গৰমৰ দিনত সৌন্দৰ্য চৰ্চাত নাৰিকলৰ পানীৰ উপকাৰিতা

গীতাশ্ৰী গগৈ হাতীবৰুৱা

গৰমৰ দিনত নাৰিকলৰ পানীয়ে আমাৰ শৰীৰটো সতেজ কৰি ৰখাৰ উপৰিও সৌন্দৰ্য চৰ্চাটো বহু খিনি অৱদান যোগান ধৰি আহিছে। আমি অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত পোৱা শীতল পানীয় বা ক’ল্ড ড্ৰিংচবোৰতকে নাৰিকলৰ পানী খোৱাটো শৰীৰৰ বাবে কিমান খিনি উপকাৰি সকলোৱে জানো। এই নাৰিকলৰ পানীয়ে আমাৰ মুখমণ্ডলৰ সৌন্দৰ্য চৰ্চাটো বহুখিনি উপকাৰ সাধন কৰে আমি হয়তো বহুতে ইয়াৰ বিষয়ে অবগত নহয়। সেয়েহে জানোচোন আহক নাৰিকলৰ পানী সৌন্দৰ্য চৰ্চাত কি কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰিকলৰ পানী খোৱাৰ উপৰি এটুকুৰা কপাহ নাৰিকলৰ পানীত তিয়াই মুখমণ্ডলত লগালে ছালৰ সৌন্দৰ্য বঢ়াৰ লগতে সতেজতাও বৃদ্ধি পায়। ইয়াৰ নিয়মিত ব্যৱহাৰে মুখমণ্ডলত হোৱা বিভিন্ন দাগ, শালমইনা আদি দূৰীকৰণত বহু খিনি সহায় কৰে। এক চামুচ নাৰিকলৰ পানীত আধা চামুচ গাখীৰ মিহলাই ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। দোকানত কিনিবলৈ পোৱা কেমিকেল যুক্ত ক্নিনজাৰতকে বহু খনি লাভদায়ক।

দুই চামুচ নাৰিকলৰ পানীৰ লগত এক চামুচ চাউলৰ গুৰি মিহলাই স্কাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণটো মুখত লগাই দুই বা তিনি মিনিট সময় লাহে লাহে মাছাজ কৰি পৰিষ্কাৰ পানীৰে ধুই পেলাব। এনেকৈ সপ্তাহত এবাৰ কৰিলেই পাৰ্থক্য দেখা পাব।

এক চামুচ নাৰিকলৰ, এক চামুচ তিয়ঁহৰ ৰস ,আধা চামুচ বিলাহীৰ ৰস ভালকৈ মিহলাই মুখমণ্ডলত ফেচ মাক্চ হিচাপে লগাই পোন্ধৰ মিনিটৰ পিচত পানীৰে ধুই পেলাব। এনেকৈ সপ্তাহ দুই বাৰ কৰিলেও নিজকে বহু খিনি পৰিবৰ্তন দেখিব। মুখমণ্ডল ভালকৈ পৰিষ্কাৰ কৰাৰ পিছত টনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ছালখন যদি খুব বেছি তেলেতীয়া হয় তেন্তে নিয়মিত নাৰিকলৰ পানীৰে মুখ খন ধুলে সুফল পাব।

ৰ’দে পোৰা ছালত নাৰিকলৰ পানী পেক হিচাপে লগালে সুফল পোৱা যায়। নাৰিকলৰ পানীত মুলটানী মাটি দি এটা পেক তৈয়াৰ কৰি লগালেও বহু খিনি উপশম পোৱা যায়। এই পেক সপ্তাহ অতি কমেও তিনি দিন লগাবলৈ যত্ন কৰিব। এক চামুচ মুলটানী মাটি ,আধা চামুচ চন্দন পাউদাৰ, এক চিকুত হালধি ,প্ৰয়োজন অনুযায়ী নাৰিকলৰ পানী মিহলাই এটা পেক তৈয়াৰ কৰি মুখমণ্ডলত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। নাৰিকলৰ পানীৰ লগত এক চামুচ নাৰিকল তেল আৰু দুই চামুচ গৰম নকৰা গাখীৰ মিহলাই ফেচ মাক্চ হিচাপে লগাব পাৰে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.