মনোজ কুমাৰ শ্রুতিকৰ
ভ্রমণ কাহিনীৰ শীর্ষক দেখি আপোনালোকে নিশ্চয় ভাবিছে যে এইখন দেশ চাগৈ কেংগেৰুৰে ভৰা৷ আচলতে তেনে নহয়৷ পৃথিৱীৰ ভিতৰত কেংগেৰু থকা একমাত্র দেশ হল অষ্ট্রেলিয়া৷ সৰু পুত্র অষ্ট্রেলিয়াৰ ছিডনী চহৰত চাকৰি সূত্রে থকাৰ বাবে আমি ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহত তালৈ যাবৰ বাবে যো–জা কৰিলোঁ৷ বিমানৰ অহা–যোৱা টিকট আৰু ভিছা হৈ যোৱাৰ পিছত আমি কলকাতাৰ পৰা ছিংগাপুৰ এয়াৰলাইনছৰ বিমানেৰে গৈ চাৰি ঘণ্টাৰ মূৰত ছিংগাপুৰৰ চাংগী এয়াৰপর্ট পালোঁগৈ৷ তাৰ পৰা তিনি ঘণ্টাৰ বিৰতিৰ পিছতহে ছিডনীলৈ বিমান যাব৷ ছিংগাপুৰ এয়াৰপর্টৰ টার্মিনেল মুঠ তিনিটা আৰু প্রত্যেকটোৱেই প্রায় আধা কিলোমিটাৰ দীঘল৷ ইটো টার্মিনেলৰ পৰা সিটোলৈ যাবৰ বাবে স্কাই ড্রেইন আছে আৰু টার্মিনেলৰ ভিতৰত খোজ কািি যাবৰ বাবে ফ্লেট এক্সেলেটৰবোৰ আছে৷ আমি এয়াৰপর্ট টার্মিনেলতে থকা হেলপডেস্ক্ৰ পৰা ফ্রী ৱাই–ফাইৰ সুবিধা লৈ ঘৰৰ সকলোলৈকে বার্তা পঠিয়ালোঁ৷ ছিংগাপুৰ এয়াৰলাইনেৰে যাত্রা কৰিলে প্রত্যেকজন যাত্রীক ৪০ ডলাৰকৈ ফ্রী কুপন দিয়ে, তাৰে আপুনি ডিউটী ফ্রী দোকানবোৰৰ পৰা বস্তু কিনিব পাৰে৷ ছিংগাপুৰৰ পৰা ছিডনীলৈ প্রায় ৭ ঘণ্টাৰ বাট৷ আমি টার্মিনেল একৰ পৰা তিনিলৈ গলোঁ, কাৰণ আমাৰ বিমান তাৰ পৰাহে যাব৷ ছিংগাপুৰ এয়াৰপর্ট, বিশ্বৰ ভিতৰতে এটা খুব ব্যস্ত আৰু সুন্দৰ এয়াৰপর্ট ৰূপে কেইবাবাৰো পৰিগণিত হৈছে৷ আমি টার্মিনেল তিনিৰ পৰা ছিডনীমুখী বিমানত উঠিলোঁ আৰু বিমানতে পুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ সমাপ্ত কৰাৰ পিছত আবেলি ছিডনী এয়াৰপর্টত অৱতৰণ কৰিলোঁ৷ প্রথমেই ইমিগ্রেচন কাউণ্টাৰত গৈ পাছপর্টত মোহৰ লগালোঁ আৰু নির্দিষ্ট লাগেজ বেচটৰ পৰা, বয়–বস্তুবোৰ সংগ্রহ কৰি এখন ফর্ম সংগ্রহ কৰিলোঁ৷ সেই ফর্মখনত লগত অনা সকলো বস্তুৰখতিয়ান দিব লাগে৷ বিশেষকৈ মাদক দ্রব্য, ফলমূল বা ফলমূলৰ গুটি আদি সমূলঞ্চে বর্জিত৷ তেওঁলোকে তাত বর্ডাৰ পুলিচৰ কাউণ্টাৰৰ যোগেদি বয়–বস্তুবোৰ স্কেনিং কৰাৰ উপৰি স্নিফাৰ ডগ্ ব্যৱহাৰ কৰে৷ সকলো আনুষ্ঠনিকতা পাৰ কৰি আমি এয়াৰপর্টৰ পৰা বাহিৰত আহি পুত্র–বোৱাৰীৰ লগত সংযোগ স্থাপন কৰিলোঁ৷
ফেব্রুৱাৰী মাহত আমাৰ দেশত শীতকাল, গতিকে আমি ছুৱেটাৰ, জেকেট আদি পিন্ধি গৈছিলোঁ৷ কিন্তু অষ্ট্রেলিয়া যিহেতু দক্ষিণ গোলার্ধত, তাত তেতিয়া গ্রীষ্মকাল আৰু গৰম৷ গতিকে আমি লগত নিয়া ছুৱেটাৰ আদি খুলি সুমুৱাই থলোঁ, আৰু উলিয়াবৰ প্রয়োজন নহল৷
আমি প্রায় ৩০ কিলোমিটাৰ দূৰৰ নর্থ পেৰামেটাত থকা লৰা–বোৱাৰীহঁতৰ ঘৰলৈ বুলি যাত্রা কৰিলোঁ৷ সিহঁত থকা এপার্টমেণ্টত মুঠ ৬ ঘৰ মানুহ৷ ঘৰৰ সন্মুখত প্রত্যেকৰে গাডী পার্ক কৰা ঠাই, লেটাৰ বক্স আৰু ডাষ্টবিন আছে৷ জেট লেগৰ বাবে আমি দুদিনমানৰ জিৰণি ললোঁ আৰু তাৰ জলবায়ুৰ লগত খাপ খাব পৰাকৈ শৰীৰটো ঠিক কৰি ললোঁ৷
আমাৰ লৰাৰ শনিবাৰ আৰু দেওবাৰে অফিচ বন্ধ থাকে বাবে দূৰণিৰ যাত্রাবোৰ সেই দুই দিনত কৰাৰ সিদ্ধান্ত ললোঁ আৰু বাকীকেইদিনত আমি বোৱাৰীৰ লগত ছিডনী চহৰৰ ভিতৰৰ চাবলগীয়া বস্তুবোৰ চাবৰকাৰণে ঠিক কৰিলোঁ৷ দূৰৰ চাবলগীয়া ঠাইবোৰ প্রায় ২৫০ৰ পৰা ৩০০ কিঃমিঃ৷ ৰাস্তা–পদূলি যিহেতু খুউব ভাল আৰু গাডীৰ গতিবেগ ৮০ৰ পৰা ১১০ কিঃমিঃ মানলৈ নিয়ন্ত্রিত, গতিকে দূৰৰ ঠাই হলেও বৰ বেছি তিনি ঘণ্টামানৰ ভিতৰতে পাব পাৰি৷ মই মোৰ ভ্রমণ কাহিনীত চোৱা ঠাইবোৰৰ সৰু বিৱৰণহে দিম আৰু অষ্ট্রেলিয়াৰ ইতিহাস, ভূগোল আৰু সামাজিক কথাবোৰৰ ওপৰত বেছি গুৰুত্ব দিম৷ গতিকে পাঠক–পাঠিকাসকলে সকলো দায় দোষ নিজ গুণে ক্ষমা কৰিব বুলি আশা কৰিছেছা৷ অষ্ট্রেলিয়া মহাদেশখন দক্ষিণ গোলার্ধৰ ১০ ডিগ্রী আৰু ৪০ ডিগ্রী অক্ষাংশ, ১১৫ ডিগ্রী আৰু ১৫২ ডিগ্রী দ্রাঘিমাংশৰ ভিতৰত৷ উত্তৰে পাপুৱা নিউগিনি, দক্ষিণে ভাৰত মহাসাগৰ, পূবে প্রশান্ত মহাসাগৰ আৰু পষ্চিমত ভাৰত মহাসাগৰেৰে পৰিৱেষ্টিত, এই দেশখনৰ জনসংখ্যা ২ কোটি ৫০ লাখ আৰু মাটিকালি ভাৰতবর্ষৰ তিনিগুণ৷ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৯৫২ চনৰ পৰা ২০১৬ চনলৈ শতকৰা ৩ ভাগৰ পৰা ১.৫ ভাগলৈ হ্রাস পাইছে৷ জনসংখ্যাৰ শতকৰা ২.৫ ভাগমানুহ আদিম জনজাতিৰ৷ ইউৰোপীয় মূলৰ মানুহখিনিৰ বাদে বাকীবোৰ চীন দেশ, লেবানন, ভাৰত, লাওচ, ভিয়েটনাম, কম্বোডিয়া আদিৰ লোক৷
চীন দেশৰ লোকসকলক আনিছিল খনিত কাম কৰিবৰ বাবে আৰু অন্যান্য কাৰিকৰী কামত নিয়োগ কৰিবৰ বাবে৷ সেই সময়ত হংকং আৰু ছিংগাপুৰত চীনা বধুৱা মজদুৰবোৰৰ এখন ডাঙৰ বজাৰ আছিল৷ ব্রিটিছৰ দিনত তেনে চীনা লোক আমাৰ অসমলৈও ইংৰাজসকলে আনিছিল৷ ৰীতা চৌধুৰীৰ মাকাম নামৰ গ্রন্থত ছিংগাপুৰত বধুৱা মজদুৰসকলৰ কিনা–বেচাৰ কথা উল্লেখ আছে৷ চীনা মজদুৰবোৰৰ কিনা–বেচা হৈছিল সেই বজাৰত৷ অষ্ট্রেলিয়ালৈ তাৰ পিছত বহুবাৰ চীনাসকলৰ প্রব্রজন ঘটিছিল, আন আন কাৰণত৷
ভাৰতীয়মূলৰ লোক ব্রিটিছ চৰকাৰৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা কয়দী হিচাবে ১৮০০-১৮১৬ চনৰ ভিতৰত অষ্ট্রেলিয়ালৈ আহে৷ দ্বিতীয় মহাসমৰৰ সময়ত অষ্ট্রেলিয়াত ভাৰতীয়মূলৰ লোক মাত্র ৬০০০-৭০০০ মানহে আছিল৷ দ্বিতীয় মহাসমৰৰ পিছত বুজনসংখ্যক এংলো–ইণ্ডিয়ান ইয়ালৈ আহে৷ ১৯৬৬ চনৰ পিছতহে ভাৰতীয়মূলৰ লোক ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু শিক্ষক হিচাপে ইয়ালৈ আহে৷ ২০১১-১২ চনৰ পিয়লৰ মতে প্রায় ৪ লাখ ৩০ হাজাৰ ভাৰতীয়মূলৰ লোক অষ্ট্রেলিয়াত আছে৷ কিন্তু লেবাননৰ দৰে সৰু দেশ এখনৰ পৰা ১৮শ শতিকাৰ আগৰ পৰাই তালৈ শৰণার্থীৰ সোঁত বৈছে৷ কিন্তু শৰণার্থী হিচাপে লাওচ, কম্বোডিয়া আৰু ভিয়েটনামৰ পৰাও বুজনসংখ্যক জনসংখ্যা আজি অষ্ট্রেলিয়াৰ নাগৰিক৷ এয়া হল, অষ্ট্রেলিয়াৰ জনসংখ্যাৰ এক সৰু সমীক্ষা৷
আমাৰ অসমত যেতিয়া স্বর্গদেউ চুচেংফা বা প্রতাপ সিংহই ১৬০৩ চনৰ পৰা ১৬৪১ চনলৈ ৰাজত্ব কৰিছিল, সেই সময়ত ১৬০৬ চনতDutch East India Companyৰ ওলন্দাজ নাবিক নেদাৰলেণ্ডৰ ৱিলেম জানচজুনে ৱাটাডিয়া নামৰ জাহাজত আহি অষ্ট্রেলিয়া আৱিষ্কাৰ কৰে৷ ১৬৪২ চনত আবেল জানচজুন টাচমেন নামৰ নাবিকজনেও অষ্ট্রেলিয়াৰ উপকূলত উপনীত হয়৷ এই টাচমেনৰ নামেৰেই অষ্ট্রেলিয়াৰ দক্ষিণত থকা টাচমেনিয়া দ্বীপৰ নামকৰণ কৰা হয়৷ টাচমেনিয়া অষ্ট্রেলিয়া মহাদেশৰে এখন ৰাজ্য৷ ১৭০৭ চনত ব্রিটেইনৰ নাবিক কেপ্ঢেইন জেমছ কুকে অষ্ট্রেলিয়াৰ দক্ষিণ–পূব উপকূলত উপনীত হয় আৰু সাগৰীয় পথসমূহৰ মানচিত্র তৈয়াৰ কৰে৷ জেমছ কুকে নিউজিলেণ্ড আৰু দক্ষিণ মেৰু আৱিষ্কাৰ কৰে৷ সেই নক্সাৰ সহায়েৰে কেপ্ঢেইন আর্থাৰ ফিলিপছৰ নেতৃত্বত ১১খন জাহাজত প্রায় ১৫০০ মান কয়দী লৈ অষ্ট্রেলিয়াৰ বর্তমানৰNSW (New South Wales) প্রদেশৰ পর্ট জেকচনত ২৬ জানুৱাৰী ১৭৮৮ চনত উপনীত হয়৷ ১৭৯০ চনত আৰু কিছুমান জাহাজত কিছুসংখ্যক কয়দী আহিল৷ ১৭৮৮ চনৰ পৰা ১৮২৩ চনৰ ভিতৰত প্রথমেই নিউ ছাউথ ৱেলছ নামৰ কলনীখন প্রতিষ্ঠা কৰে৷ ১৮২৩ চনতNSW Act পাছ হয়, ইয়েই অষ্ট্রেলিয়াৰ চৰকাৰ প্রতিষ্ঠাৰ প্রথম পদক্ষেপ আছিল৷ প্রথমতে তাৰ আদিবাসীসকলৰ লগত বেহা–বেপাৰৰ যোগে ভাল সম্বন্ধ আছিল, কিন্তু পিছলৈ সেই সম্বন্ধত আউল লাগিল৷ আদিবাসীসকলে বুজি উঠিল যে তেওঁলোকৰ মাটি–বাৰীবোৰ লাহে লাহে কলনীৰ লোকসকলে অধিকাৰ কৰিবলৈ লৈছে৷ তেতিয়াই আদিবাসীসকলৰ লগত কলনীৰ মানুহবোৰৰ বহুতবাৰ সংঘাত আৰু সংঘর্ষ হল আৰু পিছলৈ সন্ধিৰ দ্বাৰা মিত্রতা স্থাপন কৰিলে৷ ১৮৩৫ চনমানৰ পৰাহে ব্যক্তিগত মাটি–বাৰী বেচা–কিনা আৰম্ভ হল৷ এনেদৰেই নিউ ছাউথ ৱেলছৰ জেকচন পর্টৰ আশে–পাশে থকা অঞ্চল সামৰি অষ্ট্রেলিয়াৰ প্রথমখন চহৰ ছিডনী গিি উঠে৷
নিউ ছাউথ ৱেলছৰ দৰে আন আন বসতিৰ উপযোগী ঠাইসমূহত কলনী প্রতিষ্ঠা হবলৈ ধৰিলে৷ এনেদৰে ১৮২৯ চনত পশ্চিম অষ্ট্রেলিয়া, ১৮৪২ চনত দক্ষিণ অষ্ট্রেলিয়া, ১৮৫১ চনত ভিক্টোৰিয়া, ১৮৫৯ চনত কুইন্সলেণ্ড, ১৮৫৬ চনত টাচমেনিয়া আৰু ১৯১১ চনত নর্ডান টেৰিটৰী প্রতিষ্ঠা হয়৷ ১৮১০ চনত মেথিউ ফ্লিণ্ডাৰৰ প্রস্তাৱ আৰু ৰাজ্যপাল মেকুৱাৰীৰ সমর্থনত ১৮৯৯ চনৰ পৰা গোটেই অঞ্চলটো অষ্ট্রেলিয়া নামেৰে জনাজাত হয়৷ ১৯০৯ চনতNSWৰ এটা অংশ কাটি নি ACT বাAustralian Capital Territory গঠন কৰি কেনবেৰাত ৰাজধানী স্থাপন কৰা হয়৷ ২৬ জানুৱাৰীত ছাৰ আর্থাৰ ফিলিপচ্ৰ নেতৃত্বত যোৱা দলটোৱে অষ্ট্রেলিয়াত উপনীত হোৱা দিনটোৰ স্মৰণত এই দিনটোকে প্রতিষ্ঠা দিৱস হিচাপে পালন কৰে৷ এই দিনটো অষ্ট্রেলিয়াৰ ৰাষ্ট্রীয় বন্ধৰ দিন আৰু লোকসকলে ইয়াক জাকজমকতাৰে উদ্যাপন কৰে৷ অষ্ট্রেলিয়াৰ আদিবাসীসকলক চৰকাৰে ১৯৬৭ চনলৈকে নাগৰিকত্ব প্রদান কৰা নাছিল বাবে তেওঁলোকে এই দিনটো শোক দিৱস হিচাপেহে পালন কৰিছিল৷ ১৯০১ চনৰ পৰা অষ্ট্রেলিয়া এখন ফেডাৰেল যুক্তৰাষ্ট্রত পৰিণত হল৷ এয়াই হল চমুকৈ অষ্ট্রেলিয়া মহাদেশৰ জন্মৰ কাহিনী৷
আমাৰ দেশত যেনেকৈ গোটেই বছৰটোত একেই সময়মান ব্যৱহাৰ কৰোঁ, অষ্ট্রেলিয়াত কিন্তু সময়মান বছৰত দুবাৰ সলনি হয়৷ গ্রীষ্মকালত দিন দীঘল আৰু শীতকালত চুটি, সেই কাৰণে তেওঁলোকে দিনৰ পোহৰখিনিৰ সদ্ব্যৱহাৰৰ বাবে গ্রীষ্মকালত সময় পিছুৱাই দিয়ে আৰু শীতকালত সময় আগুৱাই দিয়ে৷ অক্টোবৰ মাহৰ প্রথম দেওবাৰে ঘডীৰ কাঁটা এঘণ্টা আগুৱাই আৰু পৰৱর্তী এপ্রিল মাহৰ প্রথম দেওবাৰৰ পৰা এঘণ্টা পিছুৱাই দিয়ে৷ চৰকাৰে এই বিষয়ত আইন প্রণয়ন কৰি’Day light Savings’ৰে দেশত সময়সূচী নির্ধাৰণ কৰিছে৷ অষ্ট্রেলিয়াৰ বাট–পথবোৰৰ কথা নিলিখিলে, মোৰ লেখাটো আধৰুৱা হৈ ৰব যেন লাগিব৷ বাট–পথবোৰ কেইবাটাও ভাগত বিভক্ত৷ প্রথমেইNational Highway৷ এনে Highwayবোৰ Pacific Highway, Princess Highway, Hume Freeway ইত্যাদি আৰু এইবোৰ ৬ লেনযুক্ত৷ ইয়াত গতিবেগ ১১০ কিঃমিঃ৷ ইয়াতকৈ বেছি গতিৰে চলালেও জৰিমনা আৰু কম গতিৰে চলালেও জৰিমনা৷ এইবোৰ নিয়ন্ত্রণ কৰিবৰ বাবে প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ মন কৰিবলগীয়া৷ কাৰণ অষ্ট্রেলিয়াত আমাৰ ভাৰতৰ দৰে জনসংখ্যা বিস্ফোৰিত দেশ নহয়৷ যান–বাহনৰ নিয়ন্ত্রণত মানুহৰ ব্যৱহাৰ খুউব নগণ্য৷
তাৰ পিছত Motorway আৰুState Route৷ এইবোৰ ৪ লেনযুক্ত৷Met Roadবোৰ সাধাৰণতে গ্রাম্য অঞ্চলৰ আৰুTourist Drive Roadবোৰ পর্যটনথলীলৈ যোৱা পথ৷Motorwayবোৰে ডাঙৰ চহৰৰ পৰা ইয়াৰ পার্শ্বৱর্তী সৰু চহৰবোৰ সংযোগ কৰে৷ পথবোৰৰ প্রায় ২০০ মিটাৰৰ আঁতৰে আঁতৰে গতিবেগৰ ছাইনবর্ড থাকে৷ বাটত যদি কিবা দুর্ঘটনা বা পথ মেৰামতিৰ কাম চলি থাকে, তাক ১০১৫ কিলোমিটাৰ আগৰ পৰাইDigital Boardৰ যোগে জাননী দিয়ে৷ গাডীৰ পঞ্জীয়ন নম্বৰৰ লগত বেংক একাউণ্ট লিংক হৈ থাকে৷ গতিকেHighwayত প্রৱেশ কৰিলেই বেংক একাউণ্টৰ পৰাToll Taxটো কাট খাই যায়৷ আমাৰ ইয়াৰ টোলগেটসমূহত গাডীবোৰে লাইন কৰি টোল টেক্স দিয়াৰ দৰে বিৰক্তিকৰ পদ্ধতি নাই৷ এই প্রবন্ধটোৰ শেষত দুটা সৰু কথা উল্লেখ নকৰি নোৱাৰিলোঁ৷ প্রথমটো হল, ছিডনী চহৰত বাট–পথ পাৰ হোৱাৰ নিয়ম আৰু দ্বিতীয়তে বাছ আৰু ৰেলৰ যাত্রাৰ নিয়ম–কানুন আৰু পদ্ধতি৷ চহৰখনৰ প্রত্যেকটো চাৰিআলি বা তিনিআলিত ড্রেফিক লাইট থাকে৷ পথচাৰীয়ে ৰাস্তা পাৰ হবৰ বাবে এটা খুঁটাত গোলাকৃতিৰ বুটাম থাকে৷ প্রথমতে সেইটো টিপিব লাগে৷ তাৰ পিছত পথৰ নির্দিষ্ট স্থানত পাৰ হবৰ বাবে জেব্রা ক্রছিং আছে৷ যেতিয়া সমুখৰ ড্রেফিক লাইটত পথচাৰীক পাৰ হবৰ বাবে সেউজীয়া সংকেত আৰু শব্দৰ ধবনি দিব তেতিয়াহে পথ পাৰ হব পাৰিব৷ পথচাৰী যদি বৃদ্ধ লোক হয়, তেওঁৰ পাৰ হবৰ বাবে অধিক সময়ৰ প্রয়োজন হব৷ যেতিয়ালৈকে বৃদ্ধ লোকজন পাৰ হৈ সিপাৰ নাপায়গৈ, গাডী–মটৰ লৰচৰ নকৰে৷ বাছত বয়সিয়াল লোক দেখিলেই মানুহে ছীট এৰি বহিবলৈ দিয়ে৷
আমাৰ ভাৰতত বিমুদ্রাকৰণ আৰুE-moneyৰ প্রচলন এতিয়াহে হৈছে৷ অষ্ট্রেলিয়াত কোনো লোকে নিজৰ জেপত টকা লৈ নুফুৰে৷ আমাৰPay-TM বাRu-Payৰ দৰেOpal Card আছে৷ তাত দৰকাৰী টকা নির্দিষ্ট কাউণ্টাৰতCharge কৰি ভ্রমণ কৰিব পাৰে৷ ৰেলৱে ষ্টেচন বা বাছত এখন সৰু বর্ড আৰু সমুখত ডিজিটেল মনিটৰ থাকে৷ কার্ডখন বাছত উঠাৰ আগেয়ে সেই বর্ডখনত টেপ কৰিলে মনিটৰত কার্ডৰ থকা টকাৰ পৰিমাণ জনা যায়৷ গন্তব্যস্থান পোৱাৰ পিছত পুনৰ সেই বর্ডখনত টেপ কৰিলে বাছৰ ভাৰাৰ মূল্য কটা যায়৷ এই সৰু সৰু কথাবোৰে আমাক বহুত কথা শিকালে৷
ফোনঃ ৯৯৫৪২-৫৯৩৫৭
Comments are closed, but trackbacks and pingbacks are open.