ইলেকট্রিক বাহন (Electric Vehicle) উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

226

ড° বুলজিৎ বুঢ়াগোহাঁই

পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয়। বহনক্ষমতা আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ বিৰুদ্ধে যুঁজিবলৈ পেট্ৰ’ল বা ডিজেল বাহনৰ ঠাইত ইলেকট্রিক বাহন (Electric Vehicle ,EV) এক আশাব্যঞ্জক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে। তীব্ৰ বায়ু প্ৰদূষণ আৰু শক্তিৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদাৰ সৈতে যুঁজি থকা ভাৰতৰ বাবে বৈদ্যুতিক গতিশীলতাৰ দিশত এই পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। ইলেকট্রিক বাহন (Electric Vehicle) গ্ৰহণ কৰাটো কেৱল প্ৰযুক্তিগত উন্নতি হিচাপেই নহয়, সেউজ পৰিৱেশ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও দেখা যায়।  ইলেকট্রিক বাহন (EV) হৈছে এনে এবিধ বাহন, যিটো সম্পূৰ্ণ বা আংশিকভাৱে বিদ্যুতৰ সহায়ত চলে। এই বাহনসমূহত গেছলিন বা ডিজেলত চলা আভ্যন্তৰীণ দহন ইঞ্জিন (ICE)-ৰ পৰিৱৰ্তে এটা বা ততোধিক ইলেক্ট্ৰিক মটৰ ব্যৱহাৰ কৰা হয়। ইলেকট্রিক বাহনে ৰিচাৰ্জযোগ্য বেটেৰীৰ পৰা শক্তি সংৰক্ষণ কৰি মটৰ চলোৱাৰ বাবে ব্যৱহাৰ কৰে।

ইলেকট্রিক বাহন (EV) উদ্যোগ বৰ্তমান বিশ্বৰ  লগতে ভাৰততো, আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা খণ্ডসমূহৰ ভিতৰত এটা। এই খণ্ডত দক্ষ পেচাদাৰী লোকৰ প্ৰয়োজন দিনক দিনে বৃদ্ধি পাইছে। ইলেকট্রিক বাহন বিভিন্ন প্ৰকাৰৰ আছে। যেনে- বেটেৰী ইলেকট্রিক ভেহিকল (BEV), প্লাগ-ইন হাইব্ৰিড ইলেকট্রিক ভেহিকল (PHEV), হাইব্ৰিড ইলেকট্রিক ভেহিকল (HEV), ফুৱেল চেল ইলেকট্রিক ভেহিকল (FCEV) আদি ।  ইলেকট্রিক বাহন (EV) উদ্যোগত নিযুক্তি লাভ কৰিব পৰা কেইটামান পদৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

ইলেকট্রিক বাহন (EV) উদ্যোগত বহুতো চাকৰিৰ সুবিধা আছে, য’ত প্ৰযুক্তিগত, উৎপাদন, বিক্ৰী, আৰু গৱেষণা আদি বিভিন্ন ক্ষেত্ৰত কাম কৰিব পাৰি। ইলেকট্রিক বাহন উদ্যোগত প্ৰচলিত বিভিন্ন কেইটামান পদ আৰু সেইবোৰৰ বাবে প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

ইলেক্ট্ৰিকেল অভিযন্তা (Electrical Engineer): ইলেক্ট্ৰিকেল অভিযন্তাৰ কাম হৈছে ইলেকট্রিক বাহনৰ মটৰ, বেটেৰী মেনেজমেন্ট ছিষ্টেম,চাৰ্জিং ছিষ্টেম ডিজাইন কৰা আৰু শক্তি ব্যৱস্থাপনা আৰু কাৰ্যক্ষমতা উন্নত কৰা। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। লগতে MATLAB, Simulink, AutoCAD আদি চফটৱেৰ জ্ঞান থাকিব লাগে।

মেকানিকেল অভিযন্তা (Mechanical Engineer) : মেকানিকেল অভিযন্তাৰ কাম হৈছে গাড়ীৰ গঠন, শীতলন প্ৰণালী, আৰু শক্তি কাৰ্যক্ষমতাৰ ডিজাইন কৰা । এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে মেকানিকেল ইঞ্জিনিয়াৰিং শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। লগতে CAD (SolidWorks, CATIA আদি) চফটৱেৰ জ্ঞান থাকিব লাগে।

গুণগত নিয়ন্ত্ৰণ অভিযন্তা (Quality Control Engineer) : গুণগত নিয়ন্ত্ৰণ অভিযন্তাৰ কাম হৈছে গাড়ীৰ মান নিশ্চিত কৰা । এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে মেকানিকেল ইঞ্জিনিয়াৰিং বা  ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। লগতে  ISO/TS 16949 আদি মান নিয়ন্ত্ৰণ পদ্ধতিৰ জ্ঞান থাকিব লাগে।

ইভি চফটৱেৰ অভিযন্তা (EV Software Engineer): ইভি চফটৱেৰ অভিযন্তাৰ কাম হৈছে বেটেৰী মেনেজমেণ্ট ছিষ্টেম , অটমেটিক ড্ৰাইভিং ছিষ্টেম ডেভেলপ কৰা আদি । এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং   বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং শাখাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। লগতে C++, Python, Embedded Systems আদিৰ জ্ঞান থাকিব লাগে।

প্ৰজেক্ট মেনেজাৰ (Project Manager): প্ৰজেক্ট মেনেজাৰ কাম হৈছে চাৰ্জিং ষ্টেচনৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ কৰা। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে এমবিএ/পিজিডিএম (অপাৰেচনছ মেনেজমেণ্ট) হ’ব লাগে। লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰকল্পত কাম কৰা অভিজ্ঞতা থাকিব লাগে।

বেটেৰী গৱেষক (Battery Researcher) : বেটেৰী গৱেষকৰ কাম হৈছে নতুন ধৰণৰ বেটেৰী (লিথিয়াম-আয়ণ, চ’লিড-ষ্টেট আদি )  বিষয়ে গৱেষণা কৰা। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ৰসায়ন বিজ্ঞান/মেটেৰিয়েল ছায়েন্সত স্নাতকোত্তৰ (M.Sc/M.Tech) ডিগ্ৰীধাৰী হ’ব লাগে। লগতে লেবৰেটৰী অভিজ্ঞতা থাকিব লাগে।

ইভি এছেম্বলাৰ (EV Assembler) : ইভি এছেম্বলাৰৰ কাম হৈছে গাড়ীৰ অংশসমূহ সংযোজন কৰা। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে আইটিআই / ডিপ্লমা ইন মেকানিকেল/অট’মোবাইল ইঞ্জিনিয়াৰিং হ’ব লাগে। লগতে উৎপাদন শাখাত  কাম কৰা  অভিজ্ঞতা থাকিব লাগে।

ইভি চাৰ্জিং ষ্টেচন টেকনিচিয়ান (EV Charging Technician) : ইভি চাৰ্জিং ষ্টেচন টেকনিচিয়ানৰ  কাম হৈছে চাৰ্জিং ষ্টেচন স্থাপন আৰু মেৰামতি কৰা। এই পদৰ বাবে শিক্ষাগত অৰ্হতা হিচাপে ইলেক্ট্ৰিচিয়ান চাৰ্টিফিকেট  বা ডিপ্লমা  থাকিব  লাগে। লগতে ইভি চাৰ্জিং প্ৰযুক্তিৰ জ্ঞান থাকিব লাগে।

ইলেকট্রিক বাহন (EV) উদ্যোগত  শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি কোম্পানীবোৰে  নিযুক্তি দিয়ে । ইয়াৰ ভিতৰত ইভি নিৰ্মাতা, বেটেৰী টেকন’লজী কোম্পানী, চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰদানকাৰী আৰু ষ্টাৰ্টআপ আদিও অন্তৰ্ভুক্ত। তলত ইভি খণ্ডত নিযুক্তি দিয়া কেইটামান  কোম্পানীৰ বিষয়ে উল্লেখ কৰা হৈছে । টাটা মটৰ্ছ (Tata Motors)ৰ  ইভি মডেলসমূহ হ’ল-  Tata Nexon EV, Tigor EV, Tiago EV আদি । অ’লা ইলেক্ট্ৰিক (Ola Electric)ৰ ইভি মডেলসমূহ হ’ল-  Ola S1 , Ola S1 Pro আদি ।এথাৰ এনার্জি (Ather Energy)ৰ ইভি মডেলসমূহ হ’ল-  Ather 450 Apex, Ather 450X,Ather 450S, Ather Rizta আদি । মাহীন্দ্ৰা ইলেক্ট্ৰিক (Mahindra Electric)ৰ ইভি মডেলসমূহ হ’ল-  Mahindra eVerito, Mahindra XUV400 EV, Mahindra Treo Series – Treo, Treo Yaari, Treo Zor,  Mahindra e-Alfa Mini ,  Mahindra e-Alfa Cargo আদি ।হিৰ’ ইলেক্ট্ৰিক (Hero Electric)ৰ ইভি মডেলসমূহ হ’ল – Hero Electric Optima CX, Hero Electric Photon HX,Hero Electric NYX HX,Hero Electric Flash LX,Hero Electric Atria LX,Hero Electric AE-75 আদি।

Bosch EV হৈছে  এটা জাৰ্মান টেকন’লজি আৰু ইঞ্জিনিয়াৰিং কোম্পানী, যিয়ে ইলেক্ট্ৰিক বাহন (EV)ৰ বাবে উন্নত প্রযুক্তি আৰু উপাদান (components) নিৰ্মাণ কৰে। যদিও Bosch নিজে সম্পূৰ্ণ ইলেক্ট্ৰিক বাহন উৎপাদন নকৰে, তথাপি ই EV উদ্ভাৱন আৰু উৎপাদনৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ কোম্পানী হিচাপে পৰিগণিত। কণ্টিনেণ্টেল (Continental) হৈছে এটা  জাৰ্মান অট’ম’টিভ ছাপ্লায়াৰ, যিয়ে ইলেক্ট্ৰিক বাহনৰ (EV) ক্ষেত্ৰত বহুমুখী উপাদান আৰু সমাধান আগবঢ়ায়। Siemens হৈছে এটা জাৰ্মান কোম্পানী, যিয়ে ইলেক্ট্ৰিক ভেহিকল (EV) ক্ষেত্ৰত বিশেষকৈ চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ, স্মাৰ্ট গ্ৰিড সংযোগ, আৰু ই-মবিলিটি টেকন’লজিৰ বাবে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

কেৰিয়াৰ পৰামৰ্শদাতা   তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.