মৃগেন শর্মা
প্রাচীন কালত অসমত থলুৱাভাৱে প্রস্তুত কৰা প্রসাধন সামগ্রীবোৰ অংগসজ্জাত ব্যৱহাৰ হৈছিল ৷ গতিকে সেই সময়ত প্রসাধন সামগ্রীৰ শিল্প প্রচলিত আছিল বুলি গম পোৱা যায় ৷ আমি কব বিচাৰিছো কিছুমান প্রসাধন সামগ্রী মানুহে প্রকৃতিজাত ফুল, পাত, ফল, কলি আদিৰ পৰা প্রস্তুত কৰিছিল ৷ এই প্রসাধন সামগ্রীবোৰৰ নানা ঔষধি গুণো আছিল ৷ আকৌ মানুহৰ ছাল ভালে ৰাখিবলৈ, ওঁঠ নফটাকৈ ৰাখিবলৈ, মুখমণ্ডলৰ সতেজতা ববাবলৈ, চুলি নসৰাকৈ ৰাখিবলৈ আদি নানা কামত নানা প্রসাধন সামগ্রী তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল ৷
বিশ্বত প্রসাধন সামগ্রী প্রস্তুতৰ বৈচিত্র্যময় কথা
বিশ্বৰ নানা ঠাহত প্রকৃতিজাত গছ, পাত আদিৰ পৰা নানা ধৰণৰ প্রসাধন সামগ্রী তৈয়াৰ কৰা হয় ৷ এই বিষয়ত সেই ঠাইবোৰত পৰম্পৰাগত প্রসাধন শিল্প চলি আহিছে ৷ আমি এই বিষয়ে কব বিচৰা নাই ৷ আমি ইয়াত সচৰাচৰ মানুহে ব্যৱহাৰ নকৰা কিছুমান বস্তুৰ পৰা কৰা প্রসাধন সামগ্রী প্রস্তুত শিল্পৰ বিষয়ে আলোকপাত কৰিব লৈছো ৷
আধুনিক ভেষজ বিজ্ঞানৰ পিতৃস্বৰূপ হিপক্রেতাছে মানুহৰ দেহৰ পৰা জুয়ে পোৰা দাগ আঁতৰাবলৈ গাখীৰৰ সৈতে শামুকৰ খোলাৰ গুড়ি ব্যৱহাৰ কৰাৰ পৰামর্শ দিছে ৷
জাপানত জীৱন্ত শামুক ব্যৱহাৰ কৰি প্রসাধন কৰা হয় ৷ এই দেশৰ বিভিন্ন ঠাইত সৌন্দর্য কেন্দ্র স্থাপন কৰা Ci:z. Lado নামৰ প্রতিষ্ঠানটোৰ মুখ্য কার্যালয়ৰ মুখপত্র মানামী টাকামূৰাত এই বিষয়ে ব্যাখ্যা কৰি তেওঁলোকৰ গ্রাহকসকল জীৱিত শামুক ব্যৱহাৰ কৰি লাভৱান হোৱাৰ কথা কয় ৷ এই উদ্দেশ্যে তেওঁলোকে বিশেষ প্রজাতিৰ শামুকবিধক পৰিষ্কাৰ পাত্রত ৰাখি আহাৰ হিচাপে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক–পাচলি ৰাখে, যাতে গ্রাহক শৰীৰত তুলি দিয়াৰ আগতে ইহঁত পৰিষ্কাৰ হৈ থাকিব পাৰে ৷ শামুকৰ দ্বাৰা সৌন্দর্য চর্চাৰ এই পদ্ধতিটোৰ নাম দিছে ‘Celebrity Escargot Course’ ৷ এই সৌন্দর্য চর্চাৰ সম্পূর্ণ ক্রমটোৰ মূল্য ২৪,১৫০ ইয়েন বা ভাৰতীয় হিচাপত ১৪,৪২১ টকা ৷ আকৌ সৌন্দর্য চর্চাত ব্যৱহাৰ কৰা এই শামুকবোৰৰ প্রতিটোৰ মূল্য ১০,৫০০ ইয়েন বা ভাৰতীয় হিচাপত ৬,২৭০ টকা ৷
মানুহৰ মুখমণ্ডলৰ পৰা বলিৰেখা আৰু বয়সৰ চাপ নাহকিয়া কৰিবৰ কাৰণে কেঁচুৰ বিষ্ঠা ব্যৱহাৰ কৰা হয় ৷ এটা প্রতিষ্ঠানে কেঁচুৰ বিষ্ঠাৰে তৈয়াৰ কৰা সামগ্রীবিধ ‘Wrinkle Butter Brand’ নাম দি বজাৰত এৰি দিছে ৷ এই সামগ্রীবিধ কেঁচুৰ বিষ্ঠাক বীজাণুমুক্ত কৰি তাৰ লগত নির্দিষ্ট অনুপাতত চাহ, চায়েনী, বনস্পতি তেল আদি বস্তু মিহলাই লৈ তৈয়াৰ কৰা হয় ৷
এইবাৰ আহিছো অসমৰ প্রসাধন সামগ্রী প্রস্তুত শিল্পৰ ক্ষেত্রখনলৈ ৷ অসমত সুদূৰ তাহানিৰ পৰা প্রকৃতিজাত গছৰ পাত, কাঠ, ফুল, ফল আদিৰ পৰা প্রসাধন প্রস্তুত কৰা প্রসাধন শিল্প চলি আহিছে ৷
প্রাচীন অসমৰ প্রসাধন শিল্প
প্রাচীন কালত প্রসাধন সামগ্রী হিচাপে সুগন্ধি তেল ব্যৱহাৰ হৈছিল ৷ এই তেল প্রকৃতিজাত গছ–গছনিৰ পৰা যন্ত্রপাতিৰ সহায় নোলোৱাকৈ প্রস্তুত কৰা হৈছিল ৷ এইক্ষেত্রত নাম লব পাৰি অগৰু বা আতৰ তেল শিল্পৰ ৷
প্রাচীন অসমৰ অগৰু শিল্প
অগৰু গছৰ পৰা অগৰু সুগন্ধি তেল প্রস্তুত কৰা হয় ৷ অসমত পর্যাপ্ত পৰিমাণে সাঁচিগছ আছে ৷ এই সাঁচিগছৰ কাঠৰ পৰা অগৰু এক পদ্ধতিৰে উৎপাদন কৰা হয় ৷ এই সুগন্ধি তেল অতীতৰ পৰা বর্তমানলৈ প্রসাধন সামগ্রীৰূপে ব্যৱহাৰ হৈ আহিছে ৷
সুগন্ধি তেল অগৰু উৎপাদন কৰা সাঁচিগছ
এজোপা পূৰঠ সাঁচিগছৰ উচ্চতা সর্বোচ্চ ১৫ মিটাৰ আৰু ব্যাস ডেৰ বা দুই মিটাৰ ৷ সাঁচিগছক সংসৃক্তত অগৰু বোলে ৷ সাঁচিগছৰ পৰা আগৰ তেল উৎপাদন হয় ৷ অসমত দুই জাতৰ সাঁচিগছ পোৱা যায় ৷ এই দুবিধ হল জাতি আৰু ভোলা ৷ ইয়াৰে ভোলা জাতৰ গছবিধ সোনকালে ডাঙৰ হয় ৷ কিন্তু জাতি গছবিধৰ পৰা উৎকৃষ্ট তেল লাভ কৰা যায় ৷ ইয়াৰ চাহিদা আন্তর্জাতিক বজাৰত সকলোতকৈ বেছি ৷ আকৌ ব্যৱসায়িক দিশৰ ক্ষেত্রত হয়াৰ গুৰুত্ব অধিক ৷
সাঁচিগছৰ পৰা তেল উৎপাদন পদ্ধতি
কৃঞ্চা শইকীয়াই লিখিছে- সাঁচিগছত পোকে আক্রমণ কৰিলে গছজোপাত বিন্ধা কৰি ভেঁকুৰ সহজেই ভিতৰলৈ সোমাই যায় ৷ ইয়াৰ উপৰি দা–কুঠাৰেৰে গছজোপাত ঘপিয়ালেও আঘাতপ্রাপ্ত ঠাইৰে পোকে গছজোপাত সহজে প্রৱেশ কৰে ৷ এই পোকবিধৰ নাম এস্থেৰিয়া হেলফেৰি ৷ তেতিয়া গছজোপাত ভেঁকুৰ সৃষ্টি হয় ৷ ভেঁকুৰযুক্ত সাঁচিগছৰ পৰা সুগন্ধি তেল প্রস্তুত কৰা হয় ৷ তেলযুক্ত সাঁচি কাঠক কোৱা হয় কচ ৷ এনে এক কিলোগ্রাম সাঁচি কাঠ কচৰ পৰা ০. ৭৫ৰ পৰা ২.৫ তোলা তেল উৎপাদন হয় ৷ বর্তমান ( ২০০৮ ইং চন ) এই তেলৰ দাম তোলাত পাঁচ হাজাৰৰ পৰা দহ হাজাৰ টকা ৷
সাঁচিগছত তেল সৃষ্টি প্রক্রিয়াৰ কথাটো অসম উদ্ভিদ বিজ্ঞান সমিতিৰ দ্বাৰা প্রকাশিত আলোচনী উদ্ভিদ বিজ্ঞান পত্রিকাত তৃতীয় বছৰ : দ্বিতীয় সংখ্যাত ২০১২-১৩ ইং চন এক নিবন্ধত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড: নীলাক্ষি দেৱীয়ে লিখিছে সাধাৰণতে প্রাকৃতিক পৰিৱেশৰ প্রভাৱত আঘাতপ্রাপ্ত সাঁচিগছত Phaecoacremonium parasitica নামৰ ভেঁকুৰৰ দ্বাৰা আক্রান্ত হলেহে অগৰু বা ৰজন উৎপন্ন হয় ৷ প্রকৃতার্থত ফ্লবেম কলাত উক্ত ভেঁকুৰবিধৰ প্রৱেশ ঘটি আক্রমণ হলে তাক প্রতিহত কৰিবৰ বাবে গছজোপাৰ নিজক বচোৱাৰ কৌশলতহে উক্ত ৰজন নিঃসৰণ কৰে ৷ উক্ত পৰিঘটনাৰ ফলৰূপে অন্তর্কাষ্ঠত নিঃসৰিত ৰজন উচ্চ উদ্বায়ী জৈৱ পদার্থ ৷ এই সুগন্ধি ৰজনযুক্ত তেলেই হৈছে, ঔষধি গুণসম্পন্ন অগৰু বা অগৰু তেল ৷
অগৰু কাঠৰ মাজত কলা কাঠ সৃষ্টি হয় ৷ সেই কলা কাঠতে অগৰু তেল থাকে ৷ সেই কাঠ কাটি আনি সৰু সৰু টুকুৰা কৰা হয় ৷ সেই টুকুৰাবোৰ পানীৰ পাত্রত ৮-১৫ দিন ভিজোৱা হয় ৷ তাৰ পিছত সেয়া ডাঙৰ পাত্রত ৰাখি বিশেষভাৱে নির্মিত গেছৰ চুলাত ৫-১০ দিন গৰম কৰা হয় ৷ তেতিয়া তাৰ পৰা নির্গত তেল আগতে ৰখা আন এটা পাত্রত ৰয়গৈ ৷ এই তেলে সুগন্ধিযুক্ত আতৰ বা অগৰু ৷ এই তেলে অতীতৰ পৰা অসমত প্রসাধন সামগ্রীৰূপে ব্যৱহাৰ হৈ আহিছে ৷ আগৰ তেল ঔষধি গুণযুক্ত ৷ এই তেলে মানুহৰ কিছুমান ৰোগ ভাল কৰে ৷ আকৌ এৰমা থেৰাপীত এই তেল ব্যৱহাৰ কৰা হয় ৷ এই তেলৰ পৰা পাৰফিউম, ধূপ আদি প্রস্তুত কৰা হয় ৷ অসমৰ বিশেষকৈ মুছলিম সম্প্রদায় এই শিল্পৰ লগত জড়িত ৷
তাহানিতে মুখ নাফাটিবলৈ ব্যৱহাৰ কৰা প্রসাধন সামগ্রী
পমেটম : তাহানিৰ অসমত ৰূপ চর্চাৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব দিছিল ৷ ইয়াৰ বাবে প্রয়োজনীয় প্রসাধন সামগ্রীবোৰ মানুহে ঘৰতে তৈয়াৰ কৰি লৈছিল ৷ তেনে এবিধ সামগ্রী হ’ল– পমেটম ৷ এই পমেটম প্রস্তুত কৰা হৈছিল ঘৰুৱাভাৱে ৷ আৱাহন আলোচনীৰ ৭/১২ সংখ্যাত আছে পকা সুমথিৰাৰ বাকলিৰ ওপৰৰ হালধীয়া ছাল মিহিকৈ কাটি লয় ৷ বগা সৰিয়হৰ ফুল আৰু পিৰিকা শাকৰ ফুল সুমথিৰাৰ উপৰিউক্ত বাকলিৰ টুকুৰৰ লগত খুন্দি, ৰস উলিয়াই কেঁচা হালধিৰ ৰস মিলাই মাটিৰ চৰুত গৰুৰ ঘিৰ সৈতে তপতাব লাগে ৷ মিশ্রণখিনি গোট মাৰিলে নমাই থৈ তাত অলপ চন্দন মিহলাই ললে পমেটম হয় ৷ ইয়াক ঘঁহিলে মুখ নাফাটে ৷
মৃগনাভি : তাহানিতে মৃগনাভিও সুগন্ধি ৰূপে ব্যৱহাৰ হৈছিল ৷ ই অতি মূল্যৱান সুগন্ধি আছিল ৷ ইয়াৰ সুগন্ধি অতি মনোমোহা ৷ এবিধ হৰিণাৰ পৰা ইয়াক লাভ কৰা হৈছিল ৷
তাহানিতে নানা সুগন্ধি ফুলৰ পৰা প্রসাধন তৈয়াৰ
তাহানিতে অসমত নানা সুগন্ধি ফুলৰ পৰা প্রসাধন সামগ্রী মানুহে ঘৰতে প্রস্তুত কৰিছিল ৷ অসমত নানা সুগন্ধি ফুল পোৱা যায় ৷ সুগন্ধি ফুলৰ গোন্ধ সৃষ্টিৰ কাৰণ আছে-
ফুলৰ গোন্ধ সৃষ্টি হোৱাৰ কাৰণ :
অসম উদ্ভিদ বিজ্ঞান সমিতিৰ আলোচনী উদ্ভিদ বিজ্ঞান পত্রিকাত কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড: অর্পণা বুজৰবৰুৱাই লিখিছে ফুলৰ পাহিৰ কোষবোৰত থকা এক বিশেষ গোন্ধযুক্ত তৈল পদার্থৰ বাবেই ফুলৰ গোন্ধ হয় ৷ সাধাৰণতে পাহি মেল খোৱাৰ লগে লগে এই গোন্ধযুক্ত পদার্থ ব্যাপন diffusion প্রথাৰে বায়ুমণ্ডলত বিয়পি পৰে ৷ পাহিৰ বাহিৰেও এই গোন্ধযুক্ত পদার্থবোৰ ফুলৰ অন্যান্য চক্র যেনে– বৃত্ত, পুংস্তৱক আৰু স্ত্রীস্তৱক চক্রটো থাকে ৷ এই পদার্থবোৰ উদ্ভিদজোপাই জীৱন কালত কিছু বিপাকীয় কার্যৰ ফলত তৈয়াৰ কৰে ৷ এইবোৰ তার্পিনজাতীয় অতি জটিল পদার্থ ৷ ফুলবোৰে পূর্ণতাপ্রাপ্ত হোৱাৰ সময়ত এই পদার্থবোৰ বিশেষ পাচক ৰসৰ সহায়ত ভাঙি গৈ এক বিশেষ উদ্বায়ী তেললৈ ৰূপান্তৰিত হয় ৷ এই উদ্বায়ী তেল অতি সহজতে বতাহৰ মাধ্যমত ব্যাপন প্রথাৰে চাৰিওফালে বিয়পি পৰে ৷
সকলো ফুলত একে ধৰণৰ ৰাসায়নিক পদার্থ নাথাকে ৷ বিভিন্ন প্রজাতিৰ ফুলত থকা ৰাসায়নিক পদার্থৰ গঠন বেলেগ বেলেগ হয় ৷ সেয়েহে সকলো ফুলৰ গোন্ধো বেলেগ বেলেগ হয় ৷ তদুপৰি কিছুমান ফুলত আকৌ মধুগ্রন্থি nectary থাকে ৷
অসমত পোৱা সুগন্ধি ফুল :
অসমত নানা ধৰণৰ সুগন্ধিযুক্ত ফুল ভৰি আছে ৷ এই নানা ৰকমৰ এই ফুলবোৰ হ’ল কুসুম ফুল, নার্জি, কেশেৰু, গোলাপ, খৰিকাজাঁহ, গুলঞ্চ, কনক চম্পা, তগৰ, যুতি, বকুল, মধুমালতী, ৰজনীগন্ধা আদি ৷ এইবোৰ ফুলৰ কিছুমান প্রসাধন সামগ্রীৰূপে ব্যৱহাৰ হোৱাৰ লগতে কিছুমানৰ পৰা প্রসাধন সামগ্রী তৈয়াৰ কৰা হৈছিল ৷
গোলাপ ফুলৰ প্রসাধন সামগ্রী :
গোলাপ ফুলৰ পৰা তাহানিতে অসমত গোলাপ জল প্রস্তুত কৰা হৈছিল ৷ এই গোলপ জল ছাল, মুখ নিমজ আৰু মোলায়েম কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ গোলাপ এবিধ সুগন্ধি ফুল ৷ গুলপীয়া, ৰঙা, বগা আদিৰ লগতে বর্তমান আন কেহটামান ৰঙৰো গোলাপ পোৱা যায় ৷
সুগন্ধি ফুলৰ পৰা সুগন্ধি দ্রব্য প্রস্তুত কৰা হয় ৷ আজিৰ পৰা ১৩৫০ বছৰ পূর্বে গোলাপৰ পাহিৰ পৰা আৰব দেশৰ লোকসকলে পাতন প্রক্রিয়াৰ দ্বাৰা প্রথমে আতৰ বা সুগন্ধি দ্রব্য প্রস্তুত কৰিছিল ৷ এক মেড্রিক টন এক হাজাৰ কিলোগ্রাম গোলাপৰ পাহিৰ পৰা এক কিলোগ্রাম আতৰ বা সুগন্ধি দ্রব্য প্রস্তুত হয় ৷
অসমৰ নানা ফল–মূল আৰু শাক–পাচলি আদিৰ পৰাও প্রসাধন সামগ্রী প্রস্তুত কৰা হৈছিল ৷ তেনেকৈ গছ–গছনিৰ পাত, ডাল আদিৰ পৰাও প্রসাধন দ্রব্য প্রস্তুত কৰিছিল ৷
জেতুকাৰ পাতৰে নানা হাত বোলোৱাৰ লগতে নানা প্রসাধন সামগ্রী প্রস্তুত কৰিছিল ৷
হেঙুল আৰু হাইতালেৰে অংকীয়া ভাওনাত ভাওৰীয়াৰ প্রসাধন কৰা হয় ৷ এই হেঙুল আৰু হাইতাল তাহানি মানুহে ঘৰতে তৈয়াৰ কৰিছিল ৷
তাহানি কালত অসমত প্রস্তুত কৰা সুগন্ধি দ্রব্যৰ প্রসাধন সামগ্রীবোৰৰ ঔষধি গুণৰ বাবেও গুৰুত্বপূর্ণ আছিল ৷ এইবোৰ ব্যৱহাৰত পার্শ্ব প্রতিক্রিয়া নাছিল ৷ সেইবাবে এই সামগ্রীবোৰে মানুহৰ মাজত বিশেষ সমাদৰ পাহছিল ৷ এইবোৰ সামগ্রীৰ প্রস্তুত প্রায় সকলোতে আছিল ৷
ফোন : ৯৬৭৮১-৭৯৩৪৬