নিজৰা ৰাজকুমাৰী
শুনা ভাস্বতী, দৃশ্যমান জগতখনেই কেৱল বাস্তৱ নহয়। সত্যৰ অঙ্কুৰ মাথোন তাৰ ভিতৰতে নিহিত থকা নাই। সত্য আৰু প্ৰকৃত বাস্তৱৰ পৰিসৰ দৃশ্যমান বাস্তৱ জগতৰ সীমা অতিক্ৰম কৰি মানুহৰ ভাৱ জগতলৈকো বিস্তাৰিত হৈছে। মই শিল্পী, মই নাট্যকাৰ,মোৰ কল্পনা মাথোন এই দৃশ্যমান বাস্তৱ জগততে আৱদ্ধ নাথাকে, থাকিব নোৱাৰে। সেয়েহে মই বিচাৰো তোমালোকৰ সংস্কৃতিসম্পন্ন অন্তৰে আজি বোধন কৰক সেই প্ৰেমক, যি প্ৰেমে নিবিচাৰে দেহৰ বন্ধন, স্বীকাৰ কৰে আত্মাৰ মিলন। যি প্ৰেমে শিকাব লৌকিকতাৰ ঠেক সীমা অতিক্ৰম কৰি অসীম প্ৰেমৰ মাহাত্ম্য উপলব্ধি কৰিবলৈ। শিকাৰ উপলব্ধি কৰিবলৈ, ত্যাগৰ মাজেৰে, ভোগ মিলন আনন্দ। মাথো সেই প্ৰেমহে সত্য , সেই প্ৰেমহে অক্ষয় আৰু চিৰন্তন।(নাটকৰ নাম— নায়িকা নাট্যকাৰ, ৰচনা–সত্যপ্ৰসাদ বৰুৱা) । মনোবিশ্লেষণধৰ্মী এই নাটকখনৰ চুটি চুটি সংলাপৰ মাজে মাজে আছে কেইটিমান তুলনামূলকভাৱে দীঘলীয়া সংলাপো। নাটকখন প্ৰথমবাৰ মঞ্চস্থ হৈছিল ১৯৭৫ চনত গুৱাহাটী জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত। নাট্যকাৰে নিজে কৈ থৈ যোৱা মতে সংলাপ-প্ৰধান এই নাটখনি দৰ্শকে কি ধৰনে ল’ব সেই লৈ নাট্যকাৰৰ কিছু সংশয় আছিল যদিও মঞ্চায়নৰ পাছত দৰ্শক-সমালোচকে নাটকখনত নতুনত্বৰ সোৱাদ পোৱা বুলি কৈছিল। সময়ৰ লগে লগে পিছে সংলাপ-প্ৰধান নাটকৰ ক্ষেত্ৰত দৰ্শকৰ মত ভিন্ন হ’বলৈ ধৰিলে। দক্ষ পৰিচালকে বুদ্ধিদীপ্ততাৰে আগৰ সংলাপ-প্ৰধান নাটকসমূহক আমাৰ মাজলৈ আজিৰ দৰ্শকে বিচৰা ধৰনেৰে সজাই পৰাইহে মঞ্চত তুলিবলৈ আৰম্ভ কৰিলে। দীঘলীয়া সংলাপ শুনিবলৈ আগৰ দৰে দৰ্শকে মন নকৰা হ’ল। এয়া আমনিৰ পৰ্যায়লৈ, ৰসভংগৰ পৰ্যায়লৈ গ’ল।
সৰুকালত আমাৰ ঘৰৰ টেপ ৰেকৰ্ডাৰটোত বাজি থকা শুনিছিলো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ লভিতা, ৰূপালীম নাটকৰ সংলাপ। সেই বয়সত ৰূপকোঁৱৰৰ ৰচনা বা নাটকৰ নামতকৈ বাৰে বাৰে শুনি থকাৰ ফলত চৰিত্ৰসমূহৰ নাম আৰু তেওঁলোকে মতা সংলাপখিনিহে হুবহু আমি আওৰাই থাকিছিলোঁ। কি কেছেট আছিল, কোন শিল্পীয়ে সংলাপ মাতিছিল সেয়া মোৰ অলপো মনত নাই। মনত ৰৈ গৈছিল মাথো সংলাপ। নাটকৰ সংলাপ বুলিলে আজিৰ তাৰিখত ক’বলগীয়া কথা দেধাৰ আহি যায়। এতিয়াৰ আৰু পুৰণিদিনৰ নাটকৰ সংলাপৰ মাজত পাৰ্থক্য অনেক। মঞ্চত সংলাপবিহীন বা খুব কম সংলাপেৰে এখন শক্তিশালী, উপভোগ্য নাটক মঞ্চস্থ কৰি পেলাব পাৰি। সময় আৰু নাটক সম্পৰ্কীয় নতুন নতুন চিন্তাই আমাৰ নাটকক বহুত বেলেগ কৰি তুলিছে। দৰ্শকৰ ৰসবোধ সলনি হৈছে। কিন্তু এনে এক সময় আছিল বা এতিয়াও এনে এক শ্ৰেণীৰ দৰ্শক আছে যাক কেৱল সংলাপেৰেহে ধৰি ৰাখিব পাৰি। মই ক’ব খোজা কথাখিনিৰ সপক্ষে-বিপক্ষে অনেক যুক্তি দি থাকিব পাৰি। কিন্তু এইটোও স্বীকাৰ কৰিব লাগিব যে চৰিত্ৰৰ মুখৰ দীঘল সংলাপ এসময়ত জনপ্ৰিয় আছিল, এতিয়াৰ দৰ্শকে সাধাৰণতে দীঘল সংলাপ পছন্দ নকৰে। যেনেদৰে আমি সৰুকালত কোনোবাই কেছেটত ৰেকৰ্ড কৰি ৰখা নাটকৰ সংলাপ শুনি আপ্লুত হৈছিলোঁ, সেইদিন এতিয়া আৰু নাই। চুটি-বুদ্ধিদীপ্ত সংলাপ বেছিভাগ শ্ৰোতা-দৰ্শকে পছন্দ কৰে।
পৰম্পৰাগত ওজাপালি শৈলীৰ আধাৰত ৰচিত আধুনিক হাস্য-ব্যঙ্গ নাটক কৰুণা ডেকাৰ নাটক শুনা শুনা সভাসদৰ দুটিমান সংলাপ চাওচোন আহক—-
কৰমন্ত্ৰী—– মোৰ মূৰতযেন মস্ত বজ্ৰপাতহে পৰিল।
উপমন্ত্ৰী—– মোৰ মূৰত গোটেই আকাশখনে ভাঙি পৰিছে।
পালিমন্ত্ৰী—– মোৰ মূৰত এখন কালাপাহাৰ
গুপ্তমন্ত্ৰী—– সমস্ত গ্ৰহ-নক্ষত্ৰবোৰ আকাশৰ পৰা নামি আহি যেন…
ৰজা—–চৌদিশে শাৰী শাৰী সুউচ্চ গড়। হেজাৰে-বিজাৰে প্ৰহৰী, চন্তৰী, সৈন্য-সামন্ত। জাকে জাকে লগুৱা-লিকচৌ। তাৰ মাজতো ৰাজকুমাৰীৰ চুলি পকিল কেনেকৈ?
উপমন্ত্ৰী—- আচৰিত!
পালিমন্ত্ৰী—– অসম্ভৱ!
দেখাত অতি সাধাৰণযেন লগা কথা কিছুমানো নাটকত হৈ পৰে বিশেষ। সংলাপে আমাক বান্ধি ৰাখে, আপ্লুত কৰে, হুহৱাই-কন্দুৱায়, নাট্যকাৰ-পৰিচালকে ক’বখোজাখিনি আমালৈ অৰ্থাৎ দৰ্শকলৈ কঢ়িয়াই আনে। সংলাপৰ ভাষাই নাটকখন ৰচিত হোৱাৰ সময়খিনিৰ মাধুৰ্য ধৰি ৰাখে। কিছুমান সংলাপৰ ভাষাই ভাষাটোৰ কালিকা শক্তিক চিৰদিনলৈ সাঁচি থৈ দিয়ে। মুনীন ভূঞাৰ বিখ্যাত নাটক জৰৌৰৌৱা পৰজাত বিষয়াই যেতিয়া কৰৰ বাবদ দিবলগীয়া ধানখিনি উলিয়াই দিবলৈ কয়, তেতিয়া তিৰোতা এগৰাকীয়ে কয়– আমাৰ পথাৰৰ সোণগুটীয়া ধানৰ ভাত খোৱা। আই অমোৰ সোণামুৱাহঁত শিকিয়া পাচি কেইটা আনিছ। আকৌ কয়– মুখত সেলেঙি লগাবলৈ হোঁ হোঁ হাচতিৰ পৰাই গান্ধ পাণৰ পানৰ পাক লগাব পৰা তামোল এখন দিওঁ। আন এগৰাকীয়ে কয়– নে মোৰ ভাগৰ চালি এটুকুৰাও। ৰুক্মিণীয়ে বিষয়াক কয়—- শুন, এইবেলিৰ পৰা আমি স্বৰ্গদেউৰ ঘৰত দিবলগীয়া ধান নিদিও। বহতীয়া পাতি আমাৰ মৌ যোগনীয়া, ঢাৰি যোগনীয়া, হাতী যোগনীয়া আদি যিবোৰ খেল পাতিছিল সেই খেলবোৰেও এইবাৰ কৰ নিদিয়ে। নিদিও বুলি ৰাইজখনে নামঘৰৰ খুটাত গাঁঠি বান্ধিলো যেতিয়া খোলাৰ নিয়ম নাই। এই চুটি চুটি সংলাপকেইটিতে অসমীয়া গাঁৱলীয়া মিঠা শব্দৰ মৌ নাইনে! সোণগুটীয়া ধান, শিকিয়া-পাচি, সেলেঙি, হাচতি, গান্ধ পাণ, তামোলৰ লগত খোৱা চালি, ৰাইজখনে নামঘৰৰ খুটাত প্ৰতিজ্ঞাৰ গাঁঠি বন্ধা আদি কথাবোৰ আজিকালি জানো আমি মানুহৰ কথাবতৰাৰ মাজত শুনিবলৈ পাওঁ?
আন এটা সংলাপত আছে– যা যা, আমাৰ ধানেৰে পতা সাঁজেৰে হাঁহৰ মাংসৰ জুতি নাপাৱ যা।
আনহাতে ১৯৬৯ চনত লিখা হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ এখন উল্লেখযোগ্য নাটক বাঘৰ শেষ দৃশ্যত মুকুন্দ আৰু পদুমীৰ মুখত দিয়া কেইটিমান সংলাপ চাওঁক— তই ডাঙৰ কাম এটা কৰিব লাগিব। সামাজিক জীৱনত গানিতিক যুক্তিবাদৰ প্ৰতিষ্ঠা। তই ভাগৰি পৰিলে কেনেকৈ হ’ব!(মুকুন্দৰ সংলাপ)। পদুমীয়ে কয়— ডাৱৰে চাটি আনিছে। অলপ পিছতে আন্ধাৰ হৈ যাব। ব’লক আমি খোজ লওঁ।
অসুখীয়া মুকুন্দই ফোঁপাই ফোঁপাই কয়–
মুকুন্দ—– বহুদূৰ বাট। আমাৰ জীৱন লাহে লাহে অন্ত পৰি আহিছে। কঠালগুৰি গাওঁখন… হয়তো মই পামগৈ। কিন্তু একবিংশ শতিকা… মই আৰু চাই যাব নোৱাৰিম…। নতুন পুৰুষক তই ক’বি…সিহঁতে যাতে আকৌ ভুল নকৰে…নতুন পুৰুষক তই মনত পেলাই দিবি, সকলো সমস্যা সমাধানৰ এটা মাত্ৰ পথ… সেই পথৰ এপাৰে বিজ্ঞান, আনপাৰে গণিত।
বিদ্যালয়-মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আদিৰ পাঠ্যক্ৰমত নাথাকিলে, বা বিশেষ প্ৰয়োজন নহ’লে আমি নাটক পঢ়ো কিমানে? পৰিৱেশ্য কলা হিচাবে চাবলৈ গ’লে নাটক পঢ়াতকৈ পৰিৱেশনৰ কথা পাতিহে আমি ভালপাওঁ। কিন্তু নাটকৰ পাঠক হোৱাটোও কম গুৰুত্বপূৰ্ণ বুলি নাভাবো। নাটকৰ পাঠে যে কত চিন্তা, সম্ভাৱনা, অভিজ্ঞতা, সমাজ, মনস্তত্ত্বক আমাৰ সমূখত তুলি ধৰে। কেতিয়াবা হঠাৎ ক’ৰবাত নাটকৰ সংলাপ এটি পঢ়িবলৈ পালে নাটকখন পঢ়িবলৈকে মন গুচি যায়। নিচেই সৰুতে ৰূপকোঁৱৰৰ নাটকৰ সংলাপৰ কেছেট শুনি লভিতা, ৰূপালীমৰ লগত যি আত্মিক পৰিচয় গঢ়ি উঠিছিল পাছলৈ সেয়াই ৰূপকোঁৱৰৰ ৰচনাৰ প্ৰতি আগ্ৰহ বঢ়াইছিল। ওপৰত মই উল্লেখ কৰি অহা জৰৌৰৌৱা পৰজাৰ সংলাপকেইটি পঢ়ি নাটকখন পঢ়িবলৈ মন নাযাবনে! বা একবিংশ শতিকাত বিজ্ঞান-গণিতেৰে সমস্যা সমাধানৰ পথৰ সম্ভেদ দিয়া মুকুন্দৰ সংলাপ শুনি হিমেন বৰঠাকুৰৰ বাঘনো আচলতে কি বিষয়ক, কেনেকুৱা নাটক সেয়া জানিবলৈ মন নাযাবনে? নাটকত জীৱনৰ সমস্ত ৰামধেনু, আন্ধাৰ-পোহৰ, আকাশ-বতাহ সকলো থাকে। আচলতে নাটকত নাথাকে কি! // (ক্ৰমশ:)
Comments are closed, but trackbacks and pingbacks are open.