মঞ্জুলা বর্মন
সেয়া আছিল ১৯৭৬ চনৰ কথা৷ এপ্রিল মাহ৷ মই প্রৱেশিকা পৰীক্ষা দি উঠিছোঁ৷ ফলাফল ওলোৱালৈ এটা দীঘলীয়া বন্ধ৷ সেই বন্ধতে আমাৰ পৰিয়ালটো মই, মা–দেউতা, দাদা দুজন আৰু আমাৰ সৰু মামা মিলি কাশ্মীৰ ভ্রমণলৈ ওলালোঁ৷ সেই সময়ত যাত্রা আজিৰ দৰে আৰামদায়ক নাছিল৷ প্রাকৃতিক সৌন্দর্যৰে ভৰা কাশ্মীৰ দেখি অভিভূত হৈ পৰিছিলোঁ৷
বছৰ বাগৰিল৷ সদায় মনত পুহি ৰাখিছিলোঁ পুনৰ যোৱাৰ হেঁপাহ৷ লাহে লাহে কাশ্মীৰ অশান্ত হৈ আহিছিল৷ আশা এৰি দিছিলোঁ, কিন্তু এতিয়া পৰিস্থিতি সলনি হৈ আহিল৷ পুনৰ পর্যটকক আকর্ষণ কৰিলে কাশ্মীৰে৷ সেই সুবিধাতে আমিও মন মেলিলো পুনৰ যোৱাৰ৷ এইবাৰ ওলালোঁ মই আৰু মোৰ স্বামী মাত্র৷
১৬ ছেপ্টেম্বৰ ২০২৩ চন৷ পুৱা ৮.৩০ বজাৰ বিমানেৰে দিল্লী পালোঁগৈ৷ আমি আমাৰ গোটেই ভ্রমণটো দিল্লীৰ পৰা মেক মাই ট্ৰিপ নামৰ সংস্থাটোৰ জৰিয়তে ঠিক কৰি ৰাখিছিলোঁ৷ বয়স বঢ়াৰ লগে লগে এটা আৰামদায়ক ভ্রমণ বিচাৰোঁ, সেয়ে নিজাববীয়াকৈ নাযাওঁ৷
দিল্লীৰ পৰা শ্রীনগৰলৈ আমাৰ বিমান আছিল আবেলি তিনি বজাত৷ যাৱতীয় কামখিনি কৰি মনত বহুতো উৎকণ্ঠা লৈ সঠিক সময়ত বিমানত বহিলোঁহি৷ এপ্রিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাশ্মীৰ ভ্রমণৰ উপযুক্ত সময়৷ এপ্রিল মাহৰ পৰা মে মাহৰ মাজভাগলৈকে টিউলিপ ফুলবোৰ সম্পূর্ণ ফুলি উঠে৷ অতি মনোমোহা এহ বাগিচাখন৷ বৰফ পাবলৈ হলে নৱেম্বৰৰ পৰা মার্চলৈ অতি উত্তম সময়৷ সমগ্র উপত্যকা তুষাৰাবৃত হৈ থাকে৷ যথাসময়ত আমাৰ বিমান উৰা মাৰিলে শ্রীনগৰ অভিমুখে৷ বিমানত সময় লয় মাথোন ডেৰ ঘণ্টা৷ শ্রীনগৰত নামি মোৰ মন পুলকিত হৈ উঠিল৷ পালোঁহি মোৰ হেঁপাহৰ কাশ্মীৰ৷
আমাক এজেঞ্চীৰ কর্মীয়ে আহি লৈ গল আমাৰ বাবে বন্দোৱস্ত কৰি ৰখা হোটেল গ্রীনৰুমলৈ৷ বাটত যান–জঁট যথেষ্ট আছিল৷ মোৰ দৃষ্টিত পুৰণি সৌন্দর্য ম্লান পৰিছে৷ উহপিংউহল, চিনাৰ গছবোৰ কমি আহিছে৷ ঘৰবোৰ সলনি হল৷ আধুনিকতাৰ পৰশ লাগি হেৰাই গল পুৰণি ঐতিহ্য৷ হোটেলত গৈ সেইদিনা নিশাটো জিৰণি ললোঁ, কিয়নো পিছদিনাই আমি যাম সোণমার্গলৈ৷ শ্রীনগৰখন আমি সকলোতকৈ শেষত চাম বুলি ঠিক কৰিলোঁ৷
১৭ ছেপ্টেম্বৰ, পুৱাৰ জলপান খাই ৮ বজাত ওলালোঁ সোণমার্গলৈ৷ দূৰত্ব ৭৯ কিলোমিটাৰ৷ গাড়ীৰে প্রায় সময় লয় দুই ঘণ্টা৷ পথ সুন্দৰ৷ গাডী় আগবাঢ়িল সিন্ধু নদীৰ পাৰে পাৰে৷ অপৰূপ সৌন্দর্য৷ আমাৰ ড্রাইভাৰ ইৰফানে পুৰণি হিন্দী গান লগাই দিলে গাড়ীত৷ বৰ ভাল লাগিল৷ মাজতে গুন্দ(Goond) নামৰ এডোখৰ ঠাইৰ এখন ৰেষ্টুৰেণ্টত গাডী ৰখাই দিলে চাহ খাবৰ বাবে৷ পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰিলোঁ৷ স্ফটিক স্বচ্ছ পানীৰ কোবাল সোঁতৰ নদীৰ পাৰত বহি চাহ খোৱাৰ আমেজেই বেলেগ৷ লগতে আছে এখন স্মৰণিকাৰ( Souvenir) দোকান৷ সৰু সৰু দুপদমান বস্তু কিনি ললোঁ আৰু প্রাকৃতিক সৌন্দর্যৰ কেহখনমান ফটো তুলিলো৷ পুনৰ যাত্রা আৰম্ভ হল৷ দহ বজত গৈ সোণমার্গ পালোঁগৈ৷
এইখিনিতে উল্লেখ কৰোঁ যে কাশ্মীৰৰ সৌন্দর্য উপভোগ কৰিবলৈ হলে ট্ৰেকিং বা ঘোঁৰা লৈ অলপ ভিতৰলৈ সোমাবই লাগিব৷ সেহ ঠাইবোৰলৈ গাডী লৈ যোৱা সম্ভৱ নহয়৷ সোণমার্গৰ ওচৰত চাবলগীয়া ঠাই বহুত আছে৷ তাৰ ভিতৰত জিৰ পইণ্ট (Zero point), টেজিৱাচ গ্লেচিয়াৰ(Tajiwas glacier), বালতাল ভেলী(Baltal valley) আৰু গাডছাৰ লেক(Gadsar lake) উল্লেখনীয়৷ এদিনতে গোটেইখিনি চোৱা সম্ভৱ নহয়, সেয়ে আমি টেজিৱাছ গ্লেচিয়াৰ আৰু জিৰ পইণ্ট চাম বুলি মনস্থ কৰিলোঁ৷ ই হৈছে কাশ্মীৰ আৰু লাডাখৰ সীমাৰেখা৷ ১৫৪০০ ফুট উচ্চতাত৷ সোণমার্গতে ঘোঁৰা বন্দোৱস্ত কৰি ললোঁ৷ ঘোঁৰাৰ বৰ দৰ–দাম চলে৷ আমি দুই হাজাৰ টকাত দুটা ঘোঁৰা ঠিক কৰিলোঁ৷ আমাৰ যাত্রা আৰম্ভ হল খলা–বমা পথেৰে৷ ঊধর্বমুখী যাত্রা৷ সোণমার্গৰ পৰা গ্লেচিয়াৰৰ দূৰত্ব ৩ কিলোমিটাৰ৷ যিমানেহ আগবাঢ়ি গৈছোঁ মন উৎফুল্লিত হৈ গৈছে৷ পৃথিৱীৰ বিনন্দীয়া ৰূপ দেখি অভিভূত হৈ পৰিছোঁ৷ নান্দনিক এহ ৰূপ প্রকাশ কৰা মোৰ কলমেৰে সম্ভৱ নহয়৷ আমাৰ লগে লগে আগবাঢ়ি যোৱা ঘোঁৰাৰখীয়াজনে বর্ণনা কৰি গল সেই পাহাৰৰ কাহিনী৷ দেখুৱাই গল উহপিংউহল আৰু চিদাৰ গছৰ মাজে মাজে থিয় হৈ থকা সাঁচি গছবোৰ৷ কোন ঠাহত বিখ্যাত হিন্দী চিনেমা বজৰংগী ভাইজানৰ দৃশ্যগ্রহণ হৈছিল, কোন ঠাইত তাত অভিনয় কৰা কণমানি মুন্নীক পাকিস্তানলৈ বুলি পঠিয়াই দিছিল ইত্যাদি ইত্যাদি৷ সঁচাকৈয়ে অপূর্ব সুন্দৰ দৃশ্য৷ হুৰ হুৰ শব্দৰে অহা বতাহছাটিয়ে মোৰ চুলি আউলি–বাউলি কৰি পেলালে৷ যিমানে ওপৰলৈ গৈ আছোঁ বতাহ বাঢ়ি গৈছে৷ আমাক ফটো লবৰ বাবে মাজে মাজে ঘোঁৰা ৰখাই দিয়ে৷ সুন্দৰ দৃশ্যৰাজিৰ বহুতো ফটো ললোঁ৷ এনে নৈসর্গিক সৌন্দর্য কেমেৰাৰে ধৰি ৰখা সম্ভৱ নহয়৷ মন কেমেৰাত বন্দী কৰিলোঁ চিৰদিনৰ বাবে৷
গৈ পালোঁ ৯১৮১ ফুট উচ্চতাত অৱস্থিত টেজিৱাছ গ্লেচিয়াৰ৷ দূৰৰ পৰাহ পানীৰ শব্দ কাণত পৰিল৷ স্ফটিক স্বচ্ছ জলধাৰা নামি আহিছে ওপৰৰ পৰা৷ লাস্যময়ী৷ ঘোঁৰাৰ পৰা নামি শিলে শিলে আগবাঢ়িলোঁ বহুদূৰ৷ চাহ হেঁপাহ নপলায়৷ গ্লেচিয়াৰৰ বুকু চুহ অহা এজাক শীতল বতাহে কঁপাহ পেলালে আমাক৷ তাতে থকা সৰু দোকান এখনত একাপ গৰম চাহ খাই ললো৷ পুনৰ ঘোঁৰাত উঠি আৰু ওপৰলৈ যাত্রা কৰিলো৷ কিছুদূৰ গৈ চকুত পৰিল তুষাৰাবৃত্ত পাহাৰবোৰ আৰু উপত্যকা৷ এই বৰফ কেতিয়াও নগলে৷ কি যে বিনন্দীয়! কেমেৰাত বন্দী কৰিলোঁ তাৰ কিছু অংশ৷ হাতত সময় তাকৰ৷ বৰষুণৰ আগজাননী পালোঁ৷ সেয়ে পুনৰ ঘোঁৰাৰে নামি আহিলোঁ সোণমার্গ অভিমুখে৷ গাড়ী নৌপাওঁতেহ বৰষুণ পৰিল৷ কিবা এটা ভাল লাগিল৷ বৃষ্টি পৰে টাপুৰ টুপুৰ গানটো গুণগুণাই আহি আছো৷ নিজকে চিনেমাৰ নায়িকা যেন লাগিল৷ লৰালৰিকৈ আহি গাড়ীত বহিলোঁহি৷ গৈ পালোঁগৈ আমাৰ বাবে বন্দোৱস্ত ৰখা চাৰি তাৰকাযুক্ত হোটেল দ্য চুলতান ৰিজর্ট৷ ভাগৰো লাগি আহিছিল৷ কোঠাত সোমাই সমস্ত দেহাটো এৰি দিলোঁ শুধ বগা শেতেলিখনত৷ এক প্রশান্তিত৷ চকুত ভাহি উঠিল এৰি অহা অপূর্ব দৃশ্যৰাজি৷
পিছদিনা অর্থাৎ ১৮ ছেপ্টেম্বৰৰ পুৱা আমি ওলাম পেহেলগামলৈ বুলি৷ পুৱাহ উঠি ৰুমৰ সংলগ্ন বেলকনিলৈ ওলাই আহিলোঁ৷ দেখি অভিভূত হৈ গলোঁ৷ অদূৰৰ সিৰবাল পাহাৰৰ বৰফৰ চূড়াবোৰ ৰদ পৰি জিলিকি উঠিছে আৰু আমাৰ ৰুমৰ কাষেদি বৈ গৈছে স্ফটিক স্বচ্ছ হষৎ নীলা পানীৰে নীলাগার্দ নদী৷ দেখি মন তৃপ্ত হৈ গল৷ ৰিজর্টত পুৱাৰ জলপান খাই ৯ বজাত পেহেলগাম অভিমুখে গাড়ীত বহিলোঁ৷ তাৰ পৰা দূৰত্ব ১৭৫ কিলোমিটাৰ৷ গাড়ীৰে প্রায় ৪ ঘণ্টা সময় লয়৷ গাড়ী আগবাঢ়িল৷ পথৰ কাষৰ পথাৰবোৰ পকা ধানেৰে সোণোৱালী হৈ উঠিছে৷ জলবায়ুৰ বাবে তাত আগষ্ট মাহতে ধান কাটিব পৰা হয়৷ সোণালী পথাৰবোৰ দেখি মন জুৰাহ গৈছিল৷ খানাবাল, অনন্তনাগ আদি সৰু সৰু চহৰবোৰ অতিক্রম কৰি গৈ আছো৷ মনত বহুতো ভাবৰ লুকাভাকু৷ কিমান যে অশান্ত আছিল এই চহৰবোৰ৷ আমি যোৱাৰ দুদিনমান আগতে অনন্তনাগত উগ্রপন্থীৰ আক্রমণ হৈছিল৷ এজন পুলিচ অফিচাৰৰ থিতাতে মৃত্যু হৈছিল৷ সেহ ঠাহখন পাৰ হওঁতে কিন্তু একো উমান পোৱা নাছিলোঁ৷ আমাৰ ড্রাহভাৰ হৰফানে জনালে যে চৰকাৰে পর্যটকক সেহবোৰ জনাৰ একো অৱকাশ নথয়, কিয়নো পর্যটনেহ হৈছে কাশ্মীৰৰ জীৱিকাৰ উৎস৷ সেই ঠাইবোৰ এৰি যেতিয়া পুলৱামা পালোঁ, মনটো বিষাদেৰে ভৰি গল৷ মনত পৰিছিল উগ্রপন্থীৰ অস্ত্র–শস্ত্রৰ ঘাটিত হোৱা আক্রমণত নিৰাপত্তা বাহিনীৰ ৪০জন সৈনিকে থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ কথা৷ তাৰ ভিতৰত আমাৰ অসমৰো দুজন সৈনিক আছিল৷ এহ আক্রমণটো ভয়ংকৰ সন্ত্রাসবাদী আজাহাৰ আখতাৰে সম্পন্ন কৰিছিল৷ পিছত ভাৰতীয় বায়ুসেনাৰ কেপ্ঢেহন ৰাকেশ জয় সিঙে এই কেম্প ধবংস কৰি তাত সন্ত্রাসমুক্ত কৰিছিল৷
সকলো অতিক্রম কৰি পালোঁগৈ অৱন্তীপুৰা৷ এই ঠাই শুকান ফলৰ দোকানৰ বাবে বিখ্যাত৷ শাৰী শাৰীকৈ থকা বহুতো দোকান দেখিলোঁ৷ ইয়াৰ কেশৰো বিখ্যাত৷ বাটত আহোঁতে এখন কেশৰৰ বাগিচাও দেখিলোঁ৷ তাতে অলপ শুকান ফল আৰু কেশৰ কিনিলোঁ৷ তাৰ পৰা আমি গলো অৱন্তীপুৰাতে থকা অৱন্তীভামিচ মন্দিৰলৈ৷ ই হৈছে তাৰ পুৰাতত্ত্বৰ স্থল৷ এসময়ৰ দেৱ–দেৱীৰ মূর্তি খোদিত এহাজাৰ স্তম্ভৰ মন্দিৰ এতিয়া মাথোন ভগ্ণাৱশেষ৷ ১৪শ শতিকাত চুলতান ছিকন্দৰে এই মন্দিৰ ধবংস কৰিছিল৷ মূর্তি খোদিত কেইখনমান বেৰ আৰু এটা স্তম্ভ পর্যটকৰ বাবে সংৰক্ষণ কৰি ৰাখিছে৷ সন্মুখত এখন বাগিচা আছে৷
তাৰ পৰা ওলাই আহি এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্রহণ কৰি অলপ জিৰণি লৈ পুনৰ যাত্রা আৰম্ভ কৰিলোঁ৷ পথটোৰ যি ফালেহ চাওঁ সেইফালেই দেখো মাথোঁ ক্রিকেট বেট৷ কিমান যে সৰু–বৰ ফেক্টৰী৷ ঠাহখনৰ নাম পাঞ্চপুৰা৷ সেই ঠাইত প্রচুৰ উইল গছ পোৱা যায় আৰু ইয়াৰ কাঠ ক্রিকেট বেটৰ বাবে অতি উত্তম৷ ইয়াৰ পৰাই ইণ্টাৰনেচনেল খেলুৱৈৰ বাবে বেট ৰপ্তানি হয়৷ বেট বনোৱা পদ্ধতি অলপ চাহ তাৰ পৰা ওলাই আহিলোঁ৷ ইয়াৰ পৰা গৈ পথৰ কাষৰ এখন আপেলৰ বাগিচাত সোমালোঁগৈ৷ ডাল ভৰি লোমা লোমে লাগি থকা আপেল গছবোৰ দেখি মন জুৰাই গল৷ সেউজীয়া, ৰঙা, হালধীয়া, সৰু, ডাঙৰ বিভিন্ন ধৰণৰ আপেলে জকমকাই আছে গছবোৰ৷ গছৰ পৰা ছিঙি খোৱা আপেলৰ সোৱাদেই বেলেগ৷ নিজ হাতেৰে মোনা ভৰাই ছিঙি অলপ আপেল কিনি ললোঁ৷ তাতে আমাক একো গিলাচকৈ আপেলৰ ৰস খুৱালে৷ আমাৰ পেকেজৰ লগত ই সংলগ্ন আছিল৷ ফটো তুলিলোঁ বহুত৷ বৰ ভাল লাগিল৷ তাৰ পৰাহ আমি এইবাৰ পেহেলগামত আমাৰ বাবে ঠিক কৰি ৰখা হোটেল প্রিমিয়াৰত নামিলোঁগৈ৷ তেতিয়া সন্ধ্যা নামিছিল৷ সুন্দৰ পৰিৱেশ৷ বজাৰৰ সোঁমাজত যদিও গলিৰে সংলগ্ন পৰিৱেশ দেখি আপ্লুত হৈ পৰিলোঁ৷ বিভিন্ন প্রজাতিৰ আপেল আৰু ফুলেৰে জাতিষ্কাৰ হৈ আছে চৌহদ৷ হোটেলত অলপ জিৰণি লৈ খোজকাঢ়ি বজাৰৰ ফালে ওলাই গলোঁ৷ শাৰী শাৰী শুকান ফলৰ দোকানবোৰে আকর্ষিত কৰিলে৷ তুলনামূলকভাৱে পেহেলগামৰ শুকান ফলৰ প্রকাৰ ভাল আৰু দামো অলপ কম৷ অলপ কিনি ললোঁ৷ বাহিৰতে ৰাতিৰ আহাৰ খাই উভতি আহিলোঁ হোটেললৈ৷
পিছদিনা অর্থাৎ ১৯ ছেপ্টেম্বৰৰ পুৱা আমি ওলালোঁ আৰ(Aru) আৰু বেটাব(Betaab) ভেলী চাবলৈ৷ এইবাৰ আমি বেলেগ গাড়ী লব লাগিব৷ সেই ব্যৱস্থা আমাৰ পেকেজতে কৰি দিছে৷ শ্রীনগৰৰ গাড়ী পর্যটকৰ বাবে পেহেলগামত ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি নিদিয়ে৷ নিবনুৱা সমস্যা সমাধানৰ প্রয়াস৷ আমাৰ বাবে বেলেগ গাড়ী আহিল৷ তাৰ ড্রাইভাৰ ইমতিয়াজ আগতে উত্তৰ–পূবত থাকি যোৱা৷ আমাক অসমৰ বুলি জানি বৰ ভাল পালে৷ বহুত প্রশ্ন কৰিলে৷ আৰ ভেলীৰ দূৰত্ব পেহেলগামৰ পৰা ১২ কিলোমিটাৰ৷ পথ মসৃণ৷ পথৰ দুয়োপাৰে অপৰূপ সৌন্দর্যৰে ভৰা৷ নান্দনিক৷ মন পুলকিত হৈ পৰা৷ নামি অহা পাহাৰীয়া নদীৰ কোলাহলেৰে সৃষ্টি কৰা পৰিৱেশ বর্ণনা কৰিব পৰা ভাষা মই বিচাৰি নাপাওঁ৷ কলম স্থবিৰ হৈ পৰে৷ কেতিয়া যে আৰ ভেলীত গাড়ী ৰখালে গমেই নাপালোঁ৷ ড্রাইভাৰে কোৱাতহে চেতনা আহিল৷ চকুৰ আগত সেউজীয়া দলিচাৰ দৰে আন্দোলিত সু–বিস্তৃত ঘাঁহৰ উপত্যকা মনিব নোৱাৰা দূৰত্বলৈ৷ কোনো ঠাইত মাজে মাজে উইল গছ৷ পৃথিৱীৰ হয়তো কোনো পাহাৰীয়া ঠাহত ইমান ডাঙৰ উপত্যকা নাই৷ ছুইজাৰলেণ্ডকো চেৰ পেলাব৷ তাত খোজকঢ়াৰ আমেজেই বেলেগ৷ ঘোঁৰা লৈ যাবও পাৰি৷ আমি কিন্তু খোজকাঢ়ি আনন্দ লভিলোঁ৷ তাত দুই ঘণ্টা সময় কটাই ওলাই আহিলো৷ এইবাৰ যাম বেটাব ভেলীলৈ৷
পেহেলগামৰ পৰা বেটাব ভেলীৰ দূৰত্ব মাত্র ৭ কিলোমিটাৰ৷ আমি আৰ ভেলীৰ পৰা যাম বাবে এটা বেলেগ পথেৰে যাম৷ দূৰত্ব প্রায় ১৯ কিলোমিটাৰ হল৷ পথ একেই সুন্দৰ৷ পার্থক্য মাথোঁ, ইয়ালৈ সমতল ভূমিৰ মাজেৰে যাব লাগে৷ বাটত আমি দুখনমান সুন্দৰ পার্ক পালোঁ৷ ৰিভাৰভেলী পার্ক আৰু পাচৱান পার্ক নামৰ পার্ক দুখন অতি মনোমোহা৷ ৰং–বিৰঙৰ ফুলেৰে জকমকাই আছে৷ পাচোৱান পার্কৰ ওচৰত থকা এটা সৰু ধুনীয়া বঙলালৈ আঙুলিয়াই ইমতিয়াজে আমাক কলে যে সেই বঙলাটোতেই পুৰণি হিন্দী চিনেমা ববীৰ হম তুম এক কমৰে মে বন্ধ হে গীতটিৰ দৃশগ্রহণ হৈছিল৷ চকুৰ আগত ভাহি আহিল সত্তৰৰ দশকতে চোৱা সেই চিনেমা আৰু গীতটি৷ লগে লগেই অলপ গুণগুণালোঁ৷ গৈ পালোঁগৈ বেটাব ভেলী৷
এহ ভেলী আৰ ভেলীৰ দৰে সম্পূর্ণ মুকলি নহয়৷ মাজে মাজে বহুতো সৰু–বৰ গছ আছে৷ ইয়াৰো এটা সুকীয়া সৌন্দর্য আছে৷ কাষেৰে বৈ গৈছে স্বচ্ছ নীলা পানীৰে লীডাৰ নদী( Lidded river)৷ এহ ভেলীৰ পূর্বতে নাম আছিল হাজন ভেলী(Hajan valley)৷ ১৯৮৩ চনত সেহ সময়ৰ বিখ্যাত অভিনেতা ছানী দেউল আৰু অমৃতা সিং অভিনীত বেটাব নামৰ চিনেমাখনৰ দৃশ্যগ্রহণ সেই ঠাইত হোৱাৰ বাবেই তাৰ নাম বেটাব ভেলী নামেৰে জনাজাত হল৷
বেটাব ভেলীত ঘোঁৰা বা এক বিশেষ ধৰণৰ ঠেলা গাড়ী পোৱা যায়৷ বয়সস্থ লোকে এই ঠেলা গাড়ীসমূহ ভাৰালৈ লব পাৰে৷ এনেয়ে এই ভেলীত খোজকাৰ অসুবিধা নহয়৷ আন্দোলিত নহয়৷ ঘোঁৰাবোৰ কম পইচাতে লব পাৰি৷ নদীত পানী কম থাকিলে ঘোঁৰাৰে নদীৰ বুকুলৈকে লৈ যায়৷ মই মন কৰিছিলোঁ যে মানুহে বেছিভাগে ফটো উঠিবলৈহে ঘোঁৰা ব্যৱহাৰ কৰে৷ আমি অৱশ্যে খোজকাঢ়িই গোটেইখিনি ঘূৰিলোঁ৷ বৰ ভাল লাগিল৷ লীডাৰ নদী আৰু উইল গছে এই ভেলীৰ সৌন্দর্যত যেন সোণত সুৱগা চৰাইছে৷ কিছু সময় কটালোঁ তাতে৷ তাৰ পৰা ঘূৰি আহিলোঁ পুনৰ আমাৰ পেহেলগামৰ হোটেললৈ৷
দুপৰীয়াৰ আহাৰ হোটেলতে কৰিলোঁ৷ অলপ জিৰণি ললোঁ৷ হাতত সময় আছিল বহুত, কিয়নো পিছদিনাহে আমি গুলমার্গলৈ যাম৷ সেয়ে পিছবেলাটো ওচৰতে থকা বাইচৰন ভেলী চাহ আহো বুলি ঠিক কৰিলোঁ৷ এই ভেলীক মিনি ছুইজাৰলেণ্ড অফ কাশ্মীৰ বুলি কোৱা হয়৷ এই ভেলী যে যথেষ্ট ওখত অৱস্থিত সেই কথা মই আগতেই পঢ়িছিলোঁ, তথাপি মনত সাহস গোটাই ঘোঁৰা লৈ যাবলৈ সাজু হলোঁ৷ হোটেলৰ পৰাই ঘোঁৰা ঠিক কৰিলোঁ৷ মই আগতেও উল্লেখ কৰিছোঁ যে ঘোঁৰা বা ট্ৰেকিং অবিহনে কাশ্মীৰৰ আভ্যন্তৰীণ সৌন্দর্য উপভোগ কৰিব পৰা নাযায়৷ পেহেলগামৰ পৰা বাইচৰন ভেলীলৈ ঘোঁৰাৰ পথ প্রায় ৮ কিলোমিটাৰ৷ যাওঁতে সময় লয় ১ ঘণ্টা ১৫ মিনিট আৰু ঘূৰি আহোতে ৪০ৰ পৰা ৪৫ মিনিট লাগে৷ হয়াৰ উচ্চতা পেহেলগামৰ পৰা ২৭০০ মিটাৰ৷ আবেলি ৩ বজাত আমি আমাৰ হোটেলৰ পৰা যাত্রা আৰম্ভ কৰিলোঁ৷
হোটেলৰ ওচৰলৈকে ঘোঁৰা লৈ আহিল৷ আমাক লৈ যোৱা ঘোঁৰাৱালা ইকবাল ১৮ বছৰীয়া এটা অতি মৰমলগা অমায়িক লৰা৷ প্রথমে পকী পথেৰে গৈ থাকোঁতে অনুমানেই কৰিব পৰা নাছিলোঁ যে পথ কিমান দুর্গম৷ ইকবালে মোক শিকাই গল ঘোঁৰা কেনেকৈ চলাব লাগে, কেনেকৈ জাঁপ মাৰি উঠা–নমা কৰিব লাগে৷ পোন্ধৰ মিনিটমান যাওঁতেই সি মোক পাকৈত কৰি তুলিলে৷ বাটত তাৰ লগত বহুত কথা পাতি গলোঁ৷ সি তাৰ জীৱনৰ দুখভৰা কাহিনী কৈ গল, লগতে মবাইলত ফটোও দেখুৱালে৷ কথা পাতি গৈ থাকিলোঁ৷ পাহাৰত বহুতো আখ্রুটৰ(Walnut) গছ দেখিলোঁ৷ আখ্রুটবোৰৰ যে মাটিয়া ৰঙৰ বাকলিৰ ওপৰত সেউজীয়া এটা তৰপ থাকে প্রথমবাৰ জানিব পাৰিলোঁ৷ জীৱনত প্রথমবাৰ গছত লাগি থকা আখ্রুট দেখিলোঁ৷ লাহে লাহে পথ ঠেক আৰু থিয় হৈ আহিল৷ মনে মনে ভয়ো লাগিল ঘোঁৰা যদি পিছলি যায় কি হব! ইকবালে মোক সাহস দিলে৷ তাৰ হেনো ঘোঁৰা অতি পার্গত৷ মোক বাৰে বাৰে কয় তললৈ নাচাব৷ ওপৰৰ পৰাই দেখুৱালে পেহেলগামত থকা ইণ্টাৰনেচনেল গল্ফ ফিল্ড৷ কিছুদূৰ যোৱাৰ পিছত এটা জলপ্রপাত পালোঁ৷ এই ঠাইক ডাব্যান বুলি কোৱা হয়৷ ইয়াৰ লগত এটা কাহিনী জড়িত হৈ আছে৷ কাশ্মীৰৰ শেষ ৰজা হৰি সিং এবাৰ মৃগয়ালৈ যাওঁতে সেই ঠাইতে এটা বাঘে হৰিণা ধৰা দেখিলে৷ হৰিণাটো বাঘৰ পৰা মুক্ত কৰিবলৈ তেওঁ কাঁড় এৰিলে কিন্তু দুর্ভাগ্যবশতঃ সেই কাঁড়ে একেলগে দুয়োটাকে ভেদি গল৷ দুয়োটাৰে একেলগে মৃত্যু হল৷ কাশ্মীৰী ভাষাত ডাব্যা মানে দুই৷ তেতিয়াৰ পৰা সেই জলপ্রপাতৰ নাম ডাব্যান হল৷ ইকবালে ইমান সুন্দৰকৈ বর্ণনা কৰিছিল যে সেই দৃশ্য মোৰ চকুৰ আগত ভাহি আহিছিল৷
লাহে লাহে ঘোঁৰা ওপৰলৈ উঠি গৈ থাকিল৷ পথ মাত্র এক ফুট মান বহল তাতে আকৌ ওখোৰা–মোখোৰা৷ যেন উভতি যাম এনে লাগিছিল৷ ইকবালে কলে ইমান দূৰ আহিল যেতিয়া সেই কথা নাভাবিব৷ সাহস দিলে মনত৷ ময়ো ভগৱানৰ নাম লৈ গৈ থাকিলোঁ৷ যেতিয়া গৈ গন্তব্য স্থান পালোঁগৈ চকুৰ আগত ধৰা দিয়া দৃশ্যহ মন আলোড়িত কৰি তুলিলে৷ ইমান ওখ পাহাৰ অতিক্রম কৰি ইমান সুন্দৰ বহল উপত্যকা যে থাকিব পাৰে সেয়া কল্পনাতীত৷ দূৰৰ পাহাৰৰ বৰফৰ শিখৰবোৰ অস্তমিত সূৰুযৰ আভাহ জিলিকাই তুলিছে৷ কাষত উহল আৰু পাহন গছৰ ডাঠ অৰণ্য আৰু মাজত সেউজীয়া ঘাঁহৰ দলিচা৷ কি অপূব! হয়াত আছে বিনোদনৰ বাবে পেৰাগ্লাইডিং আৰু জীপলাইন৷ বহুত সময় আমি প্রাকৃতিক সৌন্দর্য উপভোগ কৰিলোঁ৷ ঠাণ্ডা লাগি আহিছিল৷ তাতে থকা এখন দোকানত একাপ চাহ খাই গাটো অলপ গৰম কৰিলোঁ, আৰু বেছি দেৰি নাথাকো বুলি ভাবি পুনৰ ঘোঁৰাত বহিলোঁহি৷ হোটেল পাওঁহি মানে সন্ধ্যা নামিল৷ ভাগৰো লাগিছিল বহুত৷ জিৰণি ললোঁ৷ পিছদিনা আমি যাম গুলমার্গলৈ৷
হোটেলত পুৱাৰ জলপান খাই ৯ বজাত যাত্রা কৰিলোঁ গুলমার্গলৈ বুলি৷ পেহেলগামৰ পৰা গুলমার্গৰ দূৰত্ব ১৪০ কিলোমিটাৰ৷ গাড়ীৰে সময় লয় প্রায় চাৰে তিনি ঘণ্টা৷ গাড়ীত আমাৰ ড্রাইভাৰ ইৰফানে পুনৰ পুৰণি হিন্দী গান বজাই দিলে৷ প্রাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছোঁ৷ সুন্দৰ পৰিৱেশ দেখিলে তেওঁ গাড়ী ৰখাই আমাৰ ফটো তুলি দিয়ে৷ সেই কেইদিন ইৰফান আমাৰ পৰিয়ালৰ সদস্য যেন হৈ পৰিছিল৷ দুপৰীয়াৰ আহাৰ খাবলৈ কতো নৰলো কিয়নো ১.৩০ বজাত আমাৰ গণ্ডোলাৰ টিকট কৰা আছিল৷ গণ্ডোলা হৈছে কেবল কাৰ৷ গুলমার্গলৈ গৈ যদি কেবল কাৰত উঠা নাযায় তেনেহলে সেই ভ্রমণ আধৰুৱা হৈ ৰয়৷ দুটা ক্ষেপত এহ কেব্ল কাৰত যাব পাৰি৷ এটাৰ বাবে প্রতি টিকটৰ মূল্য ৮১০ টকা আৰু দুয়োটাৰে একেলগে ললে ১০৫০ টকা৷ আমি অনলাFনযোগে টিকট কৰি ৰাখিছিলোঁ৷ সেহ ঠাহ অতি সুন্দৰ৷ হণ্টাৰনেচনেল আহচ স্কেটিং হয়৷ কেব্ল কাৰৰ আৰম্ভণিৰ ঠাহ পোৱাৰ আগৰ প্রায় ডেৰ কিলোমিটাৰ আগৰ পৰা বাহিৰৰ গাড়ী সোমাবলৈ নিদিয়ে৷ ঘোঁৰা বা তাৰ লোকেল জীপ থাকে৷ সেয়া স্থানীয় মানুহৰ ব্যৱসায়৷ চৰকাৰে নিয়ম বান্ধি দিছে৷ আমাৰ খোজ কাৰ অভ্যাস থকা বাবে খোজকািিয়েহ গলোঁ৷ পথৰ দুয়োকাষে অপূর্ব সুন্দৰ সেউজীয়া উপত্যকা৷ আমি গৈ কেব্ল কাৰত উঠা ঠাহ পালোঁগৈ৷ এহ কেব্ল কাৰৰ পথ এছিয়াৰ ভিতৰতে সর্বোচ্চ৷ প্রথম ক্ষেপ যাবলৈ সময় লয় ১৫ মিনিট৷ সেহ ঠাহৰ নাম কংদুৰী(Kongdoori) আৰু কংদুৰীৰ পৰা দ্বিতীয় ক্ষেপ যাবলৈ সময় লয় ৩৫ মিনিট৷ এখন কেব্ল কাৰত ছয়জনকৈ মানুহ বহাৰ ব্যৱস্থা আছে৷ ওপৰৰ পৰা আমি উপভোগ কৰা সৌন্দর্য সঁচাই দৃষ্টিনন্দন৷ দ্বিতীয় ক্ষেপত প্রায় বৰফ থাকে৷ বৰফৰ মুকুট পিন্ধি থকা হিমালয়ৰ নান্দনিক সৌন্দর্যহ মানুহৰ মন ব্যাকুল কৰি তোলে৷ কেবল কাৰত গৈ আমি যেতিয়া কংদুৰী পাওঁ আমাৰ পেটেও ভোকৰ জাননী দিলে৷ তাত সৰু সৰু টম্বু টানি খোৱাৰ বাবে সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে, এখন ডাঙৰ ৰেষ্টুৰেণ্ট আৰু কেফে আছে৷ প্রাকৃতিক দৃশ্য উপভোগ কৰি খোৱা খাদ্যৰ সোৱাদ অনন্য৷ আমি বহুত সময় কটালোঁ তাত৷ আবেলি তাৰ পৰা ঘূৰি আহি আমাৰ বাবে ঠিক কৰি থোৱা হোটেল গুলমার্গ হাউছত নামিলোঁগৈ৷ হোটেলৰ পৰিৱেশে মন ভৰাহ তুলিলে৷ সন্মুখত পাহন গছৰ গভীৰ অৰণ্য আৰু সন্মুখেদি কল কল শব্দৰে বৈ গৈছে এটি সুন্দৰ জুৰি৷ কি অপূব! বেলকনিত বহিয়েহ বহুত সময় কটালোঁ৷ লাহে লাহে আন্ধাৰ নামিল৷ আমিও ৰাতিৰ আহাৰ খাই সোনকালেই শুই পৰিলোঁ৷
পিছদিনা ২১ ছেপ্টেম্বৰ৷ আমি ঘূৰি যাম শ্রীনগৰলৈ৷ গুলমার্গৰ পৰা শ্রীনগৰৰ দূৰত্ব ৫১ কিলোমিটাৰ৷ গাড়ীৰে ডেৰ ঘণ্টা সময় লয়৷ হোটেলত পুৱাৰ আহাৰ গ্রহণ কৰিয়েই আমি সাজু হলোঁ, কিয়নো সেইদিনাই আমি শ্রীনগৰত চাব লগা স্থানসমূহ চাম বুলি মনস্থ কৰি ৰাখিছিলোঁ৷ আমি গৈ ১০.৩০ বজাত শ্রীনগৰ পালোঁগৈ৷ প্রথমেই গলো ডাল লেক চাবলৈ৷ বহুত হেঁপাহ কৰি গৈছিলো যদিও মই দেখা পুৰণি সৌন্দর্য একেবাৰে নাই৷ সেইটো স্বাভাৱিক৷ পর্যটক বৃদ্ধি, জনসংখ্যা বৃদ্ধি, সচেতনতাৰ অভাৱেহ মূল কাৰণ যেন লাগিল৷ তথাপি তাত নৌকাবিহাৰৰ আমেজ সুকীয়া৷ আমিও তাৰ আমেজ ললোঁ৷ লেকৰ মাজত কেইবাটাও দ্বীপ আছে৷ তাৰ ভিতৰত চাৰচিনাৰ দ্বীপটোৱেহ ডাঙৰ৷ চাৰি ফালে চাৰি জোপা চিনাৰ গছ থকা বাবেহ হয়াৰ নাম চাৰচিনাৰ৷ আগতে তাত সুন্দৰ বাগিচা আৰু ৰেষ্টুৰেণ্ট আছিল৷ চালে চকুৰোৱা আছিল৷ এতিয়া তাত বহুতো ব্যৱসায়িক কেন্দ্র গগ লৈ উঠিছে৷ এতিয়া মিনা বজাৰ নামেৰেহ জনা যায়৷ প্রায় দুই ঘণ্টা নৌকাবিহাৰ কৰি উভতি আহিলোঁ৷
তাৰ পৰা আমি গলোঁ শংকৰাচার্য মন্দিৰলৈ৷ এই মন্দিৰ শ্রীনগৰৰ গোপাধাৰী পাহাৰৰ ওপৰত আৰু শ্রীনগৰ উপত্যকাতকৈ ১০০০ ফুট উচ্চতাত অৱস্থিত৷ ইয়েই হৈছে কাশ্মীৰৰ অতি পুৰণি মন্দিৰ৷ লোক–বিশ্বাস মতে সম্রাট অশোকৰ পুত্র জুলুকাই ২০০ খ্রীষ্টাব্দত এই মন্দিৰ নির্মাণ কৰিছিল, কিন্তু পিছত সেই ৰাজ্যৰ শাসক ছিকন্দৰে তাৰ শিৱলিংগ ধবংস কৰিছিল৷ এহদৰে বহুতে নির্মাণ কৰিছিল আৰু বহুবাৰ ধবংস হৈছিল৷ শেষত শিখৰ শাসন কালত নির্মাণ কৰা মন্দিৰ এতিয়ালৈকে বর্তি আছে৷ অমৰনাথলৈ যোৱা প্রায়বোৰ তীর্থযাত্রীয়ে এই মন্দিৰ দর্শন কৰে৷
সুন্দৰ পথ৷ দুয়ো ফালে চিদাৰ আৰু উহল গছৰ মাজেৰে আমাৰ গাডী আগবাঢ়িছিল৷ সেই পথ আৰু মন্দিৰ এতিয়া ভাৰতীয় সেনাবাহিনীয়ে পৰিচালনা কৰে৷ আমাক গাড়ীয়ে যথাস্থানত নমাই দিলেগৈ৷ তলৰ পৰা চিৰিবোৰ দেখি ভয় লাগিছিল৷ যাব পাৰিম জানো এনে ভাব আহিছিল, কিন্তু এবাৰো নোৰোৱাকৈ ২৪৩টা চিৰি কেনেকৈ উঠি গলোঁ গমকে নাপালোঁ৷ মন্দিৰটো দেখি মন ভাল লাগি গল৷ মন্দিৰটো ২০ ফুট ওখ এটা অষ্টকোণীয় পাথৰৰ ওপৰত নির্মাণ কৰা৷ মন্দিৰটোৰ জনপ্রিয় কাশ্মীৰী স্থাপত্যকলাৰ নিদর্শন প্রতিফলিত হৈ চকুত ধৰা দিয়ে৷ সেহ পাথৰটোৰ পৰা মূল লিংগলৈ পুনৰ ৩৬টা চিৰি অতিক্রম কৰিব লগা হল৷ তাত সেৱা জনাহ কাশ্মীৰ ভেলীৰ প্রাকৃতিক দৃশ্য উপভোগ কৰি নয়ন সার্থক কৰিলোঁ৷ অতি অনুপম৷
তাৰ পৰা ঘূৰি আহি আগতেই থাকি যোৱা হোটেল গ্রীনৰুমত নামিলোঁহি৷ তাতেহ অলপ জিৰণি লৈ দুপৰীয়াৰ আহাৰ খাই পুনৰ ওলালোঁ কাশ্মীৰৰ বিখ্যাত দুখন বাগিচা শালিমাৰ আৰু নিচাত বাগ চাবলৈ৷ দুয়োখন বাগিচা ওচৰা–উচৰি৷ আমি প্রথমেহ সোমালোঁ শালিমাৰ বাগত৷ ৩১ একৰৰ এই বাগিচা ১৬১৯ শতিকাত মোগল সম্রাট জাহাংগীৰে নির্মাণ কৰিছিল৷ জাহাংগীৰ আৰু তেওঁৰ পত্নী নুৰজাহানে সেই সময়ত গৰমৰ দিনত দিল্লীৰ পৰা আহি এই শালিমাৰ বাগত জিৰণি লৈছিলহি৷ এনেকৈ তেওঁঁলোকে ১৩ বছৰ অহা–যোৱা কৰিছিল৷ সেইখিনি সময়ত তেওঁলোক থকা মার্বলৰ মহলটো এতিয়া বিদেশী পর্যটক থকা অতিথিশালা কৰি ৰাখিছে৷ মহাৰজা হৰি সিঙৰ দিনতেহ এহ বাগিচাত বিজুলী–বাতিৰ ব্যৱস্থা কৰিছিল৷ বর্তমান জম্মু–কাশ্মীৰৰ পর্যটন বিভাগে এহ বাগিচা পৰিচালনা কৰে৷ বাগিচাখন খোলাৰ সময় পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ৷
পূর্বতে এই বাগিচাৰ পৰা ডেৰ কিলোমিটাৰ দীঘল এটা কেনেলেৰে ডাল লেক সংলগ্ন কৰি ৰাখিছিল৷ দিৱানি–আম আৰু দিৱানি–খাছ নামেৰে দুটা হল আছিল৷ চাৰিওফালে মার্বলৰ প্লেটফর্মৰ মাজত থকা পানীৰ ফোঁৱাৰাই অতিকৈ মোহনীয় কৰি তুলিছিল৷ সকলো ফালে ৰং–বিৰঙৰ ফুলেৰে চকু জুৰ পেলাহ দিছিল, কিন্তু এইবাৰ আমি যোৱাৰ সময়ত বাগিচাখনৰ হল, অতিথিশালা আদি মেৰামতি কৰি থকাৰ বাবে পূর্বৰ সৌন্দর্য বিচাৰি নাপালোঁ৷
তাৰ পৰা আমি নিচাত বাগলৈ গলোঁ৷ এহ বাগিচাক গার্ডেন অব ডিলাইট বুলি কোৱা হয়৷ এইখনেই জম্মু–কাশ্মীৰৰ ভিতৰত সকলোতকৈ ডাঙৰ মোগল গার্ডেন৷ সম্রাট জাহাংগীৰে নির্মাণ কৰা এই বাগিচাৰ ডিজাইন কৰিছিল নুৰজাহানৰ ভাতৃ আচফ খানে ১৬৩৩ খ্রীষ্টাব্দত৷ বাৰটা ৰাশি চিহ্ণৰ নমুনাৰে নির্মাণ কৰা চালিবোৰ সঁচাকৈয়ে চকুতলগা৷ চিনাৰ আৰু ছাইপ্রাচ গছে আবৰা আৰু ভিন্নৰঙী ফুলৰ সমাহাৰেৰে এই বাগিচাসমূহ সঁচাই অতুলনীয়৷ তাতে কিছু সময় কটালোঁ৷
ঠিক ৭ বজাৰ লগে লগে ওলাই আহিলোঁ তাৰ পৰা৷ হোটেল আহি পাহ সমস্ত দেহাটো এৰি দিলো সুকোমল শেতেলিখনত৷ চকু মুদি মনেৰে পুনৰ মনোমোহা কাশ্মীৰ বিচৰণ কৰিলোঁ৷ পিছদিনা আমি বিদায় লম কাশ্মীৰৰ পৰা৷
পিছদিনা পুৱা ৯ বজাত হোটেলত পুৱাৰ আহাৰ গ্রহণ কৰি ওলাই গলোঁ এয়াৰপর্ট অভিমুখে৷ আমি জানিব পাৰিছিলোঁ যে শ্রীনগৰ এয়াৰপর্টত দুবাৰ চেকিং হয়৷ প্রথমবাৰ সেনাবাহিনীৰ আৰু দ্বিতীয়বাৰ এয়াৰপর্টৰ৷ সেইবাবে আমি হাতত অলপ সময় লৈ আহিছিলোঁ৷ সকলো সুকলমে কৰি যথাসময়ত বিমানত বহিলোঁ৷ এটা সুন্দৰ স্মৃতি বুকুত সামৰি মনৰ মণিকোঠত সাঁচি থলোঁ সেউজীয়াবোৰ জীৱনলৈ৷
ফোনঃ ৯৪৩৫৪-০৮৬৬৪
Comments are closed, but trackbacks and pingbacks are open.