়োজনীয় জিৰণিৰ অভাৱ এনেবোৰ কাৰকেও ছালত প্রভাৱ পেলায়৷ দৈনিক পুৱা পি এইচ বেলেন্স থকা মইশ্বৰাইজিং ফেচৱাছেৰে মুখ ধুব৷ দিনৰ ভাগত সূর্যৰ ৰশ্মিৰ ক্ষতিকৰ প্রভাৱৰ পৰা ছালখনক সুৰক্ষা দিবলৈ এছ পি এফ–15 থকা এণ্টিক্সিডেণ্টযুক্ত লোচন ব্যৱহাৰ কৰিব৷ ছালত লা–পোৰা কৰা, ৰঙা পৰাৰ দৰে সমস্যা থাকিলে গ্রেপচিড, লিকৰাহচজাতীয় উপাদান থকা ক্রীম ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ ছালৰ পিগমেণ্টেচনৰ সমস্যা থকাসকলে সামান্য মেকআপ লব পাৰে৷ প্রথমে টিনটেড মইশ্বৰাইজাৰ লগাব৷ ছালৰ ৰং একে দেখাবলৈ ফাউণ্ডেচন নাইবা লুজ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে৷ যদি আপোনাৰ ছালখন মাজে মাজে ঘামেৰে তিতি থাকে, তেন্তে টিছ্যু পেপাৰ ব্যৱহাৰ কৰিব৷ ছালখন সতেজ হৈ থাকিব৷ ৰাতি শোৱাৰ পূর্বে ফেচৱাছ কৰিবলৈ এলাহ নকৰিব৷ ভাগৰ লাগিলেও আপোনাৰ ছালখন ধুনীয়াকৈ ৰখাৰ স্বার্থত পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব৷

ছালৰ মৃতকোষবোৰ দূৰ কৰা প্রক্রিয়াই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ৰক্ত সঞ্চালনত সহায় কৰে৷ ছালত ব্যৱহাৰ কৰা ক্রীম বা লোচন ছালে সহজে গ্রহণ কৰে৷ আপোনাৰ ছালখন তেন্তে সপ্তাহত দুদিন ৰাতিৰ ভাগত আলফ এচিড, অর্থাৎ এ এইচ এযুক্ত এক্সফোলিয়েটৰ ব্যৱহাৰ কৰিব পাৰে৷ ছালখন যদি তেলেতীয়া, তেন্তে সপ্তাহত তিনি দিন ৰাতিৰ ভাগত স্ক্রাব ব্যৱহাৰ কৰিব৷ ছালত কলাজেন উৎপাদনৰ বাবে মইশ্বৰাইজাৰ লগাব৷ ত্রিশ বছৰ বয়সৰ পৰাহ চকুৰ চাৰিওকাষৰ ছালখনৰ বিশেষ যতনৰ প্রয়োজন হয়৷ চকুৰ বাহিৰৰ কোণত বয়সৰ ৰেখা আৰু ক্রজ ফিট নাইকিয়া কৰিবলৈ আইক্রীম ব্যৱহাৰ কৰিব৷ ছালৰ কলাজেনভাগ সক্রিয় কৰি তুলিবলৈ ৰেটিনেল নাইবা নিকেটিনজাতীয় উপাদান থকা আইক্রীম উত্তম৷ চকুৰ ফুলাভাব অর্থাৎ পাফিনেছ নাইকিয়া কৰিবলৈ চাহপাত সিজোৱা পানীত কপাহ তিয়াহ ফ্রীজত থৈ ঠাণ্ডা কৰি চকুৰ ওপৰত থৈ জিৰণি লব৷ নিয়মিত কৰিলে সুফল পাব৷

ত্রিশ বছৰ বয়সৰ পৰাই হাত, ডিঙি আৰু চকুৰ ছালত বয়সৰ চাপ পৰে৷ প্রখৰ ৰদ–বতাহ আদিয়ে দেহৰ অনাবৃত অংশত বয়সৰ চিন সৃষ্টি কৰে৷ সেয়ে বাহিৰলৈ ওলালে দিনৰ ভাগত ছানস্ক্রীনযুক্ত হেণ্ডক্রীম আৰু নিশাৰ ভাগত এণ্টি এজিং ক্রীম ব্যৱহাৰ কৰিব৷ অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ লগত নিয়মীয়া যোগাযোগ ৰাখি চলিব৷ আপোনাৰ ছালখন পৰীক্ষা কৰোৱাহ প্রয়োজনীয় যতন লৈ থাকিব৷

৪০ বছৰীয়া মহিলাৰ বাবে

এই বয়সত শালমনৰ সমস্যা নাথাকে, ছালৰ উজ্জ্বলতাও একে থাকে, কিন্তু ছালখনৰ স্থিতিস্থাপকতা কমি আহে৷ যৌৱনোদ্দীপ্ত ছালখন সামান্য বয়সীয়া যেন লাগে৷ নোমৰ গুৰিবোৰ ডাঙৰ হয়, ওঁঠৰ ছাল পাতল হয়, ওপৰৰ পৰা সামান্য নামি অহা যেন লাগে৷ এনেবোৰ সমস্যাৰ পৰা মুক্তি পাবলৈ নিয়মীয়া যতনৰ বিশেষ প্রয়োজন৷ দিনৰ ভাগত ক্রীম ক্লীনজাৰ ব্যৱহাৰ কৰি ছাল পৰিষ্কাৰ কৰিব৷ গ্লিচাৰিন আৰু পেড্রলিয়াম থকা ক্লীনজাৰে ছালখন আর্দ্র আৰু উজ্জ্বল কৰি তুলিব৷ ছালখন পৰিষ্কাৰ কৰাৰ পিছত টোনাৰ লগাই চেৰাম লগাব লাগে৷ অত্যধিক শুকান ছাল, ছাল ৰঙা পৰা আদি সমস্যা চেৰামে নিৰাময় কৰে৷ নিয়মিত ব্যৱহাৰ কৰিলে বয়সৰ মিহি ৰেখাবোৰ পাতল হয়৷

সাধাৰণতে চল্লিশ বছৰ বয়সত মহিলাৰ ছালখন অধিক শুকান হোৱাৰ প্রৱণতা দেখা যায়৷ ছালখনক সতেজ আৰু আর্দ্র কৰি ৰাখিবলৈ মেকআপ লব পাৰে৷ ছালৰ দাগ আৰু বয়সৰ চিনবোৰ ঢাকিবলৈ কন্চিলাৰ লগাব৷ পাতল ফাউণ্ডেচন লগাই ভালদৰে ব্লেণ্ড কৰিব৷ ওঁঠযুৰিৰ বাবে লিপ কালাৰ লগাই গ্লছ লগাব৷ ওঁঠযুৰি ভৰা যেন দেখাব৷

নিশাৰ ভাগত এক্সফোলিয়েচন কৰিব লাগে৷ এই বয়সত ছাল অধিক স্পর্শকাতৰ হয় বাবে আলফুলে যতন লব লাগে৷ ছালৰ মৃতকোষবোৰ নাইকিয়া কৰিবলৈ ক্রীম এক্সফোলিয়েটৰ ব্যৱহাৰ কৰিব পাৰে৷ পলিহাইড্রক্সি এচিডযুক্ত ক্রীমে মৃতকোষ নাইকিয়া কৰি ছাল উজ্জ্বল কৰে৷ ৰাতি শোৱাৰ পূর্বে আইক্রীম ব্যৱহাৰ কৰিব৷ চিলিকন পলিমাৰযুক্ত আইক্রীমে চকুৰ পতা ওলমি অহা সমস্যা দূৰ কৰে৷ ৰেনিটলে বয়সৰ চিনবোৰ মিহি কৰি তোলে৷

চল্লিশ বছৰ বয়সত মুখৰ লগতে ডিঙিৰ ছালখন পাতল হয় আৰু বয়সৰ চাপ পৰে৷ ডিঙিৰ ছালখন আর্দ্র কৰি তুলিবলৈ ৰেটিনয়ডছ, গ্লাইকলিক এচিড, ভিটামিন চি, ভিটামিন ই যুক্ত ক্রীম ব্যৱহাৰ কৰিব লাগে৷ কিলাকুটি আৰু আঁঠুৰ ছালখন অধিক শুকান হৈ কলা পৰে৷ সপ্তাহত দুদিন ক্রীম স্ক্রাব ব্যৱহাৰ কৰি ছালৰ মৃতকোষবোৰ নাইকিয়া কৰিব পাৰি৷ ছালখন অধিক আর্দ্র কৰিবলৈ আঁহযুক্ত মইশ্বৰাহজিং ক্রীম ঘনকৈ লগাব৷

চল্লিশ বছৰ বয়সত ছালখনৰ পৰিপুষ্টিৰ বাবে এ এইচ এ থেৰাপী, হাইড্রা থেৰাপী, আয়ুর্বেদিক থেৰাপী কৰালে যথেষ্ট উপকাৰ পোৱা যায়৷ অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত বিউটী ক্লিনিকত প্রয়োজনীয় থেৰাপী গ্রহণ কৰি আপুনি নিমজ যৌৱনোদ্দীপ্ত ছালৰ গৰাকী হব পাৰে৷

৫০ বছৰীয়া মহিলাৰ বাবে

আপোনাৰ ছালত সামান্য পৰিৱর্তন চকুত পৰিব৷ ছালত বয়স্ক্ ৰেখা পৰাৰ সমস্যা, ওলমি অহা, কলা দাগবোৰ বাঢ়ি অহা আদি দ্রুতগতিত চলি থাকিব পাৰে৷ ৰজোনিবৃত্তিৰ পিছত ছাল অধিক শুকাই যোৱা যেন লাগে৷ এনেক্ষেত্রত দৈনিক বিশেষ পৰিচর্যাৰে ছালৰ সৌন্দর্য অটুট ৰাখিব পাৰি৷ মহিলাসকলৰ শৰীৰত ইষ্ট্রজেন হৰমনৰ পৰিমাণ কমি যায় বাবে ছালৰ সমস্যা বাঢ়ে৷ ছালৰ কলাজেন আৰু ইলাষ্টিন ফাহবাৰ সক্রিয় কৰি তুলিবলৈ হাইলৰনিক এচিডযুক্ত প্রসাধন সামগ্রী ব্যৱহাৰ কৰিব পাৰে৷ দৈনিক পুৱা ক্রীম ক্লীনজাৰেৰে ছাল পৰিষ্কাৰ কৰিব৷ টোনাৰ লগাহ স্কিন চেৰাম লগাব৷ স্কিন চেৰামে তাৎক্ষণিকভাৱে ছালখন আর্দ্র কৰি তোলে৷ মহশ্বৰাহজাৰযুক্ত ডে টাইম ক্রীম লগাব পাৰে৷ এই ক্রীম আর্দ্র উপাদান, ইভিনিং প্রাইমৰজ তেলযুক্ত হলে ভাল৷ ছালখনৰ কলা দাগবোৰ পাতল কৰিবলৈ চয়াযুক্ত ক্রীম ব্যৱহাৰ কৰিব পাৰে৷ ছালখন সতেজ দেখাবলৈ হাইড্রেটিং ফাউণ্ডেচন লগাই ব্লেণ্ড কৰি লব৷

ওঁঠযুৰিৰ সুন্দৰতাহ এই বয়সতো আপোনাক আকর্ষণীয় কৰি তুলিব পাৰে৷ প্রথমতে মইশ্বৰাইজিং লিপ পেন্সিলেৰে আউটলাইন আঁকি লব৷ লিপ ব্রাছেৰে লিপ কালাৰ লৈ ওঁঠযুৰি ভৰাই তুলিব৷

এই বয়সত লিপ কালাৰৰ গাঢ় ৰং আপোনাৰ বাবে আকর্ষণীয় হব৷ নিশাৰ ভাগত ছাল পৰিষ্কাৰ কৰি ডীপ মইশ্বৰাইজিং বায়মেজিক নাইট ৰিপেয়াৰ ছালত লগাব৷ নাইট ক্রীমো লগাব৷ চকুৰ চাৰিওকাষৰ ছালখনৰ সুৰক্ষাৰ বাবে অক্সিজেনযুক্ত মইশ্বৰাইজিং আইক্রীম ব্যৱহাৰ কৰিব৷ দেহৰ ছাল সুন্দৰ কৰি ৰাখিবলৈ প্রতিসপ্তাহত এবাৰকৈ পেছাদাৰী অভিজ্ঞ ব্যক্তিৰ হতুৱাই দেহৰ মালিচ লব৷ বডী পলিচিং কৰাব, স্পা লব৷ এই বয়সত স্তনযুগল ওলমি পৰাটো স্বাভাৱিক৷ ইয়াৰ বাবে নিয়মিতভাৱে ব্রেষ্ট ফার্মিং জেল ব্যৱহাৰ কৰিলে উপকৃত হব৷ দামী ব্রেণ্ডৰ ছাপর্টিং ব্রা পৰিধান কৰিব পাৰে৷ ছালখনক বয়স্ক্ ৰেখাৰ পৰা সুৰক্ষিত আৰু যৌৱনোদ্দীপ্ত কৰি ৰাখিবলৈ বিউটী ক্লিনিকত ফেচলিফটিং থেৰাপী কৰাই যাদুকৰী ফল লাভ কৰিব পাৰে৷

ফোনঃ ৯৬৭৮২-৫৭৫১৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.