অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–১২

53

নিজৰা ৰাজকুমাৰী

১৯১৬-১৭ -তে ছাত্ৰ নেতা হিচাবে উজ্জ্বলি উঠা এজন নাট্যকাৰৰ এখন নাটকৰ বিষয়ে কিঞ্চিত কথা ক’ম। কংগ্ৰেছৰ বিশেষ কলিকতা অধিৱেশন, তেজপুৰৰ অসম অসম ছাত্ৰ সন্মিলনী, নাগপুৰৰ ছাত্ৰ সন্মিলন, মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী আদিত অংশগ্ৰহণ কৰি নিজকে দেশসেৱাত নিয়োজিত কৰা এই নাট্যকাৰজন হ’ল দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা। স্বাধীনতাৰ হকে কাৰাবাস পৰ্যন্ত খটা লক্ষ্মীধৰ শৰ্মাক আমি সমগ্ৰ অসমবাসীৰ লগতে বিশ্বনাথবাসীয়েও শ্ৰদ্ধাৰে সোঁৱৰো। কাৰণ বিশ্বনাথ তেওঁৰ জন্মস্থান।

বিশ্বনাথৰ ভীৰগাঁৱত জন্মগ্ৰহণ কৰা দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ নাটক কবিৰ জীৱন পঢ়িছিলো কেইবাবছৰো আগেয়ে। দেশপ্ৰাণৰ কথা ওলালে এইখন নাটকৰ কথা মনলৈ আহে – বৰ্তমানো প্ৰাসংগিক হৈ থকা নাটকখনৰ কিছুমান সংলাপৰ বাবে। নাটকখন আকৌ পঢ়িলোঁ, আকৌ নাট্যকাৰৰ তাহানিৰ সৃষ্টিয়ে আজিলৈকে কঢ়িয়াই অনা কিছু বাস্তৱক পুনৰাই উপলব্ধি কৰিলো। আৱাহনৰ পঞ্চম বছৰ ষষ্ঠ সংখ্যাত (১৯৫৫ শক) প্ৰকাশ হৈছিল লক্ষ্মীধৰ শৰ্মাৰ নাটক কবিৰ জীৱন। কবিৰ জীৱনৰ দুটিমান সংলাপ তুলি দিলো—-

ৰায় বাহাদুৰ—- এওঁ কিতাপ লিখে হ’বলা? এটা ব্যৱসায় নকৰি কিতাপবোৰ লিখি কি বৰ কামটো কৰিছা বুলি ভাবিছা? এয়া চ’ক খাঁ বাহাদুৰ এইবোৰ ডেকাল’ৰাই ক’ত দুটা পইচা উপাৰ্জন কৰিব তাকে নকৰি সিহঁতে লেখে কিতাপ। বোলো কিতাপ লিখি কিবা পোৱানে?

কবি— পাওঁ কাৰনেহে লিখো।

ডেকা বাগিছা—- কিমান পায়? বাৰু আপুনি কেইখন কিতাপ লিখিছে আৰু প্ৰত্যেক কিতাপতেই লাভ কেনেকৈ থাকে?

কবি—- হিচাব নাই। কিন্তু লাভ যথেষ্ট।

ডেকা বাগিছা—- তেন্তে আপোনাৰ নিশ্চয় কাৰআছে। যদি নাই, ঠিক মোৰখনৰ দৰে এখন অষ্টিন গাড়ী কিনিব। অসমত কিজানি মোৰখনেই আটাইতকৈ ভাল গাড়ী। এখন ভাল গাড়ী নহ’লে আপোনাক এৰিষ্ট’ক্ৰেট বুলি কোনেও নামানে। কওক, আপোনাৰ গাড়ী আছে?

কবি—- নাই।

ডেকা বাগিছা—- তেন্তে এখন শীঘ্ৰে কিনক।

কবি—- নিকিনো।

ডেকা বাগিছা—- কিয়?

লক্ষ্মীধৰ শৰ্মাৰ কথা ক’বলৈ হ’লে তেওঁৰ নাটক ঠিক কবিৰ জীৱনৰহে উল্লেখ কৰিব লাগিব বুলি কথা নাই। অত্যন্ত মেধাৱী, উজ্জ্বল ছাত্ৰ নেতা, দেশপ্ৰেমিক, সমাজ-ৰাজনীতিৰ প্ৰতি সদা সচেতন, ৰক্ষনশীলতাৰ বিপক্ষে থিয় দিয়া এক সবল সত্তা, নাট্যকাৰ, কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ লক্ষ্মীধৰৰ বিষয়ে ক’বলৈ বহু পৃষ্ঠাজোৰা লেখাৰ প্ৰয়োজন হ’ব। লক্ষ্মীধৰ শৰ্মাক আকৌ বহুতে মনত ৰাখিছে ছিৰাজ গল্পটোৰ বাবে, যিটো গল্পৰ আধাৰত ১৯৪৮ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই চিনেমা নিৰ্মাণ কৰিছিল আৰু ফণী শৰ্মা, বিষ্ণু ৰাভাই অভিনয়ো কৰিছিল। বিষ্ণু ৰাভাই সঙ্গীত দিয়া ছিৰাজৰ সহকাৰী সঙ্গীত পৰিচালক আছিল ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য। কোনে পাহৰিব চিনেমা ছিৰাজৰ সেই গীতসমূহ—- কঁপি উঠে কিয় তাজমহল/ পুৱতি নিশাৰ শেষ আজানৰ স’তে…/, আৰু নবজাবি বীণ বাটৰুৱা/ নবজাবি তোৰ বীণ/ নাই তোৰ এতিয়া সপোন সুৰীয়া/ তাহানিৰ সোণালী দিন, অগ্নিযুগৰ ফিৰিঙতি মই/ নতুন অসম গঢ়িম/ সৰ্বহাৰাৰ সৰ্বস্ব/ পুনৰ ফিৰাই আনিম/আদি। ১৯৮৮ চনত সুধাকন্ঠ ভূপেন হাজৰিকাই ছিৰাজ পুনৰ নিৰ্মান কৰিছিল। এখন সফল-সুন্দৰ চিনেমা ছিৰাজ। মই ভাবো লক্ষ্মীধৰ শৰ্মাৰ ৰচনাৰ কথা পাতোতে ছিৰাজ আধাৰিত এই দুখন চিনেমাৰ কথাও উল্লেখ কৰা উচিত।

১৯২৪ চনত এম, এ পৰীক্ষাত উত্তীৰ্ণ হোৱা লক্ষ্মীধৰে ১৯২৭ চনত আইন পৰীক্ষা পাছ কৰি গুৱাহাটীত ওকালতি আৰম্ভ কৰিছিল। আৱাহন আছিল লক্ষ্মীধৰ শৰ্মাৰ বহু চিন্তা-সৃষ্টি প্ৰকাশৰ থলী। ওপৰত উল্লেখ কৰিছোৱেই যে তেওঁৰ নাটক কবিৰ জীৱন আবাহনৰ পাততেই প্ৰকাশ হৈছিল। কবিৰ জীৱনত এজন কবিৰ জীৱন-মৃত্যু, আদৰ্শ, তেওঁৰ সুখৰ সংজ্ঞা, মানুহ-জগত-প্ৰকৃতিৰ প্ৰতি কবিৰ মনোভাৱ, সেইসময়ৰ অভিজাত সমাজ তথা আভিজাত্যৰ ফোপোলা স্বৰূপ আদি চিত্ৰিত হৈছে। ইয়াত কবিৰ সৈতে এজন ভিক্ষাৰীৰহে বন্ধুত্ব গঢ়ি উঠিছে। কবিৰ মুখৰ এটি সংলাপৰ কিছু অংশ এনেধৰণৰ—-

কবি—–(ভিক্ষাৰীক বুকুত সুমুৱাই লৈ) ভিক্ষাৰী, ভুল তোমাৰ সকলো ভুল। ধনী, অট্টালিকাত থাকিব পাৰে, তেওঁ কিন্তু অকনমানি ছোৱালীৰ মুখত হাঁহিৰ ৰেখা এটি ফুটাবৰ কাৰণে গোলাপ ফুল বিচাৰি নাহে। এই বিষয়ে তুমি ধনী, তেওঁ ভিক্ষাৰী। কেনেকৈ জানিছা? হয়তো এই হাঁহিকণৰ সমলেই জীৱনৰ আচল সমল। আৰু এইযে বিচিত্ৰ অনুভূতিৰে সজোৱা সুন্দৰ জীৱন তাক যি দান কৰিছে তেওঁৰ প্ৰতি অকৃতজ্ঞ হ’বা কিয় ভিক্ষাৰী? এই সৌন্দৰ্যৰ খনি অপূৰ্ব বিশ্ব তোমাৰো, ধনীৰো।

জীৱনৰ প্ৰতি এনে ইতিবাচক মনোভাৱৰ কিমান প্ৰয়োজন সেয়া আমি দেখোন পদে পদে অনুভৱ কৰিয়েই আহিছো। যোৱাটো শতিকাতে ৰচিত হ’লেও এইখিনি কথা সদায়েই সত্য নহয় জানো! লক্ষ্মীধৰ শৰ্মাৰ জীৱনকাল আছিল অতি চুটি। ১৮৯৮ চনত (কিছু কিছুৰ মতে ১৯০১ চনহে) জন্মগ্ৰহণ কৰি ১৯৩৪ চনৰ ৩ মে’ত মৃত্যুবৰণ কৰা এই মেধাৱী সাহিত্যকজনে অসম আৰু অসমীয়াৰ বাবে কাম কৰিবলৈ সময়নো পালে কিমান। অথচ তেওঁৰ ৰচনাৰাজি পঢ়ি উঠি সদায়েই আপ্লুত হওঁ। কিমান গভীৰ জীৱনবোধৰ অধিকাৰী হ’লে তেওঁৰ কাপেৰে নিৰ্গত হ’ব পাৰে কবিৰ জীৱনৰ দৰে এখন নাটক, যিখন নাটকত তেওঁ দি থৈ গৈছে সুখৰ সংজ্ঞা। সুখ সুখ বুলি হামৰাও কাঢ়ি মৰাৰ সময়ত আমি তেওঁৰ সংলাপৰ মাজত বিচাৰি পাওঁ এক স্বৰ্গীয় প্ৰশান্তি।

কবি—– দুখৰ বুকুতে সুখৰ বিকাশ। গতিকে দুখৰ আৱশ্যকতা অনিবাৰ্য (ঘূৰি চাই পখিলা এটা দেখি) অএতিয়াহে মনত পৰিল হ’বলা। দেখিবলৈ শুৱনি বুলিয়েই তোমাৰ ভেম, ইফালে বেচেৰীহঁতে বেজাৰত শুকাই মৰক।

আন এঠাইত সমালোচকৰ সৈতে কবিৰ বাৰ্তালাপ চাওঁক—

কবি—- ধন্যবাদ। কিন্তু তুমি কেতিয়াবা কবিতা লিখিছানে?

সমালোচক—- নাই লিখা।

কবি—– তেন্তে লিখাৰ বেদনা তুমি কেনেকৈ বুজিবা ভাই। সমালোচনাৰ আৱশ্যকতা আৰু মূল্য দুয়োটা আছে বুলি মানো, কিন্তু এটা কথা পাহৰিলে নহয় যে কবি আৰু সমালোচক দুয়ো বেলেগ ক্ষেত্ৰৰ জীৱ। সমালোচনাই নিজ পাণ্ডিত্যৰ গৰ্বত জ্ঞানৰ অনুবীক্ষণেৰে সৌন্দৰ্যৰ মহিমা চাই আনন্দ পায়, কিন্তু কবিয়ে যে সুন্দৰৰ সৃষ্টিত আত্মহাৰা হৈ তেওঁৰ হৃদয়ৰ ছন্দময়ী কাব্যক মূৰ্ত কৰি তোলে।

দীঘল সংলাপটোৰ একাংশহে ইয়াত তুলি দিলো। নাটকখন পঢ়ি যাওঁতে এনে লাগে যেন নিজৰ মনত উদয় হোৱা জীৱন-জগতকে ধৰি সাহিত্যৰো অনেক প্ৰশ্নৰ উত্তৰ পাই গ’লো বা নতুন চিন্তাৰ বাট এটাহে বিচাৰি পালো। (ক্ৰমশ:) //

You might also like

Comments are closed, but trackbacks and pingbacks are open.