চানডুবি হ্রদ হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গুৱাহাটী চহৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু ৩৭নং ৰাষ্ট্রীয় ঘাহপথেৰে যাব পৰা এটা প্রাকৃতিক হ্রদ৷ অসম আৰু মেঘালয়েৰে আগুৰি থকা গাৰোপাহাৰৰ পাদদেশত অৱস্থিত এহ বিলখন৷ গভীৰ অৰণ্যৰে আবৃত এহ অঞ্চলটো এক প্রাকৃতিক দর্শন আৰু পিকনিকৰ স্থান৷ এহ হ্রদটোৱে শীতকালত পৰিভ্রমী চৰাহক আকর্ষণ কৰে৷ উৎপত্তি আৰু বিৱর্তন সম্পর্কত যথেষ্ট প্রবাদ আছে যদিও এটা কথাত প্রত্যেকেহ একমত যে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পৰ ফলত ঐতিহাসিক চানডুবি বিলৰ সৃষ্টি হয়৷ নাম উৎপত্তি সম্বন্ধে ভিন্ন মত, জনশ্রুতি অনুসৰি চানডুবি হাজাৰ–হাজাৰ বছৰ পূর্বে এখন জলাহ ভূমি আছিল৷
কিন্তু বিলখনৰ আজিৰ যি ৰূপ সেহ সময়ত হয়তো নাছিল৷ সেহ জলাহভূমি চানডুবি নে অন্য নাম আছিল সেয়া কব পৰা নাযায়৷ ১৮৯৭ চনৰ ১২ জুনত এক বৃহৎ ভূমিকম্পৰ ফলত এহ জলাহ ভূমিৰ তলিখন বহি যোৱাৰ লগে লগে হয়াৰ পৰিসৰ বৃদ্ধি হয়৷ ৮.৭ ৰিখটাৰ স্কেলৰ প্রাবল্যত সংঘটিত হোৱা এহ ভূমিকম্পটোত ওচৰ–পাঁজৰৰ পাঁচখন পাহাৰ বহি যোৱাৰ লগতে কালক্রমত হ পানীত ডুবি গৈছিল৷ এহ পাঁচখন পাহাৰ ডুবি যোৱাৰ ফলতেহ আজিৰ এহ অৱস্থালৈ ৰূপান্তৰিত হৈছে৷ হ দীঘলে প্রায় ৭ কিলোমিটাৰ, বহল গড হিচাপত প্রায় ১ কিলোমিটাৰ৷
অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত গাৰো পাহাৰৰ পাদস্থানত স্থিত চানডুবি বিল৷ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত অৱস্থিত গুৱাহাটী মহানগৰৰ পৰা প্রায় ৬৫ কিলোমিটাৰ দূৰত্বত বিৰাজমান প্রাকৃতিক সৌন্দর্যৰে চহকী চানডুবি পর্যটকৰ বাবে উপযুক্ত স্থলী৷
প্রবাদ অনুসৰি খাছিসকলে চানডুবি অঞ্চলত ডুবিৰ আশে–পাশে পাঁচটা স্থানত পাঁচটা দেৱ–দেৱীক পূজা কৰিছিল৷ খাছি ভাষাত পাঁচটা দেৱ–দেৱীক কোৱা হয় চান উব্লেহ৷ চান মানে পাঁচ, উব্লেহ মানে দেৱতা৷ সেহ দেৱ–দেৱীকেহটা আছিল কাৰলং–মহাদেৱ৷ বর্তমান যিখিনি ঠাহক কলং বুলি কোৱা হয়৷ সেই স্থানতে কাৰলং পূজা কৰিছিল৷ গতিকে ডুবিৰ পাৰত চান উব্লেহক অর্থাৎ পাঁচটা দেৱতাক পূজা কৰা হৈছিল, সেহ ডুবিটোৱে হল পাঁচটা দেৱতাৰ বিল অর্থাৎ চান উব্লেহ ডুবি৷ পিছলৈ ভৈয়ামৰ জনজাতি ৰাভা–কছাৰী লোকৰ মাজত উব্লেহ বাদ পৰি কেৱল চানডুবি হয়৷
আনহাতে ইংৰাজ আমোলৰ সময়ছোৱাত কোনোবা ইংৰাজ চাহাবে ভূমিকম্পত উৎপত্তি হোৱা বিলটো চাবলৈ আহি ডুব যোৱা দৃশ্য উপভোগ কৰি আপ্লুত হৈছিল৷ ইংৰাজ শব্দ চান বেলি ডুব যোৱা ঠাই বুলি অভিহিত কৰিছিল৷ ইংৰাজ চান আৰু অসমীয়া ডুব যোৱা শব্দৰ পৰাহ চানডুবি হব পাৰে বুলি বিভিন্নজনে মন্তব্য আগবঢ়ায়৷
চানডুবিৰ আশে–পাশে থকা পর্যটনস্থলী
চানডুবিৰ পৰা ৬ কিঃমিঃ নিলগত আছে হাতীগড়৷ ৯ কিলোমিটাৰ নিলগত আছে কুণ্ডিল মুখ৷ হফালে ১২ কিঃমিঃ নিলগত আছে বৰনিজৰা জলপ্রপাত৷ ৮ কিঃমিঃ নিলগত আছে ঝলকাট জলপ্রপাত৷ চানডুবিৰ পৰা আৰু ১২ কিঃমিঃ অতিক্রম কৰিলে পাব ৰামচন্দ্র আশ্রম আৰু ২৯ কিঃমিঃ নিলগত আছে কুলচী৷ চানডুবিৰ আশে–পাশে থকা কেহটামান নিজৰাৰ সৌন্দর্য আপুনি উপভোগ কৰিব পাৰিব৷ জুপাংবাৰী নিজৰা, বৰগৰং নিজৰা আৰু জৰংখুৰীয়া নিজৰাহ প্রধান৷ দক্ষিণ দিশত আছে কলীয়া নিজৰা, নীলিবাৰী নিজৰা আৰু নপ্রিং নিজৰা৷ অৱশ্যে স্থানীয় লোকৰ সান্নিধ্যতহে এহ নিজৰাসমূহৰ অনুপম ৰূপ উপভোগ কৰা উচিত৷ নীলিবাৰী আৰু নপ্রিং নিজৰা দুটিৰ উৎপত্তিস্থল হল চানডুবিৰ দক্ষিণ দিশত অৱস্থিত মায়ং পাহাৰ৷ পানীকাউৰী, বিবিধ পক্ষী, ভেঁটফুল, পানীমেটেকা হত্যাদিৰে ভৰি থকা বিলখন দেখি প্রতিজন পর্যটকৰ মন নষ্টালজিক হৈ উঠিব৷ চানডুবিৰ পৰা প্রায় ১২ কিলোমিটাৰ দূৰত্বত কোনো পাহাৰ শ্রেণীৰ লগত সংযোগ নোহোৱা চৌদিশে মনোৰম চাহ বাগিচাৰ মাজত এখন ওখ পাহাৰৰ গুৰি অঞ্চলত অৱস্থিত ৰামচন্দ্র আশ্রম৷ ৰামচন্দ্র আশ্রমক জমাগুৰি আশ্রম বুলিও কোৱা হয়৷ এহ আশ্রমৰ নামনিত শিলামূর্তি দেখা পোৱা যায়৷ চানডুবিৰ আশে–পাশে হাতীগড়, কুলচী হত্যাদি অনেক পর্যটনস্থলী আছে৷ চানডুবি হ্রদৰ ওচৰত এখন পর্যটন লজ আছে যত বুকিং কৰিব পাৰি৷ চানডুবি ইকো–কেম্প আন এক বিকল্প৷ তদুপৰি হ্রদেৰে আগুৰি থকা ধুনীয়া কটেজ আছে৷ পর্যটকসকলে গুৱাহাটীত থকাৰ ব্যৱস্থা কৰিব পাৰে৷ মনোমোহা চানডুবি হ্রদৰ সমীপত উদযাপন কৰা বার্ষিক সাংসৃক্তিক আডম্বৰপূর্ণ অনুষ্ঠান চানডুবি মহোৎসৱ৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীনত গাঁৱৰ ৰাহজে আয়োজন কৰা এহ সজীৱ অনুষ্ঠানটোৱে বিগত ১৪ বছৰে অঞ্চলটোৰ এক উল্লেখযোগ্য অংশ হিচাপে কাম কৰি আহিছে৷
থকা–খোৱাৰ সুব্যৱস্থা
বিভিন্ন হোমষ্টে আছে যিবোৰ স্থানীয় পৰিয়ালে চলাহ আছে৷ এই গাঁওসমূহৰ অধিকাংশতে অসমৰ অন্যতম প্রধান জনগোষ্ঠী ৰাভা সম্প্রদায়ৰ আধিপত্য আছে৷ গতিকে আপুনি থকাৰ সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি, খাদ্য, লগতে হস্তশিল্পও চাব পাৰিব৷
চানডুবি হ্রদ গুৱাহাটীৰ পৰা মাত্র ৬৫ কিলোমিটাৰ দূৰত্বত৷ বেছিভাগেই সাধাৰণতে নিজৰ বাহন ব্যৱহাৰ কৰে আৰু বিশাল গ্রাম্য অঞ্চল আৰু চাহ বাগিচাৰ মাজেৰে এক অনন্য সুন্দৰ যাত্রাৰ আমেজ লওক৷
পথ নির্দেশনা
গুৱাহাটী বিমানবন্দৰ–মির্জা– গডচুক–দীপৰ বিল–ৰাণী–বৰদুৱাৰ
সাধাৰণতে অক্টোবৰৰ পৰা ফেব্রুৱাৰী মাহৰ ভিতৰত মানুহে ভিৰ কৰেহি৷ বতৰ ঠাণ্ডা আৰু শুকান হয়, কিন্তু আন ঋতুবোৰতো খোলা থাকে৷ বছৰটোৰ বাৰ মাহে হয়ালৈ পর্যটনৰ আগমন ঘটে৷
Comments are closed, but trackbacks and pingbacks are open.