ড° বুলজিৎ বুঢ়াগোহাঁই
আজি যি গতিত বিশ্ব এখন ‘গোলকীয় গাঁও(Global Village)’ হিচাপে পৰিণত হৈ পৰিছে, সেই পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলা এটা সম্ভাৱনাপূৰ্ণ বাছনি হিচাপে বিবেচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations) কেৱল ৰাজনৈতিক সম্পৰ্কলৈ সীমাবদ্ধ নাথাকি, ই বিশ্ব অৰ্থনীতি, নিৰাপত্তা, কূটনীতি, পৰিৱেশ, উন্নয়ন, মানৱ অধিকাৰ, বৈদেশিক নীতি আদিৰ সৈতে গভীৰভাৱে জড়িত। এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ অৰ্থ হৈছে—বিশ্ব পৰিপ্ৰেক্ষিতত চিন্তা কৰা, নানা সংস্কৃতিৰ সৈতে সম্পৰ্ক গঢ়ি তোলা, আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা। বিশেষকৈ নতুন প্ৰজন্মৰ বাবে এইখন এনে এখন ক্ষেত্ৰ, য’ত বৌদ্ধিক উৎকৰ্ষ, গৱেষণামূলক চিন্তা, আৰু সাংস্কৃতিক সংবেদনশীলতা একেলগে প্ৰয়োগ কৰি জীৱন আৰু সমাজ উভয়তে ইতিবাচক প্ৰভাৱ পেলাব পৰা যায়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত কেৰিয়াৰৰ বহুতো সুবিধা আছে, যেনে – চৰকাৰী বিভাগ (ভাৰতীয় বৈদেশিক সেৱা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আদি), আন্তঃৰাষ্ট্ৰী সংস্থা (ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থা, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা আদি), বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত খণ্ড । আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – কূটনীতিজ্ঞ (Diplomat), বিদেশ সেৱা বিষয়া (Foreign Service Officer), গুপ্তচৰ বিশ্লেষক (Intelligence Analyst), নীতি পৰামৰ্শদাতা (Policy Advisor), আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক কাৰ্যবাহী( international business executives) আদি।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত সফল হ’বলৈ প্ৰাৰ্থীসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – শক্তিশালী যোগাযোগ কৌশল (লিখিত আৰু মৌখিক দুয়োটা),বিশ্লেষণাত্মক আৰু সমালোচনামূলক চিন্তাশক্তি,সমস্যা সমাধানৰ দক্ষতা, সাংস্কৃতিক সজাগতা আৰু সংবেদনশীলতা, বিদেশী ভাষাৰ জ্ঞান (যেনে- ফৰাচী, স্পেনিছ, আৰবী, চীনা আদি) আদি।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত প্ৰৱেশ-স্তৰৰ চাকৰিৰ বাবে ৰাজনীতি বিজ্ঞান, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, অৰ্থনীতি বা ইতিহাসৰ দৰে সংশ্লিষ্ট বিষয়ত ন্যূনতম স্নাতক ডিগ্রীধাৰী হ’ব লাগে । এই ডিগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মূল নীতি, ৰাজনৈতিক তত্ত্ব আৰু ইতিহাসৰ ভিত্তি প্ৰদান কৰে, যিয়ে এই ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰাত সহায় কৰে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত সফল হ’বলৈ ব্যৱহাৰিক অভিজ্ঞতা অতি প্রয়োজনীয়। ইণ্টাৰ্নশ্বিপ, ফেলোশ্বিপ, বা স্বেচ্ছাসেৱক কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা (NGO), বা ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ কাম-কাজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’ব পাৰি। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ (MIR) বা পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ (MPA) অধ্যয়ন কৰিলে জ্ঞান আৰু দক্ষতাৰ গভীৰতা বৃদ্ধি কৰে , তাৰ ফলত উচ্চস্তৰৰ চাকৰিৰ সুযোগ সৃষ্টি কৰে আৰু উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰে। স্নাতকোত্তৰ ডিগ্ৰীয়ে আন্তৰ্জাতিক নীতি, কূটনীতি আৰু বিশ্বৰাজনীতিৰ বিষয়ে গৱেষণামূলক জ্ঞান প্ৰদান কৰে, যিয়ে এই ক্ষেত্ৰত এজনক এজন বিশেষজ্ঞ হিচাপে গঢ়ি তোলাত সহায় কৰে।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations)’ৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পৰা শিক্ষানুষ্ঠান আছে ।যেনে-গুৱাহাটী বিশ্ববিদ্যালয় (https://gauhati.ac.in),ডিব্ৰুগড় বিশ্ববিদ্যালয় https://dibru.ac.in),তেজপুৰ বিশ্ববিদ্যালয় (https://www.tezu.ernet.in/),অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in), বড়োলেণ্ড বিশ্ববিদ্যালয় (http://www.bodolanduniversity.ac.in), অসম মহিলা বিশ্ববিদ্যালয় (http://www.awu.ac.in), মাধৱদেৱ বিশ্ববিদ্যালয় (https://madhabdevuniversity.ac.in), ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (http://rtuassam.ac.in), ভট্টদেৱ বিশ্ববিদ্যালয় (http://www.bhattadevuniversity.ac.in), কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ( http://www.kbvsasun.ac.in) ,বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (http://www.bssrv.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (http://www.kkhsou.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (http://www.iitg.ac.in), মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in),
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় (www.kav.org.in),অসম ডন বস্ক’ বিশ্ববিদ্যালয় (http://www.dbuniversity.ac.in), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in ) আদি। যদিও অসমৰ বহুতো বিশ্ববিদ্যালয়ত “আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations)” নামৰ পৃথক স্নাতকোত্তৰ ডিগ্ৰী উপলব্ধ নহয়, তথাপিও ৰাজনৈতিক বিজ্ঞান (Political Science) বিষয়ৰ অন্তৰ্গত M.A. পাঠ্যক্রমত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, বৈদেশিক নীতি, গ্ল’বল ষ্টাডিজ, আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ওপৰত বিস্তৃত অধ্যয়নৰ সুযোগ থাকে। সেয়েহে, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আগ্ৰহী শিক্ষাৰ্থীসকলে ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধীনত এই বিষয়বস্তু অধ্যয়ন কৰি আগুৱাই যাব পাৰে।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations)ৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (http://www.jnu.ac.in ) , দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in), যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in ), পণ্ডিচেৰী বিশ্ববিদ্যালয় ( www.pondiuni.edu.in), ড° বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয় (https://aud.delhi.gov.in/),মহাৰাজা সয়াজিৰাও বৰোদা বিশ্ববিদ্যালয় (https://msubaroda.ac.in),দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় (https://sau.int), ওপি জিন্দল গ্লোবেল বিশ্ববিদ্যালয় (https://jgu.edu.in),টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠান (https://tiss.ac.in) ,খ্ৰীষ্ট বিশ্ববিদ্যালয় (https://christuniversity.in) আদি।
শিক্ষানুষ্ঠানসমূহত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations)ৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।
বিদেশ সেৱা বিষয়া (Foreign Service Officer) : বিদেশ সেৱা বিষয়া (Foreign Service Officer) হ’বলৈ প্ৰাৰ্থীগৰাকীয়ে ভাৰত চৰকাৰৰ ভাৰতীয় বৈদেশিক সেৱা( Indian Foreign Service ,IFS)ত নিযুক্তি লাভ কৰিব লাগিব। এই পদত নিযুক্তি পাবলৈ কেন্দ্রীয় লোকসেৱা আয়োগ(Union Public Service Commission ,UPSC)ৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examination ,CSE) উর্ত্তীণ হ’ব লাগিব। অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্রাৰ্থীগৰাকী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে । পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। পৰীক্ষা প্ৰক্ৰিয়া টো তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) মূল পৰীক্ষা(Main Examination) আৰু সাক্ষাৎকাৰ (Interview / Personality Test) । অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examination – CSE) ৰ চূড়ান্ত ফলাফলত প্ৰাৰ্থীয়ে লাভ কৰা ৰেংক আৰু তেওঁ দিয়া পছন্দ (preference) অনুসৰি, বিদেশ সেৱা বিষয়া (Foreign Service Officer) হিচাপে নিযুক্তি দিয়া হয়। এই পদ লাভ কৰিবলৈ ৰেংকটো যথেষ্ট উচ্চ হ’ব লাগিব। ভাৰতৰ বৈদেশিক নীতি প্ৰস্তুতিত সহায়, বিদেশী দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা, কূটনৈতিক আলোচনা, ভাৰতীয় নাগৰিকৰ সহায়, বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক উন্নয়ন আদি দায়িত্ব এজন বিদেশ সেৱা বিষয়াৰ থাকে।
ফোন: ৯৪৩৫১৮৮৬৩০
Comments are closed, but trackbacks and pingbacks are open.