অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–৯

25

নিজৰা ৰাজকুমাৰী

: দেউতাটো কি কৰিবলৈনো গাঁৱৰ ঘৰখন এৰি ইয়াত থাকিবলৈ আহে। আহিবই নেলাগে নহয়। ইয়াত আমাৰ এখন নিৰ্দিষ্ট ৰুটিন আছে। সেইমতে আমি চলিব লাগিব। কোনো কাৰণতে এই ৰুটিনৰ নিয়মভঙ্গ হোৱাটো মই নিবিচাৰো।

: পাপা

: চুপ। ক’লৈ গৈছিলা?

: খেলা চাবলৈ।

: কিয় গৈছিলা? কিয় গৈছিলা? তোমাক মই এটা কম্পিউটাৰ আনি দিয়া নাই? তাত কি খেলিব নোৱাৰি? তাত নেখেলিলা কিয়? এজন আউটডেটেড বৃদ্ধ মানুহৰ লগত খেলাধুলা কৰি তুমি কি নিজেই আউটডেটেড হৈ যাব খুজিছা।

সংলাপখিনিয়ে এটি শিশুৰ মনৰ ডেউকা ভঙাৰ উমান দিয়ে। ভৱিষ্যতৰ কিবা অচিন-অজান সপোন দেখা অভিভাৱকক সন্তুষ্ট কৰিবলৈ বন্ধ কোঠালিত শিশুহঁতে শৈশৱৰ সমস্ত ৰং হেৰুৱাৰ এই কাহানীবোৰ সহজলভ্য। আজিকালি বেছিহে হৈ আহিছে বুলি ভাৱ হয়। ওপৰত মই লিখা সংলাপটো কম্পিউটাৰ ৰজনী নামৰ নাটকখনৰ পৰা লোৱা হৈছে। কম্পিউটাৰ ৰজনীৰ ৰচক অসমৰ বিশিষ্ট নাট্যকাৰ দীপক কুমাৰ গগৈ। নাটকখনৰ ৰচনাকাল কিমান সেয়া মই নাজানো, কিন্তু ২০০৫ বৰ্ষৰ বিশ্বনাথ চাৰিআলিৰ সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত কম্পিউটাৰ ৰজনীৰ বাবে দীপক কুমাৰ গগৈয়ে শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰিছিল। এইখন প্ৰতিযোগিতাৰ বিষয়ে নজনা নাট্যপ্ৰেমী বা নাট্যকৰ্মী কম ওলাব। ১৯৬২ চনৰ পৰাই বিশ্বনাথত সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। অসমৰ বহু স্বনামধন্য অভিনেতা-অভিনেত্ৰী এই মঞ্চ গচকিয়েই নাটক-চিনেমাৰ ক্ষেত্ৰখনলৈ ওলাই গৈছে। অভিনয় শিল্পী, নাট্যকাৰ-পৰিচালক, কলা-কুশলী গঢ়াত এইখন প্ৰতিযোগিতাৰ অৱদানৰ কথা অসমে পাতিবলৈ বাধ্য। ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ স্মৃতি ৰক্ষাৰ্থে ১৯৬২ চনত বিশ্বনাথ চাৰিআলিত জন্মা এই অনুষ্ঠানটো আজি পৰ্যন্ত সুন্দৰকৈ চলি আছে। আনকি অসমৰ বহু মানুহে গুপ্তকাশী বিশ্বনাথক সূৰ্য বৰা সোৱৰণী নাট প্ৰতিযোগিতাখনৰ বাবেহে চিনি পায়। পুনৰ দীপক কুমাৰ গগৈৰ কম্পিউটাৰ ৰজনীলৈ আহো। নাটকখনৰ বিষয়বস্তুৱে বুকুত কেৱল এটা দুখৰ সুৰেই এৰি থৈ নাযায় বৰঞ্চ শিশু আৰু বৃদ্ধসকলৰ নি:সঙ্গতাৰ কথা, তেওঁলোক কিমান অসহায় সেয়াও ভাবিবলৈ বাধ্য কৰায়। এই নি:সঙ্গতা ৰোধৰ, শিশুহঁতৰ পৃথিৱীলৈ ৰং অহাৰ বাটবোৰ পুনৰায় উদ্ধাৰৰ কথা নাট্যকাৰে নাটকখনত কোৱা নাই। দৰ্শক বা পাঠকলৈ এৰি দিবলগীয়া বিষয়েই আচলতে এইটো। ২০০৫ চন বা তাৰ আগত মানুহৰ ঘৰবোৰত যিমান কম্পিউটাৰ আছিল আজি তাতকৈ বহুত বেছি কম্পিউটাৰ, ম’বাইল আছে। নাটকখনত অৰুণিমাক দেউতাকে কম্পিউটাৰত আৱদ্ধ ৰাখিব বিচাৰিছে আৰু আজিৰ বেছিভাগ শিশু নিজেই ম’বাইল-ইন্টাৰনেট আসক্ত।  কম্পিউটাৰ ৰজনীৰ কাহানীটো এনেধৰণৰ—- বাসত্তৰ বছৰীয়া পদ্মকান্ত শইকীয়া আহিছে পুত্ৰ-বোৱাৰীৰ ঘৰলৈ। দহবছৰীয়া সন্তান অৰুণিমাৰ সৈতে জয়ন্তহঁত ভাৰাঘৰত থাকে। অৰুণিমাৰ পিতৃ-মাতৃ দুয়ো চাকৰিয়াল। ঘৰত ঘৰুৱা সহায়কাৰী ৰুদ্ৰ। স্কুল, টিউশ্যনৰ ব্যস্ততাৰ মাজত শিশু অৰুণিমা যেন পাখিভঙা পখিলা। ককাকক সঙ্গ দিবলৈ, ককাকৰ লগত নাতিনীৰ সুখবোৰ বুটলিবলৈ তাইৰ সময়ৰ অভাৱ। তেনে সময়তে পদ্মকান্ত শইকীয়াৰ পত্নীৰ অৰ্থাৎ অৰুণিমাৰ আইতাকৰ বছেৰেকীয়া শ্ৰাদ্ধৰ দিন পৰিল। পদ্মকান্তই পুতেক বোৱাৰীয়েকক কথাটো জনালে যদিও সিহঁতে অকনো গুৰুত্ব নিদিলে। ইফালে ভাৰাঘৰত হ’লেও, ভকত-বৈষ্ণৱ নাথাকিলেও পদ্মকান্তই পত্নীৰ সকাম পাতিবই। তেওঁৰ মতে তিনিজন য’ত নিৰঞ্জন ত’ত, গতিকে ৰুদ্ৰ, অৰুণিমা আৰু তেওঁৰে সৈতে তিনিজনৰে সকামটো হৈ যাব।

পদ্মকান্ত—– ঘৰ এৰি পুত্ৰৰ ভাৰাঘৰত আছো বুলিয়েই মানুহজনীক স্মৰণ নকৰাকৈ থাকিমনে? ভকত-বৈষ্ণৱ গোটাই এগালমান খুৱাব নোৱাৰিলো নাই। কি কথা আছে। মানুহজনীৰ প্ৰতি মোৰ ভালপোৱাখিনিতো আগৰ দৰেই আছে।

পুত্ৰ-বোৱাৰীৰ ভয়ত গোপনে সকামৰ আয়োজন চলিল। জয়ন্তহঁত ঘৰপোৱাৰ আগতেই তিনিওৱে প্ৰাৰ্থনা কৰিব, প্ৰসাদ খাব,হৈ যাব। অৰুণিমাই ককাকক সহযোগ কৰিবলৈ স্কুলত অসুখ হোৱাৰ অজুহাত দি সোনকালে ঘৰলৈ আহিল। অৱশ্যে তাই প্ৰিন্সিপালক মিছা মতাটো ককাকে ভাল নাপালে। পিছে অত আয়োজনৰ পাছতো অৰুণিমাহঁতে সকাম পাতিব পাৰিলেনে?

অৰুণিমাৰ স্কুলৰ পৰা মাক-দেউতাকলৈ খবৰ গ’ল অসুখৰ বাবে তাই সোনকালে ঘৰলৈ যোৱাৰ। গতিকে তাইৰ সময়খিনিৰ সদ্ব্যৱহাৰ কৰিবলৈ দেউতাকে টিউশ্যন মাষ্টৰলৈ খবৰ পঠিয়ালে যাতে তেওঁ আজি সোনকালে আহি অৰুক পঢ়ুৱায়। অৰুণিমা ঘৰ আহি পোৱাৰ পাছ মুহুৰ্ততে অসমীয়া ব্যাকৰণৰ শিক্ষক গুণাভিৰাম উপস্থিত হ’ল। তাই অসময়ত পঢ়িবলৈ ইচ্ছা নকৰা স্বস্তেও তাইক পঢ়া মেজত বহুওৱা হ’ল।

গুণাভিৰাম—- সাধাৰণ অসুখ এটাতে এনেদৰে টিউশ্যন খতি কৰাটো এটা সুস্থ জাতিৰ লক্ষণ হ’ব নোৱাৰে। আহা।

পদ্মকান্ত—- যাওক যাওক। পাৰিলে গোটেই ব্যাকৰণখনকে মুখস্থ কৰাই থাককগৈ।এইজনী ছোৱালীক এইটো বয়সতে ইমানবোৰ বিভক্তি, সমাস,অব্যয়ৰ যোগ-বিয়োগ কৰাই থাকিলে পিছলৈ তাইৰ মগজুটো আখৰ নধৰা চিলথ হৈ নপেৰেগৈতো!

ইমানৰ পাছতো অৰুণিমাই শেষ চেষ্টা এটা চলাইছিল—- চাৰ, চাওকচোন নাকৰ পৰা এতিয়াও পানী ওলায়েই আছে।

শিক্ষকো কম নহয়,তেওঁ উত্তৰ দিলে—-ভালহে। আন নহ’লেও নাকৰ পৰা উচ্চাৰণ কৰা অনুনাসিক বৰ্ণৰ কথা আলোচনা কৰিব পাৰিম।

ব্যাকৰণৰ শিক্ষকে পঢ়ুৱাই থাকোতেই আহিল গানৰ শিক্ষক উৰ্মিমালা। ইটো টিউশ্যনৰ পৰা উঠি অৰুণিমা সিটোত বহিল। অৱশ্যে সঙ্গীতৰ শিক্ষকগৰাকী অৰুণিমাৰ প্ৰতি সামান্য সদয় হ’ল। টিউশ্যন সামৰি সকামৰ কথা ভাবোতেই অৰুণিমালৈ জ্বৰৰ ঔষধ লৈ জয়ন্ত আহিল। উপায়বিহীন হৈ ৰুদ্ৰই প্ৰসাদখিনি কম্পিউটাৰ অনা কাৰ্টনত ভৰাই বিচনাৰ তলত সুমুৱাৱ লগা হ’ল। জয়ন্তই জীয়েকক ঔষধ খাই পঢ়াত বহিবলৈ নিৰ্দেশ দিলে। খেলিবলৈ মন গ’লে কম্পিউটাৰতে খেলাৰ কথা ক’লে। নাটকখনত অৰুণিমাৰ মাকৰ চৰিত্ৰটো অনা নাই। পিতৃৰ প্ৰতি উচ্চাৰণ কৰা অপমানসূচক কথাবোৰেৰে জয়ন্তৰ সংলাপ দিয়া হৈছে। শেষ দৃশ্যত ৰিণিকি ৰিণিকি ভাঁহি আহিল শিশুহঁতে খেলাৰ উৰুমি— ৰজাই হুকুম দিছে / এদিম ছেদিম বাই/ কি হুকুম দিছে এদিম ছেদিম বাই/ ছোৱালী এজনী খুজিছে………/

দুখী অৰুণিমাই কোঠাৰ ভিতৰত কিতাপৰ পাত লুটিয়াইছে।

কম্পিউটাৰ ৰজনীৰ বিষয়বস্তু গতানুগতিক কিন্তু এই গতানুগতিক ঘটনাবোৰেই আজি এটা প্ৰজন্মক মানসিকভাৱে পঙ্গু কৰি অনা নাইনে! ব্যতিক্ৰম নিশ্চয় আছে। নাটকে দেখুৱাই দিছে বৃদ্ধ আৰু শিশুসকলৰ কৰুণ অৱস্থা। ভৱিষ্যত গঢ়াৰ স্বাৰ্থত শৈশৱক হেৰুৱাই পেলোৱাটো স্বাভাৱিক নহয়। জীৱনৰ শেষ সময়চোৱাত সন্তানৰ দ্বাৰা উপেক্ষিত হোৱা পদ্মকান্ত শইকীয়াহঁতৰ হুমুনিয়াহবোৰ অনুভৱ কৰিব নোৱাৰাটোও আদৰণীয় নহয়। //

(ক্ৰমশ:)

You might also like

Comments are closed, but trackbacks and pingbacks are open.