অন্তহীন ব্যস্ততাৰ মাজেতো সৌন্দৰ্যৰ যতন

বৰ্ণালী ভট্টাচাৰ্য
আজিকালি সকলোৱেই সময় টনাটনি, কৰ্ম্মময় জীৱনৰ লগত আমি ইমানেই ব্যস্ত হৈ পৰিছোঁ যে নিজক যত্ন লোৱা সময় কাৰো নোহোৱাৰ দৰে হৈছে। প্ৰথমে সপ্তাহত এবাৰ কৈ ৰাতি নাৰিকল তেলৰ লগত অলপ Castor oil,মিহলাই দহমিনিট মান লাহে লাহে মালিচ কৰি গোটেই ৰাতি ৰাখিব। ৰাতিপুৱা চেম্পু কৰিব।  সময় উলিযাব পাৰিলে অভিজ্ঞত সম্পন্ন সৌন্দৰ্য্য বিশেষজ্ঞৰ হতুৱাই ভাল hair spa মাহে দুবাৰ কৈ কৰাব। যিসকলৰ চুলি পকা সমস্যা আছে,নিজৰ বয়স,নিজৰ  জীৱিকাৰ লগত মিহলাই ভাল কোম্পানীৰ হেয়াৰ কালাৰ এটা কৰি লব। কিছুমানৰ কালাৰ লগালে এলাৰ্জী হয়ে,তেওঁলোকে পোন্ধৰ দিনৰ মুৰে মুৰে এটা হেয়াৰ পেক বনাই লগাব পাৰে। ভাল কোম্পানীৰ হেনা পাউদাৰ, বীটৰস,নৰসিংহৰ পাতৰ ৰস,কফি,চাহৰ লিকাৰ,কণী,এক চামুচ চেনী,এই আটাইবোৰ ভাল দৰে পিহিলৈ ছুলিৰ এক ঘণ্টা ৰাখিব, তাৰ পাছত ধুব।পকা ছুলিখিনিৰ এটা ভাল কালাৰ আহিব।  হাত ভৰি কেইটা ৰাতি শুৱাৰ আগত ভাল দৰে চাফা কৰি,hand and body lotion ভাল দৰে লগাই শুৱ।
মেনিকিউৰ, পেডিকিউৰ,পাৰ্লাৰ গৈ কৰাব পাৰিলে আৰু ভাল।
শৰীৰৰ অনাৱশ্যকীয় নোমবোৰ হেয়াৰ ৰিমভাৰ, ৱেকচিং ,কৰি লব।
নিজৰ মুখৰ লগত মিহলাই ভাল হেয়াৰ কাট,থ্ৰেডিং, কৰাব।
মুখৰ উজ্জ্বল কাৰনে নিজৰ ছালৰ লগত মিহলাই ফেচিয়েল কৰাব পাৰে।নাইবা ঘৰতে পেক বনাই লগাব পাৰিব।
শুকান ছালৰ বাবে
মৌ,কণীৰ কুহুম,এক চামুচ পাউদাৰ গাখীৰ, মিহলাই পেক বনাই দহমিনিট ৰাখি ধুব।
তেলেতীয়া ছালৰ বাবে
এই মাস্ক যথেষ্ট প্ৰভাৱশালী।দৈৰ লগত মাখন,গাখীৰ  টেঙা ক্ৰীম,এক চামুচ পিঠাগুৰি, আটাইবোৰ ভাল দৰে মিলাই পোন্ধৰ মিনিট ৰাখি ধুই দিব।
স্বাভাৱিক ছালৰ বাবে
আম, হালধি, বেচন, মচুৰ দাইল বটা, সমপৰিমাণৰ লৈ পেক বনাই লগাব।
খোৱা বোৱাত সাৱধান হব, ফলৰ ৰস নিজে বনোৱা,সুষম আহাৰ, ৰাতি টোপনি ক্ষতি পৰাপক্ষত নকৰিব। চকুৰ গুৰিত কলা দাগ হোৱাৰ সম্ভাৱনা হব পাৰে।মাজে সময়ে টিয়হৰ ৰস কপাহত তিয়াই চকুৰ ওপৰত দি চকুযোৰক আৰাম দিব।
 ইনষ্টেন মেকআপ
মুখখন নিজৰ ছালৰ লগত মিহলাই face wash,cleaning milk, ব্যৱহাৰ কৰিব। সদায়েই মেকআপ কৰাৰ আগতেই প্ৰাইমাৰ লগাব। নিজৰ ছালৰ লগত খাপ tonner , Moisturizer, লগাই দহমিনিট ৰব। liquid foundation, লহে ভাল, ছালৰ লগত মিলি যায়। ওঁঠযুৰিত আগতে লিপ বাম লগাই ৰাখিব। Conceler স্কিন টনৰ লগত মিহলাই লগাব। আইচেড সোনালী, অৰেঞ্জ, ব্ৰাউন,লগালে glamer look আহে।ইচ্ছা কৰিলে Glitter ব্যৱহাৰ কৰিব পাৰিব। Water proof,eyeliner, mascara, লগতে eyeless, লগাই ললে চকুযোৰৰ আৰু দেখাত ভাল লাগিব। গালৰ কাষদুটা পাতলকৈ pink,Brown, blusher লগালে মেকআপ টো দেখাত বেছি ভাল লাগিব। নিজৰ কাপোৰৰ লগত মিহলাই লিপষ্টিক, লিপ গ্লোজ সানিব, উঠযোৰৰ উজ্জ্বল বাঢ়িব। পাৰিলে Makeup fixsher মাৰিব, মেকআপ টো সতেজ হৈ থাকিব। নিজৰ সাজপাৰৰ লগত মিহলাই জুৱেলাৰী কোন দিনা কি পিন্ধিব আগতীয়াকৈ ঠিক কৰি ৰাখিব। বহতৰে পূজা চাবলৈ গৈ জোতাৰে ভৰি কটা সমস্যাৰ সন্মুখীন হয়, সেই বাবে ভৰি দুখনত ক্রীম সানি জোতা বা চেন্দেল পিন্ধিব। দিনৰ ভাগত অলপ পাতল ৰঙৰ কাপোৰ পিন্ধিব, লাইট মেকআপ কৰাৰ ভাল। এনেদৰে এই বাৰ পূজালৈ নিজকে সাজু কৰক।
You might also like

Comments are closed, but trackbacks and pingbacks are open.