মেনেজমেণ্ট পাঠ্যক্রম

ডঃ বুলজিৎ বুুঢ়াগোহাঁই

মেনেজমেণ্ট বিষয়ৰ পাঠ্যক্রম পঢ়ি শিক্ষার্থীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ৷ মেনেজমেণ্ট পাঠ্যক্রমৰ অসংখ্য বিভাগ আছে ৷ যেনে অপাৰেচন মেনেজমেণ্ট, হণ্টাৰনেচনেল বিজনেছ মেনেজমেণ্ট, হনফৰমেচন মেনেজমেণ্ট, হভেণ্ট মেনেজমেণ্ট, একাউণ্টিং মেনেজমেণ্ট, এডভাৰটাইজিং মেনেজমেণ্ট, এনভাইৰনমেণ্ট মেনেজমেণ্ট, এভিয়েচন মেনেজমেণ্ট, চেইন মেনেজমেণ্ট, ছিষ্টেম মেনেজমেণ্ট, টুৰিজিম মেনেজমেণ্ট, টেলিকম মেনেজমেণ্ট, ডেহৰী মেনেজমেণ্ট, প্রডাকচন মেনেজমেণ্ট, প্রডাক্ট মেনেজমেণ্ট, ফাহনেন্স মেনেজমেণ্ট, ফার্মাচিউটিকেল মেনেজমেণ্ট, বেংকিং মেনেজমেণ্ট, মার্কেটিং মেনেজমেণ্ট, মিডিয়া মেনেজমেণ্ট, ৰিটেহল মেনেছমেণ্ট, ৰুৰেল মেনেজমেণ্ট, ষ্ট্রেটেজিক মেনেজমেণ্ট, স্পর্টছ মেনেজমেণ্ট, হাস্পতাল মেনেজমেণ্ট, হিউমেন ৰিছর্চ মেনেজমেণ্ট, হোটেল মেনেজমেণ্ট আদি ৷

মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রম, যেনে স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা, চার্টিফিকেট, পিএইচডি আদিত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধত/ডিগ্রীৰ মর্যাদ/ব্যৱস্থ/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য জানি লব লাগে ৷ এই তথ্যবোৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষ/সংস্থা আদিৰ ৱেবছাইটৰ পৰা লাভ কৰিব পাৰি ৷ যেনে শিক্ষা মন্ত্রালয় (https://education.gov.in),    বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(https://www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা(http://www.aiu.ac.in), দূৰ শিক্ষা পৰিষদ(Distance Education Bureau, https://deb.ugc.ac.in) আদি ৷ শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হব লাগিব ৷ তদুপৰি উত্তীর্ণ হোৱা শিক্ষার্থীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে, তাৰো এটা সম্যক ধাৰণা লোৱা উচিত ৷ সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীর্ণৰ হাৰ, নামভর্র্তিৰ প্রক্রিয়া, পুথিভঁৰাল, হণ্টাৰনেট সেৱা, থকাৰ সাসুবিধা, আর্থিক সাহায্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত ৷ ইয়াৰ উপৰি জানিব লগা আন দিশবোৰৰ কিছুমান হল শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে   নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অর্থাৎ শিক্ষার্থী আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাছ হণ্টাৰভিউ হয় নে নহয়, খেলাধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি ৷ লগতে প্রাক্তন শিক্ষার্থীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী, সেই বিষয়েও জানি লোৱাটো উচিত, যিহেতু এই সংগঠন শক্তিশালী হলে শিক্ষার্থীসকলৰ চাকৰি লাভ কৰাতো অধিক সুবিধা হয় ৷

মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভর্তি প্রৱেশ পৰীক্ষাৰ জৰিয়তে হয় ৷ দুটা উল্লেখযোগ্য প্রৱেশ পৰীক্ষা হল কমন এডমিছন টেষ্ট কেট,https://iimcat.ac.in) আৰু মেনেজমেণ্ট এপ্ঢিটিউড টেষ্ট মেট,https://mat.aima.in)৷ কেট পৰীক্ষাটো ইণ্ডিয়ান হনষ্টিটিউট অব মেনেজমেণ্টে পৰিচালনা কৰে ৷ কেটত লাভ কৰা নম্বৰ ভিত্তিত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ (https://www.iima.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, অমৃতসৰ https://iimamritsar.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, বাংগালুৰু(https://www.iimb.ac.in),ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, বোধগয়া (https://iimbg.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, কলিকতা (https://www.iimcal.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, ইন্দোৰ(https://www.iimidr.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, জম্মু(https://www.iimj.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, কাশীপুৰ (https://www.iimkashipur.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, কোজিকোড (https://www.iimk.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, লক্ষ্ণৌ (https://www.iiml.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, নাগপুৰ(https://www.iimnagpur.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, ৰায়পুৰ(https://iimraipur.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, ৰাঁচী(https://www.iimranchi.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, ৰোইটক( https://www.iimrohtak.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, সম্বলপুৰ (https://iimsambalpur.ac.in),ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, শ্বিলং(https://www.iimshillong.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, ছিৰমৌৰ(https://www.iimsirmaur.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, তিৰুচিৰাপল্লী (https://www.iimtrichy.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, উদয়পুৰ(https://www.iimu.ac.in), ইণ্ডিয়ান হনষ্টিটিউট অব মেনেজমেণ্ট, বিশাখাপট্টনম(https://www.iimv.ac.in) আদিত মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভর্তি হয় ৷

অসমতো মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে ৷ যেনে গুৱাহাটী বিশ্ববিদ্যালয (https://gauhati.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in), অসম বিশ্ববিদ্যালয়(www.aus.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী(http://www.iitg.ac.in), বডোলেণ্ড বিশ্ববিদ্যালয়(http://buniv.edu.in), অসম কৃষি বিশ্ববিদ্যালয়(www.aau.ac.in), অসম মহিলা বিশ্ববিদ্যালয়(http://www.awu.ac.in), অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (https://argucom.assam.gov.in) ,আছাম ইনষ্টিটিউট অব মেনেজমেণ্ট, গুৱাহাটী(https://aimguwahati.edu.in), ৰাষ্ট্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, শিলচৰ(www.nits.ac.in), গুৱাহাটী কমার্চ কলেজ(https://www.gauhaticommercecollege.in), কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়(http://www.kkhsou.in), অসম ডনবস্ক্ বিশ্ববিদ্যালয়(http://www.dbuniversity.ac.in), নেৰিম(http://www.nerimindia.org), অসম ডাউন টাউন বিশ্ববিদ্যালয়(http://www.adtu.in), কাজিৰঙা বিশ্ববিদ্যালয়(http://kazirangauniversity.in), ৰয়েল গ্লবেল বিশ্ববিদ্যালয়(http://rgu.ac), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়(https://gcuniversity.ac.in) আদি ৷

মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ অনুষ্ঠিত প্রৱেশ পৰীক্ষাবোৰৰ বাবে প্রস্তুতি চলোৱাৰ আগতে শিক্ষার্থীসকলে অফিচিয়েল ৱেবছাহটত গৈ পৰীক্ষাৰ আর্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্রী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্রস্তুতি চলাব লাগে ৷ শিক্ষার্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্রাসংগিক আৰু অপ্রয়োজনীয় ৷ এই অভ্যাস পৰিহাৰ কৰিব লাগে ৷ শিক্ষার্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰি পুৰণি প্রশ্নকাকতসমূহ কম আৰু নির্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীর্ণ হোৱাত সহায় হব ৷ ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষার্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্রশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অর্জন কৰাত সহায় কৰিব ৷ সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষার্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্রা হ্রাস কৰাত সহায় কৰে ৷ শিক্ষার্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব ৷ শিক্ষার্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব ৷ শিক্ষার্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰি প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীর্ণ হোৱাসকলৰ পৰা দিহাপৰামর্শ গ্রহণ কৰিলেও উপকৃত হব ৷  মক(Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে ৷ মক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয়, যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে ৷ পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া হয়াৰ প্রস্তুতি পৰীক্ষা কৰা হয় ৷ কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্রত্যাহ্বানজনক ৷ শিক্ষার্থীসকলে নির্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্রকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্রদর্শন উন্নত কৰিব পাৰে ৷ 

প্রৱেশ পৰীক্ষাসমূহত প্রশ্ণ সন্নিৱিষ্ট কৰা বিষয়বোৰ হল Data Analysis & Sufficiency; Indian & Global Environment; Intelligence & Critical Reasoning; Language Comprehension; Logical Reasoning & Data Interpretation; Mathematical Skills; Quantitative Aptitude; Reading Comprehension; Verbal Ability আদি ৷ প্রায়বোৰ প্রৱেশ পৰীক্ষাত প্রশ্নৰ উত্তৰ ভুল হলে ঋণাত্মক নম্বৰ দিয়ে ৷ গতিকে শিক্ষার্থীসকল সাৱধান হব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে ৷  শিক্ষার্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতিৰ লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্রস্তুতি চলালে এই প্রৱেশ পৰীক্ষাসমূহত উত্তীর্ণ হব  পাৰিব ৷

মেনেজমেণ্টৰ বিভিন্ন বিষয়ৰ পাঠ্যক্রম, যেনেস্নাতক, স্নাতকোত্তৰ,  ডিপ্লমা, চার্টিফিকেট, পিএইচডি আদি ডিগ্রী লাভ কৰাসকলে চৰকাৰীবেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ৷

ফোনঃ  ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.