ডিজিটেল মাৰ্কেটিং

194

 ° বুলজিৎ বুঢ়াগোহাঁই

ডিজিটেল মাৰ্কেটিং হৈছে  ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি, বিশেষকৈ ইণ্টাৰনেটৰ জৰিয়তে, সামগ্ৰী বা সেৱাৰ বিপণনৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত ম’বাইল ফোন, প্ৰদৰ্শন বিজ্ঞাপন, চাৰ্চ ইঞ্জিন মাৰ্কেটিং, ছ’চিয়েল মিডিয়া মাৰ্কেটিং, ভিডিঅ’ মাৰ্কেটিং আৰু আন যিকোনো ডিজিটেল মাধ্যম অন্তৰ্ভুক্ত কৰা হৈছে। এইটো এটা গতিশীল ক্ষেত্ৰ য’ত দ্ৰুত পৰিৱৰ্তন ঘটি থাকে। ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে সামগ্ৰী বা ব্রেণ্ডৰ প্ৰচাৰ এক বা ততধিক প্ৰকাৰৰ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে কৰা হয়। সংক্ষেপে, ডিজিটেল মাৰ্কেটিং হৈছে বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ। ডিজিটেল মাৰ্কেটিঙৰ মূল উদ্দেশ্য হৈছে লক্ষ্য কৰা গ্ৰাহকৰ সৈতে সঠিক সময়ত, সঠিক স্থানত, আৰু সঠিক মাধ্যমৰ জৰিয়তে যোগাযোগ স্থাপন কৰা। ইণ্টাৰনেটৰ ব্যৱহাৰে এনে যোগাযোগ অধিক সহজ আৰু ফলপ্ৰসূ কৰি তুলিছে। এই ক্ষেত্ৰত নতুন নতুন প্ৰযুক্তি আৰু কৌশলৰ বিকাশৰ বাবে ইয়াৰ গতি একেবাৰে দ্ৰুত, আৰু সেইবাবে ই সৃষ্টিশীলতাৰ লগতে প্ৰযুক্তিগত জ্ঞানৰ এক উত্তম সমাহাৰ দাবী কৰে।

ডিজিটেল মিডিয়াই গ্ৰাহকক যিকোনো সময়ত আৰু যিকোনো স্থানত তথ্য লাভ কৰিবলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত ই বাতৰি, মনোৰঞ্জন, সামাজিক যোগাযোগ, আৰু বজাৰ কৰাৰ বাবে এটা সক্ৰিয় আৰু অতি গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে।বৰ্তমান  যুগত গ্ৰাহকসকলৰ হাতত বহুত তথ্য থাকে আৰু সেইবাবে তেওঁলোকে কোম্পানীয়ে কৰা দাবীসমূহৰ ওপৰত মাথোঁ নিৰ্ভৰ নকৰাকৈ, বন্ধু-বান্ধৱ, সহকৰ্মী, আত্মীয়, আৰু সংবাদ মাধ্যমৰ পৰা মতামত লাভ কৰিব পাৰে। ডিজিটেল প্লেটফৰ্মসমূহৰ জৰিয়তে গ্ৰাহকসকলে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি, সেয়া তুলনা কৰি, তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা আৰু বিশ্বাসৰ আধাৰত সিদ্ধান্ত ল’ব পাৰে।গ্ৰাহকসকলে এনে সামগ্ৰী আৰু ব্ৰেণ্ডসমূহৰ প্ৰতি আকৰ্ষিত হয় যিবোৰৰ বিষয়ে তেওঁলোকৰ আগৰ পৰা চিনাকি থাকে, আৰু যিবোৰ সামগ্ৰী, সেৱা, আৰু ব্ৰেণ্ডসমূহে তেওঁলোকৰ মূল্যবোধ, ৰুচি, আৰু প্ৰাধান্যৰ সৈতে খাপ খায়। সেয়েহে ডিজিটেল যুগত কোম্পানীসমূহৰ বাবে গ্ৰাহকসকলৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰাটো প্ৰধানকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ডিজিটেল মাৰ্কেটিং ক্ষেত্রখনত সফলতাৰ বাবে কিছুমান বিশেষ গুণৰ প্ৰয়োজন হয়। ইয়াত সৃষ্টিশীল চিন্তা, নতুন আৰু উদ্ভাৱনশীল ধাৰণাৰ বিকাশ, ইণ্টাৰনেটৰ প্ৰতি আকৰ্ষণ, নেটৱৰ্কিং আৰু বিশ্লেষণাত্মক দক্ষতা, বিপণন জ্ঞান, দলগত আৰু সংগঠনী দক্ষতা, অগ্ৰাধিকাৰ নিৰ্ধাৰণ আৰু প্ৰকল্প পৰিচালনাৰ অভিজ্ঞতা, শক্তিশালী মৌখিক আৰু লিখিত যোগাযোগৰ দক্ষতা আৱশ্যক। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়া জ্ঞান আৰু মাইক্ৰছফ্ট অফিচ, ডাটাবেচ, এইচটিএমএল, চিএছএছ, আৰু চাৰ্চ ইঞ্জিনৰ ব্যৱহাৰৰ প্ৰাথমিক জ্ঞানো গুৰুত্বপূর্ণ। পৰিৱৰ্তনৰ সৈতে নিজক সদায় আপডেট ৰাখাটো আৰু গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাটোও অত্যন্ত প্ৰয়োজনীয়।

ডিজিটেল মাৰ্কেটিঙত বিশেষজ্ঞ হিচাপে বিভিন্ন ক্ষেত্ৰত কৰ্মজীৱন গঢ়িব পাৰি। এইবোৰৰ ভিতৰত কিছুমান ক্ষেত্ৰ হ’ল:

চাৰ্চ ইঞ্জিন অপ্টিমাইজেচন (SEO): এইটো ডিজিটেল মাৰ্কেটিঙৰ অন্যতম প্ৰধান দিশ। ইয়াৰ উদ্দেশ্য হৈছে ৱেব পেজৰ ৰেংকিং আৰু গুগল, য়াহু, বিং আদি চাৰ্চ ইঞ্জিনত ইয়াৰ দৃশ্যমানতা উন্নত কৰা।

কণ্টেণ্ট মাৰ্কেটিং: গ্ৰাহকক আকৰ্ষণ আৰু নিয়োজিত কৰিবলৈ মূল্যৱান বিষয়বস্তু সৃষ্টি, পৰিচালনা আৰু বিতৰণ কৰা অন্তৰ্ভুক্ত থাকে।

চিয়েল মিডিয়া মাৰ্কেটিং: সামগ্ৰীৰ প্ৰচাৰ, গ্ৰাহকৰ সৈতে জড়িত হোৱা, আৰু ব্ৰেণ্ড সজাগতা গঢ়ি তোলাৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰে।

পেপাৰ ক্লিক (PPC) বিজ্ঞাপন : গুগল বিজ্ঞাপনৰ দৰে অনলাইন পেইড বিজ্ঞাপন অভিযান পৰিচালনা কৰি ট্ৰেফিক আৰু ৰূপান্তৰ বৃদ্ধি কৰা।

মেইল মাৰ্কেটিং: সম্ভাব্য বা বৰ্তমান গ্ৰাহকক ইমেইল ব্যৱহাৰ কৰি বিজ্ঞাপন প্ৰেৰণ, ব্যৱসায়ৰ অনুৰোধ, বা বিক্ৰী বা অনুদানৰ বাবে আবেদন কৰা হয়  যাতে বিশ্বস্ততা, বিশ্বাস, বা ব্ৰেণ্ড সজাগতা বৃদ্ধি হয়।

এফিলিয়েট মাৰ্কেটিং: এফিলিয়েট মাৰ্কেটিং: অংশীদাৰ (এফিলিয়েট)ৰ সৈতে কাম কৰি উৎপাদ বা সেৱাৰ প্ৰচাৰ আৰু কমিচন আদায় কৰে।

ৱেব এনালিটিক্স : ৱেবছাইটৰ  তথ্য বিশ্লেষণ কৰি ডিজিটেল মাৰ্কেটিং কৌশলসমূহ উন্নত কৰা।

কনভাৰ্চন ৰেট অপ্টিমাইজেচন (CRO): ৱেবছাইটৰ প্ৰদৰ্শন উন্নত কৰি দৰ্শকৰ পৰা গ্ৰাহকলৈ পৰিৱৰ্তনৰ হাৰ বৃদ্ধি কৰা।

ইনফ্লুৱেন্চাৰ মাৰ্কেটিং: ইনফ্লুৱেন্চাৰৰ সৈতে সহযোগিতা কৰি তেওঁলোকৰ অনুগামীৰ মাজত উৎপাদ বা সেৱাৰ প্ৰচাৰ কৰা।

মোবাইল মাৰ্কেটিং: এছ.এম.এছ. , এপ আৰু মোবাইল-অপ্টিমাইজড  ৱেবছাইটৰ জৰিয়তে  মোবাইল ডিভাইচৰ মাধ্যমেৰে দৰ্শকক লক্ষ্য কৰা।

ডিজিটেল কৌশল আৰু পৰিকল্পনা: ব্যৱসায়ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখিবলৈ ব্যাপক ডিজিটেল মাৰ্কেটিং কৌশল বিকাশ কৰা।

এই বিশেষত্ববোৰে ডিজিটেল মাৰ্কেটাৰক সুনিৰ্দিষ্ট ক্ষেত্ৰত কেন্দ্ৰিত হবলৈ আৰু দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰে, যি সামগ্ৰিক মাৰ্কেটিঙৰ সফলতাত অৰিহণা যোগায়।

ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্রখনত চাকৰিৰ কেইটামান পদৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে।

ডিজিটেল মাৰ্কেটিং মেনেজাৰ: তেওঁ ডিজিটেল মাৰ্কেটিং দলৰ নেতৃত্ব দিয়াৰ দায়িত্ব লয়।

কণ্টেণ্ট মাৰ্কেটিং মেনেজাৰ: কন্টেন্ট  মাৰ্কেটিঙৰ ভিতৰত ব্লগ পৰিচালনা কৰা, ইমেইল যোগাযোগ, বিক্ৰী পৃষ্ঠা কপি লিখা, ড্ৰিপ মাৰ্কেটিং অভিযান, ই-বুক প্ৰকাশন,  ভিডিঅ’ মাৰ্কেটিং আৰু অতিথি ব্লগিং অন্তৰ্ভুক্ত। কন্টেন্ট মাৰ্কেটিং মেনেজাৰে কন্টেন্ট ৰাইটাৰৰ এটা দল পৰিচালনা কৰে।

’চিয়েল মিডিয়া মাৰ্কেটিং বিশেষজ্ঞ:  তেওঁ ছ’চিয়েল  মিডিয়া চেনেলসমূহৰ জৰিয়তে নিজৰ সামগ্ৰী প্ৰচাৰ কৰে।

চাৰ্চ ইঞ্জিন মাৰ্কেটাৰ: তেওঁ ইণ্টাৰনেট মাৰ্কেটিঙৰ কামটো কৰে য’ত ৱেবছাইটৰ প্ৰচাৰ জড়িত হৈ থাকে, মূলতঃ পেইড এডভাৰটাইজিঙৰ জৰিয়তে চাৰ্চ ইঞ্জিন ফলাফল পৃষ্ঠাত (এছ.ই.আৰ.পি.) ত ইয়াৰ দৃশ্যমানতা বৃদ্ধি কৰি।

কপিৰাইটাৰ: তেওঁ ডিজিটেল মাৰ্কেটিং দলেৰ একাধিক ব্যক্তিৰ সৈতে কাম কৰে। তেওঁ চাৰ্চ ইঞ্জিন মাৰ্কেটাৰক উন্নত বিজ্ঞাপন কপি লিখাত সহায় কৰিব পাৰে, ছ’চিয়েল মিডিয়া মেনেজাৰক ভাল শব্দ বাচনি কৰিবলৈ গাইড কৰিব পাৰে, আৰু কণ্টেণ্ট দলেৰ সামগ্ৰী উন্নত কৰিবলৈ পৰামৰ্শ আৰু সহায় কৰিব পাৰে।

ডিজিটেল মাৰ্কেটিং এক্সেকিউটিভ (ডিএমই): তেওঁৰ কাম হৈছে ডিজিটেল স্থান ব্যৱহাৰ কৰি গ্ৰাহক/ক্লায়েণ্টৰ মাজত এটা ব্ৰেণ্ড জনপ্ৰিয় কৰা আৰু অনলাইন উপস্থিতি স্থাপন কৰাৰ লগতে পৰিচালনা কৰা। তেওঁ ফেচবুক, টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়া পদ্ধতিৰে সমাজৰ সৈতে যোগাযোগ ৰাখিব লাগিব।

            ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰত এটা সফল কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰয়োজনীয় শিক্ষাগত যোগ্যতা বিভিন্ন পদৰ ওপৰত নিৰ্ভৰ কৰে । তলত ইয়াৰ কিছু বিৱৰণ দাঙি ধৰা হৈছে।

প্ৰৱেশ-স্তৰৰ পদসমূহৰ বাবে মাৰ্কেটিং, কমিউনিকেশ্বন,  বাণিজ্য বা সংলগ্ন ক্ষেত্ৰবোৰত স্নাতক ডিগ্ৰী প্ৰায়েই প্ৰয়োজন, যদিও কিছু কিছু ক্ষেত্ৰত বাধ্যতামূলক নহয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জ্ঞান, কন্টেন্ট সৃষ্টি, আৰু এস ই অ’/এছ ই এম  প্ৰাথমিক ধাৰণাসমূহ জানিলে প্ৰৱেশ-স্তৰৰ পদসমূহত যোগদান কৰিব পাৰে ।

বিশেষজ্ঞ (Specialist) পদসমূহৰ বাবে মাৰ্কেটিং, জনসম্পৰ্ক (Public Relations), বা বাণিজ্যত স্নাতক ডিগ্ৰী প্ৰয়োজন,  কিন্তু এছ.ই.ও. , কন্টেন্ট মাৰ্কেটিং,  বা পি.পি.চি. (Pay-Per-Click) ৰ দৰে ক্ষেত্ৰত বিশেষজ্ঞসকলৰ বাবে বিশেষ চাৰ্টিফিকেচন পাঠ্যক্ৰমৰ দ্বাৰা লাভৱান হ’ব পাৰে।

মধ্যম স্তৰৰ পৰা জ্যেষ্ঠপদসমূহৰ বাবে মাৰ্কেটিং,  ডিজিটাল মাৰ্কেটিং বা বাণিজ্য প্ৰশাসন (এম বি এ) ক্ষেত্ৰত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী সহায়ক হব পাৰে। হাতে কামে কৰা অভিজ্ঞতা, নেতৃত্বৰ দক্ষতা, আৰু ডিজিটেল কৌশলৰ বিশেষজ্ঞতা মূল। ডাটা বিশ্লেষণ, চি.আৰ.ও. কাস্টমাৰ ৰিলেচনশ্বিপ মেনেজমেন্ট (CRM) বিষয়ক চাৰ্টিফিকেচনবোৰ প্ৰয়োজন হব পাৰে।

ডাটা-ভিত্তিক পদসমূহৰ (ডাটা এনালিষ্ট, মাৰ্কেটিং এনালিষ্ট) বাবে তথ্য বিজ্ঞান, পৰিসংখ্যা, অৰ্থনীতি, বা  সংলগ্ন ক্ষেত্ৰবোৰত ডিগ্ৰী লাভ কৰা  প্ৰয়োজনীয়। গুগল এনেলিটিক্স, টেবলিউ (Tableau), বা এছকিউএলৰ দৰে সঁজুলিত দক্ষতা অত্যাৱশ্যকীয়। ডাটা-ভিত্তিক মাৰ্কেটিং প্লেটফৰ্মৰ পৰা প্ৰমাণপত্ৰই মূল্য যোগ দিব পাৰে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.