খোজে খোজে তুমি ছায়া অ দেউতা

স্বপ্না দাস

ভাল পাওঁ দেউতাৰ স্নেহসনা মুখ

মোৰ বাবে তেওঁ সহে কিমান যে দুখ ৷

কবি নৱকান্ত বৰুৱাই ভালপাওঁ কবিতাটোত লিখা উপৰি উল্লিখিত দুশাৰীত উমান পাব পাৰি দেউতাকে অনেক দুখকষ্ট স্বীকাৰ কৰি হলেও সন্তানৰ সুখশান্তিৰ বাবে কৰা অহৰহ প্রয়াসৰ কথা ৷ দেউতা এটি অতি মধুৰ শব্দ৷ দেউতা এটি গভীৰ সম্বন্ধ ৷ মা মমতাৰ আকৰ , দেউতা আকৌ দায়িত্ব বহনকাৰী হিমালয়সম পর্বত, ৰদবতাহবৰষুণ সন্তানৰ বাবে ৰক্ষাকৱচৰ দৰে স্থিতপ্রজ্ঞ এজোপা বটবৃক্ষ ৷ নিজে ভালকৈ নাখায়ো সন্তানক খুৱায়, নিজে ভাল নিপিন্ধিও লৰাছোৱালীক পিন্ধায়, নিজে আৰামত নাথাকিও পোজীক আৰামত ৰখাৰ যৎপৰোনাস্তি চেষ্টা কৰাজনেই পিতৃ ৷ এইবোৰেই সন্তানৰ প্রতি এজন দেউতাকৰ অকথিত ত্যাগ নিহিত দায়িত্ব ৷ পিতৃ এনেকুৱা এজন পুৰুষ, যিগৰাকীয়ে চিৰদিন নিজতকৈ সন্তানৰ সুখ, শান্তি, সমৃদ্ধিক সাঙুৰি সকলো দিশৰ উন্নতিৰ বাবে সকলো সময়তে সকলোধৰণৰ শাৰীৰিক কিম্বা মানসিক কষ্ট, চেষ্টা, ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈ থাকে ৷ কৰেও ৷ আত্মত্যাগ আৰু নিঃস্বার্থতাৰ অনন্য উদাহৰণ পিতৃ ৷

পিতা স্বর্গ, পিতা ধর্ম, পিতাহি পৰমং তপঃ ৷

পিতাহি প্রীতিমাপন্নে প্রিয়ন্তে সর্বদেৱতা ৷

এই সংসৃক্ত শ্লোকফাঁকিত নিহিত হৈ আছে অনেক কথা ৷ সম্পৃক্ত হৈ আছে অনেক নীতিকথা ৷ পিতৃ কি আৰু সন্তানৰ তেওঁৰ প্রতি দায়িত্ব কেনেধৰণৰ সেই কথাও শ্লোকফাঁকিয়ে উনুকিয়ায় ৷ সংসৃক্ত শ্লোকফাঁকিৰ অসমীয়া ভাবার্থ এনেধৰণৰ পিতা স্বর্গ, পিতা ধর্ম, পিতাই পৰম তপস্যা ৷  পিতৃক সন্তুষ্ট কৰিলে সকলো দেৱতাও অর্থাৎ ভগৱান সন্তুষ্ট হয় ৷ শাস্ত্রত উল্লিখিত এইষাৰ কথাকে শিৰোধার্য কৰি ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা সন্তানে পিতৃক দেৱতুল্য জ্ঞান কৰি শ্রদ্ধা আৰু সন্মান জনাই আহিছে ৷ তাৰো আছে অলেখ বিৰল উদাহৰণ ৷ পিতৃ দশৰথ ৰজাৰ আজ্ঞামতে ৰাজপাটৰ লালসা ত্যাগী চৈধ্য বছৰৰ বনবাসক তুচ্ছজ্ঞান কৰা ৰামচন্দ্র অথবা জমদগ্ণি ঋষিৰ আদেশমর্মে পুত্র পৰশুৰামে জন্মদাত্রীক শিৰশ্ছেদ কৰিছিল ৷ একেদৰেই হস্তিনাপুৰৰ ৰজা শান্তনুৰ সুখৰ হকে পুত্র দেৱব্রতে ৰাজপাট ত্যাগৰ উপৰি বৈবাহিক সম্পর্কত বান্ধ নোখোৱাৰ হকে কৰা ভীষ্ম প্রতিজ্ঞাৰে দেৱব্রত ভীষ্ম নামেৰে প্রখ্যাত হৈ পৰিছিল ৷ তেনেদৰেই ৰজা যযাতী আৰু পুত্র পুৰুৰ কথাও আমি বহুতে নজনা নহয় ৷ যুগৰ পৰিৱর্তন হলেও পিতৃৰ প্রতি সেই একে শ্রদ্ধা একে সন্মান আধুনিক যুগতো আছে ৷

*******

পিতৃসকলৰ অহোপুৰুষার্থ ত্যাগ, মৰম, কষ্টৰ স্বীকৃতি প্রদানৰ বাবে বিশ্বব্যাপী উদ্যাপিত‘Fathers’ Day’ বা পিতৃ দিৱস মাথোঁ এক সামান্য মাধ্যমহে ৷ পিতৃক সন্মান জনাবলৈ, তেওঁৰ আজ্ঞাকাৰী হবলৈ যদিও কোনো নির্দিষ্ট এটা দিনৰ প্রয়োজন নাই, তথাপি এটা সম্পূর্ণ দিন পিতৃৰ বাবেহ উৎসর্গিত কৰা হৈছে, যাক পিতৃ দিৱস হিচাপে পালন কৰা হয় বিশ্বৰ বিভিন্ন দেশত, বিভিন্ন সময়ত৷ পিতৃ দিৱস উদ্যাপনৰ আৰম্ভণিক কেন্দ্র কৰি ইতিহাসবিদসকলৰ মাজত যথেষ্ট মতভেদ দেখা যায় ৷ আনুষ্ঠানিকতা আৰু স্বীকৃতি অবিহনে পিতৃ দিৱস উদ্যাপন কৰাৰ পৰা আনুষ্ঠানিকতা আৰু স্বীকৃতিপ্রাপ্তিক লৈও এহ দিৱসৰ সৈতে জড়িত হৈ আছে অনেক কাহিনী লিপিবদ্ধ আছে বুৰঞ্জীৰ পাতত ৷

কেথলিক ধর্মত চতুর্দশ শতিকাৰ শেষৰ ফালৰ পৰা পঞ্চদশ শতিকাৰ আৰম্ভণিলৈ যীশুখ্রীষ্টৰ কল্পিত দেউতাক ছেইণ্ট  যোছেফৰ দিনটোক পিতৃ দিৱস হিচাপে পালন কৰিছিল ৷ সেই একেটা মনোভাৱেৰে স্পেইন, পর্টুগাল, আয়াৰলেণ্ড, ক্রৱেচিয়া,ইটালী আদি কেথলিক দেশত এতিয়াও ১৯ মার্চত পিতৃ দিৱস পালন কৰে৷ আনহাতে, আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ কয়লা খনন দুর্ঘটনাত ৩৬২গৰাকী লোকৰ মৃত্যুৰ পিছত ১৯০৮ চনৰ ৫ জুলাইত পশ্চিম ভার্জিনিয়াৰ ফেয়াৰমণ্টত প্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে পিতৃ দিৱসৰ আয়োজন কৰা হৈছিল ৷ এগৰাকী নিষ্ঠাৱান মন্ত্রীৰ কন্যা গ্রেচ গল্ডেন ক্ল্যেটনৰ প্রচেষ্টাত দুর্ঘটনাটোত মৃত্যু হোৱাসকলৰ লগতে তেওঁলোকৰ পিতৃসকলক সন্মান জনোৱাৰ বাবেই আছিল পিতৃ দিৱসৰ সেই অনুষ্ঠান ৷ কিন্তু এই প্রয়াস পিছলৈ বার্ষিক অনুষ্ঠানত পৰিণত নহল , আনকি স্থানীয় লোকৰ বাহিৰে এই বিষয়টোত বৰ বেছি প্রচাৰো নহল ৷

আনপিনে ৱাশ্বিংটনৰ স্প্যকেনৰ বাসিন্দা ছনোৰা স্মার্ট ডডে তেওঁৰ প্রয়াত মাতৃক সেৱা আৰু শ্রদ্ধাঞ্জলি নিবেদন কৰিবলৈ মাতৃ দিৱসৰ দিনটোতেই গির্জাৰ সেৱাত অংশগ্রহণ কৰাৰ সময়তে হেনো পিতৃৰ বাবেও এটা দিন উৎসর্গিত কৰাৰ কথা মনলৈ আহিছিল ৷ তেওঁৰ মাতৃৰ বিয়োগৰ পিছত পিতৃ কৃষক আৰু গৃহযুদ্ধৰ প্রবীণ সেনা হিচাপে পৰিচিত পিতৃ উইলিয়াম জেকচন স্মার্টৰ একাকী জীৱনযাত্রাৰ কথা ভাবি ছনোৰা স্মার্ট ডডৰ মনত তেনে চিন্তাৰ উদ্রেক হৈছিল৷ ডডৰ দেউতাকে পিতৃমাতৃ উভয়ৰে দায়িত্ব, কর্তব্য আদি যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিও একাগ্রতাৰ লগতে নিষ্ঠাৰে পালন কৰি ছনোৰা আৰু তেওঁৰ পাঁচগৰাকী ভাতৃক ডাঙৰদীঘল কৰিছিল ৷ এগৰাকী অকলশৰীয়া পিতৃৰ সেই কষ্ট আৰু ত্যাগ যেন এখন সংগ্রামহে এই অনুভৱ আছিল জীয়ৰী ছনোৰাৰ ৷ সেহইবাবেই সংসাৰ যুঁজৰ যুঁজাৰু পিতৃক স্বীকৃতি প্রদানৰ উদ্দেশ্যে নিজৰ জন্মদাতাৰ ওপজা দিন ৫ জুনত বিশ্বজুৰি পিতৃ দিৱস হিচাপে পালন কৰাৰ স্বীকৃতি প্রদানৰ বাবে ছনোৰা স্মার্ট ডডে স্প্যকেন মন্ত্রী মিত্রজোঁট (‘Spokane Ministerial Association and the YMCA’)ৰ ওচৰত আবেদন জনায় যদিও মন্ত্রীসকলে চালিজাৰি চাহ অনেক গুণাগঁথাৰ শেষত জুন মাহৰ তৃতীয় দেওবাৰটোহে পিতৃ দিৱস হিচাপে উদ্যাপনৰ বাবে বাছি লৈছিল ৷  এইদৰে ১৯১০ চনৰ ১৯ জুনত ৱাশ্বিংটনত আৰম্ভ হয় পিতৃ দিৱসৰ প্রথমটো অনুষ্ঠান ৷ পৰৱর্তী পর্যায়ত পিতৃ দিৱসক ৰাষ্ট্রীয় স্বীকৃতি প্রদানৰ হকে ১৯১৩ চনত কংগ্রেছত উত্থাপিত প্রথমখন বিধেয়কৰ আঠ বছৰৰ পিছত ৰাষ্ট্রপতি কেলভিন কুলিজে পিতৃ দিৱসৰ সপক্ষে এটা প্রস্তাৱত স্বাক্ষৰ কৰে যদিও ১৯৬৬ চনত ৰাষ্ট্রপতি লিণ্ডন জনছনে জুন মাহৰ তৃতীয়টো দেওবাৰৰ বন্ধৰ দিনটো পালন কৰিবলৈ কার্যবাহী আদেশত স্বাক্ষৰ কৰে ৷ পৰৱর্তী সময়ত ৰাষ্ট্রপতি ৰিচার্ড নিক্সনৰ অধীনত ১৯৭২ চনত কংগ্রেছে পিতৃ দিৱসক আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় বন্ধৰ দিন ঘোষণাৰে আহন প্রণয়ন কৰে৷ এক কথাত কবলৈ হলে ৱাশ্বিংটনত আৰম্ভ হোৱা এই দিৱসৰ জনপ্রিয়তা পৰৱর্তী সময়ত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰে বিশ্বৰ প্রায় সকলো দেশতে ৷

*******

অৱশ্যে বিশ্বৰ বহু দেশত এতিয়াও জুন মাহৰ তৃতীয় দেওবাৰৰ বাহিৰে আন দিনত পিতৃ দিৱস পালন কৰা হয় ৷ কোনকেইখন দেশত জুনৰ তৃতীয় দেওবাৰে Fathers Day উদ্যাপিত নহয় মেণ্ডেৰিয়ান চাহনীজ ভাষাত আঠৰ উচ্চাৰণ আৰু‘papa’ শব্দৰ উচ্চাৰণ একেধৰণৰ হোৱা বাবেই বছৰৰ অষ্টম মাহৰ অষ্টম দিন ৮ আগষ্টত টাহৱানত পিতৃ দিৱস উদ্যাপন কৰা হয় ৷ থাইলেণ্ডত আকৌ ৰজা ভূমিবল অদুল্যদেজৰ ওপজা দিনটো ৫ ডিচেম্বৰত পালন কৰে পিতৃ দিৱস ৷ অষ্ট্রেলিয়া, নিউজিলেণ্ড, নিউগিনি আদি দেশত ১ ছেপ্টেম্বৰত পিতৃ দিৱস পালন কৰাৰ পৰিৱর্তে ৰাছিয়াত ২৩ ফেব্রুৱাৰীত, পোলেণ্ডত ২৩ জুনত পিতৃ দিৱস উদ্যাপন কৰা হয় ৷ আনহাতে ফিনলেণ্ড, নৰৱে, ছুহডেন, আইলেণ্ডকে ধৰি বিশ্বৰ আন কেইবাখনো দেশত নৱেম্বৰ মাহৰ দ্বিতীয়টো দেওবাৰে পালন কৰা হয় পিতৃ দিৱস৷ যদিওবা পিতৃ দিৱসৰ ধাৰণাটো মূলতঃ ভাৰতৰ নহয়, তথাপি এই পশ্চিমীয়া ধাৰণাই এতিয়া ভাৰততো স্থান অধিকাৰ কৰাত জুন মাহৰ তৃতীয় দেওবাৰে ভাৰততো পালন কৰা দেখা যায় পিতৃ দিৱস ৷

********

পিতৃৰ বাবেও এটা দিন উৎসর্গিত নাইবা কেৱল এটা বিশেষ দিনৰ পিতৃ দিৱস উদযাপনেৰেই সন্তানসকলে জন্মদাতাৰ কষ্ট, ত্যাগ, ধৈর্য, মৰম আদিৰ প্রতিদান দি আহিছেনে নিশ্চয়কৈ নহয় ৷ কোনোৱে যদি এটা দিন উদ্যাপনেৰে পিতৃক সন্মান জনাই আহিছে, আন কোনোৱে আকৌ নৱ আৱিষ্কাৰেৰে পিতৃৰ মৰমৰ প্রতিদান দিছে ৷ আপোনগৰাকীৰ মৃত্যুও হব পাৰে কেতিয়াবা আৱিষ্কাৰৰ কাৰক ! তেনে এটি ঘটনাৰ অন্তত ১৯১২ চনত হেল্ছে টেহলৰে উদ্ভাৱন কৰিছিল হাত ধুবলৈ বা পানী খাবলৈ আমি বহুতেই বিভিন্ন ৰাজহুৱা স্থানত বর্তমান ব্যৱহাৰ কৰা এবিধ বেচিন, যিটোৰ পানীৰ নলৰ তলত হাত থলে পানী ওলায় আৰু আঁতৰালে নিজে নিজেই পানী ওলোৱা বন্ধ হৈ যায় ৷ দূষিত পানীৰ পৰিৱর্তে বিশুদ্ধ পানী সেৱনৰ সুবিধা সকলোৱে পোৱাৰ লক্ষ্যৰেহ হেল্ছে টেইলৰে আৱিষ্কাৰ কৰিছিল এনে নলৰ ৷ কিন্তু কিয় টেইলৰৰ পিতৃৰ পৰলোক ঘটিছিল দূষিত পানী সেৱনৰ ফলত টাইফয়েড ৰোগত আক্রান্ত হৈ৷ তাৰ পিছৰে পৰা সকলোকে সহজে প্রদূষণ নোহোৱা পানী গ্রহণ কৰিব পৰাকৈ কিবা ব্যৱস্থা উদ্ভাৱনৰ চিন্তাত অহৰহ ব্যস্ত আছিল ৷ পিতৃক হেৰুওৱাৰ ফলশ্রুতিলব্ধ সেই আৱিষ্কাৰত অনেকগৰাকী পিতৃক সুৰক্ষিত কৰাৰ সমানে উপকৃতও হল সমগ্র বিশ্ব ৷ টেইলৰৰ সেই আৱিষ্কাৰ যেন সন্তানে পিতৃক দিয়া এটি অপূর্ব উপহাৰ ৷ আন এটা উদাহৰণ ৷ ১৯২০ চনৰ পিতৃ দিৱসত সন্তানসকলে পিতৃক উপহাৰ দিছিল হলমার্কযুক্ত Fathers Day card আৰু ৰেচমৰ টাই ৷ তাৰেহ ফলশ্রুতিত টাই নির্মাণ উদ্যোগত গণ উৎপাদন হয় ৷ আনহাতে, প্রথমে পিতৃ দিৱস উদ্যাপনৰ এটা ডাঙৰ অংশ আছিল গোলাপ ৷ পিতৃ দিৱসত গির্জাৰ সেৱাৰ শেষত কন্যাই ৰাজহুৱাকৈ পিতৃক ৰঙা গোলাপ উপহাৰ দিছিল ৷ সেই প্রথা ঠায়ে ঠায়ে এতিয়াও প্রচলিত হৈ আছে ৷ বিশ্বৰ বহু ঠাইত এতিয়াও জীৱিত পিতৃক ৰঙা গোলাপ আৰু স্বর্গীয়ৰ বাবে বগা গোলাপ উপহাৰ প্রদানেৰে উদ্যাপন কৰা হয় পিতৃ দিৱস ৷

********

পিতৃ সন্তানৰ ছাঁ ৷ মাতৃৰ মমতাই সন্তানক বেৰি ৰখাৰ দৰেই পিতৃয়েও এন্ধাৰেপোহৰে সন্তানৰ কাষত গছৰ নিচিনাকৈ স্থিতপ্রজ্ঞ হৈ থাকে ৷ সন্তানৰ বাবে পিতৃ যিদৰে ছুপাৰ হিৰো একেদৰে পোজীৰ সুখৰ সময়ত দেইমন জুৰোৱা মলয়াসম পিতৃয়ে সন্তানৰ বাবে কৰা ত্যাগ, অসাধ্য সাধন, কষ্ট আদিক একোৰেই তুলনা কৰিব পৰা নাযায় ৷ সেই কথাকেই যেন গানতো কোৱা হৈছে এনেদৰে

মনে যদি টোকে চকুলো

নিচুকাই দিবানে অ দেউতা

সপোনে যদি হেৰায় ঠিকনা

বিচাৰি দিবানে অ দেউতা

শোকত যদি বিষায় বুকু

তুমিও কান্দিবানে দেউতা

জীৱন যদি হয় ভাগৰুৱা

জিৰাব দিবানে অ দেউতা

অ দেউতা,

খোজে খোজে তুমি মোৰ ছায়া

শব্দৰে শেষ নহয় তোমাৰ কথা৷

ফোনঃ  ৭০০২০-২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.