ডা : সুদীপ্তা দত্ত দাস
স্বাগত চিকিৎসালয়
মূৰৰ ছালৰ যতন (scalp care) সুস্থ চুলি আৰু মূৰৰ ছালৰ স্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মূৰৰ ছালত খজুৱতি, চুলি সৰা, মূৰৰ ছাল শুকান হোৱা, তৈলাক্ত হোৱা বা অন্যান্য সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মিত যতনৰ প্ৰয়োজন। মূৰৰ ছালৰ স্বাস্থ্য আমাৰ সকলোৰে চিন্তাৰ বিষয়। পৰিষ্কাৰ, সতেজ গোন্ধযুক্ত মূৰৰ ছাল এটা আমাৰ সকলোৰে বাবে সদায় আদৰণীয়। আমাৰ দৈনন্দিন জীৱন শৈলীত বিভিন্ন ধৰণৰ মূৰৰ ছালৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আটাইতকৈ সাধাৰণ কেইটা হ’ল – উফি, scalp psoriasis ,বেক্টেৰিয়াৰ সংক্ৰমণ, furuncles, চেব’ৰ’ইক ডাৰ্মাটাইটিছ, চেবাচিয়াছ চিষ্ট ইত্যাদি।
প্ৰথমে জানো আহক আমাৰ প্ৰায় ভাগৰে এক সাধাৰন সমস্যা উফি —
উফিঃ মূৰৰ ছালৰ অন্যতম সাধাৰণ সমস্যা। প্ৰায়ে মূৰৰ ছালৰ চ’ৰিয়াচিছ বা শুকান মূৰৰ ছালৰ লগত উফী বুলি বিভ্ৰান্ত ধাৰণা আছে। চিকিৎসা আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ ওচৰলৈ গৈ ৰোগ নিৰ্ণয় কৰাটো সদায় জৰুৰী যে সেয়া আপুনি, মই ধাৰণা কৰি থকা উ ফি নে মূৰৰ ছালৰ আন সমস্যা। উফি আচলতে ই মূৰৰ ছালৰ ভেঁকুৰৰ সংক্ৰমণ যিটো সাধাৰণতে মালাচেজিয়া (M.globosa আৰু M.restricta) নামৰ ভেঁকুৰৰ দ্বাৰা হয়। মালাচেজিয়া ছালৰ স্বাভাৱিক মাইক্ৰ’বায়’মৰ অংশ যদিও অতিমাত্ৰা বৃদ্ধি হ’লে উফি আৰু ইয়াৰ লগত জড়িত ছালৰ সমস্যা হ’ব পাৰে। সাধাৰণতে আৰ্দ্ৰ আৰু চৰ্বিযুক্ত পৰিৱেশত এই ভেঁকুৰটো গজে আৰু মূৰৰ ছালখন তেলীয়া বা চৰ্বিযুক্ত হ’লে ইয়াৰ অতিমাত্ৰা বৃদ্ধি হ’ব পাৰে। এই অতিমাত্ৰা বৃদ্ধিৰ ফলত অলিক এচিডৰ নিঃসৰণ হ’ব পাৰে (ভেঁকুৰৰ দ্বাৰা চেবাম ভাঙি পেলোৱাৰ বাবে) যিয়ে পাছলৈ মূৰৰ ছালৰ কোষ বোৰ পৰিৱৰ্তন কৰে। ইয়াৰ ফলত মূৰৰ ছালত ফ্লেকিং আৰু খজুৱতি বাঢ়িব পাৰে।
উফিৰ চিকিৎসা : মূলতঃ মূৰৰ ছালখন পৰিষ্কাৰ আৰু তেলমুক্ত কৰি ৰখাৰ পৰাই চিকিৎসা আৰম্ভ হয়। মূৰৰ ছালখন প্ৰতি বিকল্প দিনে বা গুৰুতৰ ক্ষেত্ৰত, প্ৰতিদিনে উপযুক্ত চেম্পুৰে ধুব লাগে। চিকিৎসকে পৰামৰ্শ দিয়া শ্বেম্পুবোৰ কেট’ক’নাজ’ল/লুলিক’নাজ’ল (এণ্টি ফাংগাল), জিংক পাইৰিথন, চেলিচিলিক এচিড, চেলেনিয়াম ছালফাইড আদি। মূৰৰ ছালত তেল লগালে সমস্যাটো আৰু বৃদ্ধি পাব পাৰে আৰু সেয়েহে এনে সমস্যা দেখা দিলে ইয়াক এৰাই চলিব লাগে। মূৰৰ ছালৰ চ’ৰিয়াচিছ ৰোগ। চিকিৎসক ৰ সঠিক পৰামৰ্শ লৈ ৰোগ নিৰ্ণয় কৰিব পাৰি আৰু কেইবাটাও ঔষধেৰে চিকিৎসা কৰিব পাৰি। মূৰৰ ছালত বেক্টেৰিয়াৰ সংক্ৰমণ সাধাৰণতে দেখা যায় আৰু ইয়াৰ চিকিৎসা এন্টিবায়টিক, দৰব ৰ সঠিক ব্যৱহাৰ আৰু চেম্পু আদিৰে চিকিৎসা কৰিব লাগে। মূৰৰ ছালৰ Seborrhoeic ডাৰ্মাটাইটিছ ৰোগ বিধো অত্যধিক উফি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে হ’ব পাৰে । ইয়াৰ বাবে মানসিক চাপ, ভেঁকুৰৰ সংক্ৰমণ, জীৱনশৈলী, জলবায়ু পৰিৱৰ্তন, ৰাসায়নিক চিকিৎসা আদি কাৰণসমূহ অনুসন্ধান কৰি তাৰ পিছত সেই অনুসৰি ঔষধ আৰু চিকিৎসা ব্যৱস্থা কৰিব লাগে। Furuncles আৰু চেবাচিয়াছ চিষ্ট এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰিব লাগে আৰু কেতিয়াবা অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলাব লাগে আৰু সেয়েহে চিকিৎসকৰ সৈতে আগতীয়াকৈ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। মূৰৰ ছালৰ স্বাস্থ্যই আমাৰ মুখৰ ছালৰ স্বাস্থ্যৰ ওপৰত প্ৰতিফলিত কৰে আৰু সেয়েহে ই আমাৰ দৈনন্দিন ছালৰ যত্নৰ ৰুটিনৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে। মূৰৰ ছাল সুস্থ কৰি ৰাখি ঔষধযুক্ত সামগ্ৰী আৰু উচ্চমানৰ ৰং বা ষ্টাইলিং সামগ্ৰীৰ কথা বিবেচনা কৰাটো বাঞ্ছনীয়।
Comments are closed, but trackbacks and pingbacks are open.