বর্ণালী কটকী ওজা
যিসময়ত অসমত নাৰীয়ে অভিনয় কৰাটো সমাজে কোনোমতেই মানি লোৱা নাছিল, সেই জটিল সময়তে অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল এগৰাকী নাৰী, যিগৰাকী নাৰীয়ে অভিনয়ৰ বাবে সর্বস্ব ত্যাগ কৰিবলৈ প্রস্তুত আছিল ৷ সেয়া আছিল ১৯৫০ চনৰ কথা ৷ সেই জটিল সময়তে এদিন তেওঁ অভিনয় কৰিবলৈ মঞ্চত উঠাৰ বাবে তেওঁৰ গালৈ মাটিৰ লদা দলিয়াইছিল দর্শকে ৷ কাৰণ মাইকী মানুহে মঞ্চত অভিনয় কৰাটো চৰম লজ্জাজনক কথা আছিল ৷ তেওঁলোকে অর্থাৎ দর্শকে অপমানিতবোধ কৰিছিল ৷ আনকি এনে পৰিস্থিতি হৈছিল যে মাটিৰ লদা পৰি মঞ্চতে তেওঁৰ উশাহ বন্ধ হোৱাৰ উপক্রম হৈছিল ৷ কিন্তু তেনেবোৰ বাধা–বিঘিনিয়ে তেওঁৰ নাট্য যাত্রাৰ পথ ৰুধিব নোৱাৰিলে ৷ নাটকৰ যাত্রা পথত তেওঁৰ সাধনা আৰু পৰিশ্রমে অৱশেষত স্বীকৃতি লাভ কৰিলে ৷ নাট্য নিপুণা উপাধিৰে বিভূষিত এই নাট্যশিল্পীগৰাকী অসমৰ নাট্যপ্রেমীৰ সর্বপৰিচিত বীণা দাস মান্না ৷
নাটকৰ প্রতি শৈশৱৰেপৰা তেওঁৰ দুর্বলতা আছিল ৷ বিধৱা মাতৃৰে সৈতে তেওঁলোকৰ পৰিয়ালটো তীব্র আর্থিক অনাটনত ভুগিছিল ৷ কিশোৰী বীণা দাসে তেতিয়া গুৱাহাটীৰ বাৰোৱাৰীত অৱস্থিত কামৰূপ মহিলা শিল্পানুষ্ঠানত মাহিলি বাৰ টকা পঞ্চাশ পইচা দৰমহাত তাঁতশালত ফুল বছা কাম কৰিবলৈ লৈছিল ৷ কিন্তু এনেতে তেওঁৰ জীৱনে অন্য মোৰ ললে ৷
১৯৫১ চনত বীণা দাসে নাট্য জগতত যি খোজ পেলালে, তাৰ পিছৰ সুদীর্ঘ সময় অর্থাৎ মৃত্যুৰ প্রায় আগলৈকে নাটক আৰু অভিনয়ৰ সৈতে তেওঁ অংগাংগীভাৱে সম্পর্কিত হৈ থাকিল ৷ আর্য নাট্য সংঘ, গুৱাহাটীয়ে ১৯৫১ চনৰ মাজভাগত সর্বেশ্বৰ চক্রৱর্তীৰ পৰিচালনাত কাৰাগাৰ নাটকখন মঞ্চস্থ কৰিছিল ৷ কাৰাগাৰত বীণা দাসে ৰূপায়ণ কৰা কংকাৰ চৰিত্রটোৱেই বোধহয় তেওঁৰ জীৱনৰ প্রথম নাট্যযাত্রাৰ সূচনা ৷ আনহাতে একেই সময়তে অর্থাৎ ১৯৫১ চনতে ভূপেন দাসৰ পৰিচালনাত আনাৰকলি নাটকৰ আনাৰকলিৰ ভূমিকাত কৰা অভিনয়েই প্রথম মঞ্চ নাটকৰ আৰম্ভণি বুলি কোনোৱে কব খোজে ৷
ক্রমান্বয়ে বীণা দাসৰ ফণী শর্মা, সাৰদাকান্ত বৰদলৈৰ সৈতে সংযোগ ঘটাত এখন এখনকৈ বহুতো নাটকত তেওঁ অভিনয় কৰি গল ৷ সাৰদাকান্ত বৰদলৈৰ পৰিচালনাত সেই বাটেদি, পহিলা তাৰিখ, সত্য বন্দোপাধ্যায়ৰ মূল বাংলা নাটক এৰাও মানুষতো শিল্পীগৰাকীয়ে অভিনয় কৰিছিল ৷ আনাৰকলি, কাৰাগাৰ আৰু ফণী শর্মা পৰিচালিত মাটিৰ ঘৰো বাংলা নাটকৰে অসমীয়া ৰূপান্তৰ আছিল ৷ মণিৰাম দেৱান, অভিমান, সত্যপ্রসাদ বৰুৱাৰ শিখাকে আদি কৰি অসংখ্য নাটকত তেওঁ অনবদ্য অভিনয় কৰিছিল ৷ অৱশ্যে তেওঁ নিজে কৰা উৎকৃষ্ট অভিনয় বুলি ভাবে ফণী শর্মাৰ ভোগজৰা নাটকৰ ৰূপা পাগলীৰ চৰিত্রটি আৰু বসন্ত কুমাৰ শইকীয়াৰ মকৰাজাল নাটকৰ ভেনাচ চৌধুৰীৰ চৰিত্রটি ৷ ১৯৫২ চনত তেওঁ প্রথম অনাতাঁৰ নাটকত অভিনয় কৰে মণিৰাম দেৱানত ৷
১৯৬০ চনত বীণা দাসে আকাশবাণী গুৱাহাটী কেন্দ্রৰ নাটক শাখাৰ ড্রামা ভইচ হিচাপে চাকৰিত যোগদান কৰে ৷ চাকৰি কালছোৱাত তেওঁ প্রায় ডেৰ হাজাৰৰো অধিক নাটকৰ প্রযোজনা, পৰিচালনা আৰু অভিনয়ৰ লগত জড়িত হৈ আকাশবাণীৰ শ্রোতাৰ লগত সু–সম্পর্ক স্থাপন কৰিছিল ৷
বীণা দাস মান্না এগৰাকী সু–প্রতিষ্ঠিত আৰু জনপ্রিয় চলচিচত্র অভিনেত্রীও আছিল ৷ ১৯৫৩ চনত তেওঁ প্রথম সুনীল গাংগুলী পৰিচালিত সতী বেউলা চলচিচত্রৰ নেতাই ধুবুনী চৰিত্রটিত ৰূপদান কৰিছিল আৰু এয়াই আছিল চিনেমা জগতত তেওঁৰ প্রথম প্রৱেশ ৷
তেওঁৰ অভিনীত চলচিচত্রৰ নামসমূহ তলত উল্লেখ কৰা হল ৷ মুঠ অভিনীত চলচিচত্রৰ সংখ্য ২৯খন ৷
সতী বেউলা, পিয়লি ফুকন, নতুন পৃথিৱী, চাকনৈয়া, ভক্তপ্রহ্লাদ, পুৱতিনিশাৰ সপোন, আমাৰ ঘৰ, লাচিত বৰফুকন, নৰকাসুৰ, মণিৰাম দেৱান, বিভ্রাট, হূদয়ৰ প্রয়োজন, সন্তান, ইটো–সিটো বহুতো, মেঘমুক্তি, ৰজা হৰিষ্চন্দ্র, যুগে যুগে সংগ্রাম, বহাগৰ দুপৰীয়া, পূজা, শকুন্তলা আৰু শংকৰ যোছেফ আলি, গঙা চিলনীৰ পাখি, অজলা ককাই, নিজৰা, ভাই ভাই, ৰঙানদী, কাজিৰঙাৰ কাহিনী, শ্রীমান মাইমন, অ মোৰ মনে তৰা, হেঁপাহ আৰু তথ্যচিত্র হল সংগ্রামী আৰু অভিযাত্রী ৷
মঞ্চ আৰু অনাতাঁৰ নাটকৰ লগত গভীৰভাৱে জড়িত শিল্পীগৰাকীয়ে ভ্রাম্যমাণ থিয়েটাৰৰ লগত জড়িত কোনোদিনেই নহল ৷ ভ্রাম্যমাণ থিয়েটাৰক তেওঁ অসমৰ এক অমূল্য সম্পদ বুলি গণ্য কৰিছিল ৷ লগতে ভ্রাম্যমাণ থিয়েটাৰৰ জয়যাত্রা অব্যাহত ৰাখিবৰ বাবে তেওঁ অসমৰ ৰাইজক আহ্বান জনাইছিল ৷
অনাতাঁৰ নাটক, মঞ্চ নাটক আৰু চলচিচত্রত অভিনয়ৰ ক্ষেত্রত তেওঁৰ প্রিয় মাধ্যম আছিল মঞ্চাভিনয় ৷ কাৰণ মঞ্চৰ অভিনয়ত দর্শকৰ সৈতে পোনপটীয়া সংযোগ ঘটে ৷ চলচিচত্রৰ অভিনয় পৰিচালকৰ নির্দেশত কেমেৰাৰ সন্মুখত কৰিবলগীয়া হয় ৷ আনহাতে অনাতাঁৰ নাটকত কল্পনাৰে শ্রোতাক আগত ৰাখি কেৱল কণ্ঠৰ অভিনয় কৰিবলগা হয় ৷
পিতৃ মিলচৰণ দাস আৰু মাতৃ সৰস্বতী দাসৰ কন্যা বীণা দাসৰ জন্ম ১৯৩৬ চনত গুৱাহাটীতে হৈছিল ৷ কলিকতাৰ বিমল মান্নাৰ সৈতে ১৯৭২ চনত বিবাহ বান্ধোনত সোমাই বীণা দাস মান্না নামেৰে বিখ্যাত হৈছিল ৷ বিবাহৰ মাত্র চাৰি বছৰৰ পিছতে তেওঁৰ স্বামী বিয়োগ হোৱাৰ সময়ৰ পৰাই তেওঁৰ পিতৃগৃহই আশ্রয়স্থল হৈ পৰিল ৷
১৯৯৪ চনত বীণা দাস মান্নাই চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিলেও অভিনয়ৰ পৰা কিন্তু অৱসৰ নললেই বুলিব পাৰি ৷ বীণা দাস মান্নাই এলি আহমেদৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল ৷ জীৱনৰ শেষৰফালে অসুখে ক্ষত–বিক্ষত কৰা শৰীৰেৰেও তেওঁ টিভি চিৰিয়েলত অভিনয় কৰিছিল ৷
অসম চৰকাৰৰ দ্বাৰা শিল্পী পেন্সনপ্রাপ্ত বীণা দাস মান্নাক অসমৰ বহুতো স্বীকৃতিপ্রাপ্ত আগশাৰীৰ অনুষ্ঠানে উপযুক্ত সন্মান যাচিছিল ৷ তাৰে ভিতৰত অসম শিল্পী দিৱস উদ্যাপন সমিতিয়ে বিষ্ণু ৰাভা বঁটা, সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০০৮ চনৰ ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈ বঁটা প্রদান কৰি নাট্য শিল্পীগৰাকীৰ প্রতিভা আৰু অৱদানক যথোচিত মর্যাদা দিছিল ৷
মানুহৰ জীৱনটোৱেই অভিনয় যদিও এইগৰাকী অভিনেত্রীৰ জীৱনৰ এটা প্রধান দুখ হল বাস্তৱ জীৱনৰ সঁচা কাৰুণ্যখিনি বুকুত হেঁচি থৈ দর্শক আৰু শ্রোতাৰ সন্মুখত হাস্যৰসৰ যোগান ধৰিব লগা হৈছিল নিখুঁতকৈ৷ জীৱনৰ কাৰুণ্যখিনি বুকুতেই সাঁচি ৰাখি বীণা দাস মান্নাই জীৱন নাট সামৰিলে ৷
ফোন- ৯১০১৪-৩৯৭৮৩
Comments are closed, but trackbacks and pingbacks are open.