সৌন্দর্য ক্ষেত্রত স্নানৰ গুৰুত্বতা

স্নান সৌন্দর্য চর্চাৰ এটা অতি আৱশ্যকীয় কথা ৷  মানৱ সভ্যতাৰ লগত প্রাচীন কালৰ পৰাই স্নানৰ ওতপ্রোতভাৱে জড়িত থকাৰ প্রমাণ হিচাপে আমি যদি চাব যাওঁ দেখা পাওঁ যে প্রাচীন কালৰ স্নানাগাৰৰ ধবংসাৱশেষ আৰু স্নানৰতা নাৰীৰ ভাস্ক্র্য ৷  আমি নিজেও অনুভৱ কৰোঁ সকলোৱেহ যে পুৱা সোনকালে যদি খুব ভালদৰে গাটো ধুওঁ, গোটেই দিনটোত শৰীৰটোত সতেজতা অনুভৱ কৰোঁ ৷ আনহাতে বহুদেৰিকৈ গা ধুলে দেহ মন অৱশ, এলাহভাৱে হেঁচা মাৰি ধৰে৷ স্নানে দেহমনলৈ যি সতেজতা আনে, তেনে সতেজতা আন কোনেও আনিব নোৱাৰে ৷ কাৰণ গা ধোৱাৰ ফলত আমাৰ  গোটেই চুলিৰ পৰা দেহাটো পানীৰে পৰিষ্কাৰ হৈ যায় ৷ তদুপৰি গা ধোৱাৰ পিছত আমাৰ দেহাটোৰ জলীয় ভাব বেছি পৰিমাণে থাকে বাবে ছালৰ শুকাই ৰুক্ষ হৈ পৰা সম্ভাৱনা নাথাকে ৷ নিয়মিত গা ধুলে শৰীৰৰ ছাল উজ্জ্বল, মসৃণ আৰু সতেজ হয় ৷

শীতকালত স্নান এবাৰ কৰিলেহ হয় যদিও গৰমৰ দিনত দিনটোত দুবাৰ গা ধোৱাটো অতি দৰকাৰ৷ কিয়নো গৰমত গাৰ ঘাম বেছি পৰিমাণে ওলোৱাৰ ফলত আমাৰ নোমকূপৰ ছিদ্রসমূহ বন্ধ হৈ পৰে ৷ সেইবোৰ যাতে লেতেৰা হৈ নাথাকে, তাৰ বাবে দুবাৰ স্নান কৰাটো আৱশ্যক ৷

স্নান কৰাৰ লগত আৰু এটা কথা জডিত হৈ থাকে ৷ আমি গা ধোৱা বাথৰুমটো কেনেধৰণৰ ৷ সেমেকা ৰদ নপৰা জেপজেৰীয়া আৰু লেতেৰা বাথৰুম মনৰ লগতেই দেহৰ বাবেও ক্ষতিকাৰক ৷ বাথৰুম সদায়েই চাফা, ৰদবতাহ সোমোৱা, আহলবহল, পৰিষ্কাৰ হোৱা উচিত ৷

পৰাপক্ষত বাথৰুমটোত এয়াৰ পিউৰিফায়াৰ বা এয়াৰ ফ্রেছনাৰ ব্যৱহাৰ কৰিব৷ আৰু এটা কথা সদায়েই মনত ৰাখিব যাতে আপুনি গা ধোৱা পানীখিনি যাতে পৰিষ্কাৰ হয় ৷

শীতকালত আমি প্রায় সকলোৱেই গৰম পানীৰে গা ধুওঁ, গৰম পানীখিনিও যাতে বেছি গৰম নহয় যাতে, কাৰণ বেছি গৰম পানীয়ে আমাৰ  ছালৰ লাৱণ্য আৰু কমনীয়তা নষ্ট কৰে ৷

স্নানৰ সময়ত আমাৰ কেইটামান উপকৰণৰ আৱশ্যক হয়৷ যেনেগা ঘঁহা ব্রাছ, যাৰ সহায়ত আমাৰ  ছালত লাগি থকা ধূলিবালি, ছালৰ মৃতকোষ আঁতৰাবলৈ গা ঘঁহা ব্রাছ বিশেষকৈ উপকাৰী ৷ পাৰিলে সপ্তাহত এবাৰকৈ গা ধুওঁতে ব্রাছ ব্যৱহাৰ কৰিব ৷ ৰাবাৰ বা নাইনলৰ লব, খুব খহতা নলব, চাব যাতে ছালখনে আঘাত নাপায় ৷ গা মচোঁতে পৰাপক্ষত কোমল গামোচা বা কোমল টাৱেল ব্যৱহাৰ কৰিব ৷ শৰীৰত সুষমভাৱে চাবোন লগাবলৈ স্পঞ্জ লব পাৰে, স্পঞ্জ ব্যৱহাৰ কৰাৰ পিছত তেলেতীয়া হলে সেই টুকুৰা ভিনেগাৰ অলপ সময় তিয়াই পানীৰে ধুই শুকাহ থব ৷ মাজেসময়ে সপ্তাহত এবাৰকৈ ঘৰতে স্কার্বো বনাই লগাব পাৰে ৷

অলপ দৈ, চাউলৰ গুডি, চেনি কম পৰিমাণৰ ভালদৰে মিলাই গোটেই গাত সানি পানীৰে চাফাকৈ ধুই দিব ৷ পেক বনাবৰ কাৰণে বেচন, নেমু ৰস, মূলটানি মাটি, দৈ দি পেক বনাই গোটেই গাত লগাই অলপ সময়ৰ পিছত ধুই দিব ৷ এটা সুন্দৰ স্কার্ব হৈছে একাপ নাৰিকল তেল, অলপ ব্রাউন ছুগাৰ আৰু ভিটামিনই কেপছুল মিহলাই এই মিশ্রণ গাত ঘঁহক ৷  হাতত আৰু গাত লোচন সানিব ৷

সুগন্ধি পানীও আমাৰ স্নানৰ ক্ষেত্রত অতি প্রয়োজন ৷ স্নানৰ শেষত সুগন্ধি পানীত মিহলাই গা ধুলে গাটো আৰু সতেজ হৈ থাকিব৷ সুগন্ধি হিচাপে গোলাপ জল, লেভেণ্ডাৰ তেল, অডিকোলন, চন্দন তেল নাইবা এৰোমেটিক অইল ব্যৱহাৰ কৰিব পাৰে ৷ এই সুগন্ধি অইল মূৰত নিদি বাকী গোটেহ গাত ঢালিব পাৰে ৷ এই  সুগন্ধিৰ বাহিৰে দুটা পকা গোলাপ নেমুৰ ৰস এক বাচ্টি পানীত মিহলাই গা ধুব পাৰে ৷ স্নানৰ পূর্বে তেল মালিচ অতি প্রয়োজনীয় ৷ আপোনাৰ মনপছন্দৰ তেল বেছি লব পাৰে ৷ 

আলমণ্ড তেলঃ  এই তেল হৈছে মৃদু আৰু মিঠা সুগন্ধি থকা অতি পুষ্টিকৰ তেল ৷ ই এটা লঘু তেল, যি ছালত কোনো তেলীয়া অৱশিষ্ট নাৰাখি সোনকালে শোষিত হয় ৷ ই ছালখন মইশ্বৰাইজ কৰে আৰু উজ্জ্বল কৰি তোলে ৷ ই এক মৃদু তেল যি সকলো ধৰণৰ ছালৰ বাবে উপযোগী আৰু শিশুৰ মালিচৰ বাবেও ব্যৱহাৰ কৰিব পাৰি ৷ আলমণ্ড তেলত প্রদাহ নিবাৰণকাৰী গুণ আছে আৰু ই খজুৱতি আৰু ফোঁহাৰ পৰা উপশম দিয়ে ৷ ই অতিবেঙুনীয়া ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ পৰা ছালখনক ৰক্ষা কৰে আৰু ৰদৰ টেনিং ৰোধ কৰে  ৷ পেশী শিথিল কৰাৰ বাবে ই এক উৎকৃষ্ট তেল ৷

নাৰিকল তেলঃ  আপুনি অকাল বয়স বৃদ্ধিৰ বাবে চিন্তা কৰেনে  চিন্তা নকৰিব, নাৰিকল তেল এটা প্রাকৃতিক মাচ্টি টাস্কাৰ তেল আৰু ইয়াৰ বহু উপকাৰ আছে ৷ ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণৰ বাবে ইয়াক বহুতো সৌন্দর্য সামগ্রীত ব্যৱহাৰ কৰা হয় ৷ ই এক উৎকৃষ্ট মহশ্বৰাহজাৰ আৰু ইয়াত ফেটি এচিড আৰু ভিটামিনহৰ পৰিমাণ বেছি ৷ এই জিনিয়াছ অহলে কলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে আপোনাৰ ছালখনক যৌৱনময় কৰি ৰাখে ৷ এই তেল ছালৰ গভীৰতালৈ সোমাই যায়, যাৰ ফলত ছালৰ স্বাস্থ্যসন্মত জিলিকনি পোৱা যায়৷ ইয়াৰ উপৰি অলিভ তেল, তিল তেল, জজবা তেল, নিম তেল আদিৰে মালিচ কৰিব পাৰে ৷ যিকোনো ধৰণৰ মালিচ তেল তৈয়াৰ কৰাৰ মূল ৰেচিপি হল সাধাৰণভাৱে পোৱা অহল আৰু এচেন্সিয়েল অইলৰ মিশ্রণ ৷ দুই চামুচ নাৰিকলৰ তেল, জজবা তেল, ছেচাম তেল, মিঠা আলমণ্ড তে আদি ব্যৱহাৰ কৰিব লাগে ৷

আপোনাৰ পছন্দৰ ১০ৰ পৰা ১২ টোপাল এচেন্সিয়েল অইল, যিটো আপোনাৰ মালিচৰ লক্ষ্যৰ ওপৰত নির্ভৰ কৰে, সেয়া শিথিলতাৰ বাবেই হওক, বিষ নিৰাময়ৰ বাবেই হওক, ভাল অনুভৱ কৰিবলৈ হওক বা আনৰ বাবেই হওক ৷ এই দুটা যোগ কৰক, এটা কলা বটলত আৰু প্রত্যক্ষ পোহৰৰ পৰা আঁতৰত ৰাখক ৷ ইয়াক আপোনাৰ প্রয়োজন অনুসৰি ব্যৱহাৰ কৰক ৷ এনে কৰিলে দেহৰ শুকান ভাব নাইকিয়া হব আৰু ছালখন সতেজ হৈ পৰিব ৷

বসন্ত কালৰ পিছতেই গৰমৰ দিন আহে ৷ মাজে মাজে বৰষুণ আহি থকাৰ বাবে জলবায়ুৰ আর্দ্রতা বেছি হয় ৷ যাৰ ফলত খজুৱতিৰ সমস্যাও দেখা দিয়ে ৷ এই সকলোবোৰৰ পৰা হাত সাৰিবলৈ অতি সহজ উপায় হৈছে সম্পূর্ণ স্নান ৷ এনেদৰেই স্নান কৰাৰ ক্ষেত্রত অলপ গুৰুত্ব দিলে আমাৰ শৰীৰটো সজীৱ আৰু মসৃণ হৈ থাকিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.