বিজ্ঞান যোগাযোগকাৰী কেনেকৈ হ’ব পাৰি ?

5

ড° বুলজিৎ বুঢ়াগোহাঁই

বিজ্ঞান যোগাযোগ এক উন্নয়নশীল আৰু গতিশীল ক্ষেত্ৰ, যাৰ অপৰিসীম সম্ভাৱনা আছে, বিশেষকৈ বিজ্ঞানৰ অধ্যয়নকাৰীসকলৰ বাবে যি জটিল বৈজ্ঞানিক ধাৰণাসমূহক বৈচিত্ৰময় দৰ্শকৰ বাবে সহজ সৰল কৰি উপস্থাপন কৰাৰ ক্ষমতা আৰু আবেগ আছে। বিজ্ঞান যোগাযোগৰ কেৰিয়াৰে কেৱল বিজ্ঞানী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান দূৰ কৰাই নহয়, সমাজৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিজ্ঞান যোগাযোগৰ ক্ষেত্রত সফল হবলৈ কিছুমান দক্ষতা থকা দৰকাৰ । সাধাৰণ মানুহেও বুজিব পৰাকৈ প্ৰবন্ধ, ব্লগ, প্ৰেছ বিজ্ঞপ্তি, আৰু প্ৰতিবেদন লিখা আৰু সম্পাদনা কৰাৰ দক্ষতা থাকিব লাগে। ৰাজহুৱা ভাষণ দিয়া, ভিডিঅ’ তৈয়াৰ কৰা বা উপস্থাপন আগবঢ়োৱা দক্ষতা থাকিব লাগে। দৃশ্যমান গল্প কোৱাৰ বাবে ভিডিঅ’ সম্পাদনা, প’ডকাষ্টিং, বা এনিমেচনৰ দক্ষতা থাকিব লাগে। আকৰ্ষণীয় সমল সৃষ্টি কৰিবলৈ বিজ্ঞানী আৰু সাংবাদিকসকলৰ সৈতে সম্পৰ্ক গঢ়ি তোলা দক্ষতা থাকিব লাগে। বৈজ্ঞানিক গৱেষণাৰ সঠিকতা আৰু প্ৰাসংগিকতাৰ বাবে বুজা আৰু বিশ্লেষণ কৰা দক্ষতা আদি।

শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতা ওপৰত ভিত্তি কৰি বিজ্ঞান যোগাযোগৰ ক্ষেত্রখনত   বিজ্ঞান সাংবাদিক, বিজ্ঞান লেখক, বিজ্ঞান চলচ্চিত্ৰ নিৰ্মাতা, জনসম্পৰ্ক বিষয়া (বিজ্ঞান আৰু প্ৰযুক্তি), কৰ্পৰেট কমিউনিকেটৰ (বিজ্ঞান আৰু প্ৰযুক্তি), স্বাস্থ্য/পৰিৱেশ/শক্তি যোগাযোগকাৰী আদি পদত নিযুক্তি লাভ কৰিব পাৰে ।

দেশৰ বিভিন্ন স্থানত বিজ্ঞান যোগাযোগ শিক্ষা গ্রহণ কৰিব পৰা কেইবাখনো শিক্ষানুষ্ঠান আছে । ‘ইনষ্টিটিউট   অৱ   মাছ কমিউনিকেশ্যন ইন ছায়েন্স এণ্ড টেকন’লজী , লক্ষ্নৌ বিশ্ববিদ্যালয় (https://udrc.lkouniv.ac.in/)ত দুইবছৰীয়া গণসংযোগ( বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা) ত স্নাতকোত্তৰ (এম.এছ.চি.)  পাঠ্যক্রম আগবঢ়ায়। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদৰ (এনচিএছটিচি) সমৰ্থনত আৰম্ভ কৰা   এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকল বিএছচি ডিগ্ৰী বা / বি.টেক. / বি.এছ.চি./ বি.চি.এ./ বি.এইচ.এম.এছ./ বি.এ.এম.এছ./ বি.এ.এম.এছ./ বি.ইউ.এম.এছ./ এম.বি.বি.এছ./ বি.ডি.এছ. আদি স্নাতক পাঠ্যক্রম ন্যূনতম ৪৫% নম্বৰৰ লগত উত্তীৰ্ণ হ’ব লাগে। আসনৰ সংখ্যা ৪০খন।

ইণ্ডিয়ান ছায়েন্স কমিউনিকেশ্যন ছ’চাইটি (https://www.iscos.org) ৰ উদ্যোগত  বিজ্ঞান সাংবাদিকতাৰ প্ৰশিক্ষণ আৰু শিক্ষা প্রদান কৰে ।

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (www.pau.edu)ত মাথোঁ বিজ্ঞানৰ স্নাতকৰ বাবে সাংবাদিকতাৰ দুবছৰৰ বাবে পাঠ্যক্রম আগবঢ়োৱা হয়।

বিজ্ঞান প্ৰসাৰ (Vigyan Prasar)ই  বিজ্ঞান যোগাযোগৰ বিষয়ে বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰে। ই  ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংস্থা।

National Institute of Science Communication and Information Resources (NISCAIR, https://www.niscpr.res.in/) হৈছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ এক প্ৰতিষ্ঠান, যাৰ উদ্দেশ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তি সংক্রান্ত তথ্যৰ প্ৰচাৰ, সংৰক্ষণ, আৰু প্ৰসাৰ কৰা। এই প্ৰতিষ্ঠানটোৱে বিজ্ঞান যোগাযোগৰ ক্ষেত্ৰত নানা ধৰণৰ গৱেষণা,  উন্নতি আৰু প্ৰশিক্ষণ অনুষ্ঠান  আয়োজন কৰে।

এটা কথা ভাল হ’ব যে সাংবাদিকতাৰ পাঠ্যক্রম গ্রহণ কৰিলেও বিজ্ঞান যোগাযোগকাৰী   হোৱাত সহায় হ’ব। সাংবাদিকতা শিক্ষা গ্রহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে । যেনে- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম বিশ্ববিদ্যালয় (www.aus.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in), অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in), কটন  বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), অসম ডনব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in) , ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন (www.iimc.nic.in), ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেছন (www.simc.edu), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in) , কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in) , ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in),এছিয়ান কলেজ অৱ জাৰ্ণেলিজিম (www.asianmedia.org ), ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্ণেলিজিম এণ্ড নিউ মেডিয়া (http://www.iijnm.org) ,ছফিয়া ইনষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেছন(http://www.scmsophia.com),লেডী শ্রীৰাম কলেজ (http://lsr.edu.in) ,খ্রীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in) ,ইন্দ্রপ্রস্থ কলেজ ফৰ ৱমেন(http://ipcollege.ac.in) ,জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেছন (www.xaviercomm.org) ,হায়দৰাবাদ বিশ্ববিদ্যালয় (www.commuoh.in), মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com) ,এমিটি স্কুল অৱ কমিউনিকেছন (https://amityonline.com), মুদ্রা ইনষ্টিটিউট অৱ কমিউনিকেছন(www.mica.ac.in) ,ভাৰতীয় বিদ্যা ভৱন (http://bhavansvc.org) আদি ।

বিজ্ঞান যোগাযোগৰ চাহিদা বৃদ্ধি হৈছে । শাসনব্যৱস্থা আৰু নীতি নিৰ্ধাৰণত বৈজ্ঞানিক তথ্য আৰু প্ৰমাণৰ প্ৰয়োজনীয়তা বাঢ়িছে । বিজ্ঞান যোগাযোগৰ মাধ্যমে, সঠিক আৰু বিশ্লেষিত তথ্য জনসাধাৰণ আৰু সিদ্ধান্ত গ্ৰহণকাৰীসকললৈ প্ৰচাৰ কৰা হয়। নতুন বৈজ্ঞানিক ক্ষেত্ৰসমূহ যেনে- কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), জলবায়ু পৰিৱৰ্তন (Climate Change), স্বাস্থ্য মহামাৰী, আৰু নৱীকৰণযোগ্য শক্তি (Renewable Energy)ৰ ওপৰত জনসাধাৰণৰ আগ্ৰহ আৰু সচেতনতা বৃদ্ধি হৈছে। এই ক্ষেত্ৰসমূহত সঠিক তথ্য আৰু বিজ্ঞানসম্মত উপস্থাপনাৰ প্ৰয়োজনীয়তা অধিক হৈছে। বিজ্ঞান আৰু স্বাস্থ্য সম্পৰ্কীয় ভুল তথ্য আৰু ভুৱা বাতৰিৰ বিস্তাৰ বৃদ্ধি পোৱাৰ সৈতে, সঠিক বিজ্ঞান তথ্যৰ প্ৰচাৰৰ প্ৰয়োজনীয়তা অধিক হৈছে। বিজ্ঞান সাংবাদিকতা আৰু যোগাযোগে এই মিছা বাতৰিৰ প্ৰতি সঠিক প্ৰতিবাদ আৰু সজাগতা বৃদ্ধি কৰিবলৈ সহায় কৰে।

এজন বিজ্ঞান যোগাযোগকাৰী  হ’বলৈ কি কি পদক্ষেপ গ্রহণ কৰিব লাগে তাৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

১।  পৰ্টফ’লিঅ’ প্রস্তুত কৰা: ব্লগ, জাৰ্নেল, বা ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত বিজ্ঞানৰ ওপৰত ৰচনা বা প্ৰবন্ধ লিখি নিজৰ পৰ্টফ’লিঅ’ প্রস্তুত কৰা । এই দ্বাৰা যোগাযোগকাৰীৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব।

২।কৰ্মশালা আৰু সন্মিলনৰ অংশগ্ৰহণ কৰা: বিজ্ঞান যোগাযোগৰ দক্ষতা উন্নত কৰিবলৈ কৰ্মশালা আৰু সন্মিলনসমূহত অংশগ্ৰহণ কৰিব লাগে । এইবোৰে যোগাযোগকাৰীক শিকিবলৈ আৰু বিভিন্ন পেচাদাৰীসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সহায় কৰে।

৩। সাম্প্ৰতিক বৈজ্ঞানিক উন্নয়ন আৰু প্ৰবণতাৰ সৈতে আপডেট থকা:বিজ্ঞানৰ পৰিসৰত নতুন উন্নয়ন, গৱেষণা, আৰু প্রবণতা সুৰক্ষিতভাৱে জনা। ই যোগাযোগকাৰীক বিজ্ঞান বিষয়ক বুজাবুজি আৰু সঠিক তথ্য প্ৰচাৰ কৰাৰ দক্ষতা বৃদ্ধি কৰে।

৪।  বিজ্ঞানীসকল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰা: গৱেষণাৰ ক্ষেত্ৰত প্ৰকৃত অভিজ্ঞতা লাভ কৰিবলৈ বিজ্ঞানীসকল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰা। এই অভিজ্ঞতা যোগাযোগকাৰীৰ বিজ্ঞান যোগাযোগৰ দিশৰ দক্ষতা প্ৰসাৰিত কৰে।

ফোন : ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.