অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–৮

8

নিজৰা ৰাজকুমাৰী

এটা সময় আছিল যেতিয়া কিছুমান বিষয়বস্তুৰ নাটক মঞ্চস্থ কৰিবলৈ মানুহে সাহস কৰিব পৰা নাছিল। দৰ্শকসমাজে বা কি ধৰণে লয়!—এয়া আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো শিতানতে ৰাম-নৱমী নাটকৰ কথা লিখিছো। এনে উদাহৰণ বিৰল নহয়।

সমাজে লেখকৰ স্বাধীনতাক প্ৰভাৱিত কৰাৰ উদাহৰণ নিশ্চয় আছে। পৰিবেশ্য কলা হিচাবে দৰ্শক যিহেতু নাটকৰ বাবে গুৰুত্বপূৰ্ণ গতিকে দৰ্শকৰ কথা নভৱাকৈ থকা যায় কেনেকৈ। দৰ্শকে এনেকৈ বিচাৰে– এয়া নাট্যকৰ্মীৰ বাবেও প্ৰত্যাহ্বান, যি প্ৰত্যাহ্বানে ভাল আৰু বেয়া দুয়োটাকে সৃষ্টি কৰিব পাৰে।

কিন্তু মাজে-সময়ে কথাটো যদি ওলোটাকৈ ভাবো–এজন নাট্যকাৰ বা পৰিচালকে দৰ্শকে কি বিচাৰে সেয়াতকৈ নিজে কি ক’ব বিচাৰিছে তাক যদি উপস্থাপন কৰে অগতানুগতিক শৈলীৰে আৰু সেই শৈলীয়েই যদি সময়ত দৰ্শকৰ পছন্দ হয়! এইক্ষেত্ৰত মই নাটকৰ পৰীক্ষা-নিৰীক্ষাৰ নামত কৰা জাৱৰসদৃশ কাম কিছুমানৰ কথা কোৱা নাই।

ক’ব খুজিছো বুদ্ধিয়ক আৰু পৰিশ্ৰমী নাট্যকৰ্মীয়ে দৰ্শকৰ পূৰ্বৰ পছন্দক সলনি কৰি নাটকেৰে তেওঁলোকক শিক্ষিত কৰি লৈ গৈ থকাৰ কথা, দৰ্শকৰ ৰুচি সলনি কৰিব পৰাৰ ক্ষমতাৰ কথা। কাৰণ নাটক এনে এক মাধ্যম যাৰ জৰিয়তে আপুনি সমাজ এখনক বহু কথা নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে। নাটকতো সস্তীয়া মনোৰঞ্জন নহয়।

নাটকেৰে আচলতে কি ক’ব খোজে নাট্যকাৰ বা পৰিচালক এজনে আৰু দৰ্শকে তাক কেনেভাৱে গ্ৰহণ কৰে বা বহন কৰি নিয়ে এই সমস্ত প্ৰক্ৰিয়াৰ কথা ভাবি মাজে মাজে ৰোমাঞ্চিত হওঁ। নাট্যকাৰৰ মগজুৰ পৰিশ্ৰমৰ পৰা পৰিচালক-শিল্পী-কলা-কুশলীলৈকে সকলোৰে সহযোগত প্ৰাণপ্ৰতিষ্ঠা হোৱা নাটকৰ আঁৰতো থাকে অনেক নাটক। এই সময়ত অসমৰ খবৰ কাকত বা চ’ছিয়েল মিডিয়াত চকু ফুৰাওক– চুক-কোণ, গাওঁ, চহৰ, মহানগৰত কিমান নাটক চলি আছে।

কেৱল স্থায়ী মঞ্চই নহয় পথাৰ-চোতাল-খেলপথাৰৰ অস্থায়ী মঞ্চতো বহু উপভোগ্য নাটক চলি আছে। এনে ব্যৱস্থাসমূহক আজিকালি দৰ্শকে খুব সুন্দৰকৈ আকোঁৱালি লৈছে। কেইবছৰমান আগেয়ে এবাৰ এখন সৰু-মৰমলগা নৈৰ পাৰত হোৱা নাট সমাৰোহ চাবলৈ গৈছিলো। মাটি-বালি, বাঁহ, তালপাত আদিৰে বৰ আটোমটোকাৰিকৈ নিৰ্মান কৰা সেই অস্থায়ী মঞ্চৰ কথা মনত পৰিলে মন ৰঙীণ হৈ উঠে।

সেই আয়োজনৰ বাবে অত্যন্ত কষ্ট কৰা নাট্যপ্ৰেমী ল’ৰাজনে নাটকৰ বাবে আমন্ত্ৰণ কৰোতে সুধিছিলোঁ— কিয় এই আয়োজনৰ কথা ভবা হ’ল? এক মূহুৰ্তও নোৰোৱাকৈ তেওঁ কৈছিল– আমাৰ ঠাইখনৰ মানুহবোৰৰ ৰুচি সলনি কৰিবলৈ। টিভিৰ ধাৰাবাহিককে তেওঁলোকে সকলো বুলি ভাবি আছে। চিৰিয়াছ নাটকৰ সোৱাদ দি চাওঁচোন।

অনুষ্ঠানটোৰ পাছত আকৌ সুধিছিলোঁ যি চাম দৰ্শকক উদ্দেশ্যি নাট্যানুষ্ঠানৰ আয়োজন কৰা হৈছিল সেইসকলে নাটকবোৰ কেনে পালে? আয়োজকৰ আনন্দৰ শেষ নাছিল, কাৰণ গাওঁখনৰ বহু দৰ্শকৰ বাবে চিৰিয়াছ নাটকৰ সেয়া আছিল প্ৰথম অভিজ্ঞতা আৰু তেওঁলোক আপ্লুত হৈছিল। এনেকুৱা নাটকো আছে?–বহু দৰ্শকে হেনো এইদৰে সুধিছিল। ব্যক্তিগতভাৱে মই ভাৱো– সাধাৰণতে চিৰিয়াছ নাটকৰ লগত বৰবেছি সম্পৰ্ক নথকা দৰ্শকে বন্ধ প্ৰেক্ষাগৃহতকৈ এনেকুৱা মুকলি মঞ্চত নাটক চাই ভালপায় আৰু পৰিৱেশটোৰ লগত সহজে একাত্ম হ’ব পাৰে।

নাটক এখন উপভোগৰ লগত নিশ্চয়কৈ ইয়াক মঞ্চস্থ কৰাৰ পৰিৱেশটোৰ গুৰুত্ব আছে। দৰ্শকৰ মানসিক প্ৰস্তুতিত পৰিৱেশৰ অৰিহণা থাকে। বহু দৰ্শকে মন:সংযোগত সামান্যও ব্যাঘাত নোহোৱাকৈ উচ্চ মানৰ শব্দ, লাইট, শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত নাটক চাই ভালপায়, বহু দৰ্শকৰ বাবে দিনৰ পোহৰ, মুকলি মঞ্চ, প্ৰাকৃতিক পৰিৱেশৰ মাজত হোৱা নাটকহে প্ৰিয়। বহু দৰ্শকে সংলাপক গুৰুত্ব দি নাটক এখন উপভোগ কৰে, বহু দৰ্শকে সংলাপহীন নাটকৰ বুদ্ধিদীপ্ততাক প্ৰশংসা কৰে।

কিছুমান নাটকৰ সংলাপৰ ভাষা নুবুজিলেও নাটকখনৰ উপভোগত বাধাৰ সৃষ্টি নহয়। নাটক এখন লিখাৰ বহু বছৰৰ পাছত হয়তো দৰ্শকে নাটকখন গ্ৰহণ নকৰিবও পাৰে নাইবা শ বছৰৰ পাছতো নাটক এখন দৰ্শকৰ প্ৰিয় হ’ব পাৰে। মুঠতে নাটক আৰু দৰ্শকক লৈ কেতিয়াও একো ধৰাবন্ধা নিয়ম থাকিব নোৱাৰে। সাধাৰণতে নাটকে আমাৰ জীৱন আৰু জগতৰে এচোৱাক প্ৰচুৰ সৃষ্টিশীলতাৰে মঞ্চত নোতোলে জানো, গতিকে নাটক প্ৰাচীনেই হওঁক বা আধুনিকেই জীৱন আৰু জগতৰ ৰহস্যময়তাৰে-সৌন্দৰ্যৰে-যন্ত্ৰণা বা বিস্ময়েৰে নাটক সমৃদ্ধ হৈ থকাটো স্বাভাৱিক।

বহুসময়ত চৰিত্ৰৰ দ্বন্দৰ মাজত আমি দেখোন নিজকে বিচাৰি পাই আনন্দ বা সকাহ পাওঁ। সময়ৰ পৰিৱৰ্তনে নাটকৰ বিষয়বস্তু আৰু উপস্থাপন শৈলীলৈ অনেক পৰিৱৰ্তন আনিছে। এয়াই স্বাভাৱিক। আনকি পুৰণি নাটকক নতুনৰ দৃষ্টিভঙ্গীৰে বা পুৰণি নাটকৰ চৰিত্ৰৰ মনোজগতৰ বিশ্লেষণেৰেও নাটক হৈছে। এনে নাটকে দৰ্শকৰ পৰা সমাদৰো পাইছে। আচলতে নাটকৰ ৰসাস্বাদনৰ বিষয়টো একপ্ৰকাৰে গৱেষণাৰ বিষয়।

নাটকৰ দৰ্শকো বিচিত্ৰ, জীৱনবোধো ভিন্ন। এই ভিন্নতাৰ বাবে কোনো দৰ্শকক সমালোচনা কৰা উচিত নহয়। বৰঞ্চ নাট্যকৰ্মীসকলৰ প্ৰচেষ্টাত নতুনত্বৰ প্ৰতিফলন হৈ থকা উচিত। নাটকৰ দৰে মিশ্ৰিত পৰিৱেশ্যকলাৰ মোহনীয়-চুম্বকীয় গুণক নিজস্ব উদ্ভাৱনী শক্তিৰে সফলভাৱে ব্যৱহাৰ কৰি তেওঁলোকে দৰ্শকৰ ৰুচিক উন্নত পৰ্যায়লৈ লৈ গৈ থাকিব পাৰে। এচাম সুশিক্ষিত-ৰুচিশীল দৰ্শক সৃষ্টি কৰিব পৰাটো অলপ ভাললগা কথানে!

You might also like

Comments are closed, but trackbacks and pingbacks are open.