জেবা জেবিন আখতাৰ
নমস্কাৰ আইনা আলোচনীখনৰ সৌন্দর্য শিতানৰ পপুৱৈসকল৷ আজি মই আপোনালোকৰ সুবিধা হোৱাকৈ শীতৰ মাহকেইটাত নিজৰ ছালখনৰ বাবে ঘৰতে তৈয়াৰ কৰিব পৰা কেইটামান ফেচমাস্ক্ লৈ আহিছোঁ৷
শীতৰ বাবে মুখৰ মাস্ক্
শীতৰ সময়ত চামৰা তলৰ ত্বক অধিক শুকান হৈ পৰে আৰু সেইবাবে এই পৰিস্থিতিত চামৰাক সজীৱ আৰু আর্দ্র কৰি ৰাখিবলৈ সঠিক মাস্ক্ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূর্ণ৷ মই তলত কিছু সহজ আৰু প্রাকৃতিক মুখৰ মাস্ক্ৰ দিহা দিয়া হৈছে, যিবোৰ শীতৰ সময়ত ছালখনত আর্দ্রতা আৰু পুষ্টি যোগাবলৈ সহায়ক৷
মৌ আৰু দৈৰ মাস্ক্
সামগ্রী : এক চামুচ মৌ, দুই চাহ চামুচ দৈ
মৌৱে ছালত আর্দ্রতা ৰাখে আৰু দৈৰ লেকটিক এচিডে ছালক এক্সফলিয়েট কৰে৷ এই মাস্কে ছালত পুষ্টি যোগায়৷
ব্যৱহাৰ : মৌ আৰু দৈৰ ওপৰত উল্লেখ কৰা পৰিমাণে মিশ্রণ তৈয়াৰ কৰি পোন্ধৰ–বিশ মিনিট ৰখাৰ পিছত অলপ কুহুমীয়া পানীৰে ধুই লব৷
এডকাডো আৰু অলিভ অইলৰ মিশ্রণ মাস্ক্ৰ দ্বাৰাও আমি মুখ তথা শৰীৰৰ ছালখন আর্দ্রতা ৰাখিবলৈ সক্ষম হম৷ এই মিশ্রণ মাস্ক্ৰ দ্বাৰা ছালখনে এটি অতিৰিক্ত মইশ্বৰাইজাৰ পায়৷
সামগ্রী
এক–দুই চামুচ এডকাডো, এক চামুচ অলিভ অইল
ব্যৱহাৰ : এডকাডোক মথি লৈ অলিভ অইলৰ সৈতে মিশ্রণ কৰক৷ মুখত লগাই পোন্ধৰ–বিশ মিনিট ৰখাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক৷
এলোভেৰা আৰু গ্লিছাৰিনৰ মিশ্রণ ছালৰ বাবে অতি লাভদায়ক মাস্ক্৷ দুই চামুচ এলোভেৰা জেল আৰু এক চাহচামুচ গ্লিছাৰিন ভালকৈ মিশ্রিত কৰি পোন্ধৰ–বিশ মিনিট ৰখাৰ পিছত কুহুমীয়া পানীৰে ধুই লব৷
এক চাহ চামুচ হালধি গুড, এক চাহ চামুচ মাখন ভালকৈ মিক্স কৰি পোন্ধৰ–বিশ মিনিট ৰখাৰ পিছত কুহুমীয়া পানীৰে ধুই লব৷ এই মাস্কে ছালখন কোমল আৰু সজীৱ কৰি তুলিব৷ নাৰিকল তেল আৰু বাদাম গুডি মিক্স কৰিও আমি এটা বৰ গুণ থকা মাক্স তৈয়াৰ কৰিব পাৰোঁ৷ এই পেষ্টটোও পোন্ধৰ–বিশ মিনিট মুখত সানি তাৰ পিছত পানীৰে ধুই উঠি এখন মসৃণ ছাল পাম আমি৷ এই মাক্সেও ছালখনক গভীৰ পুষ্টি যোগোৱাৰ লগতে মসৃণ আৰু আর্দ্র কৰি ৰাখে৷
কল আৰু মৌৰ মাস্ক্টো সকলোৰে প্রিয়৷ এটা পকা কল আৰু এক চাহ চামুচ মৌ একেলগে মিহলি কৰি সেই পেষ্টটো মুখ তথা শৰীৰৰ ছালত সানিব পাৰে৷ এই পেষ্ট সনাৰ বিশ মিনিট পিছত ধুই লব৷ ছালখন সজীৱ, উজ্জ্বল তথা আর্দ্র কৰি ৰখাত যথেষ্ট সহায়ক হয়৷
সতর্কতা
ওপৰত দিয়া মাস্ক্সমূহ আমাৰ বাবে খুবেই উপকাৰী৷ তথাপি যিকোনো প্রাকৃতিক উপাদান ব্যৱহাৰ কৰাৰ আগতে ছালখনত এলার্জি নোহোৱা জানিবলৈ এটা সৰু পৰীক্ষা কৰি লব৷
সকলো সুন্দৰ হৈ থাকক৷
ফোন : ৭০৯৯১-৫১৪৬০
Comments are closed, but trackbacks and pingbacks are open.