পূৰবী বৰুৱা
ডিচেম্বৰৰ শেষৰফালে পুৱাৰ ঘন কুঁৱলী ফালি আমাৰ গাড়ী আগবাঢ়িছিল দাৰ্জিলিঙৰপৰা কাৰ্চিয়াং অভিমুখে ৷যাওঁতে প্ৰায় গোটেই পথছোৱা দেখি গৈছিলো কুঁৱলী ফালি ওলোৱা ৰ’দৰ বিচ্ছুৰিত পোহৰেৰে জিলিকি থকা কান্চনজংঘাৰ স্বৰ্ণিল শিখৰ ৷কাৰ্চিয়াং টাউন পাৰ হৈ আমি পাইছিলোগৈ পাহাৰৰ মাজত থকা ৪০ফুট ওখ সুদৃশ্য পৱনপুত্ৰৰ বৃহৎ মূৰ্তিৰে সৈতে এক সুন্দৰ ভিউপইণ্ট ‘হনুমান টপ’৷চাৰিওফালে চাহ বাগানে আৱৰি ৰখা সেই ঠাইৰপৰা সমগ্ৰ কাৰ্চিয়াং চহৰখন দেখাৰ লগতে দূৰদূৰণিলৈ লানি লানি পাহাৰৰ এক অপূৰ্ব দৃশ্য উপভোগ কৰিব পাৰি ৷কিছু সময় তাত কটাই আমি আগবাঢ়িলো তাৰ পিছৰ পৰ্যটনস্হলীলৈ ৷যদিও আমাৰ মুখ্য গন্তব্যস্থান আছিল চিতং,তথাপিও কাৰ্চিয়াংৰ আশেপাশে থকা চাবলগীয়া সকলো স্হানেই দেখুৱাব বুলি আমাৰ ড্ৰাইভাৰ তথা গাইডজনে কৈছিল ৷পুৱাৰ কোমল ৰ’দ গাত লগাই পাহাৰীয়া ৰাস্তাৰে গৈ থাকোতে চিলমিলকৈ অহা টোপনিৰ মাজতে ড্ৰাইভাৰজনে কোৱা শুনা পাইছিলো—“আমি হ’ন্টেড এলেকাত সোমাই গ’লো দেই”৷লগে লগে টোপনিৰ নিচা ফাটি ক’ৰবালৈ লৰ মাৰিছিল আৰু ভয় নে উৎসুকতাত চাৰিওফালে চাবলৈ আৰম্ভ কৰিছিলো ৷অনুভৱ কৰিছিলোঁ,সঁচাকৈ এখন কুঁৱলীৰে আৱৰা ঘন, জয়াল হাবিৰ মাজেৰে গৈ আছো,য’ত ৰ’দ প্ৰায় নোসোমাই বুলিয়েই ক’ব পাৰি ৷অন্ততঃ আমি গৈ পোৱা দুপৰীয়াৰ সেই সময়খিনি চাই ৰ’দৰ পৰিমাণ প্ৰকান্ড প্ৰকান্ড গছেৰে ভৰা হাবিখনত যথেষ্ট কম আছিল ৷আমাৰ ছোৱালী দুজনীয়েও ‘ভূতৰ ঠাই’ বুলি শুনি ভয়তে গাড়ীৰ খিৰিকিৰ আইনাবোৰ উঠাই দিছিল ৷যাহওক,আমি সাজু হৈছিলো ভাৰতৰ এটা বিখ্যাত ‘হ’ণ্টেড’ বা ভূত বাস কৰা পাহাৰীয়া ঠাই(Hill station) ডাউহিলৰ ৰহস্যময়তাৰ মাজত কিছু সময় কটাবলৈ ৷
ডাউহিলৰ ঘন,জয়াল অৰণ্যৰ মাজত অনেক ৰহস্যময় ছায়া ঘূৰি থাকে আৰু ডাউহিলৰ বতাহত অলেখ ভৌতিক কাহিনী উৰি ফুৰে৷তাৰপিছতো ডাউহিলৰ কাহিনীয়ে,সৌম্য পাইন অৰণ্যৰ সৌন্দৰ্যই পৰ্যটকক হাতবাউলি মাতে৷তাৰ মাজতে কিছু অত্যুৎসাহী লোকে হয়তো আহে এই ঠাইৰ ৰহস্যৰ ভেদ ভাঙিবলৈ বা ৰোমান্চেৰে ভৰা এক যাত্ৰাৰ সোৱাদ ল’বলৈ ৷গহীন হাবিৰ মাজেৰে গৈ থাকোতে কিছু দূৰে দূৰে দেখা পাইছিলো কিছুমান সৰু-ডাঙৰ ঘৰ,যিবোৰৰ কিছুমানত মানুহ বসবাস কৰি থকাৰ বিপৰীতে কিছুমান ঘৰ পৰি আছিল পৰিত্যক্ত অৱস্থাত৷তাৰ মাজতে এটা দুটা সুন্দৰকৈ গঢ়ি তোলা হোমষ্টেও দেখা যায় ৷কিন্তু যিমানে আমি ডাউহিলৰ মুখ্য আকৰ্ষণৰ ওচৰলৈ গৈ আছিলোঁ,দেখা পাইছিলো প্ৰকান্ড চিমনিৰে সৈতে প্ৰায় বৃটিছৰ দিনৰ আৰ্হিৰ কিছু পুৰণি পৰিত্যক্ত ঘৰ আৰু গীৰ্জা৷সেইবোৰ পাৰ হৈ গৈ পাইছিলোগৈ ডাউহিলৰ কাহিনীবোৰৰ মূল উৎস ,এশ বছৰৰো অধিক পুৰণি স্কুল ‘ভিক্টোৰিয়া বয়জ হাইস্কুল’৷তাৰ স্হানীয় লোকসকলৰ মতে ডাউহিলত চলি অহা বেছিভাগ ভৌতিক কাহিনীৰ আৰম্ভণি এই স্কুলখনৰপৰাই হৈছিল ৷গতিকে প্ৰথমতে আমিও সেই স্কুলখন চাবলৈকে নামিলোঁ আৰু সোমাই পৰিলো অলেখ ছায়াৰে ভৰি থকা অলৌকিক,ভৌতিক কাহিনীৰ মাজত৷
ডাউহিলৰ স্হানীয় লোক তথা কিছু পেৰানৰ্মেল বিশেষজ্ঞৰ মতে এই ভিক্টোৰিয়া বয়জ হাইস্কুলেই অন্চলটোৰ ত্ৰাস ‘ মুণ্ডবিহীন ল’ৰা’(Headless boy)ৰ উৎপত্তিস্হল ৷যদিও এই বিদ্যালয়ত এতিয়াও দূৰ-দূৰণিৰ পৰাও বহুত ল’ৰা পঢ়িবলৈ আহে,তথাপিও বেছিভাগ পৰ্যটকে এই কাহিনীবোৰৰ বাবেই ইয়াক চাবলৈ আহে৷অৱশ্যে বিদ্যালয় চৌহদৰ ভিতৰলৈ কোনো পৰ্যটকক যাবলৈ দিয়া নহয় ৷আমি যিহেতু ডিচেম্বৰৰ শেষৰফালে গৈছিলো,সেইসময়ত শীতকালীন বন্ধৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ লগতে হোষ্টেলো খালী হৈ আছিল ৷কোৱা হয়,প্ৰায় চাৰিমাহ ধৰি চলা এই শীতকালীন বন্ধৰ সময়তে বিদ্যালয় চৌহদ বা কৰিডৰত এটা ল’ৰাক ঘূৰি ফুৰা আৰু বন্ধ শ্ৰেণীকোঠাৰ খিৰিকিৰে বাহিৰলৈ চাই থকা দেখা যায় ৷তাৰোপৰি এই সময়ত স্হানীয় লোকে কেতিয়াবা হেনো বিদ্যালয়ৰ কৰিডৰত ল’ৰাবোৰ দৌৰি ফুৰাৰ শব্দ আৰু লেব’ৰেটৰীৰপৰাও কিছুমান অদ্ভুত শব্দ ভাঁহি অহা শুনা পায় ৷কিন্তু ডাউহিলৰ ভৌতিক কাহিনী কেৱল এই বিদ্যালয়তে আৱদ্ধ হৈ থকা নাই৷এই অন্চলৰ ৰাস্তাত আৰু ঘন অৰণ্যৰ মাজত প্ৰায়ে এক মুণ্ডহীন শৰীৰক ঘূৰি ফুৰা দেখা যায় বুলি স্হানীয় লোকে দাবী কৰে ৷আনকি মুণ্ডহীন শৰীৰ ঘূৰি ফুৰা ডাউহিলৰ ৰাস্তাৰপৰা প্ৰসাৰিত হৈ ফৰেষ্ট অফিচলৈকে যোৱা এছোৱা ৰাস্তাক ‘মৃ্ত্যুৰ পথ’ বা Death Road বুলিও নামাকৰণ কৰা হৈছে৷এই পথছোৱাতে এই ৰহস্যময় শৰীৰ মানুহৰ চকুৰ আগত পলকতে অৰণ্যত অদৃশ্য হৈ যোৱাৰ লগতে বহুত দুৰ্ঘটনাও সংঘটিত হয় ৷তাৰোপৰি কেথলিক চিষ্টাৰসকলৰ দৰে ছাঁইবৰণীয়া কাপোৰ পিন্ধা এক নাৰীৰ অশৰীৰী আত্মাও ইয়াৰ অৰণ্যৰ মাজত ঘূৰি ফুৰে বুলি তাৰ মানুহৰ ওপৰিও ঘন অৰণ্যলৈ ৰহস্য উদ্ঘাটন কৰিবলৈ যোৱা বহুতে ক’ব খোজে৷তেওঁলোকৰ মতে গভীৰ অৰণ্যৰ ভিতৰত এক অজ্ঞাত চকুৱে অহৰহ লক্ষ্য কৰি থকা অনুভৱ হয় আৰু কেতিয়াবা হঠাৎ সন্মুখত এযোৰ ভয়ংকৰ ৰঙা চকু দেখা দি চকুৰ পচাৰতে অদৃশ্য হৈ যায় ৷এইখিনিতে উল্লেখনীয় যে ডাউহিলৰ বহু পুৰণা আৰু বৰ্তমান পৰিত্যক্ত গীৰ্জাঘৰটোৰো অজস্ৰ ৰহস্যজনক কাহিনী শুনা যায় ৷আমি প্ৰথমতেই দেখি যোৱা পুৰণি পৰিত্যক্ত ঘৰবোৰত গীৰ্জাৰ চিষ্টাৰ তথা আন মানুহবোৰেই থাকিছিল বুলি জনা যায় ৷আমি ভিক্টোৰিয়া স্কুলৰ সন্মুখত ফাষ্টফুডৰ দোকান দিয়া এহাল দম্পতীৰ লগত এই বিষয়ে কথা পাতোঁতে তেওঁলোকে প্ৰায়ে অনুভৱ কৰি থকা কিছুমান অদ্ভুত অভিজ্ঞতাৰ কথা কৈছিল ৷মানুহগৰাকীক হেনো বিয়া হৈ ডাউহিললৈ অহাৰ পিছদিনাই কোনো অদৃশ্য শক্তিয়ে বিচনাৰপৰা দলিয়াই জোৰে তলত পেলাই দিছিল ৷তাৰোপৰি এনে বহু ভৌতিক বা অশৰীৰি কাৰ্য্যকলাপৰ তেওঁলোক প্ৰায়ে সন্মুখীন হৈ আহিছে যদিও এতিয়া এইবোৰ এক অভ্যাসৰ দৰে হৈ পৰিছে,যিহেতু আজিলৈকে বিশেষ অপকাৰ একো হোৱা নাই৷কিছু এডভেন্সাৰপ্ৰিয় লোকে ৰাতি মনে মনে ডাউহিলৰ অৰণ্যত কেম্পফায়াৰ কৰি বহুত বেয়া অভিজ্ঞতাৰ সন্মুখীন হোৱা বুলিও তথ্য পোৱা যায় ৷ডেথ ৰোডত সন্ধিয়াৰ পিছত অহা-যোৱা কৰা সময়ত মটৰচাইকেল বা গাড়ীৰ লাইটবোৰ নিজে নিজে বন্ধ হৈ কাম নকৰা হয় বুলিও কোৱা হয় ৷
যাহওক,ইমানবোৰ ৰহস্যময়,ভৌতিক কাহিনীৰে ভৰা হ’লেও বহু সংখ্যক লোক ডাউহিললৈ কেৱল তাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যায় ৷তাৰে বেছিভাগ পৰ্য্যটক বা কিছু ইউটিউবাৰে কিন্তু ডাউহিলৰ সকলো কাহিনী ভ্ৰম অথবা মনেসজা বুলি ক’ব খোজে৷তেওঁলোকৰ মতে পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ স্হানীয় লোকসকলে তাত ঘটা কিছুমান ঘটনা বা দুৰ্ঘটনাৰ আছিলা লৈ এই মনেসজা কাহিনীবোৰ বিয়পাই দিছে৷ভিক্টোৰিয়া বয়জ হাইস্কুলৰ বহু প্ৰাক্তন শিক্ষাৰ্থী তথা আৱাসীৰ মতে তেওঁলোকে বিদ্যালয় চৌহদত কেতিয়াও তেনে অস্বাভাৱিক পৰিস্থিতি বা ঘটনাৰ সন্মুখীন হোৱা নাই৷
বহুবছৰ ধৰি ব্যৱসায় সংক্ৰান্তীয় কাম-কাজত তাত থকা বা সঘনাই অহা-যোৱা কৰা কিছু লোকেও কেতিয়াও কাহিনীবোৰত বৰ্ণনা কৰাৰ দৰে অনাহুত ঘটনা বা ছায়া দেখা পোৱা নাই বুলি সজোৰে দাবী কৰে৷তেওঁলোকৰ বহুতে আনকি ৰাতিও ডাউহিলৰ ৰাস্তাৰে নিৰাপদে অহা-যোৱা কৰে বুলি জনায় ৷অৱশ্যে ডাউহিলৰ ঘন অৰণ্য আৰু সকলো সময়ত কুঁৱলীৰে আৱৰি ৰখা পৰিৱেশত বহু লোকৰ ভ্ৰম হোৱাটো অস্বাভাৱিক নহয় বুলিও তেওঁলোকে ভাবে ৷সঘনাই ঘটি থকা দুৰ্ঘটনাবোৰৰ বাবেও তেওঁলোকে এনে পৰিৱেশকে জগৰীয়া কৰিব খোজে ৷ৰহস্য ভেদ কৰিবলৈ গৈ ৰাতি ডাউহিলত,বিশেষকৈ অৰণ্যত কটোৱা লোকসকলো দুটা ভাগত বিভক্ত—এচামৰ মতে সেয়া ভূত আৰু এচামৰ মতে ভ্ৰম। আমি কিন্তু যিমান সময় ডাউহিলত থাকিলোঁ,অজস্ৰ পাইন গছেৰে ভৰা সেই ঠাইৰ অপৰূপ সৌন্দৰ্য্য দেখি মোহিত হ’লো ৷প্ৰায় এবছৰ আগতে ভিক্টোৰিয়া হাইস্কুলৰ প্ৰায় কাষতে থকা পাইন গছৰ বৃহৎ হাবি এখনক পৰ্য্যটন বিভাগে বৰ সুন্দৰকৈ সজাই পৰাই পৰ্য্যটকৰ বাবে মুকলি কৰি দিছে৷বহু পুৰণি পাইন গছবোৰৰ মাজে মাজে বহা,ফটো তোলা আৰু খেলাৰ ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছে৷ডাউহিলত এখন ধুনীয়া হৰিণৰ উদ্যানো আছে যাৰ নাম হৈছে ‘ডাউহিল ইক’ পাৰ্ক’৷সেই পাৰ্কত কিছু হৰিণা ৰখাৰ লগতে শিশুসকলৰ বাবে খেলাৰ সুব্যৱস্থা আছে৷
মুঠতে ‘ভূত আৰু ভ্ৰম’ৰ মাজতে কাৰ্চিয়াংৰ ডাউহিল এখন যাবলগীয়া বা চাবলগীয়া ঠাই৷কলকতাৰ অনুষ্ঠান ‘ ডিটেকটিভ অৱ চুপাৰনেচাৰেল’ (DoS)ৰ সদস্যসকলেও এই ঠাইত সামান্যকৈ হ’লেও কিছু ৰহস্যৰ উপস্থিতিক নুই কৰা নাই যদিও মানুহে কোৱা কাহিনীবোৰো সঁচা বুলিও কোৱা নাই৷শেষত ইংৰাজীত এশাৰী বিখ্যাত উক্তিৰে ক’ব খোজোঁ—“The Hills Have Eyes”৷
ফোন – ৭৯০৮৬৫২৭৪৬
Comments are closed, but trackbacks and pingbacks are open.