পূৰবী বৰুৱা
ভ্ৰমণ বুলি ক’লেই আমাৰ মানসপটত ভাঁহি উঠে নিজৰ পচন্দৰ ঠাইখনত কটাব খোজা মধুৰ, শান্তিময় সময়ৰ প্ৰতিচ্ছবি, ভৰি উঠে মন এক অনাবিল আনন্দ আৰু ৰোমান্সেৰে৷ বৰ্তমান ব্যস্ততাপূৰ্ণ,বিৰামহীন আৰু বহুখিনি যান্ত্ৰিক জীৱনত শৰীৰ,মনৰ অৱসাদ দূৰ কৰিবলৈ ভ্ৰমণ মানৱ জীৱনৰ এক অপৰিহাৰ্য অংশৰ দৰেই হৈ পৰিছে ৷যদিও সকলোৰে ভ্ৰমণৰ পছন্দ বা উদ্দেশ্য সুকীয়া,জীৱনটোক অন্য মাত্ৰা বা গতি দিয়াত যে ই সহায় কৰে সেইয়া অনস্বীকাৰ্য ৷ভ্ৰমণ কাৰোবাৰ বাবে বিলাস,কাৰোবাৰ বাবে বিৰাম আৰু কাৰোবাৰ বাবে নিজক বিচাৰি চোৱাৰ এক আহিলা ৷কোনোৱে যদি পাহাৰ ভাল পায়,কোনোৱে সাগৰ আৰু কোনোৱে ভাল পায় অৰণ্য ৷মই প্ৰায় সকলো ঠাই ফুৰি ভাল পাওঁ যদিও অৰণ্যৰ সৌন্দৰ্য্য আৰু গহীনতাই সদায় বেছিকৈ আকৰ্ষণ কৰে ৷মোৰ দৰে আপুনিও অৰণ্য ভাল পায় নেকি বা সেউজ,শান্তিময় অৰণ্যৰ পৰিৱেশে সজীৱতাৰে ভৰাই তোলে নেকি আপোনাৰ দেহ-মন?যদি হয়,এক ৰোমান্চেৰে ভৰা পৃথক অভিজ্ঞতাৰ অৰণ্য-বিলাসৰ বাবে এবাৰ আহিব পাৰে ডুৱাৰ্ছৰ সেউজ অৰণ্যলৈ ৷যদিও অসমৰ অৰণ্যসমূহতো জৈৱ বৈচিত্ৰ্যৰে ভৰা সুন্দৰ পৰিৱেশ পোৱা যায়,তথাপিও ডুৱাৰ্ছৰ অৰণ্যসমূহত আপুনি কিছু ব্যতিক্ৰম অভিজ্ঞতা পাব বুলি নিজা অভিজ্ঞতাৰপৰা ক’ব পাৰোঁ৷
পশ্চিমবংগ মানেই পৰ্য্যটকৰ বাবে এক আকৰ্ষণীয় স্থান ৷ইয়াত চিক্কিম,দাৰ্জিলিঙৰ দৰে মনোমোহা পাহাৰৰপৰা আৰম্ভ কৰি দীঘা,মন্দাৰমণিৰ দৰে সুবিশাল সাগৰ তীৰলৈকে; ডুৱাৰ্ছ,সুন্দৰবনৰ ঘন অৰণ্যৰপৰা আৰম্ভ কৰি কলকাতাৰ দৰে সাংস্কৃতিক মহানগৰীলৈকে সকলো মিলি পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰ্য্যটকক আকৰ্ষণ কৰি আহিছে৷পশ্চিমবংগত বহুবছৰ থকাৰ সুবাদত প্ৰায় সকলোবোৰ ভ্ৰমণ কৰা হৈছে যদিও অসমৰ অৰণ্যপ্ৰেমী সকলে সহজে আৰু কম বাজেটতে আহিব পৰা ডুৱাৰ্ছৰ অৰণ্যসমূহৰ কথাহে কিছু জনাব বিচাৰিছোঁ ৷
ডুৱাৰ্ছৰ অৰণ্যবোৰ ভ্ৰমণ কৰিবলৈ শীতৰ আৰম্ভণিৰপৰা অৰ্থাৎ অক্টোবৰৰ শেষৰপৰা বসন্তৰ আগলৈকে অৰ্থাৎ মাৰ্চ মাহৰ শেষলৈকে উপযুক্ত সময় বুলি ধৰা হয় ৷গুৱাহাটীৰপৰা গাড়ীৰে ৰাষ্ট্ৰীয়পথেদি আহিলে ৬-৭ঘণ্টাৰ ভিতৰতে আহিব পৰা অৰণ্যখন হৈছে আলিপুৰদুৱাৰ জিলাৰ ‘জল্দাপাড়া ৰাষ্ট্ৰীয় উদ্যান’৷ এশিঙিয়া গঁড়ৰ লগতে বাঘ, নাহৰফুটুকী, হাতী,ন লগাহৰি,
জল্দাপাড়াৰপৰা কিছু আঁতৰত আছে আন এখন চাবলগীয়া ঘন অৰণ্য,যাৰ নাম হৈছে ‘চিলাপাতা অৰণ্য’৷হাতী,গঁড়,চিতাবাঘ আৰু বনৰীয়া গাহৰিৰ বিচৰণভূমি এই অৰণ্যৰ গভীৰতা ভিতৰলৈ সোমাই গৈ থাকিলেহে অনুভৱ কৰিব পাৰি ৷হাচিমাৰা টাউনৰপৰা কেই কিলোমিটাৰমান দূৰত্বত অৱস্হিত এই অৰণ্যৰ আশে-পাশে যথেষ্ট ৰাভা আৰু ৰাজবংশী লোকৰ বসতি দেখা যায় ৷যদিও জল্দাপাড়া বা হাচিমাৰাত থাকিয়েই এই অৰণ্য ভ্ৰমণ কৰিব পাৰি,চৰকাৰৰ ফালৰপৰা অৰণ্যৰ মুখ্যদ্বাৰ কোদালবস্তিতো থকাৰ বাবে এখন সুন্দৰ ইক’-টুৰিজিম ৰিজৰ্টৰ ব্যৱস্থা কৰা হৈছে ৷কোঁচ ৰজা নৰনাৰায়ণৰ প্ৰধান সেনাপতি বীৰ চিলাৰায়ৰ নামেৰে নামাকৰণ কৰা এই অৰণ্যৰ এক বিশেষ আকৰ্ষণ হৈছে প্ৰাচীন ‘নলৰজা গড়’ আৰু‘মেন্দাবাৰী দুৰ্গ’ৰ ধ্বংসাৱশেষ ৷নলৰজা গড়ত যদি কিছু ভূটান সাম্ৰাজ্যৰ স্হাপত্যৰ নিদৰ্শন বিৰাজমান,মেন্দাবাৰী দুৰ্গই গুপ্তা যুগ আৰু কোঁচ ৰাজ্য দুয়োৰে স্বাক্ষৰ বহন কৰে ৷গতিকে চিলাপাতা অৰণ্যৰ মাজত অৱস্হিত এই গড় আৰু দুৰ্গৰ অতীত কোনোৱে ভালদৰে ক’ব নোৱাৰিলেও পৰ্য্যটকক যথেষ্ট আকৰ্ষণ কৰে ৷এই অৰণ্যৰ আন এক আকৰ্ষণ হৈছে মেন্দাবাৰী দুৰ্গৰ ওচৰত দেখিবলৈ পোৱা দুৰ্লভ ৰামগুণা গছ যাক ‘ব্লিডিং ট্ৰি’ বুলিও কোৱা হয় ৷তদুপৰি চিলাপাতা অৰণ্যৰ কাষৰীয়া মথুৰা চাহবাগিছাৰ মাজেৰে ঘোঁৰাগাড়ীৰ আৰু অৰণ্যৰ মাজেৰে যোৱা বনিয়া নদীত বোটিঙৰো আনন্দ ল’বপৰা যায় ৷আমি প্ৰায় সাতবছৰ আলিপুৰদুৱাৰ জিলাত থকাৰ সময়ত কোঁচবিহাৰলৈ দিনৰ সময়ত চিলাপাতা অৰণ্যত লাগি থকা চমু বাটেৰেই গৈছিলো আৰু দিনতে প্ৰায় অন্ধকাৰ যেন সেই ঘন অৰণ্যৰ পথছোৱা নানান জীৱ-জন্তু,চৰাই,ঝিলিপোকৰ তীক্ষ্ণ মাত শুনা পাইছিলো৷
ডুৱাৰ্ছত অৰণ্য আৰু প্ৰকৃতি ভালপোৱা সকলৰ বাবে আন এক চাবলগীয়া ঠাই হৈছে ‘বাক্সা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ’৷যথেষ্ট সংখ্যক বাঘ,বিশেষকৈ নাহৰফুটুকী বাঘৰ বাবে সংৰক্ষিত এই এলেকা পূবদিশে মানস অভয়াৰণ্যলৈকে বিস্তৃত হৈ আছে ৷তাৰোপৰি এই অৰণ্যৰ মাজেদিয়েই ভাৰত-ভূটানৰ মাজত এচিয়ান হাতীৰ আন্তঃৰাষ্ট্ৰীয় কৰিডৰ পাৰ হৈ গৈছে ৷কেইবাখনো সৰু সৰু নদী এই অৰণ্যৰ মাজেৰে বৈ যোৱা বাবে উত্তৰবংগৰ ভিতৰতে বেছি প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ ৷আমি আলিপুৰদুৱাৰত থাকোঁতেই বাক্সাৰ এই অৰণ্যখন চোৱাৰ সৌভাগ্য হৈছিল আৰু ইয়াৰ প্ৰাচুৰ্য্য আৰু সৌন্দৰ্য দেখি সঁচাই মোহিত হৈছিলো ৷বাক্সা অৰণ্যলৈ যাবলৈ আমি প্ৰথমে ‘ৰাজাভাতখোৱা’ নামৰ ঠাইলৈ গৈছিলো য’ৰপৰা ৰিজাৰ্ভৰ ভিতৰলৈ যোৱা টিকট সংগ্ৰহ কৰিব পাৰি ৷ভিতৰত যোৱাৰ পিছত তেওঁলোকে গাইডসহ জিপ চাফাৰীৰ ব্যৱস্থা কৰি দিছিল ৷প্ৰথমে অৰণ্যৰ ভিতৰ আৰু বাঘৰ সংৰক্ষিত এলেকা দৰ্শন কৰি আমি আগবাঢ়িছিলো অৰণ্যৰে এটা অংশ ‘বাক্সা দুৰ্গ’ৰ দিশে ৷বহু ইতিহাস সম্বলিত এই দুৰ্গ যদিও বৰ ভাল অৱস্থাত নাই,শেহতীয়াকৈ চৰকাৰে ইয়াক সুৰক্ষিত কৰি ৰাখিবলৈ কিছু ব্যৱস্থা হাতত লোৱা দেখা গৈছে৷ভূটানৰ ৰজাই ভাৰত-তিব্বত সংযোগী ‘চিল্ক ৰুট’ক শত্ৰুৰপৰা সুৰক্ষা দিবলৈ নিৰ্মাণ কৰা এই দুৰ্গ ব্ৰিটিছে ১৮৬৫ চনৰ দ্বিতীয় ডুৱাৰ্ছ যুদ্ধৰ সময়ত অধিগ্ৰহণ কৰিছিল আৰু পিছলৈ ইয়াক উচ্চ সুৰক্ষাযুক্ত কাৰাগাৰ তথা ডিটেনচন কেম্প হিচাপে ব্যৱহাৰ কৰিছিল ৷এই দুৰ্গৰ কাষেৰে পাহাৰত ট্ৰেকিঙ কৰি গ’লে ‘ৰ’ভাৰ্চ পইণ্ট’ নামৰ এক চৰাই পৰ্য্যবেক্ষণ স্থান পোৱা যায় য’ৰপৰা অনুকূল সময়ত বিভিন্ন বনৰীয়া তথা পৰিভ্ৰমী চৰাই দেখা যায় ৷
আমি ভ্ৰমণ কৰা ডুৱাৰ্ছৰ আন এখন লেখত লবলগীয়া অৰণ্য হৈছে ‘গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান’৷পৰ্য্যটকৰ বাবে গৰুমাৰা অন্চলত অসংখ্য ভাল আৰু সুবিধাজনক ৰিজৰ্ট,হোটেল আৰু ল’জৰ ব্যৱস্থা আছে ৷আমি আগতীয়াকৈ অনলাইন যোগে এখন ৰিজৰ্টত কটেজ বুক কৰিছিলোঁ আৰু অক্টোবৰৰ শেষৰ ফালে নিজা বাহনেৰেই গৰুমাৰালৈ ৰাওনা হৈছিলো৷শিলিগুড়িৰপৰা প্ৰায় দুঘণ্টা বাটৰ এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ শীতকালৰ এই সময়ছোৱাতে বহুত পৰ্য্যটকৰ ভিৰ দেখা যায় ৷ৰিজৰ্টসমূহতো সৰু-ডাঙৰ ভিন ভিন ধৰণৰ কোঠা আৰু কটেজ প্ৰয়োজন তথা বাজেট অনুযায়ী পোৱা যায়। পুৱা ৫ বজাতে আমি আগতে ঠিক কৰি থোৱামতে গৰুমাৰা অৰণ্যৰ ভিতৰলৈ জিপ চাফাৰীৰ বাবে ওলাই গৈছিলো ৷ অলপ ঠাণ্ডা হ’লেও পুৱাৰ কোমল ৰ’দৰ সময়খিনিত অৰণ্যৰ ভিতৰৰ পৰিৱেশ সঁচাই মায়ালগা হৈ উঠিছিল য’ত সকলোফালে নিৰ্বিঘ্নে ময়ুঁৰ চৰাই ঘূৰি ফুৰিছিল ৷পুৱাৰ শান্ত পৰিৱেশ ভংগ কৰি এজাক বান্দৰে গছে গছে বগাই কোৰ্হাল কৰি ফুৰিছিল আৰু তাৰ মাজতে এটা ডোবাত এটা এশিঙিয়া গঁড়ে পোৱালিৰ সৈতে সোমাই আছিল ৷গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানত চাফাৰীৰ বাবে লতাগুড়িৰফালে যাবলৈ সকলোতকৈ ভাল যদিও মূৰ্ত্তি নদীৰ ওচৰৰ ধূপঝৰাৰ দিশেৰে যোৱা হাতী চাফাৰীতো অৰণ্যৰ দৃশ্য ভালদৰে দেখা পোৱা যায় ৷চাফাৰীৰপৰা আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি আমি ওলাই গৈছিলো ওচৰতে থকা মূৰ্ত্তি নদীৰ পাৰলৈ৷পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ এই ঠাইত সৰু-বৰ খাদ্যৰ দোকানৰ লগতে ঘোঁৰা আৰু টাংগাত উঠি ফুৰিব পৰা ব্যৱস্থাও আছে৷কুলু কুলু সুৰে বৈ থকা মূৰ্ত্তি নদীৰ পাৰত বহি কিছু সময় ইয়াৰ নৈসৰ্গিক শোভাত নিজক হেৰুৱাই দিব পাৰি ৷স্ফটিকৰ দৰে ফটফটীয়া পানীত নামি বা সাঁতুৰিও বহুতে আনন্দ লোৱা দেখা যায় ৷মুঠতে গৰুমাৰাত অৰণ্য চোৱাৰ লগতে নৈৰ পাৰতো এখিনি সুন্দৰ সময় কটাব পৰা যায় ৷
জল্দাপাড়া,চিলাপাতা,বাক্সা,গৰু
ফোন-৭৯০৮৬৫২৭৪৫
Comments are closed, but trackbacks and pingbacks are open.