কেৰিয়াৰ গঠনত অভিৰুচি আৰু ব্যক্তিত্বৰ ভূমিকা

10

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ হৈছে এজন ব্যক্তিৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়ৰ বাবে গ্রহণ কৰা এক জীৱিকা, য’ত প্ৰগতিৰ সুযোগ থাকে । এগৰাকী শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত অভিৰুচি আৰু ব্যক্তিত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যদিও এই দুটা কাৰকক প্ৰায়ে কম মূল্য দিয়া হয়। এই দুটা কাৰকে শিক্ষাৰ্থীসকলক তেওঁলোকৰ আভ্যন্তৰীণ আগ্ৰহ, সক্ষমতা আৰু স্বাভাৱিক প্রৱণতাৰ সৈতে মিল থকা কেৰিয়াৰৰ দিশত আগবঢ়াব পাৰে, যাৰ ফলত তেওঁলোকে দীৰ্ঘম্যাদী সফলতা আৰু অধিক সন্তুষ্টি লাভ কৰিব পাৰে।

অভিৰুচি হৈছে এজন ব্যক্তিয়ে আজৰি সময়ত আনন্দৰ বাবে কৰা এটা কাম। কিন্তু যদি সাৱধানে লালন-পালন কৰা হয়, তেন্তে এই অভিৰুচিয়ে ভবিষ্যতৰ সম্ভাৱনীয় কেৰিয়াৰ পথৰ দিশ দেখুৱাব পাৰে। উদাহৰণস্বৰূপে- যদি এজন শিক্ষাৰ্থীয়ে অংকন বা চিত্ৰকলা ভাল পায়, তেন্তে তেওঁ গ্ৰাফিক ডিজাইন, এনিমেচন, আর্কিটেচাৰ বা ফাইন আৰ্টছৰ দৰে কেৰিয়াৰত পাৰদৰ্শিতা দেখুৱাব পাৰে। যদি এজন শিক্ষাৰ্থী লেখা-মেলাত  আগ্ৰহ থাকে, তেন্তে তেওঁ সাংবাদিক, লেখক, কনটেণ্ট ক্ৰিয়েটৰ , সম্পাদক আদি হিচাপে সফল হ’ব পাৰে। যিসকলে কোডিং বা গেমিঙত আগ্ৰহী, তেওঁলোকৰ বাবে কম্পিউটাৰ চায়েন্স, গেম ডিজাইন, ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ দৰে কেৰিয়াৰ উপযুক্ত হ’ব পাৰে।  অভিৰুচিবোৰে কোনো ব্যক্তিৰ লুকাই থকা প্ৰতিভাক উন্মোচন কৰে আৰু ই বিশেষ পেচাত আগবাঢ়িবলৈ সহায়ক এক পদক্ষেপ হ’ব পাৰে। অভিৰুচিবোৰেয়ে সৃষ্টিশীলতা, অনুশাসন, সমস্যা সমাধান কৰাৰ ক্ষমতা আদি বৃদ্ধি কৰে, যিবোৰ গুণ যিকোনো কেৰিয়াৰতে মূল্য দিয়া হয়।

ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ চিন্তা-ভাবনা, আচৰণ-পদ্ধতি আৰু অনুভূতিৰ এক বিশেষ আৰু অনন্য সংমিশ্ৰণ। এই ব্যক্তিত্বেই এজন ব্যক্তিক অনন্য হিচাপে চিনাক্ত কৰিব পাৰে। কেৰিয়াৰৰ সফলতা আৰু সন্তুষ্টিত ব্যক্তিত্বে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ ই কাম কৰা ধৰণ, লোকৰ সৈতে সম্পৰ্ক স্থাপন আৰু কঠিন পৰিস্থিতিত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়।

শিক্ষাৰ্থীসকলে অভিৰুচি আৰু নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ যদি কেৰিয়াৰ নিৰ্বাচন কৰি ল’ব পাৰে , তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে  আগুৱাই যাব পাৰিব ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী  নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব । ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি , যেনে – বাস্তৱধৰ্মী (Realistic) , অনুসন্ধানী (Investigative), শৈল্পিক (Artistic),  সামাজিক  (Social), উদ্যমী (Enterprising), গতানুগতিক (Conventional) ব্যক্তিত্ব আদি । ব্যক্তিত্বৰ লগতে নিজৰ অভিৰুচি , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ  সহায়ো ল’ব পাৰে । শিক্ষাৰ্থীসকলে অভিৰুচি বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই অভিৰুচিসমূহেই  শিক্ষাৰ্থী জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো অভিৰুচিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। উদাহৰণস্বৰূপে- বহিৰ্মুখী শিক্ষাৰ্থীসকলে বিপণন, শিক্ষাদান, জনসম্পৰ্ক বা আতিথ্যৰ দৰে কেৰিয়াৰত পৰিপূৰ্ণতা পাব পাৰে। অন্তৰ্মুখী  শিক্ষাৰ্থীসকলে  গৱেষণা, প্ৰগ্ৰেমিং বা কাৰিকৰী ভূমিকা পছন্দ কৰিব পাৰে য’ত গভীৰ মনোনিৱেশ আৰু নূন্যতম সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপ থাকে ।

বিভিন্ন কেৰিয়াৰবোৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে-  বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers), অনুসন্ধানী কেৰিয়াৰ (Investigative Careers), শৈল্পিক কেৰিয়াৰ (Artistic Careers), সামাজিক কেৰিয়াৰ (Social Careers), উদ্যমী কেৰিয়াৰ (Enterprising Careers), গতানুগতিক কেৰিয়াৰ (Conventional Careers) আদি।

বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers): এই ধৰণৰ কেৰিয়াৰবোৰত লোকসকলে মেচিন, সঁজুলি, কাৰখানা, কম্পিউটাৰ নেটৱৰ্ক, শাৰীৰিক কৌশল আৰু বাহ্যিক পৰিৱেশত কাম কৰাৰ দক্ষতাৰ ওপৰত নির্ভৰ কৰে। বাস্তৱধৰ্মী পেচাৰ লোকসকলে সাধাৰণতে প্ৰয়োগিক জ্ঞান আৰু শাৰীৰিক কষ্ট সহ্য কৰাৰ ক্ষমতা থাকে। কিছুমান বাস্তৱধৰ্মী কেৰিয়াৰৰ উদাহৰণ হ’ল –

প্ৰযুক্তিগত আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰত : মেকানিকেল ইঞ্জিনিয়াৰ (Mechanical Engineer), চিভিল ইঞ্জিনিয়াৰ (Civil Engineer),ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ (Electrical Engineer), কেমিকেল ইঞ্জিনিয়াৰ (Chemical Engineer),কম্পিউটাৰ ইঞ্জিনিয়াৰ (Computer Engineer),অটোমোবাইল ইঞ্জিনিয়াৰ (Automobile Engineer),ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰ (Industrial Engineer), ),প্ৰডাকচন ইঞ্জিনিয়াৰ (Production Engineer),, ইনস্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰ(Instrumentation Engineer), মাইনিং ইঞ্জিনিয়াৰ(Mining Engineer), মেটালাৰ্জিকেল ইঞ্জিনিয়াৰ (Metallurgical Engineer)আদি।

কৃষি আৰু প্ৰাকৃতিক বিজ্ঞানভিত্তিক : কৃষি বিজ্ঞানী (Agricultural Scientist),হৰ্টিকালটাৰিষ্ট (Horticulturist),ফুড এণ্ড ডেয়াৰী টেকনলজিষ্ট, জিওগ্রাফাৰ (Geographer), ফৰেষ্ট মেনেজাৰ (Forest Manager) আদি।

শাৰীৰিক সামৰ্থ্য,শিক্ষা,খেল আদি ক্ষেত্ৰত : এথলিট (Athlete), ফিটনেছ ট্ৰেইনাৰ (Fitness Trainer),ক্ৰীড়া প্ৰশিক্ষক (Sports Instructor), শাৰীৰিক শিক্ষাৰ শিক্ষক (Physical Education Teacher) ,মাৰ্চেণ্ট নেভি মাৰ্চেণ্ট নেভি(Merchant Navy), পেৰা মিলিটাৰী বাহিনী (Para Military Forces), সীমান্ত সুৰক্ষা বাহিনী (BSF), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(CISF), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (ITBP) , সশস্ত্ৰ সীমা বল (SSB), পুলিচ অফিচাৰ (Police Officer) আদি।

বিশেষ প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত : বাণিজ্যিক পাইলট(Commercial Pilot), ফিল্ম এডিটৰ (Film Editor), চাউণ্ড ইঞ্জিনিয়াৰ (Sound Engineer), অডিঅ’ ইঞ্জিনিয়াৰ(Audio Engineer), মেডিকেল লেব টেকনলজিষ্ট(Medical Lab Technologist), লেণ্ডস্কেপ আৰ্কিটেক্ট(Landscape Architect), নাভাল আৰ্কিটেক্ট এণ্ড ওচেন ইঞ্জিনিয়াৰ(Naval Architect and Ocean Engineer), ডিচাষ্টাৰ মেনেজাৰৰ (Disaster Manager) আদি।

অনুসন্ধানী কেৰিয়াৰ (Investigative Careers): অনুসন্ধানী কেৰিয়াৰবোৰ হৈছে সেই ধৰণৰ পেচা, য’ত বিজ্ঞান, গণিত, বিশ্লেষণাত্মক চিন্তা আৰু গৱেষণাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই ক্ষেত্ৰৰ ব্যক্তিসকলে সাধাৰণতে বিমূৰ্ত সমস্যা সমাধান, তথ্য বিশ্লেষণ, পৰীক্ষা-নিৰীক্ষা আৰু নতুন জ্ঞান উদঘাটন কৰাৰ জৰিয়তে কাম কৰি আনন্দ আৰু সন্তুষ্টি লাভ কৰে। এই ধৰণৰ কেৰিয়াৰ বেছিভাগ ক্ষেত্ৰত লজিক, কৌতূহল, গভীৰ চিন্তা, আৰু অধ্যৱসায়ৰ প্ৰয়োজন হয়। কিছুমান অনুসন্ধানী কেৰিয়াৰৰ উদাহৰণ হ’ল –

বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তি: অণুজীৱবিজ্ঞানী (Microbiologist), জেনেটিচিষ্ট (Geneticist), পদাৰ্থবিজ্ঞানী (Physicist), বায়োকেমিষ্ট (Biochemist), বায়োফিজিচিষ্ট (Biophysicist), মহাকাশ গৱেষক (Space Researcher), ভূতত্ত্ববিদ (Geologist), জ্যোতিৰ্বিজ্ঞানী (Astronomer), এনভিৰনমেণ্টেল চাইণ্টিষ্ট (Environmental Scientist), ফিচাৰিছ চাইণ্টিষ্ট (Fisheries Scientist), পশু বিজ্ঞানী (Animal Scientist) আদি।

চিকিৎসা আৰু স্বাস্থ্য বিজ্ঞান: চিকিৎসক/ডক্টৰ (Physician), ডেণ্টিষ্ট (Dentist), নিউট্রিছনিষ্ট (Nutritionist), পশু চিকিৎসক (Veterinarian), ফাৰ্মাচিষ্ট (Pharmacist), পাব্লিক হেল্থ কেয়াৰ প্ৰফেশ্যনেল(Public Health Care Professional),মেডিকেল চাৰ্জন (Medical Surgeon) আদি।

প্ৰযুক্তি আৰু আই.টি.ক্ষেত্ৰ: চফ্টৱেৰ ডেভেলপাৰ(Software Developer), চিষ্টেম ইঞ্জিনিয়াৰ(System Engineer), আইটি চিকিউৰিটি প্ৰফেশ্যনেল(IT Security Professional), এথিকেল হেকাৰ(Ethical Hacker) আদি।

গণিত, পৰিসংখ্যা আৰু বিশ্লেষণঃ গণিতজ্ঞ (Mathematician), পৰিসংখ্যাবিদ (Statistician), মাৰ্কেট ৰিচাৰ্চাৰ (Market Researcher) আদি।

মানৱিক আৰু সমাজবিজ্ঞান: ইতিহাসবিদ (Historian), সমাজবিজ্ঞানী (Sociologist), মনোবিজ্ঞানী (Psychologist), ৰাজনৈতিক গৱেষক (Political Researcher), পুৰাতত্ত্ববিদ (Archaeologist) আদি।

শৈল্পিক কেৰিয়াৰ (Artistic Careers): শৈল্পিক কেৰিয়াৰ বুলিলে বুজায় সেই ধৰণৰ জীৱিকা, য’ত কল্পনাশক্তি, সৃষ্টিশীলতা, সৌন্দৰ্যবোধ, মৌলিক চিন্তা আৰু অভিব্যক্তিৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই ক্ষেত্ৰৰ ব্যক্তিসকলে সাধাৰণতে লিখা-পঢ়া, সংগীত, নৃত্য, দৰ্শন, ডিজাইন, অভিনয়, অথবা অন্যান্য দৃষ্টিনন্দন বা সাংস্কৃতিক অভিব্যক্তিৰ জগতত কাম কৰে। এই ক্ষেত্ৰত সফলতাৰ বাবে কেতিয়াবা প্রথাগত শিক্ষাৰ বাহিৰে প্ৰাকৃতিক প্ৰতিভা, মনৰ গভীৰতা আৰু অনুশীলনৰ স্পৃহা অতি প্ৰয়োজনীয়। কিছুমান শৈল্পিক কেৰিয়াৰৰ উদাহৰণ হ’ল-

দৃশ্য-শিল্প আৰু ডিজাইনঃ  আৰ্টিষ্ট (Painter), ভাস্কৰ্য্য শিল্পী (Sculptor), গ্ৰাফিক ডিজাইনাৰ (Graphic Designer), ইণ্টেৰিয়ৰ ডিজাইনাৰ (Interior Designer), ফেশ্বন ডিজাইনাৰ(Fashion Designer), টেক্সটাইল ডিজাইনাৰ (Textile Designer), জুয়েলৰী ডিজাইনাৰ (Jewelry Designer), ফাৰ্নিচাৰ ডিজাইনাৰ (Furniture Designer), ইণ্ডাষ্ট্ৰিয়াল ডিজাইনাৰ (Industrial Designer), আৰ্হিটেক্ট (Architect), কমাৰ্চিয়েল আৰ্টিষ্ট (Commercial Artist) আদি।

অভিনয়, সংগীত আৰু পৰিৱেশনশিল্প : অভিনেতা (Actor), নৃত্যশিল্পী(Dancer), সংগীতজ্ঞ (Musician), ডিজে জ’কী (Disc Jockey), ভিডিঅ’ জকী (Video Jockey), ৰেডিঅ’ জকী (Radio Jockey0, টিভি এংকৰ (TV Anchor),টিভি কমেণ্টেটৰ (TV Commentator), ফেশ্বন মডেল (Fashion Model), চলচ্চিত্ৰ পৰিচালক (Film Director) আদি।

লিখন আৰু ভাষা: অনুবাদক (Translator),ভাষাবিদ (Linguist), সাংবাদিক (Journalist), মিউজিয়াম কিউৰেটৰ (Museum Curator) আদি।

চিত্র আৰু ডিজিটেল মিডিয়া: এনিমেটৰ এণ্ড কাৰ্টুনিষ্ট (Animator and Cartoonist), ফটোগ্ৰাফাৰ (Photographer), ভিডিঅ’ সম্পাদনকাৰী (Video Editor) আদি।

অন্যান্য সৃষ্টিশীল পেছা: চেফ (Chef) ।

সামাজিক কেৰিয়াৰ (Social Careers) : সামাজিক কেৰিয়াৰ বুলিলে বুজায় সেই ধৰণৰ পেচা বা জীৱিকা, য’ত মানুহে আন মানুহৰ সহায়, বিকাশ, শিক্ষা বা কল্যাণৰ বাবে সক্ৰিয়ভাৱে কাম কৰে। এই ক্ষেত্ৰৰ লোকসকলে সাধাৰণতে দায়িত্বশীল, সহানুভূতিশীল আৰু অন্যৰ প্ৰতি যত্নশীল হয়। সামাজিক কেৰিয়াৰবোৰত সমাজিক সংগঠন, শিক্ষা, চিকিৎসা, পৰামৰ্শ, আৰু জনসংযোগৰ দৰে খণ্ডবোৰত কাম কৰাৰ সুযোগ থাকে। কিছুমান সামাজিক কেৰিয়াৰৰ উদাহৰণ হ’ল-

স্বাস্থ্য আৰু চিকিৎসা সহায় ক্ষেত্ৰ: নাৰ্চিং আৰু চিকিৎসা সহায়ক (Nursing and Medical Assistant),ফিজিঅ’থেৰাপিষ্ট (Physiotherapist),স্পিচ থেৰাপিষ্ট (Speech Therapist), ডায়েটিচিয়ান (Dietitian),যোগ প্ৰশিক্ষক (Yoga Instructor) আদি।

শিক্ষা আৰু প্ৰশিক্ষণ : শিক্ষক (Teacher),কৰ্পোৰেট প্ৰশিক্ষক (Corporate Trainer), পৰামৰ্শদাতা  (Counselor) আদি।

মানৱ সম্পদ আৰু অতিথি সেৱা: মানৱ সম্পদ পৰিচালক (Human Resource Manager). হোটেল/ৰেষ্টুৰেণ্ট অতিথি সম্পৰ্ক পৰিচালক (Guest Relations Manager), এয়াৰ হোষ্টেছ(Air Hostess), ফ্লাইট ষ্টিৱাৰ্ড (Flight Steward) আদি।

সৌন্দৰ্য আৰু কল্যাণ কেন্দ্ৰিক পেচা : প্ৰসাধন বিশেষজ্ঞ (Cosmetologist)।

সামাজিক সেৱা আৰু ৰাজনীতি ক্ষেত্ৰ : সমাজকৰ্মী (Social Worker),ৰাজনীতিবিদ (Politician) আদি।

উদ্যোগী কেৰিয়াৰ (Enterprising Careers): উদ্যমী কেৰিয়াৰ বুলিলে বুজায় সেই ধৰণৰ পেচা, য’ত নেতৃত্ব, উদ্যোম, বিক্ৰী আৰু জনসংযোগৰ দক্ষতা অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত কৰ্মৰত লোকসকলে সাধাৰণতে মানুহক প্রভাৱিত কৰা, সিদ্ধান্ত লোৱা, দলেৰে কাম কৰা, আৰু নতুন ব্যৱসায়িক বা ৰাজনৈতিক উদ্যোগ লোৱাত পাৰদর্শী হয়। এই কেৰিয়াৰবোৰত ভাল যোগাযোগ কৌশল, আত্মবিশ্বাস, আগবাঢ়ি নেতৃত্ব লোৱাৰ মনোভাৱ, আৰু ব্যাবস্থাপনাগত দক্ষতা থকাৰ প্ৰয়োজন হয়। কিছুমান উদ্যোগী কেৰিয়াৰৰ উদাহৰণ হ’ল –

চাকৰিত নেতৃত্ব আৰু পৰিচালনা: আইএএছ,আইপিএছ,আইএফএছ  অফিচাৰ ( IAS,IPS,IFS Officers ),হোটেল মেনেজাৰ (Hotel Manager),খুচুৰা ব্যৱসায় পৰিচালক (Retail Manager),ব্যৱসায়িক পৰিচালক (Business Manager),একাউণ্টছ মেনেজাৰ (Accounts Manager),মাৰ্কেটিং মেনেজাৰ (Marketing Manager),জনসংযোগ পৰিচালক (Public Relations Manager) আদি।

বিক্ৰী আৰু বিতৰণ ক্ষেত্ৰ: ডিৰেক্ট চেলচ এক্সিকিউটিভ (Direct Sales Executive),জীৱন বীমা কাৰ্যবাহী (Life Insurance Executive),ৰিয়েল এষ্টেট এজেণ্ট (Real Estate Agent),ষ্টক ব্ৰকাৰ (Stock Broker) আদি।

উদ্যোগ আৰু সৃষ্টি-ভিত্তিক কৰ্ম: এনট্ৰাপ্ৰেনিউৰ (Entrepreneur),ফিল্ম প্ৰডিউচাৰ এণ্ড ডিষ্ট্ৰিবিউটৰ (Film Producer and Distributor),ইভেণ্ট মেনেজাৰ (Event Manager), ট্ৰেভেল এণ্ড টুৰিজম মেনেজাৰ (Travel and Tourism Manager) আদি।

আইনী আৰু নীতি-নির্ধাৰক কৰ্ম: উকীল (Lawyer)।

গতানুগতিক কেৰিয়াৰ (Conventional Careers): গতানুগতিক কেৰিয়াৰ বুলিলে বুজা যায় সেই ধৰণৰ পেচা, য’ত সাধাৰণতে ৰুটিনমাফিক কাম-কাজ, শৃংখলাবদ্ধতা, দস্তাবেজৰ ব্যৱস্থাপনা আৰু কাৰ্যালয়ভিত্তিক দায়িত্ব থাকে। এই কেৰিয়াৰৰ লোকসকলে সাধাৰণতে সঠিকতা, সু-সংগঠিত মনোভাৱ, আৰু বিশ্লেষণাত্মক চিন্তা-ধাৰাৰে কাম কৰে।এইসকল ক্ষেত্ৰত ব্যৱস্থাপনাগত আৰু একাউণ্টিং জ্ঞান থকা লোকসকল বেছি সফল হয়। কিছুমান গতানুগতিক কেৰিয়াৰৰ উদাহৰণ হ’ল –

বিত্তীয় সেৱা : হিচাপৰক্ষক (Accountant),অডিটৰ (Auditor),বেংক কৰ্মচাৰী (Bank Clerk/Officer) আদি।

প্ৰশাসনিক কাম : অফিচ প্ৰশাসক (Office Administrator),ডেটা এণ্ট্ৰি অপাৰেটৰ (Data Entry Operator) আদি।

চৰকাৰী চাকৰি :ৰাজহ বিষয়া (Tax Officer).চিভিল সেৱা (Civil Services) আদি।

গৱেষণা আৰু ৰেকৰ্ড : লাইব্ৰেৰিয়ান (Librarian),আৰ্কাইভিষ্ট (Archivist) আদি।

স্বাস্থ্য সেৱা : মেডিকেল ৰেকৰ্ড টেকনিচিয়ান (Medical Records Technician) ।

আইনী সেৱা : কোৰ্ট ক্লাৰ্ক (Court Clerk),লিগেল চেক্ৰেটাৰী (Legal Secretary) আদি।

আৰ্থিক আৰু একাউণ্টিং সংক্রান্ত: বেংক বিষয়া (Bank Officer),চাৰ্টাৰ্ড একাউণ্টেণ্ট (Chartered Accountant),ক্ৰেডিট মেনেজাৰ (Credit Manager) আদি।

আইনী আৰু সংগঠনত্মক: কোম্পানী ছেক্ৰেটাৰী (Company Secretary) আদি।

দস্তাবেজ সংৰক্ষণ আৰু তথ্য ব্যৱস্থাপনা: লাইব্ৰেৰিয়ান (Librarian), কাৰ্যালয়ৰ কাৰ্যবাহী (Office Executive) আদি।

শিক্ষানুষ্ঠান আৰু অভিভাৱকসকলে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ অভিৰুচি অন্বেষণ কৰিবলৈ আৰু তেওঁলোকৰ ব্যক্তিত্বৰ বৈশিষ্ট্যৰ ওপৰত প্ৰতিফলিত কৰিবলৈ উৎসাহিত কৰিব পাৰে। কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচী, ইণ্টাৰ্নশ্বিপ, স্বেচ্ছাসেৱক আৰু ব্যক্তিত্ব পৰীক্ষাৰ জৰিয়তে  শিক্ষাৰ্থীসকলক তেওঁলোকৰ আগ্ৰহ আৰু ব্যক্তিত্ব কোন ধৰণৰ বাস্তৱ জীৱনৰ সুযোগৰ সৈতে মিল খায়, সেয়া বিচাৰি উলিয়াব পাৰে।

এজন শিক্ষাৰ্থীয়ে কেৱল সামাজিক চাপ বা আৰ্থিক লাভালাভৰ বাবে কেৰিয়াৰ নিৰ্বাচন কৰাটো দীৰ্ঘম্যাদীভাৱে সন্তুষ্টিদায়ক নহয়। অভিৰুচি আৰু ব্যক্তিত্বৰ সৈতে সংগতি ৰাখি গঢ় লোৱা কেৰিয়াৰহে এক সুখী আৰু সফল জীৱনৰ চাবিকাঠি। গতিকে, প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ অন্তৰৰ কণ্ঠস্বৰ শুনি, নিজৰ প্ৰকৃত ৰুচি আৰু দক্ষতাৰ আধাৰত কেৰিয়াৰৰ সিদ্ধান্ত ল’ব লাগে।

ফোন: ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.