ঘৰত তৈয়াৰী মাছাজ ক্রীম

গীতাশ্রী গগৈ হাতীবৰুৱা

আজিকালি দোকান অথবা বজাৰত দামী কম দামী বিভিন্ন ব্রেণ্ডৰ মাছাজ ক্রীম কিনিবলৈ পোৱা যায়৷ এইসমূহ ক্রীম ব্যৱহাৰ কৰাৰ বাদেও ঘৰতে অতি সহজতে পোৱা সামগ্রীৰেও এটা খুব সুন্দৰ মাছাজ ক্রীম তৈয়াৰ কৰি লব পাৰে ৷ ঘৰতে তৈয়াৰ কৰি লোৱা ক্রীমে আপোনাৰ ছালখনৰ কোনো ধৰণৰ ক্ষতি কৰাৰ ভয় নাথাকে ৷ অৱশ্যে এটা কথা মন কৰিব কোনবিধ সামগ্রী লগালে আপোনাৰ কোনো অপকাৰ নহয়, সেই সামগ্রীৰে ক্রীমটো বনাই লগাব ৷

মাছাজ কৰাৰ আগতে মুখমণ্ডলৰ লগতে ডিঙিও ভালকৈ পৰিষ্কাৰ কৰি লোৱাটো খুবেই প্রয়োজন ৷ মন কৰিবলগীয়া কথা যে কিছু লোকে মাছাজ কৰাৰ আগতে ভালকৈ পৰিষ্কাৰ নকৰাৰ ফলত ভাল ফলাফল লাভ নকৰে ৷

মাছাজ কৰাৰ আগতে মুখখন ফেচৱাছ নাইবা ক্লিনজাৰৰ জৰিয়তে ভালকৈ পৰিষ্কাৰ কৰি লব ৷

এটা পকা কল ভালকৈ পিটিকি তাৰ লগত দৈ মাছাজ ক্রীম তৈয়াৰ কৰি লব ৷ এতিয়া তৈয়াৰ কৰি লোৱা ক্রীমটো ডিঙি আৰু গোটেই মুখত লগাই লব ৷ তাৰ পিছত আপাৰ ডাইৰেক্টচনত লাহে লাহে কোমল হাতেৰে দহ বা পোন্ধৰ মিনিট সময় মাছাজ কৰিব ৷ এনেকৈ সপ্তাহত অতিকমেও দুবাৰ কৰিবলৈ যত্ন কৰিব ৷ এই মাছাজ ক্রীমে মুখত পৰিব ধৰা বলিৰেখা দূৰ কৰিব, লগতে শালমইনা হোৱাৰ পৰাও দূৰত ৰাখিব ৷

এলভেৰা জেল আৰু নাৰিকল তেল সম–পৰিমাণত মিহলাই মাছাজ ক্রীম হিচাপে ব্যৱহাৰ কৰি পাৰে ৷

আমি সকলোৱে জানো দৈ ছালৰ কাৰণে কিমান উপকাৰী ৷ দৈৰ লগত মৌ আৰু পকা অমিতাৰ পেষ্ট মিহলায়ো এটা খুব সুন্দৰ মাছাজ ক্রীম তৈয়াৰ কৰি লব ৷

গ্লিছাৰিনৰ লগত নেমুৰ ৰস মিহলাই এটা বটলত ভৰাই থব ৷ প্রয়োজন হলে সময়ত মাছাজ ক্রীম হিচাপে লগাব ৷

অমিতাৰ পেষ্টৰ লগত গাখীৰৰ সৰ মিহলাই এটা মাছাজ ক্রীম প্রস্তুত কৰি লব পাৰে ৷

নাৰিকল তেলৰ লগত সামান্য পৰিমাণৰ মৌ মিহলায়ো মাছাজ ক্রীম হিচাপে সপ্তাহত এবাৰকৈ হলেও কৰিব পাৰিলে ভাল ফল পাব ৷

নাৰিকলৰ গাখীৰৰ লগত চাউলৰ গুড়ি আৰু এক ভিটামিন–ই কেপছুল ভালকৈ মিহলাই খুব লাহে লাহে মালিছ কৰিব ৷

এলভেৰা জেল এক চামুচ, তিয়ঁহৰ ৰস এক চামুচ, আধা চামুচ মৌ আৰু দুই তিনি টোপাল নেমুৰ ৰস মিহলায়ো এটা সুন্দৰ মাছাজ ক্রীম তৈয়াৰ কৰি লব পাৰে ৷

এতিয়াৰ পৰা এনেকৈ ঘৰুৱা সামগ্রীৰে মাছাজ ক্রীম তৈয়াৰ কৰি ব্যৱহাৰ কৰি চালে খুব কম দিনৰ ভিতৰে এটা ভাল ফলাফল পাব বুলি নিশ্চিন্ত থাকক ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.