সৌন্দর্য চর্চাত প্রাকৃতিক দ্রব্য

মালা মহন্ত

বিহু বুলি কলেই যেন এক উছৱমুখৰ পৰিৱেশ ৷ এই পৰিৱেশত আমি কিদৰে নিজকে আকর্ষণীয় কৰি ৰাখিব পাৰোঁ তথা বিহুৰ সময়ছোৱাত ভিন্ন প্রাকৃতিক, ভেষজ উপাদান ভৰপূৰ হৈ পৰে ৷ প্রকৃতিৰ বুকুত সহজতে পাব পৰা এই উপাদানসমূহেৰে আমি ছাল আৰু চুলিৰ যতন লব পাৰোঁ ৷ প্রাকৃতিক  উপাদানেৰে কৰা ছাল–চুলিৰ যতনহে সকলোতকৈ শ্রেষ্ঠ বুলি মই ভাবোঁ ৷ মাত্র আমি সঠিকভাৱে জানিব লাগিব যে কোনটো উপাদান আমাৰ ছাল–চুলিৰ গঠন অনুযায়ী ব্যৱহাৰ কৰিব লাগিব ৷ তাৰেই কিছু আলোচনা আগবঢ়োৱা হল

চুলিৰ যতন

আমকলিঃ  আমকলিত বীজাণুনাশক গুণ থাকে বাবে ছাল–চুলিৰ সৌন্দর্য সুৰক্ষাত ব্যৱহাৰ কৰা হয় ৷ ইয়াত যথেষ্ট পৰিমাণে খাদ্যপ্রাণ আৰু অম্ল থাকে ৷ আমৰ গুটিৰ ভিতৰ অংশ পিহি চুলিৰ গুৰিৰ পৰা লগালে একোছা ঘন, কলা চুলিৰ গৰাকী হব পাৰি ৷

অমৰাঃ  অতীজত অমৰা ৰসেৰে মূৰ ধুই উফিৰ সমস্যা দূৰ কৰা হৈছিল ৷ চুলি সোনকালে বাঢ়িবলৈ, অকালপক্বতা ৰোধ কৰিবলৈ অমৰাৰ ৰস ব্যৱহাৰ কৰিব পাৰি ৷

ঔটেঙাঃ  সম্ভৱ হলে ঔটেঙাৰ বীজেৰে মূৰ ধুব পাৰি ৷ ইয়াৰ বীজ ভালদৰে ফেনেকি সামান্য পানী মিহলাই মূৰ ধুবলৈ ব্যৱহাৰ কৰিব লাগে ৷ ই উফিনাশক ৷ ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়, নতুন চুলি গজে ৷ চুলি কোমল হয় ৷

মৰাপাটঃ  ইয়াৰ কোমল পাত পানীত মিহলাই ফেনেকি মূৰ ধুবলৈ ব্যৱহাৰ কৰা হয় ৷ নিয়মিত ব্যৱহাৰ কৰিলে চুলি কোমল আৰু উজ্জ্বল হৈ পৰিব ৷

কৰবীঃ  অকালপক্বতা ৰোধ কৰিবলৈ কৰৱী ফুলৰ গুটি পিহি চুলিত প্রলেপ দিব পাৰি ৷ চুলি ঘন আৰু কলা কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

গৰু বিহুৰ দিনা দোকমোকালিতে গোহালিৰ গৰুকেহটাক মাহ–হালধিৰে গা ধুওৱাটো অসমীয়া সমাজৰ পৰম্পৰা ৷ বিহুৰ দিনা ডাঙৰ–সৰু সকলোৱে মাহ–হালধি সানি গা ধোৱা নিয়মৰ সৌন্দর্য চর্চাত যথেষ্ট তাৎপর্য আছে ৷ হালধিত এণ্টিচেপ্ঢিক গুণ আছে ৷ ই ছালৰ বিভিন্ন ৰোগ নিৰাময় কৰে৷ হালধি লগালে ছালৰ ৰং উজ্জ্বল হয় আৰু চর্ম ৰোগ আদিৰ পৰা ছালখন সুৰক্ষিত হৈ থাকে ৷ বিহুৰ দিনকেহটাত এচামুচ কেঁচা হালধি পিহা, দুচামুচ সতেজ টেঙা দৈ আৰু এচামুচ পিঠাগুড়ি একেলগে মিহলাই ছালত লগাব লাগে ৷ ১৫ মিনিটৰ পিছত ধুই পেলাব ৷ ছালৰ ৰং উজ্জ্বল হৈ পৰিব ৷ মাটিমাহত নাইট্ৰজেন, প্রটিন, ভিটামিন–বি কমপ্লেক্স আৰু ভিটামিন–ই থাকে ৷ সেইবাবে ছালখন সজীৱ হয় ৷ মাহ–হালধিৰ লগত কেঁচা গাখীৰ মিহলাই গাত সানিব পাৰি ৷ এই মিশ্রণে ছালখন অধিক বগা আৰু নিমজ কৰি তুলিব ৷

ছালখনৰ উজ্জ্বলতাৰ বাবে কেঁচা হালধি পিহা, থেকেৰা টেঙা পিহা, গাখীৰৰ সৰ আৰু এটা আমকলি পিহি একেলগে মিহলাই এটা প্রলেপ তৈয়াৰ কৰি মুখ, ডিঙি আৰু গোটেই দেহৰ ছালত লগাব ৷ ২০ মিনিটৰ পিছত গা ধুব৷ গা ধোৱা পানীখিনিত কেইপাহমান গোলাপ মোহাৰি ললে দিনটোৰ বাবে দেহ–মনত এক সতেজতা অনুভৱ কৰিব ৷

বহাগ বিহুত বিহু নাচনীয়ে দুহাত বোলাই লোৱা জেতুকা পাততো মাহ–হালধিৰ দৰে পর্যাপ্ত গুণ পোৱা যায় ৷ জেতুকা লগালে হাতৰ ছাল নিমজ হোৱাৰ উপৰি ছালৰ বা নখৰ কোনো সমস্যাই দেখা নিদিয়ে ৷ বহাগত জেতুকা ললে বছৰটোলৈ নখকেইটা নিৰাপদ বুলি অসমীয়া সমাজত বিশ্বাস ৷ জেতুকাৰ ৰং বিহুৰ বতৰত বেছি গাা হবলৈ কেহটামান ডালিম পাত আৰু এখিলা পাণ পিহি মিহলাব লাগে ৷ জেতুকা লগোৱা হাতখন শুকোৱাৰ পিছত অলপ গৰুৰ ঘি লৈ হাতত সানি কিছু সময় মাটিচাকিৰ তাপ দিব লাগে ৷

¨বিহু অনুষ্ঠান আদিত হাতে বোৱা কপাহী কাপোৰ, পাট–মুগাৰে তৈয়াৰী সাজ পৰিধান কৰিব পাৰে ৷

¨অসমৰ বিভিন্ন জনগোষ্ঠী, যেনে– মিচিং, কার্বি, ৰাভা, বড়োৰ নানা ৰহণীয়া সাজপাৰ পৰিধান কৰিব পাৰে ৷ এনে সাজে আপোনাৰ ব্যক্তিত্ব অধিক শুৱনি কৰি তুলিব ৷

¨সাজযোৰৰ সৈতে ৰজিতা খুৱাই জোনবিৰি, জাংফাই আদি সাতামপুৰুষীয়া অলংকাৰ পিন্ধিবলৈ বাছি লব পাৰে অসমীয়াৰ বাপতিসাহোন বিহুটিত ৷

জাতীয় জীৱনৰ সৈতে ৰজিতা খোৱা সাজ–প্রসাধনেৰে বছৰেকৰ বিহুটিৰ আনন্দ উপভোগ কৰা হয় ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.