নিজৰা ৰাজকুমাৰী
# আকাশবাণী গুৱাহাটীয়ে পঁচিশ বছৰ পূৰ্ণ কৰাৰ সময়ত অনাতাঁৰ নাট্যানুষ্ঠান সম্পৰ্কত বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাই যিখিনি কথা লিখিছিল তাৰ ভিতৰত মোৰ মন বেছিকৈ চুই গৈছিল এইখিনি কথাই– প্ৰবীণ লব্ধপ্ৰতিষ্ঠ সাহিত্যিক-নাট্যকাৰসকলক তেখেতসকলৰ নাট্যৰচনা প্ৰচাৰ কৰাৰ মাজেৰে যথোচিত সন্মান আৰু স্বীকৃতি দানৰ উপৰিও নবীন আধুনিক নাট্যকাৰৰ সৃষ্টি কৰা হ’ল। সৰ্বভাৰতীয় অনাতাঁৰ নাট্যানুষ্ঠানৰ জৰিয়তে অসমীয়া নাট্যকাৰে ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰিলে আৰু অসমীয়া নাটকৰ উচ্চমান অসমৰ বাহিৰত স্বীকৃত হ’ল। তদুপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট্যানুষ্ঠানৰ জৰিয়তে মঞ্চ আৰু অনাতাঁৰ নাট্যাভিনয়ত মহিলাৰ অংশগ্ৰহণ সহজ হৈ উঠিল।
নাটকৰ প্ৰেমত পৰাৰ সময়ত সাধাৰণতে মঞ্চৰ নাটক, অনাতাঁৰ নাটক, পূৰ্ণাঙ্গ, একাংকিকা ইত্যাদি ভাগবোৰক আমি সিমান গুৰুত্ব দিয়া নাছিলো। আমাৰ কাৰনে নাটক আছিল কেৱল নাটকেই। মঞ্চৰ নাটক এখনক যিমান আগ্ৰহেৰে উপভোগ কৰিছিলো, ৰেডিঅ’ৰ নাটকৰ বাবেও সমান আগ্ৰহেৰেই অপেক্ষা কৰিছিলো। বৰঞ্চ এসময়ত আমাৰ বাবে মঞ্চতকৈ সহজে হাততে পোৱা নাটক আছিল অনাতাঁৰ নাটক। সেয়েই হয়তো আজিও নাটক মানে আমাৰ বাবে কেৱল নাটকেই—যাৰ মাধ্যমেৰে নিজে ক’ব খোজা কথাবোৰ কওঁ, ক্ষোভ উজাৰো, অশান্ত হওঁ, প্ৰশান্তি লওঁ, শিকোঁ, নিজৰ চিন্তন-মননক সমৃদ্ধ কৰো। আনকি ব্যক্তিগত জীৱনৰ কত ধুমুহাকো শান্ত কৰিছে কেৱল নাটকেই। প্ৰাচীন নাটকেই হওঁক বা আধুনিক নাটকেই হওঁক–বহু নাটকে নাটকখন ৰচিত-পৰিৱেশিত হোৱা সময়খিনিৰ চিন্তা-চেতনাক কঢ়িয়ায়। কিছুমান নাটকৰ বিষয়বস্তু আকৌ কেইবাযুগৰ পাছতো প্ৰাসঙ্গিক হৈ থাাকে। কেইবাবছৰ পূৰ্বে গুৱাহাটীৰ ৰবীন্দ্ৰভৱনৰ মঞ্চত চাইছিলো গনেশ গগৈৰ শকুনিৰ প্ৰতিশোধ। এইখনৰ প্ৰথম প্ৰকাশ- ১৯৩৯ চন। কৃষ্ণ আৰু শকুনিৰ সংলাপখিনিয়ে সদায়েই মোক আপ্লুত কৰে—-
কৃষ্ণ—- মামা, তুমি বৰ চতুৰ।
শকুনি—- (হাতযোৰ কৰি) সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা।
কৃষ্ণ—- বাৰু মামা এটা কথা সোধো, ক’বানে?
শকুনি—- অন্তৰ্যামী ভগৱানে নক’লেও জানিব।
কৃষ্ণ—- বাৰু চোৱাচোন, তুমি এই কুৰুক্ষেত্ৰৰ ৰণত কাৰ পৰাজয় হ’লে ভালপোৱা?
শকুনি—– পৰাজয় হ’বলৈ আৰু বাকী নাই। এতিয়া ভালপাইছো নে বেয়া পাইছো যদুপতিয়েই জানে।
এনে বুদ্ধিদীপ্ত সংলাপ পাহৰিব পাৰিনে! মঞ্চত দক্ষ অভিনেতাই শকুনিৰ প্ৰতিশোধৰ এই দৃশ্যক অনন্য ৰূপত তুলি ধৰা দেখিছো। এনে সংলাপ পঢ়ি বা মঞ্চত অভিনয় শিল্পীৰ মুখত শুনি–দুয়োধৰনেৰেই ভাল লাগে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী (প্ৰথম প্ৰকাশ–১৯৩৭ চন) নাটকৰ এটি দৃশ্যত তেওঁ লিখিছে— বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ খোটালি। কোঠাটোৰ সোঁফালে এখন জাপ দুৱাৰ। মাজৰ বেৰৰ সোঁমাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা। তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ। ……তেওঁৰ ওচৰতে কিছুমান মুগাসূতা আৰু কপাহী সূতাৰ উঘা আওজাই থোৱা আছে। এটা ৰূপৰ গছাত তিনিগছি শলিতা লগোৱা আছে। ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগাত এখন পুথি। আগত তামোল-পানৰ বঁটা। খোটালিৰ ওপৰত এখন বগা তৰাফুলীয়া ৰঙা চন্দোৱা তৰা আছে। খোটালিৰ বেৰবোৰ পৰ্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা। বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা। —- এনে সুন্দৰ বৰ্ণনাই আমাৰ কল্পনাত দুপাখি গুজি দিয়ে আৰু মনৰ চকুৰে আমি এনে দুৰ্লভ দৃশ্য দৰ্শনৰ অভিজ্ঞতা অৰ্জন কৰো। তদুপৰি নাটকখন ৰচনাৰ সময়ৰ সমাজখনৰ বহুকথাও গহীন বা ধেমেলীয়া ভাৱেৰে নাটকৰ সংলাপে আমাৰ সমূখত তুলি ধৰে। মিত্ৰদেৱ মহন্তৰ বৈদেহী বিয়োগৰ (প্ৰথম প্ৰকাশ ১৯৪০ চনত) এঠাইত নাট্যকাৰে মধু আৰু মেমেৰাৰ মুখত সংলাপ দিছে এনেদৰে—-
মধু—- ভাবি চোৱা, মাক-বাপেকৰ ঘৰলৈ নোযোৱা ছোৱালী কোনোবা জম্বুদ্বীপত আছেনে? কোৱাচোন আছেনে? বোলো কোৱাচোন আছেনে? মোৰ ভনী নহয় যেনিবা তোমাৰ ভনীয়েৰাই, গ’ল বাপেকৰ নৰিয়াৰ কথা শুনি গিৰিয়েকক নুসুধি দুটা পদুলি পাৰ হৈ, সেইবুলি তাইক কাটি পেলাবা নে?
মেমেৰা—– এ, মোৰ ভনী হোৱা হ’লে সেইদিনাই তাইক তাঁতৰ খুটাত বান্ধি লৈ মৈদাৰে কাচি কাচি মাৰিলোহেঁতেন।
মধু—- আটাইৰে আকৌ তেনে চিত নহয় নহয়, ভাবি চাবা।
মেমেৰা—— (মুখ বিকটাই) এ চাইছো, তালুৰ পৰা তলুৱালৈকে চাইছো।
এসময়ত মধু আৰু মেমেৰাৰ বুইছ, মধু অলপ গা চাই কথা ক’বি। জেঠেৰী ফেঠেৰী মই নগনিমবুলি হাই-কাজিয়া আৰম্ভই হৈ যায়। একেদৰে আন এক ভিন্ন পৰিস্থিতিৰ উমান পাওঁ মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম নাটকখনৰ সংলাপত—–
গোস্বামী—- আপোনাৰ বিলখন মানে……অসেই হলৌবাৰী কেম্পৰ চাপ্লাই নহয়জানো। ইয়েছ মনত পৰিছে , ভালেমান টকাৰ বিল নহয়?
অজয়—- তিনি হাজাৰ পাঁচশ টকাৰ।
গোস্বামী—– ৰাইট ৰাইট, আচল কথা কি জানে মিষ্টাৰ নাথ, মানে দোষ আচলতে আপোনালোকৰ গাতহে। আমি ইমান লুতুৰা নাছিলো নহয়। কিন্তু আপোনালোকে জোৰ কৰি লুতুৰা কৰিলে কি কৰো বাৰু কওকচোন?
অজয়—–(মৃদু হাঁহিৰে) লুতুৰা স্বভাৱটো মোৰো আছিল দিয়ক, হ’লে কি হ’ব, এতিয়া মৰিছো নহয় পেটৰ অসুখত।
গোস্বামী—– (মূৰ খজুৱাই) নহয় মানে মই সেইটো লুতুৰা কথা কোৱা নাই, মানে……(হাঁহি) মানে আপুনি নতুন মানুহ নহয়? এইবোৰ অলপ অফিছিয়েল লেঙ্গুৱেজ ইউজ কৰিছো। বুজিছে…(সুৰ সলায়) তেনে আপুনি ষাঠি গাড়ী বাঁহ দিলে নহয় নে?
পাঠকে নিশ্চয় এইখিনি সংলাপে ক’ব খোজা লুতুৰা স্বভাৱটোৰ কথা ধৰিব পাৰিছে। এনে বহু নাটকে ক’ব খোজা কথাকে পৰৱৰ্তী সময়ত অন্য নাট্যকাৰ-পৰিচালকেও কৈছে কিন্তু অন্য ধৰনে। এয়াই নাটকৰ ক্ষেত্ৰত ভাললগা কথা যে পৰিচালকে এখন নাটকক, নাট্যকাৰৰ পাঠক নিজৰ সৃষ্টিশীলতাৰে বহুত উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে। (ক্ৰমশ:)
Comments are closed, but trackbacks and pingbacks are open.