মঞ্জুলা বৰ্মন
কেনন বীচ্ছৰ প্ৰতি মোৰ এটা দুৰ্ব্বাৰ আকৰ্ষণ আছিল ৷ দুৰদৰ্শন যোগে দেখা তাৰ সৌন্দৰ্য্যই মোক ব্যাকুল কৰি তুলিছিল ৷ সেয়ে এইবাৰ আমেৰিকালৈ আহোতেই ঘৰৰ পৰাই ভাবি আহিছিলো কেনন বীচ্ছ চোৱাৰ কথা, যিহেতু আমাৰ সৰু ছোৱালী থকা পৰ্টলেণ্ডৰ পৰা বিছি দুৰ নহয় সেয়ে আমি যাম বুলি মনতে ঠিৰাং কৰিলো৷ ভাবিয়েই ভাল লাগিল তাহানিতে ভূগোলত পঢ়া প্ৰশান্ত মহাসাগৰ চ-চক্ষুৰে দেখিম জীৱনৰ এই বিয়লি বেলাত ৷
সেইদিনা আছিল চেপ্তেম্বৰ মাহৰ দহ তাৰিখ ৷ ২০২৪ চন ৷ পৰ্টলেণ্ডত সৰু ছোৱালীৰ ঘৰত অলপ সোনকালে দুপৰীয়াৰ আহাৰ কৰি কেনন বীচ্ছ যাবলৈ সাজু হ’লো ৷ দুইজনী ছোৱালী , নাতি আৰু আমি দুয়ো মিলি যাত্ৰা আৰম্ভ কৰিলো ৷ পৰ্টলেণ্ডৰ পৰা দুঘন্টাৰ বাট ৷ অৰেগন ৰাজ্যৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এখন সাগৰৰ দাতিকাষৰীয়া সৰু চহৰ কিন্তু যথেষ্ট ব্যয়বহুল৷ পৰ্টলেণ্ডৰ পৰা বাছ সেৱা আছে ৷ পুৱা আৰু আবেলি দুখনকৈ বাছ যায় ৷ আমি নিজা গাড়ীৰে যাবলৈ ওলালো ৷
গাড়ীৰে গৈ থাকোতে বাটতে আমি ভাৰতীয় দোকানৰ পৰা অলপ খোৱা বস্তু বজাৰ কৰি ল’লো ৷ যিহেতু আমি তিনিদিন থাকিম আমেৰিকাৰ খোৱা প্ৰতি সাজতে খাব নোৱাৰিম ৷ আমি থকা ঠাইৰ ওচৰত তেনে কোনো ভাৰতীয় খোৱাৰ দোকান নাই ৷ অন্ততঃ ৰাতিৰ খোৱাতো নিজে ৰান্ধি খাম বুলি ভাবিলো ৷ দিনটো ফুৰি চাকি থাকোতে বাহিৰতে খাম ৷ মেক্সিকান খাদ্য ওচৰতে পোৱা যায় আৰু ই সোৱাদভৰাও হয় ৷
আমাৰ ঘৰৰ পৰা যিহেতু দুঘণ্টাৰ বাট সেয়ে সোনকালেই পালোগৈ ৷ হোটেল যোৱাৰ আগতেই আমি ইক’লা ষ্টেট পাৰ্ক চাবলৈ গ’লো ৷ এই পাৰ্ক প্ৰশান্ত মহাসাগৰৰ পাৰত ৷ বিভিন্ন সৰু বৰ গছৰ অৰণ্য ৷ মই সদায় মন কৰি আহিছো যে আমেৰিকাৰ মানুহবোৰে খোজকাঢ়ি, পাহাৰ বগাই , মাছ ধৰি বৰ ভাল পায় ৷ অলপ বন্ধ পালেই পৰিয়াল লৈ আহি এইবোৰ উপভোগ কৰে ৷ ইকলা পাৰ্কত এইবোৰ সকলো সুবিধা আছে ৷ পাহাৰৰ ওপৰলৈ উঠিবলৈ ঠিক বাট আছে ৷ ঠায়ে ঠায়ে জিৰণি ল’বৰ বাবে কাঠৰ ডেক্স-বেঞ্চ আছে ৷ মানুহে এই পাৰ্কৰ ভিতৰত পিকনিক কৰিও যায়হি ৷হাবিত বনৰীয়া জীৱ-জন্তুও পোৱা যায় ৷ আমি তাত চৰি থকা হৰিণা আৰু উত্তৰ আমেৰিকাত পোৱা এল্ক (Elk) দেখিলো ৷ ই হৈছে হৰিণ প্ৰজাতিৰ দ্বিতীয় বৃহৎ প্ৰাণী৷ মানুহলৈ ভয় নকৰি চৰি ফুৰিছিল ৷ প্ৰশান্ত মহাসাগৰৰ সৌন্দৰ্য্য উপভোগ কৰি তাৰ বেঞ্চত বহি ভাৰতীয় দোকানৰ পৰা কিনি নিয়া চিংৰা আৰু মিঠাইৰে আবেলিৰ জলপান কৰিলো ৷ প্ৰাকৃতিক পৰিবেশৰ মাজত খোৱাৰ সোৱাদেই বেলেগ ৷ ওপৰৰ পৰা মহাসাগৰৰ ৰূপ বৰ্ণনা কৰাৰ ভাষা নাই মোৰ৷ কি যে অপৰূপ ! তাত অলপ সময় কটাই হোটেললৈ আহিলো ৷ তেতিয়া সন্ধিয়া নামিছিল ৷
পিছদিনা পুৱা উঠি বেলকনিলৈ ওলাই আহি নয়নাভিৰাম দৃশ্য দেখি আপ্লুত হৈ পৰিলো ৷ সাগৰত সুৰ্য্যোাদয় , পাৰত আৰু পানীত আছে জাকপাতি গঙ্গাচিলনী(sea gull) ৷ আমাৰ ৰুমৰ পৰা মাথো ৫০ মিটাৰ মান আতৰত৷ একেবাৰে প্ৰশান্ত মহাসাগৰৰ কাষতেই আমাৰ হোটেল ৷ বাহিৰত ফেৰফেৰিয়া বতাহ ৷ যথেষ্ট ঠাণ্ডা ৷ জেকেট এটা পিন্ধি তলৰ ঘাহঁনিলৈ নামি গ’লো ৷ হোটেলৰ সীমা শিলেৰে বান্ধি ৰাখিছে ৷ কাষতে থকা এখন বেঞ্চত বহিলো ৷ ঘাহঁনিত চৰি ফুৰিছে মটিয়া আৰু ক’লা ৰঙৰ শহাপহু কেইটামান ৷ একেবাৰে আপোনমনে ৷ কাষৰ হাবিৰ পৰা ওলাই আহে , মানুহক বিশ্বাসত ল’ব পৰা হৈ গৈছে ৷ বহুত সময় সাগৰ আৰু এই জীৱবোৰ চাই কটালো ৷
ৰুমলৈ ঘুৰি আহি গা ধুই পুৱাৰ জলপান খাই বীচ্ছলৈ ওলাই যাম ৷ ইয়াৰ বীচ্ছ বহুত দীঘল ৷ প্ৰায় ৭২ কিলোমিটাৰ ৷ জুন মাহৰ পৰা আগষ্ট মাহলৈকে এই বীচ্ছ ভ্ৰমনৰ উত্তম সময় , কিন্তু আন সময়ত গ’লেহে তাত চাই ৰঙৰ তিমি মাছ( Grey Whale) দেখিবলৈ পোৱা যায় ৷ তাৰ তিমি আকাৰত বহুত ডাঙৰ হয় ৷ আন সাগৰীয় প্ৰাণীও বহুত পোৱা যায় ৷ আমিও দেখিলো বহুত ৷
হোটেলৰ পিছফালেই সুন্দৰ বীচ্ছ ৷ গাড়ীৰ প্ৰয়োজন নাই ৷ খোজকাঢ়ি ওলাই গ’লো ৷ এই বীচ্ছৰ বৈশিষ্ট্য হৈছে যে ইয়াত ডাঙৰ ডাঙৰ শিল গম্বুজ আকৃতিত সাগৰৰ মাজত ঠিয় হৈ আছে ৷ সেই শিল থকা ঠাইবোৰত সোতঁৰ জোৰ কম ,কিয়নো শিলে গতিৰোধকৰ কাম কৰে ৷ আনফালে উত্তাল মহাসাগৰ ৷ এটা ভাবিব নোৱাৰা অনুভূতি ৷ সাগৰৰ পানীলৈ নামি গ’লো ৷ হিম শীতল পানী ৷ ভৰি বিষাই যায় ৷ তথাপি ক্ষান্ত নাথাকি পানী খেলাত লাগিলো ৷ লাহে লাহে নামি গৈ শিলৰ ওচৰ পালোগৈ ৷তাত একাঠু পানী, কিন্তু অতি স্বচ্ছ ৷ তলিলৈ ভালকৈ দেখি ৷ চাই যেন মই নিজৰ চকুকেই বিশ্বাস নকৰিম ৷ জীৱন্ত অৱস্থাত দেখিলো সাগৰীয় প্ৰাণী ষ্টাৰ ফিচ, কেকোৰা ,এনাম’ন, মাচেল, চিল্ড লিম্পেট, জেলীফিচ ইত্যাদি ৷ তাৰোপৰি বিভিন্ন চৰাই চি গাল, ৱেষ্টাৰ্ণ গাল, চেন্দআৰ্লিঙ, ইউৰোপীয়ান হেৰিং গাল, হাৰলিকুইন ডাক আদি বিভিন্ন চৰাইৰ জল কেলি ৷( এই প্ৰাণীবোৰৰ অসমীয়া নাম নথকা বাবে ইংৰাজী নামবোৰকে দিব লগাত পৰিলো) কি যে অপূৰ্ব দৃশ্য ৷ বৰফ শীতল পানীক নেওচি নামি পৰিলো মহাসাগৰৰ পানীত ৷ ফটো তোলাৰ হাবিয়াসে কাৰো বাধাক মানিব নোখোজে ৷ ভৰিকেইখন গধুৰ গধুৰ লাগি আহিছিল ৷ তথাপিও ভ্ৰূক্ষেপ নাই ৷ ফটো তোলাত লাগিলো ৷ শিলৰ তলত বা মুক্ত ভাৱে বিচৰণ কৰি আছে সাগৰীয় প্ৰাণীবোৰ ৷ হাঁহ জাতীয় চৰাই কেইটাৰ ফটো তোলাত যথেষ্ট কষ্ট কৰিব লগা হৈছিল কিয়নো অতি সঘনাই মুৰটো পানীৰ তলত সুমুৱাই দিয়ে ৷ যিমান ঠাণ্ডা লাগে লাগক মই হাৰ নামানিলো ৷ শেষত মই কৃতকাৰ্য্য হ’লো ৷ মনটো আনন্দত ভৰি উঠিল ৷ মই কোনো ভাল ফটোগ্ৰাাফাৰ নহয় তথাপিও এই প্ৰাণীবোৰৰ ফটো ল’ব পাৰি উৎফুল্লিত হৈ পৰিলো ৷ পানীৰ পৰা উঠি আহি পাৰৰ বালিত বহি গাত অলপ ৰ’দ লগালো ৷ বালিত পৰি আছে ৰং বিৰঙৰ শামুকৰ খোলাবোৰ ৷ অলপ গুণ গুণালো ভূপেন হাজৰিকা দেৱৰ “ সাগৰ তীৰঁত পৰি ৰ’লো আমি শামুকৰ খোলা হৈ” সেই কালজয়ী গীতটো ৷ লাহে লাহে মুৰতো অলপ বিষাই আহিছিল ৷ গালি খোৱাৰ ভয়ত কাকো একো ন’কলো ৷ তাৰ পৰা আমি পাৰৰ পকী ৰাস্তাৰে বীচ্ছৰ আন এটা মুৰলৈ গাড়ীৰে গ’লো ৷ মই আগতেই উল্লেখ কৰিছিলো এই বীচ্ছ বহুত দীঘল ৷ আমি যোৱা অংশটো পাহাৰীয়া ৷ শিলৰ পাহাৰবোৰত বহুত গুহা আছে ৷ এই পাহাৰৰ ওচৰত অলপমানহে মুকলি বালি আছে ৷ তালৈ নামি গৈ গুহাবোৰত অলপ দুৰলৈ সোমাই গ’লো ৷ মোবাইলৰ লাইটৰ পোহৰত শিলৰ গাঠনি বোৰ স্পষ্টকৈ দেখিলো ৷ বহুত ভিতৰলৈ সোমাই যাবলৈ ভয় লাগিল জানোচা কিবা জন্তু বা সাপ সোমাই থাকে ৷ শিলৰ গুহাৰ ভিতৰখন যথেষ্ট ঠাণ্ডা ৷ নিজৰে বহুত এডভেন্সাৰ কৰা যেন লাগিল ৷ পানীত নমাৰো ইচ্ছা ন’হল ৷ তাৰ পৰা হোটেললৈ উভতি আহিলো ৷ তেতিয়ালৈ সন্ধ্যা নামিছিল ৷ বেলকনিৰ পৰা দেখা মহাসাগৰ আৰু জোনৰ মিলনৰ দৃশ্যই কোনোবা সপোনপুৰীলৈ লৈ গ’ল ৷ লাহে লাহে মোৰ ঠাণ্ডা লাগি আহিছিল অলপ জ্বৰ আহিল ৷ সেই কথা স্বামীক ন’কলো কিয়নো তেওঁ মোক বৰফৰ পানীত নামিবলৈ বাধা দিছিল ৷ ভাত খাই এটা পেৰাচিটেমল পিল খাই শুই দিলো ৷ পুৱা শুই উঠি দেখিলো যে মোৰ আগদিনা ৰাতিৰ জ্বৰ বা দুখ ভাগৰ একো নাই ৷ নতুন উদ্যমেৰে সেইদিনাৰ যাত্ৰাৰ বাবে সাজু হ’লো ৷
এইবাৰ ওলাতো এষ্টৰিয়া নামৰ এখন সৰু টাউনলৈ ৷ কেনন বীচ্ছৰ পৰা গাড়ীৰে সময় লয় ৪০ মিনিট ৷ পথত গৈ থাকোতে প্ৰশান্ত মহাসাগৰৰ পাৰে পাৰে গৈ থাকিলো ৷ পথৰ পৰা নামিব পৰা ব্যৱস্থাও আছে ৷ সেইখিনিও কেনন বিচ্ছৰে এটা অংশ। আমি নানামিলো ৷ আমাৰ উদ্দেশ্য আছিল অৰেগানৰ পৰা বৈ অহা বৃহৎ নদী কলম্বিয়া যি ঠাইত প্ৰশান্ত মহাসাগৰত মিলিছেহি সেই ঠাই চোৱাৰ ৷ ঠিক সময়তেই এষ্টৰিয়া পালোগৈ ৷ কলম্বিয়া নদীৰ পাৰৰ এখন সৰু ধুনীয়া চহৰ ৷ জনসংখ্যা ২০২৩ চনৰ পিয়ল মতে ৯৯৮৬ মাত্ৰ ৷ আমেৰিকাৰ আন চহৰৰ তুলনাত এই চহৰত জীৱন নিৰ্ব্বাহৰ খৰচ বহুত কম কিন্তু সকলো অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ৷ আনকি চিকিৎসাৰ ব্যয়ো বহুত কম ৷ পুৰণি ঐতিহাসিক চহৰ আৰু বৃহৎ দ্বীপীয় চহৰ বুলি বিখ্যাত ৷ কাঠৰ সামগ্ৰী, জল পৰিবহন আৰু মাছৰ প্ৰচেচিং ফেক্টৰীয়েই ইয়াৰ মূল ব্যৱসায় ৷
আমি কলম্বিয়া নদীৰ পাৰতে থকা এখন কেফেত সোমাই একোকাপকৈ কফি আৰু তাৰ বিখ্যাত ব্ৰাউনিৰ সোৱাদ ল’লো ৷ নদীৰ পাৰে পাৰে খোজ কাঢ়িবৰ সুবিধাৰ বাবে কাঠৰ দলং সাজি ৰাখিছে ৷ সেই দলঙৰ ওপৰেৰে আমি বহুদুৰ আগুৱাই গ’লো ৷ নদীৰ বুকুত ৰৈ থকা বহুতো সৰু বৰ জাহাজেৰে ঠাইখনৰ সৌন্দৰ্য্যত যেন সোণত সুৱগা চৰাইছে ৷ এনেদৰে খোজকাঢ়ি গৈ থাকোতে হঠাতে এটা গৰ্জন শুনি থমকি ৰ’লো ৷ আমাৰ পৰা নতি দুৰতে যেন কিবা এটা আছে ৷ ছোৱালীয়ে ক’লে সেইটো হেনো সমুদ্ৰ সিংহ (Sea lion) ৰ মাত ৷ এইখিনিতে উল্লেখ কৰো যে মোৰ ছোৱালী পৰিৱেশ বিজ্ঞানী আৰু এটা আইনী সংস্থাৰ ডেপুটি ডিৰেক্টৰ ৷ তাই জীৱ জন্তুৰ ওপৰতে কাম কৰি আছে ৷ সেইখিনি সময়ত তাই কুকুৰনেছীয়া বাঘ ( Wolf) ৰ ওপৰত কাম কৰি আছিল ৷ সেয়ে তাই জীৱজন্তুৰ আচৰণৰ লগত পৰিচিত ৷ জুমি জুমি চোৱাত লাগিলো ৷ বহুত দেৰীৰ পিচতহে তাক আৱিষ্কাৰ কৰিলো পানীৰ পৰা উঠিবলৈ চেষ্টা কৰা অৱস্থাত ৷ লৰালৰিকৈ এখন ফটো তুলিলো ৷ তাৰ পৰা আহি আমি কলম্বিয়া নদী য’ত প্ৰশান্ত মহাসাগৰত মিলিছে সেই ঠাই পালোগৈ ৷ সেই ঠাইতে আছে মেগলাৰ (Megler) নামৰ দলংখন ৷ এই দলং ২৩ কিলোমিটাৰ দীঘল ৷ সেই ঠাইৰ সুন্দৰতা প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই ৷ নয়নাভিৰাম দৃশ্য মাথো উপভোগ কৰিলো ৷ সেই দলঙেৰে এফালে মহাসাগৰ আৰু আনফালে নদীৰ বুকুৱেদি পাৰ হৈ যাওঁতে এনে ভাৱ হ’ল যেন ভগৱানে হিয়া উজাৰি সৌন্দৰ্য্য বিলাইছে এই চহৰবোৰত ৷ নদীখনৰ এটা পাৰে অৰেগন আৰু আনটো পাৰে ৱাচিংটন ৷ আমিও গৈ নামিলোগৈ ৱাচিংটন চহৰত ৷
ফোন : ৯৪৩৫৪-০৮৬৬৪
Comments are closed, but trackbacks and pingbacks are open.