বৰ্ণালী ভট্টাচাৰ্য
আমি সকলোৱেই জানো যে, সৌন্দৰ্য্য চৰ্চাৰ ক্ষেত্ৰত মানুহৰ মুখখনৰ ভূমিকাই সৰ্বাধিক। আমাৰ মুখখনৰ বাহিৰে ও শৰীৰৰ অন্য অংগ কিছুমানও সৌন্দৰ্য্যক প্ৰতিফলন কৰে। সেই অংগৰ যতনো মুখমণ্ডলৰ দৰেই যত্ন লোৱাত জৰুৰী।
প্ৰথমে আমাৰ দাঁতকেইটা পৰাই আহোঁ। আমাৰ দাতঁদুপাৰি ও সৌন্দৰ্য্য প্ৰতিফলন কৰাত বিশেষ অৰিহণা যোগাই। আমি যেতিয়াই হাহি টো মাৰো আমাৰ প্ৰথমে দাঁতকেইটা উলাই। এই দাঁত কেইটা যদি দেখাত ভাল নহয়, বা আপোনালোকে যদি যত্ন নোলোৱাকৈ থাকে, গীতত শুনাৰ দৰে “মুকুতামণি সৰা হাঁহিটিও” অনৰ্থক হৈ পৰিব। সেই হে দাঁত সদায়েই দুবাৰ ব্ৰাছ কৰা উচিত। বছৰত দুবাৰ কৈ দাঁতৰ ডাক্তৰ তাত গৈ দাঁত চাফা কৰাব। নিজেও ঘৰতে দাঁতৰ হালধীয়া ভাৱ আতৰাবলৈ, নিমখ, মিঠাতেল, অলপ হালধিৰ গুৰি, মিলাই আঙুলিৰে মাজে মাজে দাঁত ঘহি চাফা কৰিব।
কেতিয়া বহুত মানুহৰ মুখখনৰ পৰা বৰ বেয়া গোন্ধ উলাই, যাৰ ফলত আমাৰ সৌন্দৰ্য্য চৰ্চাত বাধা আহি পৰে।যিমানেই ধুনীয়াকৈ সাজি কাচি নাযাওক কিয় ,সকলো ম্লান পৰি যাব।
মুখখনৰ গোন্ধ আতৰাবলৈ “মাউথ ৱাছ” ব্যৱহাৰ কৰিব নাই বা নিমখ অলপ লৈ জিভাখন ভাল কৈ ঘহিব। নেমুৰ ৰস লগত অলপ চৌডা মিহলাই অকল দাঁত কেইটা ঘহিব।
ডিঙি : মুখখনৰ যত্ন লোৱাৰ দৰে ডিঙিটোৰো আমি সদায় যত্ন লব লাগে।
মুখমণ্ডলতৰ নিচেই ওচৰৰ অংগ হিচাপে এই অংগটো পৰিচৰ্যাৰ অভাৱত দেখিবলৈ বেয়া লগা হৈ থাকিলে এখন ধুনীয়া মুখৰ সৌন্দৰ্য্য বহুখিনি হ্ৰাস পাব। সাধাৰণতেই আমাৰ ডিঙি ছালখন মিহি আৰু কোমল দৰে হয়। সেই বাবে অলপ কোচখোৱা দৰে হৈ থাকে,যত্নৰ অভাৱত সেই বাবে লেতেৰা দৰে লাগে।সেই বাবে আমি যেতিয়াই নিজৰ মুখমণ্ডল চাফা কৰো ,লগতে ডিঙিটোত চাফা কৰিব লাগে। কিন্ত খুব জোৰে জোৰে কৰা অনুচিত। মাজে সময়ে মুখখনত পেক লগাওতে ডিঙিটোও পেক লগাব। তেনে কৰিলে মুখমণ্ডলতৰ লগতে ডিঙিটোও মিহি, আৰু উজ্জ্বলতা অটুট থাকিব।
কিলাকুটি : আমাৰ আন এটা অৱহেলিত অংগ হৈছে কিলাকুটি। ফলত এই দেখিবলৈও বেয়া লগা কিলাকুটিটোৰ বাবে আমাৰ হাত দুখনৰ যথেষ্ট সৌন্দৰ্য্য হানি হয়ে।কিলাকুটি সময়মতে চাফা কৰি নাৰাখিলে দেখাত কলা পৰা দৰে হয়ে,কেতিয়াবা বগা হৈ শুকান দৰে হয়ে।এডাল sofe bursh, দি তাত অলপ চাবোন, চেম্প,দি লাহে লাহে ঘহিব লাগে, চাব যাতে ছাল ঘহোঁ তে এৰি নাপাই। ৰাতি শুৱাৰ সময়ত অলপ অলিভঅইল সানি শুব।
কেইটামান ঘৰুৱাভাৱে যত্ন লব পৰা দিহা দিলোঁ
এটুকুৰা নেমুৰ অলপ মান চেনি দি, চেনি খিনি গলাৰ দৰে হলে, সেই নেমু টুকুৰা কিলাকুটি দুটা দহমিনিট মান ঘহি পাছত পানীৰে ধুই দিব। Hand and body lotion সদায়েই ৰাতি শুৱাৰ সময়ত লগাই শুব।
কাষলতি : বহতে এই অংগ টো অতি অৱহেলা কৰে,যাৰ ফলত কেতিয়াবা কিছুমান মানুহৰ ওচৰৰ পৰা পলায়ন কৰিব লগা হয়ে। বহুত মহিলাৰ, বা পুৰুষৰ ও বৰ বেয়া গোন্ধ উলাই। সেয়েহে গাধোৱা সময়ত কাষলতিৰ তলত চাবোন খুব ভাল দৰে দিয়া উচিত। আজিকালি বজাৰত ভাল কোম্পানীৰ “ৰলঅন” পুৰুষ, মহিলাৰ বাবে বেলেগ বেলেগ ওলাইছে।তাক ব্যৱহাৰ কৰিব লাগে।গৰম দিন বা ঠান্দা দিন, দুবাৰ কৈ গা ধুব লাগে। ভাল কোম্পানীৰ ডিঅ’ড্ৰেৰেণট ব্যৱহাৰ কৰিব সদায়েই।
কাষলতি তল ঘৰুৱা ভাবে যত্ন কিদৰে লব
বাহুৰ তলৰ ক’লা ৰঙৰ বাবে প্ৰাকৃতিক উপায়
বহুতে আণ্ডাৰআৰ্ম লাইটনিঙৰ স্বাভাৱিক পদ্ধতি বাছি লয়। প্ৰাকৃতিক প্ৰতিকাৰৰ সমৰ্থকসকলে প্ৰাকৃতিক ব্লিচিং গুণ থকা কেইবাটাও বস্তু ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে, য’ত আছে :
আলুঃ আলু এটা কুটি কুটি লোৱা আলুৰ পৰা ৰস চেপি লওক আৰু ৰসখিনি বাহুৰ তলত লগাওক। ১০ মিনিটৰ পিছত শীতল পানীৰে বাহুৰ তলৰ অংশ ধুই পেলাব। গাখীৰ, গোলাপৰ পানী, আৰু কমলাৰ বাকলি গুৰা ১ চামুচ গাখীৰ আৰু ১ চামুচ গোলাপ পানীৰ লগত যথেষ্ট গুড়ি কমলাৰ বাকলি মিহলাই ডাঠ পেষ্ট বনাব। পেষ্টেৰে বাহুৰ তলৰ অংশ লাহে লাহে ধুই লওক আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলোৱাৰ আগতে প্ৰায় ১৫ মিনিটমান ৰাখিব।সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ পুনৰাবৃত্তি কৰক।
নেমুঃ নেমুৰ ডাঠ টুকুৰা কাটি টুকুৰাবোৰ বাহুৰ তলত ঘঁহি দিব। ১০ মিনিটৰ পিছত বাহুৰ তলৰ অংশ ঠাণ্ডা পানীৰে ধুই শুকুৱাই মইশ্ব’ৰাইজাৰ লগাওক।
হালধি আৰু নেমুঃ সৰু বাটি এটাত ২ চামুচ সতেজ নেমুৰ ৰসত হালধি মিহলাই পেষ্ট বনাব। পেষ্টটো বাহুৰ তলত সমানে লগাব। ৩০ মিনিটৰ পিছত পেষ্টটো ধুই পেলাওক। ৰাতি শোৱাৰ পূৰ্বে এগ য়কৰে মালিচ কৰক। পিছদিনা ৰাতিপুৱা পি এইচ বেলেন্সড বডি ৱাছ বা চাবোনেৰে বাহুৰ তলৰ অংশ ধুব লাগে।
নাৰিকল তেলঃ কেইটোপালমান নাৰিকল তেল বাহুৰ তলত মালিচ কৰক। ১৫ মিনিটৰ পিছত কুহুমীয়া পানী আৰু মৃদু চাবোনেৰে বাহুৰ তলৰ অংশ ধুব। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ এই পদক্ষেপসমূহ পুনৰাবৃত্তি কৰক।
চাহ গছৰ তেলঃ এটা সৰু স্প্ৰে বটলত ৫ টোপাল চাহ গছৰ তেল ৮ আউন্স পানীৰ লগত মিহলাই লওক। শ্বাৱাৰ বা গা ধোৱাৰ পিছত শুকুৱাই লোৱাৰ পিছত প্ৰতিদিনে আপোনাৰ তলৰ অংশত এই মিশ্ৰণটো স্প্ৰে’ কৰক। প্ৰাকৃতিকভাৱে শুকুৱাই লওক।
আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ সঠিকভাৱে যত্ন ললেই আমাৰ সৌন্দৰ্য্যতা সদায়েই অটুট থাকিব।
Comments are closed, but trackbacks and pingbacks are open.