অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক-১

নিজৰা ৰাজকুমাৰী

# ৰাম— হে প্ৰিয়ে! মোৰ প্ৰতি প্ৰসন্ন হোয়া। মোৰ কায় বাক্য মন সকলো তোমাত সমৰ্পিলো। আৰু মই সৰ্বপ্ৰকাৰ তোমাৰ সহায়তা ভজিম। হে চন্দ্ৰমুখি! মোক গ্ৰহণ কৰা। নতুবা সত্যে সত্যে ময় মৰিম। মোৰ প্ৰাণ কন্ঠাগত! মোক এটোপা পানী দিয়া। বৰ পীয়াহ লাগিছে।

নবমী— আহা! কেনে কৌশলেৰে আপোনাৰ ভাব প্ৰকাশ কৰিছে। শপত নেখাবা! কিয়নো লোকে কয় বোলে মৰমৰ মিছা কথাত চিত্ৰগুপ্তে হাঁহে।

এয়া কোনখন নাটকৰ সংলাপ? নাটকখন কিয় বিশেষ? প্ৰথম অসমীয়া আধুনিক, সামাজিক নাটক কোনখন? কলিকতাৰ পৰা অসমলৈ আহি থকাৰ বাটত ১৮৫৭ চনত লিখা, অৰুণোদয়ত প্ৰকাশ পোৱা এই নাটকখনে অসমৰ নাটকৰ জগতখনতখনলৈ আনিছিল পৰিবৰ্তনৰ ঢৌ। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিধবা বিবাহৰ সপক্ষে থিয় দিয়া গুনাভিৰাম শৰ্মাই (পাছলৈ গুনাভিৰাম বৰুৱা) ৰচনা কৰা এই নাটকখনৰ নাম হ’ল ৰামনবমী। ৰামনবমী সম্পৰ্কত ড° পৰমানন্দ ৰাজবংশীয়ে লিখিছিল– “গুনাভিৰাম বৰুৱাই ৰামনবমী লিখাৰ সময়ত তেখেতৰ সমূখত সংস্কৃত নাটক আৰু অংকীয়া নাটককেইখন কেবল আৰ্হি আছিল। অকল এয়ে নহয় ইংৰাজী শ্বেইক্সপীয়েৰৰ নাটকৰ ছাত্ৰ গুনাভিৰামে সেয়ে ৰাননবমী নাটক লিখোতে ইচ্ছাকৃত অথবা অনিচ্ছাকৃতভাবে এই নাটকত সংস্কৃত, অংকীয়া নাটৰ বাহিৰেও শ্বেইক্সপীয়েৰৰ বহুবোৰ উপাদান সোমাই পৰিল। অকল প্ৰথম অসমীয়া সামাজিক নাটক হিচাপেই নহয় উনবিংশ শতিকাৰ মাজভাগৰ অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰা দলিল হিচাপেও ৰামনবমীৰ এক গুৰুত্ব আছে।”

ৰামচন্দ্ৰ, নবমী, কামদেৱ, জয়ন্তী, উৰ্বশী,  হৰনাথ, দেৱদত্ত,ফুলেশ্বৰী, সোণাফুলি, জিকাফুলী, ৰহমতী, সয়ন্দ্ৰী, শিৱকান্ত, কুলনাথ, ৰঙ্গনাথ, নাৰায়ণ, শিহুৰাম আদিকে ধৰি প্ৰায় ডেৰকুৰি সৰু-বৰ চৰিত্ৰ আছে নাটকখনত। বিধবা বিবাহক সমৰ্থন কৰি লিখা নাটকখনত ৰাম আৰু নবমীৰ প্ৰেমৰ কাহানী সন্নিবিষ্ট যদিও শেষলৈ নবমীকে ধৰি আন দুটি চৰিত্ৰই (জয়ন্তী আৰু ৰামচন্দ্ৰ) আত্মহত্যাৰ পথহে বাচি লয়। অৱশ্যে এই মৃত্যুৱে সমাজৰ কিছুলোকৰ চকু মেল খুৱালে। কলিকতাত লোৱা উচ্চ শিক্ষা, নাটক চোৱা-পঢ়া, নাটকৰ নতুন বতাহ নিৰীক্ষণ তথা সংস্কাৰকামী মনোভাৱে সেইসময়ত অসমৰ নাটকলৈ কঢ়িয়াই আনিছিল পৰিবৰ্তনৰ অনেক ঢৌ। অসমৰ নাট্যজগতৰ বাবে ৰামনবমী এক নতুন পোহৰ। এই পোহৰে নাটক ৰচনা তথা পৰিবেশনৰ বৈচিত্ৰ্যৰ দিশে আগবঢ়া বাটক পোহৰাই তুলিলে। ইয়াৰ পূৰ্বে ধৰ্ম, ভগৱান আছিল নাটকৰ বিষয়বস্তু। ড° সত্যকাম বৰঠাকুৰে লিখিছে— “মহাপুৰুষজনাই একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে নাট্যকলাক এটি মাধ্যমৰ ৰূপত ব্যৱহাৰ কৰিছিল। এইদৰে আৰম্ভ হোৱা উদ্দেশ্যধৰ্মী নাট্য পৰম্পৰা শঙ্কৰোত্তৰ কালতো নামমাত্ৰ পৰিবৰ্তনক বাদ দি একে আছিল। প্ৰত্যেকখন নাটতে দেখা গৈছিল শঙ্কৰ-মাধৱৰ প্ৰত্যক্ষ প্ৰভাৱৰ নিদৰ্শন। তদুপৰি ধৰ্মক বাদ দিও যে নাট ৰচিত হ’ব পাৰে সেই কথা যেন অসমীয়া নাট্যকাৰসকলে পাহৰি পেলাইছিল।” এইখিনিতে ১৫৪০ খৃষ্টাব্দত জন্মগ্ৰহণ কৰা “কথাৰ সাগৰ” হিচাবে জনাজাত কবি, নাট্যকাৰ গোপাল আতাৰ কথাও উল্লেখ কৰিব পাৰি। মাধৱদেৱত শৰণ লোৱা গোপাল আতাই ৰচনা কৰিছিল জন্মযাত্ৰা, উদ্ধৱ-যান আৰু নন্দোৎসৱ নাট। এই শতিকাৰ নাট্যকাৰসকলৰ ভিতৰত গোপাল আতা অন্যতম। চৰিতপুথি মতে মাধৱদেৱ থকা কালতে অৰ্থাৎ মহাপুৰুষজনাৰ উপস্থিতিতে গোপাল আতাৰ নাট জন্মযাত্ৰা আৰু নন্দোৎসৱ বৰপেটাৰ কীৰ্তনঘৰত অভিনীত হৈছিল। গোপাল আতাই যদিও অতি সুমধুৰ গীতেৰে নিজৰ নাটসমূহক সমৃদ্ধ কৰিছিল তথাপিও তেওঁ জন্মযাত্ৰা নামৰ নাটখনত মহাপুৰুষ মাধৱদেৱৰ এটি গীত ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল। তেওঁৰ এই ইচ্ছাৰ প্ৰতি আগ্ৰহ দেখুৱাই মাধৱদেৱে “হৰিক বয়ন হেৰি মাই, ফোকাৰে নিশ্বাস নীৰ নয়ন জুৰাই” –এই গীতটি নাটখনত ব্যৱহাৰ কৰিবলৈ দিছিল। গোপাল আতাৰ নাটকেইখনত ব্যৱহৃত গীতসমূহ আছিল সঁচাকৈয়ে সুমধুৰ। ড° প্ৰফুল্ল কুমাৰ নাথে জন্মযাত্ৰাখনৰ গীত সম্পৰ্কত কৈছে—- “নাটখনত মুঠ পোন্ধৰটি গীত সংযোজিত কৰা হৈছে। গীতসমূহত ৰাগ-তালৰ উল্লেখ আছে। গীতত প্ৰয়োগ কৰা এনে ৰাগৰ ভিতৰত আশোৱাৰী, গৌৰী, সুহাই, কানাৰা, বেলোৱাৰ, ধনশ্ৰী, কামোদ, কল্যান, ভাটিয়ালী আদিয়েই প্ৰধান। তালৰ ক্ষেত্ৰত চুটা, পৰিতাল, একতালি, জৌতি, হ্ৰস্বক আদিৰ প্ৰয়োগ লক্ষ্য কৰা যায়।”

এহিমতে জান্ত কংস আনন্দে ৰথে।

আকাশী বচন শুনিলা পথে।।

যাক লৈয়া জাস কংস শুনৰে অজ্ঞান।

এহিৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ।। (জন্মযাত্ৰা)

গোপাল আতা সম্পৰ্কত ড° সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে– গোপাল আতা কেবল ধৰ্ম প্ৰচাৰকেই নাছিল, এগৰাকী কবি আৰু নাট্যকাৰো আছিল। উদ্ধৱযান, জন্মযাত্ৰা, আৰু নন্দোৎসৱ এওঁৰ ৰচিত তিনিখন অঙ্কীয়া নাট পোৱা হৈছে। নাটকেইখনৰ ওপৰত মহাপুৰুষৰ দশম স্কন্ধৰ প্ৰভাৱ সুস্পষ্ট। নাটককেইখনৰ বাহিৰেও গোপাল আতাই ভালেখিনি গীত আৰু ঘোষা ৰচনা কৰিছিল।

You might also like

Comments are closed, but trackbacks and pingbacks are open.