মঞ্জুলা বৰ্মন
নৰ্থ কেৰ’লিনাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো পৰ্টলেণ্ডলৈ ৷ আমেৰিকাৰ ঘৰুৱা বিমান৷ একেবাৰে পুবৰ পৰা পশ্চিমলৈ ৷ সময় লয় প্ৰায় ছয় ঘন্টা ৷ দুয়োখন ঠাইৰে সময়ৰ প্ৰাৰ্থক্যও তিনি ঘন্টা ৷ চিকাগোত অলপ সময় ৰৈ আমি পুনৰ যাত্ৰা কৰিলো পৰ্টলেণ্ডলৈ ৷ বিমান অবতৰণ ঠিক আগে আগে এটা সৰু পাহাৰ চকুত পৰিল ৷ কি নান্দনিক ৰূপ ৷ মাজে মাজে বৰফ আৰু মাজে মাজে মাটি ৷ ৰ’দ পৰি বৰফবোৰ জিলিকি উঠিছে ৷ মন ভৰি গ’ল ৷ বিমান বন্দৰৰ পৰা ওলাই বাহিৰত দেখিলো ছোৱালী ৰৈ আছে ৷ গাড়ীত বহিয়েই তাইক এই দৃশ্যৰ বৰ্ণনা দিবলৈ লাগিলো ৷ তাই ক’লে চিন্তা ন’কৰিবা মা মই তোমালোকক একেবাৰে সেই আগ্নেয় পাহাৰৰ ওচৰলৈ লৈ যাম ৷ মাউন্টহুড আগ্নেয় পাহাৰ ৷
সেইদিনা আছিল চেপ্তেম্বৰ মাহৰ ২১ তাৰিখ ৷ বহুতো উৎকণ্ঠাৰে দুপৰীয়াৰ আহাৰ কৰি যাবলৈ সাজু হ’লো ৷ ছোৱালীৰ ঘৰৰ পৰা বেছি দুৰ নহয় ৷ মাউণ্টহুড আগ্নেয় পাহাৰ পৰ্টলেণ্ডৰ দক্ষিণ-পূব দিশৰ পৰা ৮০ কিলোমিটাৰ দুৰত অবস্থিত ৷ অৰেগনত বহুকেইটা আগ্নেয় পাহাৰ আছে ৷ তাৰ ভিতৰত এই মাউণ্টহুড ওচৰ বাবে তালৈকে যোৱাটোকে ঠিক কৰিলো ৷ দুৰৰ পৰাই মাউন্ট জেফাৰচন, থ্ৰি চিষ্টাৰ আনকি ৱাচিংটনত থকা মাউন্ট আদাম, মাউন্ট চেইন্ট হেলেন আদি আগ্নেয় পাহাৰ কেইটাও অৰেগনৰ বিভিন্ন ঠাইৰ পৰা সুন্দৰকৈ দেখি ৷ ঠাণ্ডা দিনত বৰফ পৰি জিলিকি থাকে ৷
আমেৰিকাৰ বহুতো হোটেল, ৰেষ্টুৰেণ্ট আদিত কুকুৰ নিয়াৰ অনুমতি প্ৰদান কৰে ৷ আমি এ আৰ বি এন বিৰ দুটা শোৱনি কোঠাৰ এটা ঘৰ লৈছিলো ৷ আমাৰ থকা ঘৰৰ পৰা যিহেতু বেছি দুৰ নহয় সেয়ে আবেলিতে গৈ পালোগৈ ৷ এখন হাবিৰ মাজত আমাৰ ঘৰটো আছিল ৷ অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ দেখিবলৈ অসম আৰ্হিৰ ঘৰটো দেখি আনন্দত মনটো ভৰি গ’ল ৷ ঘৰটোৰ কাষেৰে বহুত তলেদি বৈ গৈছে চেন্দি নদী ৷ পৰিবেশটোৱে মন পুলকিত কৰি তুলিলে ৷ টলা খুলি সোমাই গ’লো ৷ আমি যোৱাৰ আগতেই ঘৰটো কেন্দ্ৰীয়ভাৱে গৰম কৰি ৰাখিছিল৷ ভিতৰৰ আচবাব দেখি মোহিত হৈ পৰিলো ৷ কলা সুলভ মনৰ পৰিচয় পালো ৷ চকী মেজ সকলো কাঠৰ যদিও সেইবোৰ সাজোতে গছৰ নিজস্বতা ৰক্ষা কৰি সাজিছে ৷ চিমনিৰ ওচৰত বহা বা খৰি ৰখা বেগটোলৈকে সকলোতে সুৰুচিৰ পৰিচয় পালো ৷ বাহিৰত এখন সৰু চালিত ৰখা খৰিৰ কাষত আছে বিভিন্ন আকাৰৰ তিনিখন কুঠাৰ ৷ গোটেই যেন গাৱঁৰ ঘৰখনহে ৷ পিছফালে আছে এটা কুৱাঁ সদৃশ সকলো সময়তে কুহুমীয়া পানী থকা টাব ৷ তাত গা তিয়াই থাকি পঢ়া-লিখা কৰি থকাৰ ব্যৱস্থা আছে ৷ উন্নত দেশৰ উন্নত কথা ৷
একাপ চাহ খাই পিছফালে থকা নদীৰ ওচৰলৈ গ’লো ৷ জোৱাঁইৰ বৰশী বোৱাত বৰ চখ আৰু পাকৈত ৷ ৱাটাৰ প্ৰুফ মাছ মৰা সাজ পিন্ধি নদীৰ বুকুলৈ নামি গ’ল ৷ যোৱাৰ আগতে মোকো কেনেকৈ হুইল বৰশীৰে মাছ ধৰে শিকাই গ’ল ৷ ময়ো বহুত চেষ্টা কৰিলো মাছ কিন্তু এটাও নালাগিল ৷ ছোৱালীয়ে এটা মজলীয়া আকাৰৰ মাছ পালে আৰু জোৱাঁইৰ বৰশীত লাগিল এটা ছয় কেজি ওজনৰ তাৰ জনপ্ৰিয় চেলমন মাছ ৷ তুলি লৈ মাছটো পুণৰ পানীত এৰি দিলে ৷ মোক ক’লে যে এইটো হেনো বনৰীয়া চেলমন (Wild Salmon) ৷ ইয়াক ধৰা নিষেধ ৷ মই সবিশেষ জানিব বিচাৰিলো ৷ তেওঁ ক’লে চেলমন মাছৰ জীৱন বৃতান্ত ৷ আমেৰিকাৰ অৰেগন ৰাজ্যৰ আমাৰ ওচৰত আছে সৰু নদী তিনিখন ৷ চেন্দিনদী, জিগজেগ নদী আৰু এই মাছৰ নামেৰে চেলমন নদী ৷ এই নদী তিনিখন মাউন্ট হুদৰ গ্লেচিয়াৰৰ পৰা ওলাই আহি চহৰৰ মাজেদি বৈ যোৱা বৃহৎ নদী কলম্বিয়াত পৰিছে আৰু তাতে মিলিত হৈ প্ৰশান্ত মহাসাগৰত পৰিছেগৈ৷
এই নদী কেইখনত কোন মাহৰ পৰা কোন মাহলৈ কোন মাছ ধৰিব পাৰি তাৰ তালিকা প্ৰত্যেক নদীৰ পাৰত লগোৱা থাকে ৷ বৰশী বাবলৈও আকৌ লাইচেঞ্চ থাকিব লাগে ৷ ইয়াৰ বিখ্যাত মাছ চেলমন আৰু ষ্টিলহেড এই নদীত পোৱা যায় ৷ এই দুবিধ মাছে সদায় নিজে জন্ম হোৱা ঠাইতহে কণী পাৰে ৷ কণী পাৰিয়েই এই মাছ মৰি যায় ৷ পিছত যেতিয়া কণীবোৰ আপোনা আপুনি ফুটি পোৱালী ওলায় কিছুদিন সেই ঠাইত থাকি লাহে লাহে উজাই সাগৰলৈ গতি কৰে ৷ তিনিবছৰৰ পাচত যেতিয়া কণী পাৰিব পৰা পুৰ্ণাঙ্গ অৱস্থা পায় তেতিয়া পুণৰ সেই ঠাইলৈ ঘূৰি আহে ৷ লাহে লাহে সিহঁতৰ বাকলি বিলাক সৰি আহে ৷ জীৱন নাটৰ যৱনিকা পেলাবলৈ আগবাঢ়ে আৰু কণী পাৰি মৃত্যু বৰণ কৰে ৷ সেই মৰা মাছবোৰ তেতিয়া চৰাই, ভালুক আদিৰ খাদ্য হয় ৷ সেয়ে শীতকালত সাগৰৰ দাতিত ভালুক বা চৰায়ে সঘনাই মাছ খোৱা দেখা যায় ৷ বহুতো চেনেলত দেখা এনে ছবিৰ দৃশ্য এতিয়া মই উপলব্ধি কৰিব পাৰিছো৷ শীতকালত অৰেগনত যথেষ্ট বৰষুণ হয় আৰু নদীত পানী বাঢ়ে আৰু তেতিয়াই মাছে কণী পাৰে ৷ সেয়ে ইয়াত এনে মাছ ধৰা নিষেধ ৷ বেলেগ মাছ ধৰাত বাধা নাই ৷ আনকি মীন বিভাগে বহুতো মাছ বেলেগত পোণা কৰি নদীত মেলি দিয়ে মানুহৰ মাছ মৰাৰ চখ পুৰাবৰ কাৰণে ৷ সেই মাছবোৰৰ পেটৰ তলৰ পাখি এখন কাটি চিন দি দিয়ে ৷তেনে মাছ মানুহে ধৰি খোৱাত বাধা নাই ৷ ইমান যে নিয়ম অমান্য কৰা মানুহ নাই দেখি বৰ ভাল লাগে৷ এটা মাছ লৈ গ’লেনো কি হ’ব তেনে মানসিকতা কাৰো নাই। এয়াই হৈছে সচেতনতা৷ আমাৰ দেশতো কণী পৰাৰ সময়ত মাছ মৰা নিষেধ যদিও কোনেও নিয়ম মানি নচলে ৷ অৱশ্যে আমাৰ দৰে দৰিদ্ৰ ৰাজ্যৰ বাবে বহুতে জীৱিকাৰ বাবেও বাধ্য হয় ৷ এইখিনিতে চেলমন মাছৰ বিষয়ে আৰু অকনমান লিখাৰ লোভ সামৰিব নোৱাৰিলো ৷ এই মাছ অতি মঙহাল বাবে ওজন বৰ বেছি আৰু ই দুই ৰঙৰ পোৱা যায় ৷ এবিধ অলপ ৰঙচুৱা আৰু আনবিধ ৰূপালী ৰঙৰ ৷ তাৰোপৰি চেলমন মাছৰ কহ’চেলমন আৰু চিন’ক চেলমন ( Chinook Salmon) বৰ বিখ্যাত ৷ বজাৰৰ দৰো বেছি কিয়নো এই মাছত অমেগা ৩ (omega3) প্ৰচুৰ পৰিমাণে থাকে ৷ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ শৰীৰৰ কোষৰ শক্তিবৰ্দ্ধক, ফুলাৰোধক আৰু তেজৰ পনীয়া অৱস্থা অটুত ৰখাত যথেষ্ট সহায় কৰে ৷ সেয়ে হৃদৰোগী সকলৰ বাবে ই অতি উত্তম ৷ আমাৰ ভাৰতত পোৱা বা বজাৰত পোৱা চেলমনবোৰ আটলাণ্টিক চেলমন ৷ সেইবোৰতকৈ প্ৰশান্ত মহাসাগৰৰ চেলমন অতি সোৱাদযুক্ত আৰু ই সহজলভ্য নহয়। আটলাণ্টিক চেলমন আমাৰ ফিচাৰীৰ দৰে পোহে আৰু তাৰ পৰাই বজাৰত উলিয়াই দিয়ে ৷ কিন্তু সাগৰত ডাঙৰ নহয় বাবে সিহঁতৰ খাদ্য ক্ৰীল ( Krill) খাবলৈ নাপায় ৷ ক্ৰীল হৈছে মিছা মাছৰ দৰে এবিধ প্ৰাণী ৷ এইবিধ খাবলৈ নাপালে গাৰ বৰণ ৰঙচুৱা নহয় ৷ সেয়ে পালন কৰা মাছক খাদ্যৰ লগত এবিধ কেমিকেল দিয়ে যি গাৰ বৰণ ৰঙা কৰাত সহায় কৰে ৷ এই কেমিকেল মানৱ দেহৰ ক্ষতিকাৰক নহয় ৷
সন্ধিয়া নামিছিল ৷ হাবিৰ মাজত বাবে ঠাণ্ডাও বেছি ৷ চিমনিত জুই জ্বলাই লৈ আড্ডাত লাগিলো ৷ পেটে ভোকৰ জাননী দিয়াতহে মনলৈ আহিল ৰাতি হোৱা বুলি ৷ ঘৰৰ পৰা খোৱা লৈ আহিছিলো ৷ লগতে গৰম গৰম মাছ ভাজিৰে ৰাতিল আহাৰ খাই শুবলৈ গ’লো ৷ পিচদিনা পুৱা ওলাম মাউন্ট হুড চাবলৈ যিটো আমাৰ লক্ষ্য আছিল ৷
পুৱাৰ আহাৰ কৰি আমি সাজু হ’লো মাউন্টহুড লৈ ৷ আমাৰ থকা ঠাইৰ পৰা পোন্ধৰ মিনিটৰ বাট ৷ মই আগতেই উল্লেখ কৰিছো যে ই এটা সুপ্ত আগ্নেয় পাহাৰ ৷ এই আগ্নেয়গিৰি এতিয়ালৈকে চাৰিবাৰ উদ্গীৰণ হৈছে ৷ শেষবাৰ হৈছিল ১৮৬৫ চনত ৷ তাৰ পিচত এতিয়ালৈকে হোৱা নাই বা গৱেষণাৰ পৰা এতিয়া হোৱাৰ সম্ভাৱনা দেখা নাই ৷ ১৯৮০ চন আৰু ২০০২ চনত মাথো ভূমিকম্প হৈছিল ৷ এই পাহাৰৰ উচ্চতা ১১,২৫৫ ফুট ৷ তাৰ ৯,৫০০ ফুটলৈকে উঠিবলৈ দিয়ে।
আমি প্ৰথমেই গ’লো টম ডিক (Tom Dick) আৰু হেৰী (Herry ) পৰ্ব্বতৰ পাদদেশত অৱস্থিত মিৰৰ (Mirror ) লেকলৈ ৷ ইয়াৰ পৰা মাউন্টহুড মাত্ৰ তিনি কিলোমিটাৰ ৷ মাউন্ট হুড নেচেনেল ফৰেষ্টৰ মাজেৰে অলপ দুৰ গৈ এই লেক পালোগৈ ৷ এই ফৰেষ্ট প্ৰায় ৬০ কিলোমিটাৰ দীঘল ৷ কলম্বিয়া গৰ্জলৈকে বিস্তৃত ৷ লেকৰ স্বচ্ছ পানীত প্ৰতিবিম্বিত হোৱা মাউন্ট হুডৰ ছবিয়ে আমাৰ মন ভৰাই তুলিলে ৷ অপূৰ্ব সুন্দৰ দৃশ্য ৷ আইনাৰ দৰে মাউন্টহুডক প্ৰতিবিম্বিত কৰে বাবেই হয়তো লেকটোৰ নাম মিৰৰ মানে আইনা ৰাখিছে ৷ আমি আগষ্ট মাহত গৈছিলো ৷ তাত তেতিয়া গৰম দিন ৷ সেয়ে বৰফ গলি গৈছিল ৷ তথাপিও সুন্দৰ ৷ আমি নয়ন ভৰাই চালো ৷ ফটো ল’লো ৷ যিহেতু আমি পৰ্টলেণ্ডত অলপ দিন থাকিম বৰফ পৰাৰ পিচত আৰু এদিন মাউন্টহুড চাবলৈ আহিম বুলি ঠিক কৰিলো ৷ পাৰৰ গছত বিভিন্ন চৰাইৰ কলৰৱ ৷ কানাডিয়ান জয় ( Canadian jay) নামৰ চৰইটোৱে মোক বৰ আকৰ্ষিত কৰিলে ৷ ইটোৰ পৰা সিটো ডালত পৰি আনন্দ কৰি আছিল ৷এটা সুন্দৰ পৰিৱেশত কিছু সময় কটালো ৷ ফটো ল’লো বহুত ৷ তাৰ পৰাই যাত্ৰা কৰিলো মাউন্ট হুডৰ একেবাৰে ওচৰলৈ ৷
গৈ পালো আমাৰ লক্ষ্যস্থান ৷ ওপৰৰ পৰা পৰ্টলেণ্ডৰ সৌন্দৰ্য্য দেখি আপ্লুত হৈ পৰিলো ৷ মাউন্টহুডৰ কাষতে আছে টিম্বাৰ লাইন লজ ৷ এটা আটক ধুনীয়া বৃহৎ এলেকা ৷ আমি দুপৰীয়াৰ আহাৰ তাতেই কৰাৰ বাবে আগতীয়াকৈ বুক কৰি ৰখা আছিল ৷ খোৱাৰ ঠাই বহুত যদিও আগতীয়াকৈ বুক ন’কৰিলে বহুত সময় ৰ’ব লগাত পৰে বা কেতিয়াবা নাপায় ৷ সেই টিম্বাৰলাইন লজৰ ৰেষ্টুৰেণ্টৰ পৰা দেখা নৈসৰ্গিক সৌন্দৰ্য্য আৰু তাৰ খোৱাৰ মানদণ্ডৰ বাবেই বহুত মানুহৰ সমাগম হয় ৷ আন ঠাইৰ তুলনাত খোৱাবস্তুৰ দামো অলপ বেছি ৷ কেইবা মহলীয়া লজটোৰ ওপৰৰ পৰা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ সুন্দৰ ব্যৱস্থা আছে ৷ এটা মিউজায়াম , জুইৰ সেক লোৱা ঠাই আৰু আছে এখন স্মৰিকাৰ দোকান (souvenir shop) ৷ এই লজত স্কী খেলাৰ সুবিধা আছে ৷ উত্তৰ আমেৰিকাৰ ভিতৰত একমাত্ৰ এই লজতেই গোটেই বছৰ স্কী খেলাৰ সুবিধা আছে ৷ আমি সেইবোৰ সকলো পিছত চাম বুলি লজৰ পিছফালেদি মাউন্ট হুড বগাবলৈ বুলি ওলাই গ’লো ৷ সেইদিনা ৰ’দ আছিল প্ৰখৰ ৷ তথাপি ট্ৰেকিঙৰ হাবিয়াসে একোলৈকে কাণসাৰ নকৰে। সাধ্য অনুসাৰে গ’লো ওপৰলৈ ৷ ইমান ওপৰলৈ যাব পাৰিম বুলি ভবাই নাছিলো ৷ ওপৰৰ পৰা দুৰৰ চহৰৰ দৃষ্টিনন্দন ৰূপ উপভোগ কৰিলো ৷ মনত পৰিল ১৯৮৫ চনৰ ১৩ নবেম্বৰত উদ্গীৰণ হোৱা কলম্বিয়াৰ সুপ্ত আগ্নেয়গিৰি নেভাডো ডেল ৰুইজৰ কথা। তেনেকৈ যদি মাউন্টহুড উদ্গীৰণ হয় , নিঃশেষ হৈ যাব এই ধুনীয়া ঠাইখন৷ যদিও সম্ভাৱনাৰ কথা নাকচ কৰিছে তথাপিও প্ৰকৃতিৰ মহিমা জানো বুজিব পাৰি ? লাহে লাহে নামি আহিবলৈ চেষ্টা কৰিলো ৷ উঠাতকৈ নমাটোহে যে বেছি কষ্টকৰ তাক পদে পদে অনুভৱ কৰিলো। এটা সুন্দৰ অভিজ্ঞতা হ’ল ৷তাৰ পৰা উভতি আহি টিম্বাৰ লাইন লজৰ ৰেষ্টুৰেণ্ট খনলৈ সোমাই গ’লো ৷ যিহেতু আমাৰ আগতে বুক কৰা আছিল সেয়ে ৰ’ব লগা নহ’ল ৷ ভিতৰৰ বহাৰ ব্যৱস্থা দেখি আপ্লুত হৈ পৰিলো ৷ দেৱালবোৰ সকলো ফালেই আইনা ৷ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আহাৰ খোৱাৰ মজাই সুকীয়া ৷ খোৱাবোৰ নিজে লৈ খোৱাৰ ব্যৱস্থা (Buffet) ৷ দুটা বহুত দীঘল শাৰী কৰি খোৱাবোৰ সজাই ৰাখিছে ৷ পোৰা, সেকা, ভজা, চালাড, মিঠা আদি বিভিন্ন ধৰণৰ আহাৰ ৷ নামবোৰ আমি নজনা হোৱা বাবে কোনটো ল’ম , কেনেকুৱা হ’ব আদি মনত অলেখ প্ৰশ্ন ৷ তাৰ মানুহে খোৱা আমিষৰ বহুত বস্তু আমি নাাখাও ৷ সেয়ে কোনটো লওঁ আমি ভাবিব লগা হৈছে ৷ ছোৱালীয়ে নামবোৰ চাই কোনটো কেনে সোৱাদ হ’ব কৈ দিয়াৰ পাচতহে আমি লৈছো ৷ বেক কৰা সকলো বস্তুৱেই সোৱাদ ভৰা ৷ মিঠা সামগ্ৰীও সুন্দৰ ৷ স্থানীয় খোৱা খুব ভালকৈয়ে খালো ৷ মিউজিয়াম আৰু স্মৰিকাৰ দোকানখনলৈ গ’লো ৷ দুই এপদ সৰু সৰু বস্তু কিনি ল’লো , স্মৃতি হিচাবে ৷
তাৰ পৰা ওলাই আমি মাউণ্টহুড নেচেনেল পাৰ্কলৈ গ’লো ৷ পাৰ্ক মানে সৰু বৰ গছেৰে ভৰা বহু কিলোমিটাৰ দীঘল এখন অৰণ্য ৷ তাকে পৰিকল্পিত ভাৱে সজাই তুলিছে ৷ খোজকঢ়া পথ, বহাৰ ব্যৱস্থা, বনভোজৰ বাবে ঠাই আদি অতি পৰিষ্কাৰ কৈ ৰাখিছে। পাৰ্কৰ মাজেদি বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নদীয়ে তাৰ সৌন্দৰ্য্যত যেন সোণত সুৱগা চৰাইছে ৷ তাৰ গছবোৰৰ গাত ইমান শেলাই (Moss) হয়, দেখিবলৈ অতি সুন্দৰ হয় ৷ সেইবোৰে বিভিন্ন আকাৰ ধাৰণ কৰে ৷ চাই বৰ ভাল লাগে। ৷ ফটো তুলিলো কেইবাখনো ৷ খোজকঢ়া পথেদি বহুত খোজ কাঢ়িলো। পুৰণি দিনত খেতি কৰা আৰু চিকাৰ কৰা ঠাইবোৰ চালোগৈ ৷ ৱেটলেণ্ড বুলি কয় ৷ তাতোকৈও এনেকুৱা ঠাইৰ মাজত ঠায়ে ঠায়ে অতি প্ৰয়োজনীয় প্ৰসাৱাগাৰৰ (Toilet)ব্যৱস্থা দেখিও তবধ মানিছিলো ৷ এয়াৰপৰ্টৰ নিচিনা সা সুবিধাৰে উন্নতমানৰ প্ৰসাৱাগাৰ দেখি মই এবাৰ দাৰ্জ্জিলিঙৰ টাইগাৰ হিলৰ পৰ্য্যটন স্থলীত থকা প্ৰসাৱাগাৰ ব্যৱহাৰ কৰিব নোৱাৰি ঘুৰি অহাৰ কথা মনত পৰি লজ্জিত অনুভৱ কৰিছিলো ৷ ইয়াত মই দেখিছিলো চাফাইকৰ্মীয়ে এখন বাহনত বিভিন্ন ধৰণৰ ব্ৰাচ আৰু কীটানুনাশক দ্ৰব্য আনি ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰাৰ নমুনা ৷ ক’তো ফাকিঁ নাই ৷ তেওঁলোক নিজেও ইমান পৰিষ্কাৰ যে কোনেও ক’ব নোৱাৰিব যে তেওঁলোক তেনেকুৱা চাফাইকৰ্মী ৷ ইয়াত সকলো কামৰে সম মৰ্য্যদা আছে যে জনসাধাৰণেও সেয়ে সকলোকে সম ব্যৱহাৰ কৰে৷ আমাৰ দেশৰ কথা ভাবিলে মনটো গধুৰ হৈ আহে ৷ জনসংখ্যা বৃদ্ধিয়েই যে দেশৰ উন্নতিৰ হেঙাৰ তাক পদে পদে অনুভৱ কৰো ৷ বহুত সময় পাৰ্কত কটাই ঘৰলৈ ঘুৰি আহিলো ৷ পিচদিনা আমি পৰ্টলেণ্ডৰ ঘৰলৈ উভতি যাম ৷
পিছদিনা পুৱা খুব সোনকালে উঠি জোৱাঁয়ে নদীত মাছ মাৰিবলৈ গ’ল ৷ সেইদিনা কপাল ভাল আছিল সোনকালেই এটা চেলমন মাছ বৰশীত লাগিল৷ তেওঁৰ আনন্দত তৎ নাই কিয়নো সেইটো ক’হ চেলমন৷ ৱাইল্ড নহয় ৷ এৰি দিব নালাগে ৷ নিজে ধৰি আমাক খুৱাব বুলি যি আনন্দ পাইছে সেইটো চকুৱে মুখে ফুটি উঠিছে ৷ পুৱাৰ জলপান তাতেই খাই আমি ঘুৰি আহিলো মাউন্টহুডৰ এটা সুন্দৰ অভিজ্ঞতা লৈ ৷ দুপৰীয়াৰ আহাৰ ময়েই ৰান্ধিলো চেলমন মাছেৰে ৷ এতিয়া কথা হ’ল এই মাছ কোনোদিনে ৰান্ধি নোপোৱা মই জনীয়ে কেনেকৈ ৰান্ধো ৷ ছোৱালীও গ’ল অফিচলৈ ৷ ইউ টিউবেই সাৰথি হ’ল মোৰ ৷ কেইবাটাও প্ৰকৰণ চাই তাৰে তিনিটা বাছি ল’লো ৷ আমাৰ বহুতে হয়তো জানে কিন্তু মোৰ দৰে নজনা আমাৰ ৰান্ধনী সকলক জনাই থওঁ যে এই মাছ বেছিকৈ ভাজিলে ৰবৰৰ দৰে টান হয় ৷ বাকী মিছা মাছৰ দৰে ক্ৰীম বা নাৰিকল দি ৰান্ধিলে বৰ সোৱাদ হয় ৷ মই প্ৰথম সাজ ইয়াত পেকেটত পোৱা নাৰিকলৰ ক্ৰীম দিয়েই ৰান্ধিলো ৷ সকলোৱে বৰ জুতি কৰি খোৱা দেখি ভাল লাগিল ৷
প্ৰায় দুমাহ পৰ্টলেণ্ডত কটাম ৷ পুণৰ উভতি যাম চিকাগো হৈ নৰ্থ কেৰ’লিনালৈ ৷ মনৰ মাজত সদায় সজীৱ হৈ থাকিব এই স্মৃতিবোৰ ৷ মাউন্টহুড আৰু সুন্দৰ অৰণ্যবোৰ ৷
ফোন:- ৯৪৩৫৪০৮৬৬৪
Comments are closed, but trackbacks and pingbacks are open.