অৰ্ধপৰিবাহী উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

22

 ড° বুলজিৎ বুঢ়াগোহাঁই

অৰ্ধপৰিবাহী উদ্যোগ (Semiconductor Industry) হৈছে এক উচ্চ প্ৰযুক্তিৰ উদ্যোগ, য’ত অৰ্ধপৰিবাহী পদাৰ্থ (semiconductor materials) ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যন্ত্ৰ আৰু উপাদান উৎপাদন কৰা হয়। অৰ্ধপৰিবাহী উদ্যোগৰ ভৱিষ্যত উজ্জ্বল, কিয়নো ইলেক্ট্ৰনিক যন্ত্ৰৰ চাহিদা দিনক দিনে বৃদ্ধি হৈছে। অৰ্ধপৰিবাহী উদ্যোগৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কেৰিয়াৰৰ সুযোগ আছে। অসমৰ জাগীৰোডত স্থাপন হোৱা অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰ (semiconductor assembly and test unit)ই এই ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব। অৰ্ধপৰিবাহী উদ্যোগত নিযুক্তি লাভ কৰিব পৰা কেইটামান পদৰ বিষয়ে তলত আলোচনা কৰা হৈছে । 

অৰ্ধপৰিবাহী ডিজাইন ইঞ্জিনিয়াৰ (Semiconductor Design Engineer) : অৰ্ধপৰিবাহী ডিজাইন ইঞ্জিনিয়াৰ হৈছে অৰ্ধপৰিবাহী উদ্যোগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পেছাদাৰী, যি অৰ্ধপৰিবাহী যন্ত্ৰসমূহৰ ডিজাইন, উন্নয়ন, আৰু পৰীক্ষণৰ দায়িত্বত থাকে। এই পদটোত কাম কৰা ব্যক্তিয়ে ইলেক্ট্ৰনিক যন্ত্ৰৰ প্রধান অংশ হিচাপে কাম কৰা ইন্টিগ্ৰেটেড চাৰ্কিট (IC) আৰু মাইক্ৰোচিপৰ ডিজাইন কৰে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। লগতে প্ৰয়োজনীয় প্ৰশিক্ষণ গ্রহণ কৰিব লাগিব। 

প্ৰক্ৰিয়া ইঞ্জিনিয়াৰ (Process Engineer) : অৰ্ধপৰিবাহী উদ্যোগত প্ৰক্ৰিয়া অভিযন্তা (Process Engineer) ৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। তেওঁলোকে অৰ্ধপৰিবাহী চিপ প্ৰস্তুতকৰণ, সমাবেশ, আৰু পৰীক্ষণ প্ৰক্ৰিয়া উন্নয়ন, অপ্টিমাইজ আৰু নিয়ন্ত্ৰণ কৰে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং (ECE),ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE), কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering), মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Materials Science & Engineering), মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering) আদি শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে।

উৎপাদন ইঞ্জিনিয়াৰ (Manufacturing Engineer) : উৎপাদন অভিযন্তাসকলে অৰ্ধপৰিবাহী যন্ত্ৰসমূহৰ উৎপাদন প্ৰক্ৰিয়া পৰিচালনা কৰা, উৎপাদনৰ সময়ত হোৱা সমস্যা সমাধান কৰা, আৰু উৎপাদনৰ মান নিশ্চিত কৰে ।এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং (ECE),ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE),মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering),উৎপাদন ইঞ্জিনিয়াৰিং (Production/Manufacturing Engineering),মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Materials Science & Engineering) আদি শাখাত সাধাৰণতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে।

গুণগত মানদণ্ড নিয়ন্ত্ৰণ অভিযন্তা (Quality Control Engineer) : গুণগত মানদণ্ড নিয়ন্ত্ৰণ অভিযন্তাসকলে অৰ্ধপৰিবাহী যন্ত্ৰসমূহৰ গুণগত মান পৰীক্ষা কৰা, উৎপাদন প্ৰক্ৰিয়াৰ সময়ত মান নিশ্চিত কৰা, আৰু সমস্যা সমাধান কৰা আদি কাম কৰে । এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং (ECE),ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE),উৎপাদন ইঞ্জিনিয়াৰিং (Production/Manufacturing Engineering),মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Materials Science & Engineering) আদি শাখাত সাধাৰণতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে।

পেকেজিং ইঞ্জিনিয়াৰ (Packaging Engineer) : অৰ্ধপৰিবাহী উদ্যোগত পেকেজিং ইঞ্জিনিয়াৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। পেকেজিং ইঞ্জিনিয়াৰসকলে চিপ আৰু ইন্টিগ্ৰেটেড চাৰ্কিট (Integrated Circuit)ক সুৰক্ষিত আৰু কার্যক্ষম ভাৱে সংৰক্ষণ, সংযোজন আৰু বিতৰণ কৰাৰ বাবে উন্নত পদ্ধতি বিকাশ কৰে। । এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং,কেমিকেল ইঞ্জিনিয়াৰিং,মেকানিকেল ইঞ্জিনিয়াৰিং আদি শাখাত সাধাৰণতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে।

টেষ্ট ইঞ্জিনিয়াৰ (Test Engineer): অৰ্ধপৰিবাহী টেষ্ট ইঞ্জিনিয়াৰসকলে চিপ, ইন্টিগ্ৰেটেড চাৰ্কিট আৰু অৰ্ধপৰিবাহী যন্ত্ৰসমূহৰ গুণগত মান, কার্যক্ষমতা আৰু বিশ্বাসযোগ্যতা পৰীক্ষা কৰে। এই ক্ষেত্ৰত চিপ ডিজাইন, মাইক্রো-ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিগত সমস্যাসমূহ চিনাক্ত কৰি সমাধান কৰাটো মুখ্য দায়িত্ব। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং, বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং , ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং আদি শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

প্ৰকল্প ব্যৱস্থাপক (Project Manager): অৰ্ধপৰিবাহী উদ্যোগত প্ৰকল্প ব্যৱস্থাপক (Project Manager) ৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। তেওঁলোকে চিপ ডিজাইন, উৎপাদন প্ৰক্ৰিয়া, গৱেষণা আৰু উন্নয়ন (R&D), যোগান শৃংখল (Supply Chain), আৰু গুণমান পৰীক্ষণ (Quality Control) আদিৰ পৰিচালনা কৰে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং , বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং , মেকানিকেল ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং আদি শাখাত সাধাৰণতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে।

গৱেষণা আৰু উন্নয়ন (R&D) বিজ্ঞানী : অৰ্ধপৰিবাহী উদ্যোগত গৱেষণা আৰু উন্নয়ন বিজ্ঞানীৰ ভূমিকা অতি গুৰুত্বপূর্ণ। তেওঁলোকে উন্নত উপাদান (Materials), নতুন উৎপাদন প্ৰযুক্তি (Manufacturing Technology) আৰু অধিক কার্যক্ষম চিপ ডিজাইন (Chip Design) গৱেষণা কৰে। বিজ্ঞানী বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং (ECE),ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE),মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Materials Science & Engineering) ,ফিজিক্স বা এপ্লাইড ফিজিক্স (Physics/Applied Physics) আদিত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। মাইক্ৰ’ইলেক্ট্ৰনিক্স আৰু ভিএলএছআই ডিজাইন, নেন’ টেকন’লজী আৰু ছেমিকণ্ডাক্টৰ ফিজিক্স, ছলিড ষ্টেট ইলেক্ট্ৰনিক্স আৰু ডিভাইচ ফিজিক্স, মেটেৰিয়েলছ ছায়েন্স আদি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। পিএইচডি (Ph.D.) ডিগ্ৰীধাৰী হৈছে গৱেষণা বিজ্ঞানীৰ বাবে আটাইতকৈ উপযুক্ত যোগ্যতা ।

চিপ ডিজাইনাৰ (Chip Designer): চিপ ডিজাইনাৰসকলে কম্পিউটাৰ, স্মাৰ্টফোন, অট’মোবাইল, আৰু AI-ভিত্তিক ডিভাইচসমূহৰ বাবে উচ্চ-ক্ষমতাসম্পন্ন অৰ্হপৰিবাহী চিপ ডিজাইন কৰে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং , ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং , কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আদি শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

ফ্যাব্ৰিকেচন প্লান্ট ইঞ্জিনিয়াৰ (Fabrication Plant Engineer): অৰ্ধপৰিবাহী উদ্যোগত ফ্যাব্ৰিকেচন প্লান্ট ইঞ্জিনিয়াৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। এই ইঞ্জিনিয়াৰসকলে অৰ্হপৰিবাহী চিপ তৈয়াৰ কৰা প্ৰক্ৰিয়া, আধুনিক উৎপাদন প্ৰযুক্তি, আৰু উন্নত নেন’-ফেব্ৰিকেচন প্ৰক্ৰিয়াৰ দায়িত্ব লয়। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং , ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ,মেকানিকেল ইঞ্জিনিয়াৰিং, মেটেৰিয়েলছ ছায়েন্স আৰু নেনো-প্ৰযুক্তি নেন’ টেকন’লজী আদিত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

চাইবাৰ ছিকিউৰিটি বিশেষজ্ঞ (Cybersecurity Specialist): অৰ্ধপৰিবাহী উদ্যোগত চাইবাৰ ছিকিউৰিটি বিশেষজ্ঞৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। আধুনিক চিপ উৎপাদন আৰু ডিজাইন প্ৰক্ৰিয়া অত্যাধুনিক তথ্য-প্ৰযুক্তি আৰু IoT-নির্ভৰ হোৱাৰ ফলত, ডাটা প্ৰটেকশন, আইপি (Intellectual Property) ছিকিউৰিটি, আৰু অপাৰেচনেল ছিকিউৰিটি নিশ্চিত কৰাৰ প্ৰয়োজন হয়। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিৰিং (চাইবাৰ্ছেকুৰিটি স্পেচিয়েলাইজেশ্যন), ইলেকট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিৰিং( এমবেডেড চিকিউৰিটি ফকাচ), ইনফৰমেশ্যন টেকনলজী (নেটৱৰ্ক চিকিউৰিটি এণ্ড ক্ৰিপটোগ্ৰাফী) আদিত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে এম টেক ইন চাইবাৰ্ছেকুৰিটি এণ্ড ফৰেনচিক ; এমএছচি ইন ইনফৰমেশ্যন চিকিউৰিটি এণ্ড ক্ৰিপটোগ্ৰাফী, এমবিএ ইন ইনফৰমেশ্যন চিকিউৰিটি মেনেজমেণ্ট আদিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ল ভাল হয় । এই পদৰ বাবে Certified Information Systems Security Professional (CISSP),Certified Ethical Hacker (CEH), Certified Information Security Manager (CISM),ISO 27001 Lead Auditor – Semiconductor Industry Security আদি বিশেষ প্ৰশিক্ষণ গ্রহণ কৰিলে বাবে চাইবাৰ ছিকিউৰিটি বিশেষজ্ঞ পদৰ বাবে উপযুক্ত যোগ্যতা।   

বিক্ৰী আৰু বিপণন পেছাদাৰী (Sales & Marketing Professional) : অৰ্ধপৰিবাহী উদ্যোগত বিক্ৰী আৰু বিপণন পেছাদাৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। তেওঁলোকে চিপ ডিজাইন, উৎপাদন, আৰু বিতৰণ (Distribution) ক্ষেত্ৰত কোম্পানীসমূহৰ উৎপাদিত প্ৰযুক্তি, উপকৰণ, আৰু সমাধান বজাৰত বিক্ৰী আৰু প্ৰসাৰ কৰিবলৈ সহায় কৰে। এই পেছাদাৰীত প্ৰযুক্তিগত জ্ঞানৰ বাবে ইলেকট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিৰিং , ইলেকট্ৰিকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিৰিং ,ছেমিকন্ডাক্টৰ এণ্ড ভিএলএছআই ডিজাইন , কম্পিউটাৰ ছায়েন্স (এ আই এণ্ড আইওটি-বেছড ছেমিকন্ডাক্টৰ চেলচ) আদিত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে আৰু ব্যৱসায়িক বিকাশৰ বাবে এমবিএ ইন চেলচ এণ্ড মাৰ্কেটিং , এমবিএ ইন ইন্টাৰনেশ্যনেল বিউজিনেছ (ফৰ গ্লোবেল ছেমিকন্ডাক্টৰ চেলচ) , এমবিএ ইন চাপ্লি চেইন মেনেজমেণ্ট আদিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। এই পেছাদাৰীত Certified Semiconductor Sales Professional (CSSP), Digital Marketing & B2B Sales Strategies, Supply Chain & Logistics Management in Electronics Industry আদি বিশেষ প্ৰশিক্ষণ গ্রহণ কৰিলে ভাল হয় ।

অৰ্ধপৰিবাহী উদ্যোগত মেকানিকেল ইঞ্জিনিয়াৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অৰ্ধপৰিবাহী চিপ প্ৰস্তুত প্রণালী অত্যন্ত জটিল আৰু উচ্চ-নির্ভুলতাৰ প্ৰয়োজন, য’ত Thermal Management, Precision Manufacturing, Automation, Material Science, আৰু Equipment Design ৰ দৰে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষজ্ঞতা থাকিব লাগে । শিক্ষাগত অৰ্হতা হিচাপে মেকানিকেল ইঞ্জিনিয়াৰিং, মেকাট্ৰনিক্স ইঞ্জিনিয়াৰিং, প্ৰডাকচন ইঞ্জিনিয়াৰিং, মেটেৰিয়েলছ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আদিত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

অৰ্ধপৰিবাহী উদ্যোগত স্বয়ংক্ৰিয় (Automation) আৰু কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence – AI) ৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। এই প্ৰযুক্তিসমূহে উৎপাদন প্ৰক্ৰিয়াক অধিক দক্ষ, নিখুঁত, আৰু খৰচ-সাশ্ৰয়ী কৰি তোলাৰ লগতে নতুন সম্ভাৱনাৰ দুৱাৰ মেলি দিছে। তদুপৰি, তথ্য বিজ্ঞান (Data Science), ৰবটিকছ (Robotics), নেন’প্ৰযুক্তি (Nanotechnology), আৰু কোৱান্টাম বিজ্ঞান (Quantum Science) আদি ক্ষেত্ৰসমূহৰ প্ৰাসংগিকতা অৰ্ধপৰিবাহী উদ্যোগত ক্রমাৎ বৃদ্ধি পাই আহিছে। অৰ্ধপৰিবাহী উদ্যোগত স্বয়ংক্ৰিয়, AI, ৰবটিকছ, নেন’প্ৰযুক্তি আদি ক্ষেত্ৰত কাম কৰিবলৈ প্ৰাৰ্থীসকলৰ পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ বিজ্ঞান, বা অভিযান্ত্ৰিকত স্নাতক, স্নাতকোত্তৰ, বা গৱেষণা ডিগ্ৰীধাৰী শৈক্ষিক অৰ্হতা থাকিব লাগে । প্ৰযুক্তিগত দক্ষতা হিচাপে প্ৰাৰ্থীসকলৰ এআই, মেচিন লাৰ্নিং, ডেটা এনালাইচিস, ৰবটিকছ, নেন’প্ৰযুক্তি আদিৰ জ্ঞান থাকিব লাগে আৰু প্ৰগ্ৰেমিং ভাষা, যেনে- Python, C++, MATLAB আদিত পাৰদৰ্শি হ’ব লাগে । নতুন প্ৰযুক্তি আৰু মেটেৰিয়েলৰ গৱেষণাৰ ক্ষেত্ৰত অভিজ্ঞতা থাকিলে ভাল হয় ।

অৰ্ধপৰিবাহী উদ্যোগত কেৱল অভিযান্ত্ৰিক আৰু বিজ্ঞানৰ শিক্ষাৰ্থীসকলে নহয়, কলা, বাণিজ্য, আৰু প্ৰবন্ধন (Management) শাখাৰ শিক্ষাৰ্থীসকলৰ বাবেও বহুতো জীৱিকাৰ সুযোগ আছে। এই উদ্যোগটোৱে এক বহুমুখী পৰিৱেশ সৃষ্টি কৰে, য’ত বিভিন্ন ধৰণৰ দক্ষতা আৰু প্ৰতিভাৰ প্ৰয়োজন হয়। যেনে – মানৱ সম্পদ (Human Resources – HR), যোগান শৃংখল আৰু লজিষ্টিকছ (Supply Chain & Logistics), প্ৰকল্প পৰিচালনা (Project Management), বিত্ত আৰু হিচাপ-নিকাচ (Finance & Accounting), আইন আৰু নিয়মাৱলী (Legal & Compliance), পৰিৱেশ সুৰক্ষা আৰু সামাজিক দায়বদ্ধতা (Environmental Safety & CSR), সংকটকালীন পৰিচালনা (Crisis Management), স্বাস্থ্য আৰু সুৰক্ষা (Health & Safety), জনসম্পৰ্ক (Public Relations – PR) আদি। 

অৰ্ধপৰিবাহী উদ্যোগৰ প্ৰসাৰে লগে লগে পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি হ’ব। উদ্যোগৰ কৰ্মচাৰী আৰু ভ্ৰমণকাৰীসকলৰ বাবে হোটেল, ৰেষ্টুৰেণ্ট, আৰু লজ সেৱা আৱশ্যক হ’ব । উদ্যোগৰ কাষৰীয়া অঞ্চলত আবাসিক সুবিধাৰ বিকাশ হ’ব । কৰ্মচাৰীৰ বাবে যাতায়াত সুবিধা আৱশ্যক হ’ব ।  

ফোন: ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.