গীতাশ্ৰী গগৈ হাতীবৰুৱা
বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছাল খনৰ গঠনৰ ওপৰত প্ৰথমেই প্ৰভাৱ পৰে । ছাল ঢিলা হোৱাৰ লগতে বলি ৰেখা পৰাও পৰিলক্ষিত হয় । অৱশ্যে কিছু লোকৰ ক্ষেত্ৰত কম বয়সতো এই সমস্যা হোৱা দেখা পোৱা যায় । যি সকল লোকৰ ছাল খন খুব বেছি শুকান হয় তেওঁ লোকৰ এই সমস্যা বেচিকৈ হয় । সেয়েহে এনে ছালৰ ব্যক্তিয়ে ছাল খনৰ আদ্ৰতা যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বেছি ৰ’দত ছাল খনত চাঞ্চ ক্ৰীম নলগোৱাকে ওলাব নালাগে।
এই সমস্যাৰ সন্মুখীন হ’লে পৰিত্ৰাণ পাবলৈ বজাৰত পোৱা যি কোনো সামগ্ৰী ব্যৱহাৰ কৰাতকে ঘৰতে সহজতে পোৱা সামগ্ৰী নিয়মিত ব্যৱহাৰ কৰিলে সহজতে ইয়াৰ পৰা দূৰত থাকিব পাৰিব ।
চাউলৰ গুৰিৰ লগত কণীৰ বগা অংশ (কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে নেচাৰেল প্ৰটিন পোৱা যায় যিয়ে আমাৰ ছাল খন ঢিলা হোৱাত বাধা দিয়ে ) মিহলাই এটা ফেচ পেক তৈয়াৰ কৰি মুখত লগাই পোন্ধৰ বিছ মিনিট ৰাখি পৰিষ্কাৰ পানীৰে ধুই পেলাওক । সপ্তাহত অতিকমেও তিনি দিন মান লগাব পাৰিলে সুফল পাব ।
দুই চামুচ এল’ভেৰা জেল,এক চামুচ আলমণ্ড অইল ,এক চামুচ গোলাপ জল ,এক চামুচ গ্ৰীন টি এই গোটেই কেইবিধ সামগ্ৰী খুব ভালকৈ মিহলাই এটা কন্টেনাৰত ভৰাই থব । ৰাতি নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
চিয়া দুই চামুচ গোটেই ৰাতি গাখীৰত তিয়াই থৈ পিছ দিনা এটা পেষ্ট বনাই মুখত দহ বা পোন্ধৰ মিনিট ৰাখিব । তাৰ পিছত হাতৰ তলুৱাত পানী লগাই লাহে লাহে মালিচ কৰি পেষ্টটো আঁতৰাই পেলাব ।
এল’ভেৰা জেল এক চামুচ ,বিলাহীৰ ৰস এক চামুচ ,গোলাপ জল এক চামুচৰ লগত দুই চামুচ মুলটানী মাটি মিহলাই এটা পেক বনাই মুখত লগাই দহ বা পোন্ধৰ মিনিট ৰাখি ধুই পেলাওক। সপ্তাহত দুই বা তিনি দিন লগাব পাৰিলে লাভ দায়ক হ’ব ।
চন্দন পাউদাৰ এক চামুচ ,জবা ফুলৰ পাউদাৰ এক চামুচ ,বিলাহীৰ ৰস প্ৰয়োজন অনুযায়ী মিহলাই এই পেষ্ট মুখত লগাই শুকুৱাৰ পিছত ধুই পেলাব । জবা ফুলত পোৱা ভিটামিন চিয়ে আমাৰ ছালত হোৱা দাগ আতৰোৱাত সহায় কৰে ।
এভোকেডো মাস্ক: পকা এভোকেডো এটা গুড়ি কৰি এচামুচ মৌৰ সৈতে মিহলাই লওক। এই মিশ্ৰণটো ১৫-২০ মিনিটমান মুখত লগাব লাগে। এভোকেডোত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালখনক পুষ্টি দিব পাৰে।
দৈ আৰু মৌৰ মাস্ক: সাধাৰণ দৈ আৰু মৌৰ সমান অংশ মিহলাই লওক। মুখত লগালে ১৫-২০ মিনিট ৰাখিব। দৈত থকা লেক্টিক এচিডে ছালখন এক্সফোলিয়েট কৰাত সহায় কৰিব পাৰে আৰু মৌৱে মইশ্ব’ৰাইজিং কৰে।
কলৰ মাস্ক: পকা কল এটা গুড়ি কৰি প্ৰায় ১৫ মিনিট মুখত লগাওক। কলত ভিটামিন আৰু পুষ্টিকৰ উপাদান থাকে যিয়ে ছালত হাইড্ৰেট কৰিব পাৰে।
অটমিল মাস্ক: পিহি লোৱা অটমিল গৰম পানীৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰক। মুখত লগাই ১৫-২০ মিনিট ৰাখিব।
নাৰিকল তেলৰ মাস্ক: মুখত অলপ নাৰিকল তেল লাহে লাহে মালিচ কৰি ধুই লোৱাৰ আগতে ১৫-২০ মিনিট ৰাখিব। নাৰিকল তেলে ছালখন মইশ্ব’ৰাইজ কৰাত সহায় কৰিব পাৰে।
এই সমূহ লগোৱাৰ উপৰিও প্ৰচুৰ পৰিমাণে পানী খোৱাৰ অভ্যাস কৰাৰ লগতে ফল মূল, সেউজীয়া শাক পাচলি আদি খাদ্যৰ তালিকাত ৰাখক ।
এনেকৈ নিয়মিত যত্ন ললে নিশ্চয় আমি বয়স তথা বলিৰেখা সমস্যাৰ পৰা আঁতৰত থাকিব পাৰিব ।
Comments are closed, but trackbacks and pingbacks are open.