নিজৰা ৰাজকুমাৰী
শিশুৰ বাবে লিখা, শিশুৰ মনোযোগ আকৰ্ষণ কৰা বা ধৰি ৰখা আদি বৰ সহজ কথা নহয়। শিশুৰ বাবে এখন ভাল নাটক লিখাটোও বৰ সহজ নহয়। শিশুৰ বাবে নাটক লিখা মানে কেৱল দৰ্শক শিশুসকলক ধৰি ৰখাৰ কথায়েই গুৰুত্ব নাপায়, গুৰুত্ব দিব লগা হয় নাটকখনত অভিনয় কৰা শিশুসকলকো। অৰ্থাৎ ইয়াত অভিনয় শিল্পীসকলেও (শিশু) মঞ্চত পুৰামাত্ৰাই চৰিত্ৰ বা সংলাপসমূহক উপভোগ কৰিব পাৰিব লাগিব। শিশু নাটকেৰে শিশুসকলৰ সৃজনীশীলতাক প্ৰভাৱিত কৰিব পাৰিব লাগিব। অনুকৰণ কৰি ভালপোৱা, কল্পনাপ্ৰৱণ শিশুমন শিশুনাটকেৰে সমৃদ্ধ হ’ব লাগিব। জুলাই মাহটো অসমৰ বেছিভাগ বিদ্যালয়ৰে গৰম বন্ধৰ মাহ। শেহতীয়াকৈ এই মাহটোক মোৰ শিশু নাটকৰ মাহ বুলিও ক’বলৈ মন যায়। অসমৰ চুকে-কোনে এই মাহটোত শিশুনাটকৰ অনেক কৰ্মশালা অনুষ্ঠিত হোৱা, শিশু-কিশোৰৰ দ্বাৰা চুটি চুটি নাটক মঞ্চায়ণ হোৱাৰ খবৰ পাই থাকো। প্ৰথম অৱস্থাত এনে কৰ্মশালাত অভিভাৱকৰ উৎসাহত অংশগ্ৰহণ কৰিলেও বহু শিশুৰ মনোজগতত ই স্থায়ী প্ৰভাৱ পেলায়। এনে কৰ্মশালা বা প্ৰযোজনাৰ পৰা সময়ত একো একোজন সফল অভিনয় শিল্পীও ওলাই আহে। বহু শিশুৰ বাবে আখৰা থলী বা মঞ্চখন খেলাধুলা, নতুন নতুন কথা শিকাৰ স্থান হৈ পৰে। শিশুনাটকক লৈ আগেয়ে বৰ বেছি উৎসাহ দেখা নগৈছিল। অন্য নাটকৰ তুলনাত শিশুনাটকৰ ৰচনা, মঞ্চায়ণো আছিল কম। সেইবুলি আমাৰ নাটকত শিশু তথা শিশুৰ ৰেহ-ৰূপ, কৰ্মকাণ্ডৰ কথা জানো নতুন?
গোৱাৰী বোলয় নিক নাচ গোপালা।
তব তোই লৱণু দেৱ হামু ভালা।।
লৱণু আশে লাসে গোবিন্দ নাচে।
কৰ ভৰি গোপী লৱণু যাচে ।।,
লৱণু খায়া নাচে কানাই।
আনন্দে গোপিনী তালি বজায়।।
যো হৰি এ তিনি ভূৱন অধিকাৰী।
গকুল মাজে সোহি লৱণু-ভিখাৰী।।
ভকতি অধীন হৰি দীন দয়াল।
কহয় মাধৱ গতি বাল গোপাল।। (চোৰধৰা)
মাধৱদেৱৰ ৰচনাত কৃষ্ণৰ লৱণু চোৰ ৰূপটোৰ বৰ্ণনাই আমাক আপ্লুত কৰি আহিছে। কোনোদিনেই আমনি নলগাকৈ শিশু কৃষ্ণৰ এই ৰূপ পঢ়ি থাকিব বা অভিনয় চাই থাকিব পাৰি। নাট বা ঝুমুৰাত কৃষ্ণৰ শিশুৰূপ চিত্ৰণত মাধৱদেৱ অনন্য। ড° মহেশ্বৰ নেওগদেৱে লিখিছিল–শংকৰদেৱৰ দৰে মাধৱদেৱৰ নাটক উদ্দেশ্যমূলক। মাধৱদেৱৰ বিশেষ উদ্দেশ্য সৰল শিশু প্ৰীতিৰ মাজেদি মোক্ষৰ পথ নিৰ্দেশ কৰা।
শিশুক লৈ নাটক আৰু শিশুসকলৰ বাবে কৰা নাটকে নাটকৰ উত্তৰণত, বৈচিত্ৰ্য অনাত বিশেষ ভূমিকা পালন কৰে। তদুপৰি শিশুৰ সৃজনীশীলতাক চিনাক্ত কৰা, আগুৱাই নিয়া, মনোজগতখনক সমৃদ্ধ কৰা, মনোযোগ বৃদ্ধি কৰা আদিতো শিশু নাটকৰ অৱদান উল্লেখনীয়। সাধাৰণতে সংলাপতকৈ শিশুৱে নাটকত শৰীৰৰ ভাষাৰে অভিনয় কৰি ভালপায়। শিশুৰ এই গুণবোৰক নাটকত সফলভাৱে ব্যৱহাৰ কৰিব জানিলে শিশু অভিনয় শিল্পীৰ লগতে শিশু দৰ্শকসকল উপকৃত তথা পৰিতৃপ্ত হোৱাটো খাটাং। বৰঞ্চ শিশুৰ শিক্ষাৰ মাধ্যম হিচাবেও নাটক ব্যৱহৃত হয়। ওপৰত কৈছোৱেই যে শিশুনাটকক লৈ আগেয়ে বৰ বেছি উৎসাহ দেখা নগৈছিল। সময় আৰু চিন্তাৰ পৰিৱৰ্তনে আন নাটকক প্ৰভাৱিত কৰাৰ দৰে শিশু নাটকৰ জগতখনলৈও আহিল অনেক পৰিৱৰ্তন। আশীৰ দশকৰ পূৰ্বে শিশু নাটকক লৈ অসমীয়া নাট্যকৰ্মীসকল বৰ বিশেষ আগ্ৰহী নাছিল। তদুপৰি যুগ যুগ ধৰি সাধুকথাইহে আমাৰ শিশুৰ মনোজগতখনক জীপাল কৰি ৰাখিছিল। ককা-আইতাহঁতে ৰস লগাই অভিনয় কৰি দেখুৱা সাধুবোৰ আৰু শিশুহঁতে এইবোৰত কৰা অনুকৰন জানো নাটকেই নহয়। আশীৰ দশকৰ পূৰ্বৰ শিশুনাট প্ৰতিযোগিতা বুলিলে আমি কেৱল গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ সৌজন্যত অনুষ্ঠিত হোৱা নবীন শৰ্মা সোঁৱৰণী শিশু নাটক প্ৰতিযোগিতাখনৰ বিষয়েহে পঢ়িবলৈ পাইছো। লাহে লাহে অসমতো শিশুনাটকৰ ৰচনা, পৰিচালনা, মঞ্চায়ণে গুৰুত্ব পাবলৈ ধৰিলে। শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে জৰুৰী এনে এক মাধ্যমক পিতৃ-মাতৃ, অভিভাৱকসকলেও গুৰুত্বসহকাৰে ল’বলৈ ধৰিলে। ভাললগা কথা যে বৰ্তমান অসমত শিশু নাটকৰ চৰ্চা চলিব ধৰিছে। অৱশ্যে সকলো প্ৰযোজনা বা সকলো প্ৰচেষ্টাইযে সফল হৈছে তেনে নহয়। শিশুমনক প্ৰভাৱিত কৰিবৰ বাবে নাট্যকাৰ-পৰিচালকজন বিশেষভাৱে দক্ষ হোৱা উচিত। অনুশাসনতকৈ স্বত:স্ফূৰ্ত উপস্থাপন তথা উপভোগ শিশুৰ বাবে দৰকাৰী। বিশিষ্ট নাট্যকৰ্মী হৰেন্দ্ৰ নাথ বৰঠাকুৰে কৈছিল– শিশুৰ নাটকৰ আখৰাৰ লগত নাট্যনিৰ্মান প্ৰক্ৰিয়াটো অঙ্গাঙ্গীভাৱে যুক্ত হৈ থাকে। কেনেকৈ কোনটো নাট্য মূহুৰ্ত উপস্থাপন কৰা হ’ব সেই কথাৰো সিদ্ধান্ত শিশুশিল্পী গোটটোৰ ওপৰত এৰি দিয়ক। একোটা নাট্যমুহুৰ্তৰ উপস্থাপনৰ একাধিক নমুনা সিহঁতৰ ওচৰত তুলি ধৰক। সোধক, কোনটো তেওঁলোকৰ পছন্দৰ। শিশুশিল্পী গোটটোৰ ওপৰত আৰোপ কৰা এনে গভীৰ আস্থাই সিঁহতৰ আত্মবিশ্বাস জগাই তুলিব, নিজৰ নিজৰ সামৰ্থ্য প্ৰকাশ কৰিবলৈ হেতা-ওপৰা লগাব আৰু এটা সময়ত দেখিব আপুনি দাঙি ধৰা নমুনাকেইটাৰ পৰা সিহঁতৰ পছন্দৰ ৰূপটো সঠিকভাৱে সিহঁতে নিৰ্বাচন কৰি উলিয়াব।
গতিকে শিশু নাটক কেৱল যে শিশুসকলৰ উদ্ভাৱনী শক্তিৰেই থলী তেনে নহয়, শিশুনাটকে নাট্যকাৰ-পৰিচালককো ভিন্ন ধৰনে কথাবোৰ ভাবিবলৈ বাধ্য কৰায়। প্ৰতিজন সৃষ্টিশীল মানুহৰ বাবেই ই এক অতি উপভোগ্য প্ৰক্ৰিয়া।
Comments are closed, but trackbacks and pingbacks are open.