মিছৰৰ পিৰামিড

114

মনোজ কুমাৰ শ্রুতিকৰ

সৰুতেই আমি আমাৰ মাৰ মুখত পৃথিৱীৰ সাতটা আশ্চর্যৰ কথা শুনিছিলোঁ৷ তাৰে বেবিলনৰ ওলোমা বাগিচা, মস্কোৰ ঘণ্টা, টেমছ নৈৰ সুৰংগ আৰু মিছৰৰ পিৰামিডৰ কথা মনত আছে৷ গতিকে মনত মিছৰৰ পিৰামিড চাবৰ বাবে বহুত দিনৰ পৰা আশা মনত পুহি ৰাখিছিলোঁ৷

যিকোনো দেশলৈ ভ্রমণ কৰিবলৈ যোৱাৰ আগতে মই সাধাৰণতে সেই দেশৰ ভূগোল আৰু বুৰঞ্জীৰ বিষয়ে অলপ অধ্যয়ন কৰি লওঁ৷ সেই কাৰণে মোৰ লেখাবোৰৰ যোগে, পাঠকসকলক সেইখন দেশৰ ভূগোল আৰু বুৰঞ্জীৰ কথাবোৰ অৱগত কৰিবলৈ যত্ন কৰোঁ৷ বর্তমানে মিছৰক ইজিপ্ত বুলি জনা যায়৷

২০১৭ চনৰ নৱেম্বৰ মাহত আমি ইজিপ্ত ভ্রমণ কৰিবলৈ ইচ্ছা কৰিলোঁ৷ আমাৰ লগত সহযাত্রী হল আমাৰ বিয়ৈ অইল ইণ্ডিয়াৰ অৱসৰপ্রাপ্ত বিষয়া ৰমেন্দ্রনাথ চক্রৱর্তী আৰু তেওঁৰ পৰিবাৰ প্রয়াত আৰতি চক্রৱর্তী৷ কক্স এণ্ড কিংগছ নামৰ ড্রেভেল এজেঞ্চীয়ে আমাৰ ভ্রমণৰ সকলোখিনি বন্দোৱস্ত কৰি দিছিল৷ সেইমতে, আমি ৭ নৱেম্বৰৰ দিনা গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে যাত্রা কৰিলোঁ আৰু মুম্বাই আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত ইজিপসিয়ান এয়াৰত চেক্ ইন কৰি, ছিকিউৰিটী চেক হোৱাৰ পিছত বিমান বহিলোঁ৷ আমাৰ আৰু ইজিপ্তৰ সময়ত তাৰতম্য প্রায় ৩ ঘণ্টা ৩০ মিনিট৷ মুম্বাইৰ পৰা ৬ ঘণ্টা ৫০ মিনিটৰ যাত্রাৰ পিছত আমি পুৱা ৪ মান বজাত কাইৰো আন্তর্জাতিক বিমানবন্দৰ পালোঁহি৷ আমাক কাইৰোৰ লগতে লাগি থকা গিজা নামৰ চহৰখনলৈ বাছেৰে লৈ গল৷ আমাৰ দলটোত টুৰিষ্ট মাত্র10 জনমান হোৱাৰ বাবে সৰু বাছখনেই যথেষ্ট আছিল৷ হোটেলত সোমাই গা–পা ধুই, পুৱাৰ জলপান কৰি গিজা চহৰ ভ্রমণৰ বাবে ওলালোঁ৷

গিজা চহৰখনৰ আশে–পাশে প্রায় তিনিটামান পিৰামিড আছে, আৰু সেই কাৰণে গিজাক গিজা নেকোপলিচ বুলি কোৱা হয়৷ আমাক দ্য গ্রেট পিৰামিড অৱ গিজালৈ লৈ গল৷ এই পিৰামিডটোক খুফুৰ পিৰামিড বুলিও জনা যায়৷ ইয়াৰ নির্মাণ খ্রীঃ পৃঃ ২৫৮০ৰ পৰা খ্রীঃ পূঃ ২৫৬০ৰ ভিতৰত বুলি জনা যায় আৰু ইয়াৰ নির্মাণত চূনচুৰকি Limestone আৰু গ্রেনাইট ব্যৱহাৰ হৈছিল৷ ইয়াৰ উচ্চতা ১৪৬ মিটাৰ, ভূমি ২৩০ মিটাৰ এই পিৰামিডটোৰ উপৰি গিজাত পিৰামিড অৱ খাফ্রে নির্মাণ কাল খ্রীঃপূঃ ২৫৫৪ৰ পৰা খ্রীঃ পূঃ ২৫৩২লৈ আৰু পিৰামিড অৱ মেন কৌৰে নির্মাণকাল খ্রীঃ পূঃ ২৫১০৷

শিলকোৱেৰীত তামৰ ধাতুৰে নির্মিত সঁজুলিৰে, শিলবোৰ ঘনক Cube আকৃতিত কটা হয়৷ কিন্তু এই ঘনকবোৰৰ নির্মাণ শৈলীক লৈ বিভিন্ন মতামত আছে৷ একোটা একোটা ঘনকৰ ওজন ২.৫ টনৰ পৰা ৭০-৮০ টনলৈকে হয়৷ পিৰামিডৰ তলৰ অংশত ডাঙৰ ডাঙৰ ঘনকবোৰ বহুৱাই, লাহে লাহে ওপৰলৈ ঘনকৰ আকৃতি সৰু হৈ গৈ থাকে৷ এই ঘনকবোৰৰ জিপচাম আৰু শিলৰ গুডি ব্যৱহাৰ হৈছিল৷ এই শিলবোৰ কাইৰোৰ ওচৰৰ শিলৰ পাহাৰ আৰু কিছুমান শিল ৯০০ কিলোমিটাৰ দূৰৰ আচোৱানৰ পৰা নীল নদীয়েদি নাৱত অনা বুলি অনুমান কৰা হয়৷ এই পিৰামিডৰ নির্মাণ কার্যত প্রায় ৩০.০০০ বনবাৰ ২০ বছৰমান সময় লাগিছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি, আমাৰ দলত একেলগে ইজিপ্ত ভ্রমণ কৰিবলৈ অহা টুৰিষ্টসকলৰ লগত আমি যেতিয়া পিৰামিডৰ ফালে যিমানেই আগুৱাই আহিছিলোঁ, পিৰামিডটো সিমানেই আকাৰত ডাঙৰ হৈ আহিছিল৷ কিন্তু পিৰামিডটো ইমান বিশাল যে তাৰ চাৰিওফালে প্রদক্ষিণ কৰিবলৈ প্রায় দুঘণ্টামান লাগিব বুলি আমাৰ গাইডে জানিবলৈ দিলে৷ ইজিপ্তৰ পূবে চুবেজ উপসাগৰ, পষ্চিমে লিবিয়া, উত্তৰে ভূমিধ্য সাগৰ আৰু দক্ষিণ ছুডান৷ চুৱেজ উপসাগৰে Suez Canal ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোজিত কৰিছে৷ ইয়াৰ ফলত দক্ষিণ–পূব এছিয়াৰ পৰা ইউৰোপ আৰু আমেৰিকালৈ জলপথৰ দূৰত্ব প্রায় ৭০০০ কিলোমিটাৰ কমে৷ এই চুৱেজ খাল সামুদ্রিক জাহাজৰ বাবে ১৮৭৯ চনত মুকলি কৰা হয়৷ আফ্রিকাৰ ভিতৰতে দীঘল নীল নদীৰ সাৰুৱা দুয়োপাৰে সভ্যতাৰ বিকাশ ঘটিছিল আৰু এই নদীৰ মোহনা যত আৰম্ভ হৈছে তাতেই ইজিপ্তৰ ৰাজধানী চহৰ কাইৰো৷

গ্রীষ্মকালত ইয়াত তাপমান ২৭ ডিগ্রীৰ পৰা ৩২ ডিগ্রীলৈকে হয়, আৰু শীতকালত তাপমান ৮ ডিগ্রীৰ পৰা ২১ ডিগ্রী পর্যন্ত হয়৷ শীতকালত ভূমধ্যসাগৰীয় উপকূলীয় অঞ্চলত কিছু পৰিমাণে বৰষুণ হয়৷ ইয়াৰ মুদ্রা ইজিপশিয়ান পাউণ্ড আমাৰ ভাৰতীয় মুদ্রাৰ তুলনাত চাৰিগুণ৷ মানে ভাৰতীয় ৪ টকা দিলে, এক ইজিপশিয়ান পাউণ্ড পোৱা যায়৷ পূবে থকা পাহাৰমালা আৰু পষ্চিমে থকা ছাহাৰা মৰুভূমিয়ে ইজিপ্তক প্রাকৃতিক সুৰক্ষা দিছে৷ দক্ষিণত ছুডান সীমান্তত থকা ৬০০০ বর্গকিলোমিটাৰৰ নাচেৰ হ্রদ পৃথিৱীৰ ভিতৰতে বৃহৎ কৃত্রিম জলাশয়৷ আমাৰ মেঘালয়ত থকা উমিয়াম হ্রদৰ দৰে, ইয়াত নির্মাণ কৰা আচোৱান বান্ধে জলবিদ্যুৎ উৎপন্ন কৰাৰ উপৰি নীল নদীৰ সোঁত নিয়ন্ত্রণ কৰে৷ আমি পিৰামিডবোৰ চাই, গিজাৰ আটাইতকৈ আকর্ষণীয় স্ফিনিক্স চাবলৈ গলোঁ৷ ই এটা শিলেৰে Limestone নির্মিত মূর্তি, যাৰ শৰীৰটো সিংহৰ, কিন্তু মুখখন মানুহৰ দৰে৷ ই পশ্চিমৰ পৰা পূবলৈ মুখ কৰি থাকে আৰু গিজা মালভূমিত অৱস্থিত৷ নীল নদীৰ পষ্চিম পাৰে নির্মিত এই স্ফিনিক্সৰ মুখখন খাফ্রিৰ ফাৰাওৰ দৰে বুলি বহুতে মতামত দিয়ে৷ গধূলিলৈ আকৌ ইয়াতে ইজিপ্তৰ ইতিহাসক কেন্দ্র কৰি লাইট এণ্ড ছাউণ্ড শ্ব এটাও উপভোগ কৰিলোঁ৷ আমি দুপৰীয়া পেপিৰাচ ইনষ্টিটিউট চালোঁগৈ৷ ইয়াত পেপিৰাচ নামৰ এবিধ গছৰ ঠাৰিৰ পৰা দীঘল দীঘল আঁহবোৰ উলিয়াই খুন্দি খুন্দি কাগজ তৈয়াৰ কৰে৷ তাতে প্রাকৃতিক ৰং সানি বিভিন্ন চিত্র অংকন কৰে৷ তাতে থকা মিউজিয়ামত ইজিপ্তৰ কলা–কৃষ্টি–সংসৃক্তিৰ্ ওপৰত আধাৰিত বহুতো প্রদর্শিত চিত্র দেখিলোঁ৷ দুই–এখন আমিও কিনিলোঁ৷ পেপিৰাচ ইনষ্টিটিউটৰ পৰা আমি বিভিন্ন ধৰণৰ ভেষজ তেলেৰে সুগন্ধি প্রস্তুত কৰা কাৰখানা এটালৈ গলোঁ৷ আমি বজাৰত পোৱা সুগন্ধিৰ বেছিভাগেই এলকহল বা স্পিৰিটৰ মাধ্যমত বনোৱা৷ ইছলামধর্মীয় লোকসকলে ব্যৱহাৰ কৰা‘ইট’ সুগন্ধি তেলৰ মাধ্যমত প্রস্তুত কৰা বাবে ইয়াৰ গোন্ধ বহু সময়লৈকে থাকে৷ আমাক বিভিন্ন শিলেৰে নির্মাণ কৰা মূর্তি বনোৱা কাৰখানা উদ্যোগ এটালৈ লৈ গল৷ তাতে গ্রেনাইট, লাইমষ্টোন, আলবেষ্টৰ আৰু ছেণ্ড ষ্টোনেৰে নির্মিত বহুতো কাৰুকার্যখচিত মূর্তি দেখুৱালে৷ দুপৰীয়াৰ আহাৰৰ পিছত আমাক নীল নদীৰ এটা সুঁতিৰে ইঞ্জিনচালিত নাও এখনত এখন গাঁও দেখুৱাবলৈ লৈ গল৷ আচোৱান বান্ধ নির্মাণৰ সময়ত যিসকল লোক ক্ষতিগ্রস্ত হল, তেওঁলোকক চৰকাৰে বিভিন্ন ধৰণৰ নিয়োগৰ ব্যৱস্থা কৰি বিদ্যুৎ আৰু পানী যোগান, প্রাথমিক বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্র আদিৰে পকীঘৰ সাজি তেওঁলোকক সংস্থাপিত কৰিছে৷ আবেলি আমি‘খান এ খলিি’ নামৰ গিজাৰ প্রসিদ্ধ বজাৰখনলৈ ওলালোঁ৷ ইয়াত আমাৰ গুৱাহাটীৰ ফাঁচীবজাৰৰ দৰে সকলো বস্তু পোৱা যায়৷ বজাৰৰ পৰা দুই–এপদ বস্তু কিনি, ৰাতি ইজিপ্তৰ থলুৱা খাদ্য সম্ভাৰৰ সোৱাদ লৈ হোটেল পালোঁহি৷ পিছদিনা পুৱা জলপানৰ পিছত কাইৰো চহৰখন চাবলৈ ওলালোঁ৷ গিজাৰ পৰা ওলাই নীল নদী পাৰ হলেই কাইৰো চহৰ আৰম্ভ৷ কাইৰো চহৰ যত আৰম্ভ হৈছে, তাতেই প্রায় ৭ কিলোমিটাৰমান দীঘল আৰু ৪ কিঃমিঃ বহল কবৰস্থানখন বাছৰ পৰাই দেখিলোঁ৷ ঠাইৰ অভাৱত কবৰস্থানৰ মাজে মাজে মানুহে বসতি স্থাপন কৰিবলৈ লৈছে৷ ইয়াত বর্তমানে ৫ লাখৰ পৰা ১০ লাখ মানুহে বাস কৰে৷ এই স্থানক এল আৰাফাৰ কবৰস্থান বুলি কয়, কিন্তু গিজা চহৰখনক মৃতকৰ চহৰ বাCity of dead বুলিও জনা যায়৷

তাহিৰ হাউছত থকা বিশাল সংগ্রহালয়টো চালোঁগৈ৷ ইয়াতেই যীশুখ্রীষ্টৰ জন্মৰ বহু হেজাৰ বছৰৰ আগৰ ইজিপ্তৰ ৰজা–ৰাণীবোৰৰ মামী mummy সংৰক্ষণ কৰা আছে৷ এই সংগ্রহালয়ৰ ভিতৰলৈ সোমোৱা আৰু ওলোৱাৰ সময়ত নিৰাপত্তাৰক্ষীৰ কর্তব্য শলাবলগীয়া৷ কাৰণ ইয়াত ৰজা–ৰাণীয়ে ব্যৱহাৰ কৰা বিভিন্ন কাপোৰ–কানি, সোণৰ অলংকাৰ আৰু আচবাব পত্র ৰখা আছে৷ মামী কৰি ৰখা মৃতদেহবোৰ কোন ৰজা বা ৰাণীৰ তাক চিহ্ণিত কৰি থোৱা আছে৷ সংগ্রহালয় চোৱাৰ পিছত আমি কাইৰো বিশ্ববিদ্যালয় আৰু কাৰিকৰী বিদ্যালয়সমূহ চালোঁ৷ কাইৰোৰ জনসংখ্যা প্রায় ২ কোটি আৰু সমগ্র ইজিপ্তৰ জনসংখ্যা প্রায় ১০ কোটি৷ বৰষুণৰ মাত্রা ইজিপ্তত বৰ কম৷ উত্তৰৰ ফালে ভূমধ্য সাগৰৰ উপকূলীয় অঞ্চলত ২০ৰ পৰা ২০০ মিলিমিটাৰ বৰষুণ হয় কিন্তু কাইৰোৰ দক্ষিণত বৰষুণৰ মাত্রা শূন্য৷ গোটেই ইজিপ্তত গছ–গছনিৰ সংখ্যা বৰ কম৷ মাটিকালিৰ ০.১ৰ শতাংশতহে গছ–গছনি দেখা যায়৷ সেই হিচাপে বনৰীয়া জীৱ–জন্তুৰ পৰিমাণো কম৷ জীৱ–জন্তুৰ ভিতৰত চেণ্ডকেট Sand Cat মেকুৰীজাতীয় কেলাকেল, পানীত থকা কাছৰ দৰে দুগভ,Dorcas Gezelle দৰকাচ গেজেলজাতীয় হৰিণা, গাত আঁচ থকা হায়েনা, শিলৰ মাজত থকা শহা পহু, উট আৰু ইজিপশিয়ান মনগোজ আৰু নীল নদীৰ ঘঁৰিয়াল প্রধান৷ পিছদিনা পুৱা আমি কাইৰোৰ পৰা ২২৫ কিলোমিটাৰ উত্তৰত থকা আলেকজেন্দ্রিয়া চহৰলৈ বুলি ৰাওনা হলোঁ৷ এই চহৰখন ৰোমৰ সম্রাট আলেকজেণ্ডাৰে প্রতিষ্ঠা কৰিছিল৷ ভাৰত আক্রমণৰ পিছত উভতি যাওঁতে এই চহৰতে তেওঁৰ মাত্র ৩৩ বছৰ বয়সত মৃত্যু হয়৷ ১৫ শতিকাতে ৰোমানসকলে প্রতিষ্ঠা কৰা কুইট বেৰ দুর্গ আৰু বিশ্বৰ ভিতৰত প্রাচীনতম আলেকজেন্দ্রিয়াৰ পুথিভঁৰাল চালোগৈ৷

ইজিপ্তৰ সভ্যতা পৃথিৱীৰ প্রাচীনতম সভ্যতাবোৰৰ এক৷ ইজিপ্তৰ সভ্যতা খ্রীষ্টপূর্ব আনুমানিক চাৰিৰ পৰা পাঁচ হাজাৰ বছৰ পুৰণি৷ খ্রীষ্টপূর্ব ৩৩২ত আলেকজেণ্ডাৰে ইজিপ্ত অধিকাৰ কৰে আৰু পৰৱর্তীকালত ৰোমানসকলে ৬৪১ খ্রীষ্টাব্দলৈকে ইয়াক শাসন কৰে৷ ইয়াৰ পৰৱর্তী কালত ইছলাম ধর্মৰ অদ্ভুত্থান হোৱাৰ পিছত ই ১৮৬৭ চনলৈকে বিভিন্ন ইছলাম শাসকৰ অধীনত আছিল৷ কিছু সময় ফ্রান্সৰ অধীনত থকাৰ পিছত ১৮৮২ চনত ব্রিটিছে ইজিপ্ত অধিকাৰ কৰে৷ প্রথম মহাযুদ্ধৰ অৱসান হোৱাৰ পিছত হোৱা আন্দোলনে ১৯১৯ চনত ইজিপ্তক এখন ৰাষ্ট্র হিচাপে প্রতিষ্ঠা হোৱাত সহায় কৰে৷ কিন্তু ১৯৫৪ চনলৈকে ইয়াত ব্রিটিছৰ শাসন আৰু ক্ষমতা অব্যাহত আছিল৷ ১৯৫৪ চনত ব্রিটেইন আৰু ইজিপ্তৰ মাজত হোৱা সন্ধিৰ দ্বাৰা ইজিপ্ত সম্পূর্ণৰূপে এখন স্বাধীন ৰাষ্ট্রত পৰিণত হয়৷ গতিকে ইজিপ্ত ভ্রমণকালত ইয়াত ৰোমান ইছলামিক, ফৰাচী আৰু ব্রিটিছৰ শিল্পকলা সংসৃক্তি আৰু স্থপত্যবিদ্যাৰ নিদর্শন দেখা পাইছিলোঁ৷

আলেকজেন্দ্রিয়া ভ্রমণ কালত আমি ৰোমানসকলে মৃতদেহ সৎকাৰ আৰু সংৰক্ষণ কৰা ঠাই কাটাকুম্ব চালোঁগৈ৷ কাটাকুম্ব মাটিৰ তলত শিলেৰে মজবুতকৈ নির্মাণ কৰি খন্দা এটা ডাঙৰ কুঁৱাসদৃশ৷ শিলৰ গাঁথনিৰে নির্মাণ কৰা চিৰিৰে তললৈ নামিব পাৰি৷ ইয়াৰ বেলেগ বেলেগ গভীৰতাত থকা কোঠালিৰ ভিতৰত ৰোমান ৰজা–ৰাণীসকলৰ মৃতদেহ কফিনত ৰখা হয়৷ সূর্যটো পুৱা উদয় হৈ আবেলি অস্ত যায় আৰু পৃথিৱীলৈ আন্ধাৰ নামি আহে৷ পিছদিনা পুৱা সূর্য আকৌ উদয় হয়৷ এই ধাৰণাটোকে সাৰোগত কৰি প্রাচীন ইজিপ্তবাসীয়ে বিশ্বাস কৰিছিল যে মৃত্যুটো মানুহৰ এটা অস্থায়ী অৱস্থাতে৷ এই অস্থায়ী অৱস্থাৰ অৱসান ঘটিলে মানুহে আকৌ পুনৰ জনম লাভ কৰিব, আৰু জীৱন্ত হৈ উঠিব৷ এই কাৰণেই তেওঁলোকে ৰাসায়নিক প্রক্রিয়াৰে মানৱ দেহা কফিনৰ ভিতৰত সংৰক্ষণ কৰি ৰাখে৷ এই কফিনটো কাঠ বা শিলেৰে নির্মাণ কৰা হয়৷ আলেকজেন্দ্রিয়া চহৰখন ভূমধ্য সাগৰৰ পাৰত বাবে ইয়াৰ জলবায়ু কাইৰোতকৈ বেলেগ৷ আমি আলেকজেন্দ্রিয়া চাই ঘূৰি আহোঁতে ৰাতি হল৷ পিছদিনা ধলপুৱাতেই আমি কাইৰো এয়াৰপর্টলৈ যাত্রা কৰিলোঁ আৰু বিমানেৰে আমি কাইৰোৰ পৰা আচোৱান পালোঁগৈ৷ তাৰ পৰা গাডীৰে আমাক নীল নদীৰ ওপৰত নির্মাণ কৰা আচোৱান বান্ধ চাবলৈ লৈ গল৷ এই বান্ধটো ১৯৬০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত নির্মাণ কৰা৷ ১৯০২ চনতে নীল নদীত সোঁতৰ লগতে বন্ধোৱা বান্ধটোৱে অর্থনীতিত সহায় কৰা বাবে উচ্চ বান্ধৰ প্রয়োজন আহি পৰে৷ বান্ধৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ পৰা ২১০০ মেগাৱাট বিদ্যুৎ উৎপাদন হয়৷ আচোৱান বান্ধ চোৱাৰ পিছত আমি অসম্পূর্ণস্তম্ভ Unfinished Obelisque চালোঁগৈ৷ এই স্তম্ভটো দীঘলে ৪২ মিটাৰ আৰু নাৱত তুলি নদীৰে আন ঠাইলৈ নিয়া হয়৷ সেই সময়ৰ কাৰিকৰী দক্ষতা কিন্তু সঁচাকৈয়ে চমকপ্রদ আছিল৷

প্রাচীন ইজিপ্তবাসীৰ কোনো ধর্ম নাছিল৷ তেওঁলোকে ডাঙৰ চৰাই, ঘঁৰিয়াল, কুম্ভীৰ বা জীৱ–জন্তুক পূজা কৰিছিল৷ ৬৩৯ৰ পৰা ৬৪২ খ্রীষ্টাব্দৰ ভিতৰত ইছলামিক শাসন প্রৱর্তন হোৱাৰ পিছতহে তাত সৰহসংখ্যক লোকে ইছলাম ধর্ম গ্রহণ কৰে৷ আচোৱানতেই থকা ফিলাক মন্দিৰ দর্শন কৰিলোঁ৷ গোটেই মন্দিৰটো শিলেৰেই প্রস্তুত আৰু মন্দিৰৰ সন্মুখত ডাঙৰ ঈগল চৰাইৰ মূর্তি দেখা পাইছিলোঁ৷ ইজিপ্তৰ জনবসতি প্রতিবর্গকিলোমিটাৰ ৮৪জনমাত্র৷ ইজিপ্তৰ উত্তৰত থকা মানুহবোৰ ইউৰোপবাসীৰ দৰে মাজ অংশ মানে কাইৰো, গিজা অঞ্চলৰ মানুহবোৰ আমাৰ উত্তৰ প্রদেশ বা পাঞ্জাবৰ দৰে, কিন্তু দক্ষিণে ছুডানৰ ফালে থকা মানুহবোৰ ওখ–পাখ যদিও বৰণ কলা৷ তেওঁলোকে বগা দীঘল পোছাক পৰিধান কৰা চকুত পৰিল৷

১১ নৱেম্বৰৰ দিনা দুপৰীয়া আমি আচোৱানত নীল নদীৰ পাৰত ৰখাই থোৱা ক্রুজ এখনত উঠিলোঁহি৷ ক্রুজখন কেইবাখলপীয়া ডাঙৰ জাহাজ৷ প্রত্যেকটো খলপক ডেক বুলি কোৱা হয়৷ একেবাৰে তলৰ ডেকত ইঞ্জিন৷ মাজৰ ডেকবোৰত যাত্রীৰ কেবিনসমূহ, ডাইনিং হল, কিটচেন, এণ্টিৰুম আৰু একেবাৰে ওপৰৰ ডেকত ডাঙৰ ছাতিৰে চকী টেবুল থোৱা থাকে৷ তাতে যাত্রীসকলে পুৱাৰ জলপানৰ পিছত আৰু আবেলি ওপৰৰ ডেকত চকী টেবুলত বহি নীল নদীৰ ক্রুজৰ আমেজ উপভোগ কৰে৷ কেবিনবোৰ হোটেলৰ ৰুমৰ দৰেই সুসজ্জিত৷ সেইদিনা আবেলি আহি আমি এডফু নামৰ চহৰখন পালোঁহি৷ আবেলি ঘাটত জাহাজখন ৰোৱাৰ পিছত যাত্রীসকল নামি চহৰ চাবলৈ ওলাল৷ আমিও ঘোঁৰাগাডী এখন লৈ এডফু চহৰখন চাবলৈ বুলি ওলালোঁ৷ গ্রীক ৰোমান শাসনকালত শিলেৰে Sandstone নির্মাণ কৰা প্রায় ৩৬ মিটাৰ ওখ, ৭৬ মিটাৰ বহল আৰু ৭৯ মিটাৰ দীঘল এডফু মন্দিৰ চালোঁ৷ এই মন্দিৰটোৰ নির্মাণ আনুমানিক খ্রীষ্টপূর্ব ২৩৭ত আৰম্ভ কৰা বুলি জনা যায়৷ ইয়াক Horus হৰাচৰ মন্দিৰ বুলিও জনা যায়৷ সেইদিনা আমি দুপৰীয়া আৰু ৰাতিৰ আহাৰ জাহাজতে কৰিলোঁ৷

১২ নৱেম্বৰৰ দিনা পুৱাই কমম্বে নামৰ ঠাইত আমাৰ জাহাজ ৰলহি৷ ব্রেকফাষ্ট পর্ব শেষ হোৱাৰ পিছতেই ঠাইখিনি পোৱাত আমাৰ সুবিধা হল৷

প্রাচীন ইজিপ্তবাসীসকলৰ ঘঁৰিয়ালো আৰাধ্য দেৱতা আছিল আৰু তেওঁক সবেক Sabek বুলি জনা যায়৷ কমম্বে মন্দিৰটোৰ এফালে চবেকক উপাসনা কৰে আৰু আনফালে ঈগলৰ দৰে মূৰ থকা মানৱ শৰীৰেৰে হেৰোৰিচ্ Haroerisৰ মন্দিৰত উপাসনা কৰে৷ এই মন্দিৰটো নীল নদীৰ পাৰত নির্মাণ কৰা বাবে মন্দিৰৰ পৰা নীল নদীৰ সৌন্দর্য উপভোগ কৰা যায়৷ মন্দিৰৰ ওচৰতে ঘঁৰিয়ালৰ মামী থকা সংগ্রহালয় এটা চালোঁ৷ কমম্বেৰ পৰা ১ ঘণ্টা ৪০ মিনিটৰ যাত্রাৰ পিছত আমি আহি পালোঁহি এডফু Edfu৷ নীল নদীৰ পাৰতে থকা এডফু মন্দিৰ চাই পুনৰ জাহাজত উঠি ডেৰ ঘণ্টাৰ যাত্রাৰ পিছত এচনা Esna পালোঁহি৷ নীল নদীৰ ওপৰত দিয়া বান্ধৰ বাবে ইয়াক এচনা লক বুলি জনা যায়৷ এচনা লকটো পাৰ হওঁমানে ৰাতি আঠ মান বাজিল৷

এই লকটো ১৯৯৬ চনৰ ১ জানুৱাৰীত মুকলি কৰা হয়৷ এই লকটো এটা বান্ধৰ দৰে আৰু ইয়াৰ দ্বাৰা নীল নদীক আচোৱান বান্ধৰ লগত সংযোগ কৰা হয়৷ এই এচনা লক Esna Lockৰ এপাৰে জলস্তম্ভ যথেষ্ট ওখ, আনপাৰে যথেষ্ট কম৷ প্রায় ২১০ মিটাৰ দীঘল এই বান্ধটোত মুঠ ৭খন জপনা Sluice gate আছে প্রায় ৪০ মিটাৰ গভীৰ ডাঠ পকীবেৰেৰে, এই গেইট্সমূহক সংঘোপ কৰা হৈছে৷ ৪খন স্বয়ংক্রিয় শ্লুইচ গেইটেৰে ৬ মিনিটৰ ভিতৰতে জপনাৰ দুয়োপাৰৰ জলস্তম্ভ একেই লেভেললৈ আনিব পাৰি৷ নীল নদীয়েদি লাক্সৰৰ পৰা এডফুলৈ যোৱা জাহাজবোৰ এই শ্লুইচ গেটেৰে অনায়াসে পাৰ হৈ যাব পাৰে৷ আমি একো গম নোপোৱাকৈ এচনা লক পাৰ হৈ আহিলোঁ৷

১৩ নৱেম্বৰৰ পুৱা আমি লাক্সৰৰ পালোঁহি৷ পুৱাৰ জলপান জাহাজতে কৰি ভেলী অৱ কিংছ চাবৰ বাবে ওলালোঁ৷ ঠাইডোখৰে এক বিস্তৃত অঞ্চল জুৰি আছে৷ ১৯২২ চনত পুৰাতত্ত্ববিদ হাৱার্ড কার্টাৰে ইয়াত গৱেষণা কৰা কালত আকস্মিকভাৱে এঠাইত জাবৰৰ দম এটা পালে৷ তাতেই তেওঁৰ সন্দেহ উপজিল আৰু খনন কার্য আৰম্ভ হল৷ এই সময়ছোৱাত তেওঁ মুঠ ৬২টা কবৰ খান্দি উলিয়ায়৷ এই কবৰসমূহ আমি সচৰাচৰ দেখি থকা কবৰবোৰৰ দৰে নহয়৷ সম্পূর্ণৰূপে শিলেৰে নির্মিত কবৰটোৰ তললৈ নামি যাব লাগে৷ কবৰটো কেইবাখলপীয়া৷ প্রত্যেক খলপতে আকৌ সৰু সৰু ৰুম আছে, যত ৰজা–ৰাণীৰ মৃতদেহৰ উপৰি সোণৰ অলংকাৰ, আচবাব পত্র, কাপোৰ–কানিও ৰখা হয়৷ পিছত ২০০৫ চনত অটোস্বদেন নামৰ পুৰাতত্ত্ববিদজনে ৬৩নং কবৰটো খান্দে যদিও তাত কোনো মামী নাপালে৷ এই মামী আচবাব পত্র, অলংকাৰ, আৰু কাপোৰ–কানিসমূহ এতিয়া কাইৰোৰ ৰাষ্ট্রীয় সংগ্রহালয়ত ৰখা হৈছে৷

আমি সেইদিনা তাৰ পৰা ওচৰতে থকা Hatsheput মৃতদেহ ৰখা মন্দিৰ Mortuary Temple চালোঁ৷

ইথিপিয়াৰ ৰজা মেমননে গ্রীকসকলৰ বিৰুদ্ধে ড্রয় নগৰত ড্রোজান Trojanসকলৰ পক্ষত যোগেদি অসীম পৰাক্রম প্রদর্শন কৰা বাবে মেমনৰ স্মৃতিস্তম্ভ নির্মাণ কৰিছিল৷ ইয়াকেColossi of Memnon বোলা হয়৷ এই স্তম্ভবোৰ প্রায় ৬০ ফুট ওখ৷ ইয়াৰ পিছত আমি লাক্সৰৰ খ্রীষ্টপূর্ব ৩৯২তে নির্মাণ কৰা মন্দিৰটো চালোঁগৈ৷ মন্দিৰটো উপাসনা কৰাৰ বাবে গ্রীক, ৰোমান, খ্রীষ্টান আৰু ইছলামধর্মী শাসকসকলে ব্যৱহাৰ কৰাৰ প্রমাণ আছে৷ সেই ৰাতি আমি ক্রুজৰ জাহাজতে কটালোঁ৷ সন্ধিয়া আমাৰ নৈশ আহাৰৰ পিছত জাহাজৰ তৃতীয় ডেকত, ইজিপ্তৰ সাংসৃক্তিক নৃত্যগান আদি প্রদর্শন চাবৰ বাবে গোটেইবোৰ যাত্রী নির্দিষ্ট আসনত বহিলোঁহি৷ ইজিপ্তৰ লোকনৃত্য, গান আৰু বেলীনৃত্যৰে Belly Dance প্রায় এঘণ্টামান দর্শকৰ মন জয় কৰিলে৷ আমি জাহাজৰ পৰা বস্তু–বাহানি লৈ পুৱাৰ জলপানৰ পিছত আহি লাক্সৰ বিমানবন্দৰ পালোঁহি৷ লাক্সৰৰ পৰা সৰু বিমান এখনেৰে আহি কাইৰো বিমানবন্দৰ পালোঁহি৷ কাইৰো বিমানবন্দৰৰ পৰা মুম্বাই বিমানবন্দৰ পাওঁতে ৰাতি ৰঙ্ম মান বাজিল৷ সেই সময়ত বিমুদ্রাকৰণৰ বাবে পাঁচশ আৰু এহাজাৰ টকাৰ নোটবোৰ আচল হৈ গৈছিল৷ টার্মিনেল সলনি কৰোঁতে আমাৰ ভাগ্য ভাল আছিল৷ টেক্সি ড্রাইভাৰে পাঁচশ টকীয়া নোটখন আগববাই দিওঁতে এবাৰো না কৰা নাছিল৷ সেই ৰাতি মুম্বাই এয়াৰপর্টৰ লাউঞ্জতে কটাই পিছদিনা ধলপুৱাতেই আমি বিমানেৰে ইজিপ্ত ভ্রমণৰ মিঠা অভিজ্ঞতা লৈ গুৱাহাটী পালোঁহি৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.