বৰ্ণালী ভট্টাচাৰ্য
“এৰোমা থেৰাপী” এক বহুল পৰিসৰৰ বিষয়।এই চিকিৎসা বা সৌন্দৰ্য্য চৰ্চাৰ বিষয়ে থাউকতে কোৱা বা শিকোৱাটো সম্ভৱ নহয়। এই বিষয়টোত কিছুমান বিজ্ঞানসন্মত পদ্ধতি সাঙোৰ খাই আছে। এই থেৰাপী কাৰোবাক ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ ওপৰত সঠিক জ্ঞান থকাটো অতি প্ৰয়োজন।
এৰোমা থেৰাপীৰ ব্যৱহাৰ হোৱা অইল সমূহক এছেনচিয়েল বা প্ৰয়োজনীয় তেল নামেৰে জনা যায়। এই থেৰাপী চিকিৎস কৰাৰ আগতে মানুহৰ ছাল, ছুলি, শৰীৰৰ ,তথা মনৰ বিষয়ে জ্ঞান আহৰণ কৰি ল’ব লাগিব। এই থেৰাপীযে মানুহৰ ছাল ছুলিৰ নানা সমস্যা দূৰ কৰিব পাৰি।এই চিকিৎস কৰি ইতিমধ্যেই বহুতেই সুফল লাভ কৰিব পাৰিছে।এৰোমা থেৰাপীৰ হৈছে গোন্ধৰ সহায়েৰে কৰিব পৰা চিকিৎসা। এই চিকিৎসা ঘ্ৰাণ শক্তিৰ সহায়ত লোৱা হয়। ঘ্ৰাণৰ দ্ধাৰা পোনপটীয়াকৈ আমাৰ মগজুলৈ যায়। এই তেল সমূহৰ গোন্ধে আমাৰ মন,দেহত প্ৰতিক্ৰিয়া কৰে। এই তেল সমূহ ব্যৱহাৰ কৰাৰ ফলত আমাৰ ছাল ছুলি তথা আমাৰ শৰীৰৰ, আৰু সৌন্দৰ্য্য বৰ্ধণত সহায় হয়। এছেনচিয়ন অইল সমূহ ব্যৱহাৰ কৰি নানা ৰোগৰ নিৰাময়ৰ কৰিব পৰা যায়। মনৰ পৰা হতাশা দূৰ কৰা ক্ষেত্ৰত যথেষ্ট সহায় কৰে।
এছেনচিয়লৰ অইল কেনেধৰণে ব্যৱহাৰ কৰিব।তেলৰ গুণাগুণ
*টি টি অইল: যিসকল মুখত শালমইনা বা এগনিক বহুত বেছিকৈ হয়,তেনেলোকে মুখখন ভাল দৰে ধুই শুকাই, শালমইনা হোৱা অংশত দুই টুপাল অইল লগত এক চামুচ পানী মিহলাই ৰাতি লগাই শুৱ।
*ৰ’জমেৰি অইল: যিসকল মুৰত বহুত উফি হয় ,তেনেলোকে তিনি টুপাল অইল, নাৰিকল তেল এক চামুচৰ লগত মিহলাই কপাহৰ সহায়ত ছুলিৰ গুৰিত লগাই মালিচ কৰিব। আধাঘণ্টামাৰ পাছত এৰোমা এন্টি ডেনড্ৰাফ চেম্পু দি মুৰ ধুব। সপ্তাহত তিনিদিন লগাব। যিমান পৰিমাণৰ ব্যৱহাৰ কৰিব দিয়া হৈছে সিমান হে ব্যৱহাৰ কৰিব। যিসকল লোকৰ মৃগীৰোগ আছে তেনে লোকে গা ধুৱা পানীত দুই টুপাল দি গা সপ্তাহত এবা কৈ ধুব। যাৰ হাই প্ৰেছাৰ আছে ,তেনেলোকে কপাহৰ দুই কাষে ,ডিঙিৰ পাছফালে দুই টুপাল আঙুলিত লৈ লগাব।
*লিংলাং অইল : এই তেল ব্যৱহাৰ কৰি ছুলি সৰা সমস্যা দূৰ কৰিব পাৰিব। ছুলিত এন্টি হেয়াৰ ফল চেম্পু দি ধুই, এক মগ পানীত দুই টুপাল তেল দি মুৰটো ধুব।সপ্তাহত দুই দিন। কেতিয়াবা আমি বহুত ব্যস্ত হৈ থাকিব লগা বা বহুত দেৰি থিয় হৈ থাকিব লগা হলে বেছি ভাগৰ লগা দৰে লাগে ,এনে হলে এক চৰিয়া গৰম পানীত তিনি টুপাল অইল দি ভৰি দুখন তিয়াই ৰাখক, বহুত আৰাম পাব।
*ৰোজ অইল : ছালৰ উজ্জ্বলতা অটুট ৰাখিব বাবে বিশেষ কৈ এই অইল ব্যৱহাৰ কৰা হয়। এই অইল ৰাতি শুৱাৰ আগত মুখখন ভাল দৰে ধুই দুই টুপাল তেলৰ লগত এক চামুচ পানী মিহলাই মুখত লগাই ৰাখিব, মালিচ যোৰকৈ নকৰিব।
বিউটিফুল অইল : যাৰ মুখত বলিৰেখাৰ সমস্যাৰ সন্মুখীন হয়, এন্টি ৰিংকলছ এলমণ্ড ত্রীমৰ লগত এক টুপাল বিউটিফুল অইল মিহলাই ৰাতি লগাই শুৱ।
পেপাৰমিনট অইল : এই অইল যিসকলৰ হজম শক্তি কম গেছৰ সমস্যা সন্মুখীন হৈ থাকে,তেওঁলোকে ৰাতিপুৱা কুহুমীয়া গৰম পানীত এক টুপাল দি সপ্তাহত তিনিদিন কৈ খাব।ই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।
লং তেল,নীলগিৰি তেল: যাৰ ছাইনাছৰ সমস্যা থাকে,মুৰৰ বিষ,দেহৰ বিষ,তেনে লোকে কপালত দুই টুপাল লাগাব বিষ হলে,যাৰ দেহত বিষ ৩,৪,টুপাল লৈ বিষ হোৱা অংশ মালিচ কৰিব।
এই এৰোমা অইল সমূহ বহু মুল্যবান। কিয়নো এই অইল সমূহত ব্যৱহাৰ হোৱা ফল মূল গছৰ পাত-ফুল, শিপা,ইত্যাদি নানা ৰ্হাৱেল সামগ্ৰীসমূহ ব্যৱহাৰ কৰা হয়। এইবোৰৰ পৰা অইল নি:সৰণ কৰাটো বৰ সহজ কথা নহয়। এই বোৰৰ পৰা অইল উলিয়াওঁতে এনে বহুতো মূল্যৱান পদাৰ্থ বেছি পৰিমাণে ব্যৱহৃত কৰক হয়।
যেনে এক লিটাৰ বিশুদ্ধ গোলাপৰ অইল উলিয়াব লৈ এক টন গোলাপৰ প্ৰয়োজন হয়।যাৰ ফলত অইলৰ মূল্য বৃদ্ধি পায়। এশ গ্ৰাম অইল দাম এহাজাৰ টকা হব। এই তেল সমূহত সোণ, ৰূপ ,মুকুতা,ইত্যাদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। সেই বাবে এনে অইল সমূহ ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব পাৰিব।
এৰোমা থেৰাপী চিকিৎসা কৰি নানা সম্যসাৰ দূৰ কৰিব পাৰি। কিন্ত এটা কথা মনত ৰাখিব যে,যাৰ দ্বাৰা এই চিকিৎসা কৰাব তেওঁ যাতে এই থেৰাপী বিষয়ত সম্পূৰ্ণ জ্ঞান আহৰণ কৰা হয়।অন্যথাই কেতিয়াবা বিপদৰ সন্মুখীন হব লগাত পৰিব পাৰে।
ফোন : ৯৭০৬০৬২৪৬৩
Comments are closed, but trackbacks and pingbacks are open.