মনোজ কুমাৰ শ্রুতিকৰ
সৰুতে স্কুলত থাকোঁতে খবৰ কাগজত ভিয়েটনামৰ যুদ্ধৰ বিষয়ে পঢ়িছিলোঁ, কিন্তু বিশেষ একো বুজি পোৱা নাছিলোঁ ৷ কলেজত থাকোঁতে ভিয়েটনামৰ মাই লাইৰ বিভীষিকাময় যুদ্ধখনৰ কথা পঢ়িছিলোঁ ৷ চাকৰিৰ জীৱনত আমাৰ নাহৰকটীয়াৰ ঘৰত অসমৰ প্রসিদ্ধ সুৰকাৰ আৰু গীতিকাৰ সূর্য ভাগৱতীৰ কণ্ঠৰ এই সংগ্রামী দেশ ভিয়েটনাম, সাহসৰে দেশ, ই ধৈর্যৰে দেশ, বিপ্লৱৰে দেশ, প্রতিজ্ঞাৰে দেশ, যাৰ নাম ভিয়েটনাম গানটোৱে ভিয়েটনামৰ বিষয়ে মোৰ উৎকণ্ঠা বৃদ্ধি কৰিলে ৷ বর্তমানে পৃথিৱীৰ আটাইতকৈ দ্রুতগতিত উন্নতি কৰা দেশসমূহৰ ভিতৰত ভিয়েটনামৰ নাম আটাইতকৈ আগত ৷ ইও মোৰ ভিয়েটনাম যাত্রাৰ উৎকণ্ঠা বৃদ্ধি কৰাৰ আন এটা কাৰক ৷ তেতিয়াই ভিয়েটনাম যাত্রাৰ বাবে সংকল্পবদ্ধ হৈছিলোঁ ৷ উৎকণ্ঠাৰ শেষ হল, যেতিয়া মোৰ ডাঙৰ লৰা অনুজ আৰু বোৱাৰী পাঞ্চালীয়ে ভিয়েটনাম যাত্রাৰ প্রস্তাৱ দিলে ৷ মোৰ পত্নী অর্চনা আৰু বিয়ৈ ৰমেন্দ্রনাথ চক্রৱর্তীসহ নাতি–নাতিনী দুটাও আমাৰ যাত্রাৰ সংগী হল ৷ সকলো যা–যোগাৰ সম্পূর্ণ হোৱাৰ পিছত ডিচেম্বৰৰ ২৬ তাৰিখে আমি বিশাখাপট্টনম আন্তর্জাতিক বিমানবন্দৰৰ পৰা যাত্রা কৰি মালয়েছিয়াৰ কুৱালালামপুৰ হৈ ভিয়েটনামৰ হানয় চহৰত ২৭ ডিচেম্বৰৰ পুৱা অৱতৰণ কৰিলোঁ ৷
আমি পুৱাই পোৱাৰ বাবে বস্তু–বাহানিবোৰ হোটেলত থৈ গা–পা ধুই, পুৱাৰ জলপান কৰি চহৰখনৰ কেন্দ্রস্থল হোৱান কিয়েম Hoan Kiem লেকৰ আশে–পাশে থকা ঠাইবোৰ খোজেৰেই চাবলৈ ওলালোঁ ৷ আমাৰ গাইড চৌ, কুৰিৰ ডেওনা পাৰ হোৱা ভিয়েটনামী ছোৱালী৷ তাই কলেজত পপাৰ উপৰি এনেদৰে বিদেশী পর্যটকৰ লগত গাইড হিচাপে কাম কৰি উপার্জন কৰে ৷
আমাৰ হোটেল La Foyer লা ফয়েৰখন পুৰণি হানয় চহৰৰ মাজত হোৱা বাবে ন–পুৰণি হানয় চহৰৰ পার্থক্যটো স্পষ্টভাৱে বুজিব পাৰিছিলোঁ ৷ কাৰণ এয়াৰপর্টৰ পৰা আমাৰ হোটেললৈ আহোঁতে দেখিছিলোঁ, বাটপথবোৰ চাৰিলেনযুক্ত আৰু ঘৰবোৰো আধুনিক স্থাপত্যবিদ্যাৰ আর্হিৰে নির্মিত ৷ কিন্তু পুৰণি চহৰখনত প্রৱেশ কৰোঁতেই দেখিছিলোঁ, বাটপথবোৰ ঠেক আৰু ফুটপাথ বুলিবলৈ একোৱেই নাই, কাৰণ সকলোৱে দুচকীয়া যান–বাহনবোৰ শাৰী শাৰীকৈ ফুটপাথতেই ৰাখে ৷ ভিয়েটনামত গড়ীবোৰ লেফ্ট হেণ্ড ড্রাইভ হোৱা বাবে ৰাস্তাৰ সোঁহাতেৰে চলায় ৷ ৰাস্তাবোৰ ঠেক আৰু যান–বাহনৰ সংখ্যাও বেছি হোৱা বাবে, ৰাস্তা পাৰ হোৱাটো কষ্টসাধ্য ৷ হানয় চহৰত দুচকীয়া যান–বাহনৰ সংখ্যা যথেষ্ট বেছি ৷ চৰকাৰী বা বেচৰকাৰী বাছসেৱা নাই ৷ কিন্তু ইমান যান–বাহন হোৱা সত্ত্বেও, কতো এখনো গড়ীৰ হর্ন শুনা নাপালোঁ ৷ যান–বাহন নিয়ন্ত্রণৰ বাবে ট্ৰেফিক লাইটৰ ব্যৱস্থা আছে যদিও কতো তেনেকৈ পুলিচ নেদেখিলোঁ ৷
হানয় চহৰখন ভিয়েটনামৰ ৰাজধানী চহৰ ৷ ইয়াৰ জনসংখ্যা প্রায় ৮০ লাখ আৰু চহৰখনৰ মাটিকালি ৩১২০ বর্গকিঃমিঃ ৷ মানুহবোৰ নম্র আৰু কথা কওঁতে ওচৰলৈ আহিহে কথা কয় ৷ ভিয়েটনামী পুৰুষ, কি মহিলা, সকলোৱে যথেষ্ট কষ্ট কৰিব পাৰে আৰু সকলোৱেই কিবা নহয় কিবা এটা শ্রম কৰি উপার্জন কৰে ৷ তাত কামৰ কোনো সৰু–বৰ নাই আৰু শ্রম কৰা মানুহৰহে সামাজিক মর্যাদা বেছি যেন অনুভৱ হয় ৷ নহলেনো, ১৯৬৫ চনৰ পৰা আৰম্ভ হৈ ১৯৭৩ চনত শেষ হোৱা যুদ্ধত বিধবস্ত হোৱা ভিয়েটনামৰ গড় উন্নতিৰ হাৰ, যোৱা দহ বছৰত ৬.৮ শতাংশ হয়নে ভিয়েটনামৰ এই দ্রুত উন্নতিৰ হাৰৰ কাৰণ হল, ৪০ শতাংশ বিদেশী বিনিয়োগ, ৩০ শতাংশ উদ্যোগ আৰু ১৭ শতাংশ কৃষিজাত সামগ্রীৰ পৰা ৷
আমি আমাৰ গাইড চৌৰ লগত যাওঁতে মন কৰিছিলোঁ, লেকটোৰ চাৰিওফালে পকী বেৰ, আহল–বহল ফুটপাথ, ডাঙৰ ডাঙৰ গছ–গছনি আৰু ফুলনিবোৰে চহৰখনৰ শোভাবর্ধন কৰিছে ৷ লেকটোৰ মাজত থকা নকচন মন্দিৰ Ngoc Son Templeৰ বিষয়ে তাই পুৰণি আখ্যান এটা বর্ণনা কৰিলে ৷ ভিয়েটনামখন প্রায় ৮১ বছৰ ধৰি ফ্রান্সৰ উপনিৱেশ আছিল ৷ আজিৰ কম্বোডিয়া আৰু লাওচ দেশ ভিয়েটনামৰে অংশ আছিল ৷ আমাৰ গাইডে আমাক ফৰাচীসকল থকা ঠাইবোৰ French Area দেখুৱাবলৈ লৈ গল ৷ হানয় চহৰত ফৰাচীসকল থকা অঞ্চলটোৰ বাট–পথবোৰ যথেষ্ট বহল আৰু বাটৰ কাষৰ ফুটপাথবোৰো আহল–বহল আৰু তাত থকা ঘৰ–দুৱাৰ, অট্টালিকাবোৰত এতিয়াও ফৰাচী স্থাপত্যবিদ্যাৰ স্বকীয় নিদর্শন জিলিকি আছে ৷ হানয় অপেৰা মিউনিচিপেলিটিৰ অফিচ আৰু অন্যান্য ঘৰবোৰ আমাৰ ভাৰতৰ পুডুচেৰীত থকা ফ্রেন্স কলনীৰ ঘৰবোৰৰ লগত প্রায় একেই ৷ এই ঘৰবোৰ যদিও ১৫০ৰ পৰা ২০০ বছৰ পুৰণি, কিন্তু দেখাত এতিয়াও নতুনকৈ সজা যেন লাগে ৷
আমাৰ গাইড চৌৱে দুপৰীয়াৰ ভাতসাঁজ খাবৰ বাবে, ভিয়েটনামী মানুহ এঘৰলৈ লৈ গল ৷ ভিয়েটনামত মানুহৰ ঘৰবোৰৰ ৰুমবোৰ সৰু সৰু আৰু চকী–টেবুলবোৰো চাপৰ চাপৰ ৷ আমাক বাঁহৰ মূূাৰ সমান ওখ ওখ চকী আৰু চাপৰ চাপৰ টেবুলত বহিবলৈ দি, গৃহিণীয়ে আমি কি খাম, কি নাখাওঁ সুধি–পুচি ৰন্ধা–ববাত লাগিল ৷ ভিয়েটনামীসকলে, মাছেই হওক মাংসই হওক বা শাক–পাচলিয়েই হওক, সকলো সিজাই খায় ৷ আমাৰ দৰে বিভিন্ন মচলাৰ ব্যৱহাৰ নকৰে৷ খোৱাৰ টেবুলত নিমখ জালুকৰ গুড়ি Black pepper, চয়াবিনৰ চচ, চিলি জলকীয়াৰ গুড়ি চচ আৰু সৰু সৰুকৈ কটা কেঁচা ৰঙা জলকীয়া ৰাখে ৷ সকলো ব্যঞ্জন চীনামাটিৰ বাটিত Bowl China ত পৰিৱেশন কৰে ৷ সকলোলৈকে ব্যঞ্জনবোৰ ডাঙৰ ডাঙৰ বাটিত আনে, আৰু টেবুলত থকা সৰু প্লেট Quarter plate আৰু সৰু বাটিত সেইবোৰ লৈ খাব লাগে ৷ প্রথম দিনা আমাৰ বৰ আখজা আখজা লাগিছিল যদিও লাহে লাহে সেই ধৰণৰ আদব–কায়দাৰ লগত আমি খাপ খাই পৰিলোঁ ৷
খোৱা–বোৱা শেষ কৰি আমি চৌৰ লগত বিখ্যাত দংকোৱান বজাৰলৈ গলোঁ ৷ তাত বিভিন্ন ধৰণৰ বস্তু অলপ কম দামত পাব পাৰি ৷ কিন্তু দৰ–দাম কৰিহে বস্তু কিনাতো সমীচীন হব বুলি গম পালোঁ৷ দুই–এপদ বস্তু কিনি আমি থাংলং ৱাটাৰ পাপেট থিয়েটাৰত পানীৰ মাজত হোৱা পুতলা নাচ চালোঁ ৷ হোৱান কিয়েম লেকৰ পাৰতে অৱস্থিত থিয়েটাৰ হলটোত ফৰাচী স্থপত্য বিদ্যমান ৷ হলৰ তলৰ মহলাত প্রায় দুশমান দর্শকে কাৰণে ব্যৱস্থা আছে ৷ দৃশ্যপটৰ মাজতে এটা সৰু পুখুৰীৰ পাৰত সংগীতজ্ঞসকলৰ সৰু দলে, কাহিনীটোৰ কথা আৰু গানেৰে দর্শকক বুজাই আৰু পুতলাবোৰৰ অভিনয়েৰে দর্শক মণ্ডলীৰ সন্মুখত বাস্তৱিত কৰে ৷ পুতলা নাচৰ পিছত আমি পুনৰ আমাৰ হোটেল পালোঁহি ৷
পিছদিনা পুৱা আমি হানয় চহৰৰ আশে–পাশে থকা উল্লেখনীয় ঠাইবোৰ চাবলৈ ওলালোঁ ৷ প্রথমেই আমি ১০৭০ খ্রীষ্টাব্দতে প্রতিষ্ঠা কৰা পুৰণি বিশ্ববিদ্যালয় Temple of Literature চালোঁগৈ ৷ বিশ্ববিদ্যালয়খন মুঠ পাঁচটা প্রাংগণত বিভক্ত ৷ আৰু চীন দেশৰ দার্শনিক কনফুচিয়াচৰ নামত উৎসর্গিত ৷ ইয়াত মাণ্ডাৰিন ভাষাত শিক্ষাদান কৰা হৈছিল ৷ মন্দিৰ প্রাংগণত থকা শিলালিপিবোৰত মাণ্ডাৰিন ভাষাতে সকলো কথা লিপিবদ্ধ কৰা আছে ৷ মন্দিৰ দর্শনৰ পিছত আমি আধুনিক ভিয়েটনামৰ জন্মদাতা সংগ্রামী পুৰুষ হোচিমিনৰ ৰাজকীয় বাসভৱনলৈ যাত্রা কৰিলোঁ ৷
হোচিমিনৰ ব্যক্তিগত অফিচ, বিদেশী ৰাষ্ট্রপ্রধানসকলক্ সাক্ষাৎ কৰা আলোচনা কক্ষ, ডাইনিং ৰুম, তেওঁৰ ব্যক্তিগত শয়নশয্যা, থকা ৰুম আৰু তাত তেওঁ ব্যৱহাৰ কৰা কাপোৰ–কানি, জোতা–চেণ্ডেল, গৰম কাপোৰ আদি, লিখা–পপাৰ কাৰণে ব্যৱহাৰ কৰা ৰীডিং টেবুল, কেইবাখনো বিদেশী গাড়ী পৰিপাটিকৈ সজাই ৰাখিছে ৷ হোচিমিনে শেষ নিশ্বাস ত্যাগ কৰা বিছনাখনৰ সৈতে ৰুমটোও সুন্দৰকৈ সজাই থৈছে ৷ কিন্তু সকলোতে নিশ্ছিদ্র পহৰাৰ ব্যৱস্থা দেখিলোঁ ৷
প্রায় ২০ বিঘামান ঠাইৰে আগুৰা হোচিমিনৰ সমাধিক্ষেত্রটো Mausoleum অতি পৰিপাটিকৈ সজোৱা ৷ যিটো গৃহত হোচিমিনৰ মৃতদেহ ৰাসায়নিক দ্রব্যৰ দ্বাৰা নিখুঁত আৰু অক্ষুণ্ণভাৱে ৰখা হৈছে, তাৰ নিৰাপত্তাও অতি কঠোৰ ৷ তেওঁৰ মৃতদেহটো কিন্তু আজি ৪৪ বছৰতো, জীৱন্ত যেনেই লাগিল৷ আমি সকলোৱে তেওঁক সশ্রদ্ধ প্রণাম জনাবলৈ পাই নিজকে ধন্য মানিলো ৷ তেওঁৰ মৃতদেহটো আইনাৰ বাকচত ৰখা আছে ৷ চীন দেশৰ বেইজিং চহৰতো মাও জে ডঙৰ মৃতদেহ এনেদৰে ৰাসায়নিক প্রক্রিয়াৰে সংৰক্ষিত কৰি ৰখা দেখিছিলোঁ ৷
ভিয়েটনামেই হওক বা চীন দেশতেই হওক যদিও দুয়োখনেই সাম্যবাদী আদর্শত বিশ্বাসী দেশ ৷ কিন্তু পুৰণি পেগোদা বা বুদ্ধদেৱৰ মন্দিৰসমূহ, তেওঁলোকে অতি যত্নৰে সংৰক্ষিত কৰি ৰাখিছে ৷ ভিয়েটনাম যুদ্ধৰ বিভীষিকাই এটা প্রজন্মকেই পংগু কৰা নাই, বৰঞ্চ এজেণ্ট অৰেঞ্জ, নার্ভ গেছ, নাপাম বোমাৰ দ্বাৰা আক্রান্ত হোৱাসকলৰ আৰু কেইটা প্রজন্মলৈকে পংগু সন্তানৰ জন্ম হব তাক এতিয়াই ঠাৱৰ কৰাটো কঠিন ৷ বিভিন্ন দেশৰ সাহায্যত এই পংগু লোকসকলক কাৰিকৰী আৰু কলাত্মক কামৰ বাবে প্রশিক্ষণ দি, বিভিন্ন সামগ্রীৰ উৎপাদন কেন্দ্র প্রতিষ্ঠা কৰা হৈছে ৷ তেনে পংগু লোকসকলে প্রস্তুত কৰা লেকাৰ পেইণ্ঢিঙৰ কেন্দ্র এটালৈ আমি গলোঁ ৷ প্রথমেই, কাঠৰ প্লেটৰ ওপৰত গছৰ গাৰ পৰা লেকাৰ উলিয়াই বিভিন্ন প্রক্রিয়াৰে ছবি অংকন কৰা প্লেটখন প্রস্তুত কৰা হয়৷ তাতে পংগু শিল্পীসকলে, অতি নিখুঁতভাৱে সুন্দৰ ছবি আঁকে ৷ আনকি এনে প্লেটৰ ওপৰত কণীৰ খোলা আৰু মাছৰ বাকলিৰ পৰা প্রস্তুত কৰা বিভিন্নখন চিত্র দেখুৱালে ৷ এনেদৰে প্রস্তুত কৰা লেকাৰ পেইণ্ঢিংবোৰ বহুদিন বেৰত ওলোমাই ৰাখিব পাৰি ৷
আমি সেইদিনাই পিছবেলা, হানয় চহৰৰ পৰা প্রায় দহ কিলোমিটাৰ দূৰৰ বেট ড্রাং নামৰ গাঁও এখনলৈ গলোঁ ৷ চীনামাটিৰ বাচন–বর্তন, ভাস্ক্র্য শিল্পকলাৰ সামগ্রী প্রস্তুত কৰা এই গাঁওখনৰ কুটিৰ শিল্প ৷ প্রত্যেকঘৰ মানুহেই এই শিল্পৰ লগত প্রত্যক্ষ বা পৰোক্ষভাৱে হলেও নিয়োজিত ৷ ইয়াত সামান্য অর্থৰ বিনিময়ত তেওঁলোকে পর্যটকসকলক চীনামাটিৰ বাচন প্রস্তুত কৰিবৰ বাবে আদিপাঠ প্রশিক্ষণ দিয়ে ৷ পিছে সময়ৰ নাটনিৰ বাবে, আমি ইয়াৰ সোৱাদ লব নোৱাৰিলোঁ ৷ গাতে গা লাগি থকা বজাৰখনৰ পৰা দুই–এপদ সামগ্রী লৈ হোটেল পালোঁহি ৷ পিছদিনা আমি হানয়ৰ পৰা প্রায় চাৰি ঘণ্ঢা দূৰৰ হালং উপসাগৰত জাহাজেৰে যাত্রা কৰিবৰ বাবে হানয়ক বিদায় দিলোঁ ৷
ফোনঃ ৯৯৫৪২-৫৯৩৫৭